Monday 29 December 2014

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ (দ্বিতীয় খণ্ড):: On Bamboo and its various uses



সেউজী ধৰণী

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ
(দ্বিতীয় খণ্ড)

তৃপ্তি দাস





আধুনিকতাৰ পৰশেৰে বাঁহ

       মানুহৰ সৃষ্টিশীল মনটোৰ বাবেই পুৰণি পৃথিৱীখন নতুন নতুন ৰূপত উদ্ভাসিত হয়। অভিনৱ সৃষ্টিৰে ভৰি পৰে পৃথিৱী সৌন্দৰ্য তথা নতুনত্বই আমাক সহজে আকৃষ্ট কৰে। সাতামপুৰুষীয়া বস্তুবোৰকেই ব্যৱহাৰ কৰি থাকিবলৈ কাৰনো ভাল লাগে? প্ৰবহমান সময়ে সলনি কৰে মানুহৰ ৰুচি-অভিৰুচি আমাৰ তাগিদাত নতুন সৃষ্টিৰ লগতে আমি ব্যৱহাৰ কৰি থকা বস্তুবোৰেও সময়ে সময়ে নতুন ডিজাইন-মডেলেৰে সজ্জিত হৈ বজাৰত প্ৰৱেশ কৰেহি অতীতৰ বাঁহৰ বিচনীখনলৈকে চাওঁকচোন এসময়ৰ অত্যন্ত প্ৰয়োজনীয় বাঁহৰ বিচনীখন এতিয়া বহুতৰে ঘৰত বিচাৰি পাবলৈ নাই। কিন্তু মাজুলীৰ বিচনীখনে আমাৰ লগতে বিদেশী ব্যক্তিৰো দৃষ্টি আকৰ্ষণ কৰিছে। বিক্রিও হয় উচ্চ দৰত। বহুতৰে ড্রইং ৰূম শুৱনি কৰিছেহি মাজুলীৰ বিচনীয়ে। কাৰণটো গম পাইছেই নিশ্চয়---আধুনিকতাৰ পৰশ। সেই একেদৰে জাপিটোৰ কথাও উল্লেখ কৰিব পাৰি। নতুন ৰূপত আত্মপ্ৰকাশ নকৰা হ’লে কৃষকৰ মূৰৰ জাপিটোকে আমি ইন্টিৰিঅ’ৰ ডেকৰেচনৰ বাবে, বিশিষ্ট ব্যক্তিক সন্মান জনাই পিন্ধাবৰ বাবে, সভা-সমিতি, বিহু বা পূজা মণ্ডপৰ সৌন্দর্য বর্দ্ধনৰ বাবে ব্যৱহাৰ কৰিলোহেঁতেন জানো ? সাজিলে কাচিলে বান্দৰীও হেনো সুন্দৰী হয়। কথাষাৰ মিছা নহয়। কিছুদিনৰ আগেলৈকে অৱহেলিত হৈ থকা বাঁহেৰে তৈয়াৰী বহু সামগ্রীয়ে সৌন্দর্যৰ বোল সানি নব্য সংস্কৰণ লাভ কৰাৰ লগে লগে সিবোৰৱ আদৰ বাঢ়ি গৈছে। গাঁওবোৰত সহজলভ্য সাধাৰণতে ঘৰৰ পিছফালেহে স্থান পোৱা বাঁহগছে আজিৰ বিশ্বায়নৰ যুগত লাভ কৰিছে আশ্চৰ্যজনক প্রধান্য। আধুনিক কলা কৌশলৰ প্ৰয়োগেৰে বাঁহ ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। বাঁহৰ উদ্যোগীকৰণৰ বাবে UNIDO (United Nations International Development Organization)-ৰ অধীনত CBTC (Cane and Bamboo Technology Centre) য়ে আগবঢ়োৱা দিহা পৰামৰ্শৰে উপকৃত হৈছে ঔদ্যোগী। আমাৰ ৰাজ্যৰ ব্যক্তিয়েও CGTC ৰ দিহা পৰামৰ্শৰে, আধুনিক যন্ত্ৰপাতিৰে , ৰাসায়নিক দ্রব্যৰ সহায়েৰে ভেঁকুৰ, ঘূণ আদিয়ে সহজে অনিষ্ট কৰিব নোৱাৰাকৈ আকর্ষণীয় শৈল্পীক ৰূপত উন্নত মানৰ বাঁহৰ দ্বাৰা উৎপাদিত সামগ্রীৰে ৰাজ্যৰ বজাৰ দখল কৰিছে। ভাৰতবর্ষৰ বিভিন্ন ঠাইলৈ সামগ্রীসমূহ ৰপ্তানি কৰিবলৈও সক্ষম হৈছে। আধুনিকতাৰ পৰশেৰে বাঁহেৰে নির্মিত বিভিন্ন সামগ্রী বজাৰলৈ আহিছে আৰু ক্রমাগত ভাবে ইবোৰৰ চাহিদাও বৃদ্ধি পাইছে। নতুন চিন্তা চর্চাৰ ফলত আমি লাভ কৰিছোঁ বাঁহেৰে নির্মিত খিৰিকীৰ পর্দা(Blinds), ফ্ল’ৰমেট, কার্পেট, টেবুল মেট, ম’বাইল হেণ্ডছেট ক’ভাৰ, টি ভি ষ্টেণ্ড, ফুলদানি, ট্রে, টেবুল লেম্প, বাঁহৰ টেবুল, চকী, বিছনা ইত্যাদি। বাঁহৰ লগতে বাঁহৰ মূঢ়াৰে গঢ়ি তোলা বিভিন্ন জীৱ-জন্তু, চৰাই- চিৰিকটি, মানৱৰ প্রতিমূর্তি আদি শিল্প ভাস্কর্য, মহিলাৰ হেণ্ডবেগ, কিলিপ, অলংকাৰ আদিয়ে বর্তমান আধুনিক মানৱৰ ব্যাপক সমাদৰ লাভ কৰিছে। নগৰ, মহানগৰৰ বৃহৎ বৃহৎ বাসগৃহ, কাৰ্যালয়, হোটেল ইত্যাদিৰ জেউতি চৰাবলৈ বাঁহৰ ফার্নিচাৰ, পার্টিচন, চিলিং, শ্ব’পিচ আদি ব্যৱহাৰ কৰাৰ মানসিকতাই নতুনত্বৰ সূচনা কৰিছে। সম্প্রতি আমাৰ দেশত বাঁহে উন্মোচিত কৰা নতুন কনচেপ্ট---‘ Mechanized Bamboo Sector’-ৰে বাঁহ উদ্যোগলৈ আনিছে বৈপ্লবিক পৰিবর্তন। আধুনিক জগতলৈ আমদানি হৈছে বাঁহেৰে নির্মিত বিবিধ সামগ্রী। প্লাইব’র্ডৰ উপযুক্ত বিকল্প হিচাপে অধিক পৰিমাণে ব্যৱহৃত হৈছে বাঁহৰ ব’র্ড ( বেম্ব’প্লাই)। বাঁহেৰে নির্মিত চাইকেল, মটৰ চাইকেল, সুন্দৰ সুন্দৰ ফুল। ডেৰবছৰ মানৰ আগতে দিল্লীৰ প্রগতি ময়দানত অনুষ্ঠিত ‘ ইণ্ডিয়া ইন্টাৰনেচনেল ট্রেড ফেয়াৰ’ত উত্তৰ পূর্বাঞ্চলৰ বাঁহৰ ফুলে দেশী-বিদেশীৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে বিক্রিও হৈছিল আশাতীতভাৱে। বাঁহৰ সামগ্রী নিৰ্মাণ কৰি আমাৰ শিল্পীয়ে কঢ়িয়াই আহিছে আন্তঃৰাষ্ট্রীয় স্বীকৃতি। বেংককত অনুষ্ঠিত ‘নর্থ ইষ্ট ইণ্ডিয়া অপৰচুনেটি উইক’ শীর্ষক প্রদর্শনীত অংশ গ্ৰহণ কৰা এগৰাকী শিল্পীয়ে সাজি উলিয়াইছে পৰিৱেশ অনুকূল আৰু পুনৰ ব্যৱহাৰ যোগ্য বাঁহৰ কাটা চামুচ, কাটাৰ আদি। চাৰি মিলিমিটাৰৰ পৰা বাৰ মিলিমিটাৰ দৈর্ঘৰ কাৰুকার্য খচিত কিছুমান বাঁহৰ হেঁতা, চামুচো তেওঁ ইতিমধ্যে নির্মান কৰি চমক সৃষ্টি কৰাৰ উপৰি দেশ-বিদেশত বিশেষভাৱে সমাদৃত হোৱাটো আমাৰ বাবে সু-খবৰ, গৌৰৱৰ বিষয়।


 
বাঁহৰ আঁহ



বাঁহৰ আঁহেৰে তৈয়াৰ কৰা টাৱেল




বাঁহৰ আঁহেৰে তৈয়াৰ কৰা জেকেট

 
বাঁহৰ আঁহেৰে তৈয়াৰ কৰা ফ্রক

 
বাঁহৰ বুটাম

 
বাঁহেৰে প্রস্তুত কৰা চাবোন কেচ


            বাৰীৰ ঢাপৰ বাঁহ ভিন্ন ৰূপত বিদেশ গৈ পোৱাতো আচৰিত কথা নহয় নে? আধুনিক সাজ পাৰতো এতিয়া বাঁহেৰে তৈয়াৰী বুটামৰ সংযোগে যেন সোণত সুৱগাহে চৰাইছে। জানি হয়তো আচৰিতেই হ’ব আমাৰ বজাৰত প্রৱেশ কৰিছেহি বাঁহৰ বস্ত্র। আদিম যুগত লজ্জা নিবাৰণৰ কাৰণে ব্যৱহাৰ কৰা গছৰ পাত বা বাকলি বসনৰ দৰে বাঁহৰ বস্ত্ৰ পৰিধান কৰিব লাগিব বুলি ভয় নাখাব। একেবাৰে নতুন ডিজাইনেৰে, চালে চকুৰোৱা ৰূপত এতিয়া বজাৰত পাব বাঁহেৰে তৈয়াৰী সাজ-পোছাক। দেখিলেনে, আধুনিকতাৰ মন্ত্ৰ আওৰাই বাঁহে কেনেকৈ আমাক বশীকৰণ কৰিছে?


 
বাঁহৰ বিচনা



 
বাঁহৰ চকি


বাঁহেৰে সজা চামুচ আদি


 
বাঁহেৰে সজা বাকচ

আগলৈ...
[ ছবিসমূহ ইন্টাৰনেটৰ পৰা লোৱা হৈছে---সেউজী ধৰণী ]
বৰদলৈ নগৰ, তিনিচুকীয়া::ম’বাইল:৯৯৫৪৭১০০২৮


No comments:

Post a Comment