Sunday 28 December 2014

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ (প্ৰথম খণ্ড) ::


সেউজী ধৰণী


 একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ

(প্ৰথম খণ্ড)

তৃপ্তি দাস




[ বিষয়বস্তুৰ প্ৰাসংগিকতালৈ লক্ষ্য ৰাখি ‘দৈনিক জনমভূমি’ ৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’ ২৮ জুন,২০০৯ চনত প্রকাশ হোৱা এই প্ৰবন্ধটো সেউজী ধৰণীত উপলব্ধ কৰা হ’ল ]

              কুইজ আৰম্ভ কৰিবলৈ লোৱা নাই যদিও দুটিমান প্রশ্ন উত্থাপন কৰিব খুজিছোঁ। পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ জোপা কি জানেনে? পৃথিৱীৰ সকলো উদ্ভিদৰ ভিতৰতে দ্রুত বৃদ্ধি  ক্ষমতা সম্পন্ন উদ্ভিদ বিধৰ নাম কি বাৰু? লোতকৈ অধিক ওজন বহন কৰিব পৰা গছৰ নাম কওকচোন? প্রিয় পাঠক, আপোনাক খন্তেক সময়ৰ বাবে চিন্তাৰ সুযোগ দিয়া প্রশ্নকেইটাৰ উত্তৰ হৈছে--- বাঁহ। গ্রাম্যাঞ্চলৰ প্রায় সকলোৰে বাৰীৰ সহজলভ্য বাঁহেই হৈছে পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ। বাঁহক ঘাঁহ বুলি কওতে আচৰিত নহ’ব। এশ ত্রিশ ফুট পর্যন্ত ওখ আৰু ডাঙৰ হ’লেও উদ্ভিদ বিজ্ঞানীসকলে বাঁহ গছক কিন্তু তৃণজাতীয় উদ্ভিদৰ তালিকাতহে অন্তর্ভুক্ত কৰিছে। বাঁহ গছবোৰে উপযুক্ত পৰিৱেশ পালে এদিনতে ৭৫ ৰ পৰা ৪০০ মিলিমিটাৰ পর্যন্ত ওখ হৈ পৃথিৱীৰ সকলো উদ্ভিদৰ ভিতৰতে দ্রুত বৃদ্ধি ক্ষমতা সম্পন্ন উদ্ভিদ হিচাপে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। ঘাঁহ বুলি অভিহিত কৰা বাঁহৰ আকৌ ওজন বহন ক্ষমতা লোতকৈও বেছি। ৫২,০০০ পাউণ্ড পর্যন্ত ওজন বোলে বাঁহে বহন কৰিব পাৰে।



       পৃথিৱীত এবিধ বহু পুৰণি আৰু বহুলভাৱে ব্যৱহৃত উদ্ভিদ বাঁহ উৎপাদনৰ ক্ষেত্রত বিশ্বৰ ভিতৰত প্রথম স্থান দখল কৰিছে চীনে আৰু দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতবর্ষৰ সমগ্র বনাঞ্চলৰ ১২.৮ শতাংশ হৈছে বাঁহবাঁহে ভাৰতৰ ১০.০৩ নিযুত হেক্টৰ ভূমি আৱৰি আছে। উত্তৰ-পূর্বাঞ্চলৰ ৩৮,১৯৭ বর্গ কিল’মিটাৰ ভূমি বাঁহেৰে আবৃত। প্রাপ্ত তথ্য মতে পৃথিৱীত প্রায় এশ ত্রিশটা জাতি আৰু এক হেজাৰ দুশ পঞ্চাশটা প্রজাতিৰ বাঁহ পোৱা যায়। আমাৰ ৰাজ্যত জাতি (BAMBUSATULDA), বিজুলী (PALLIDA), মকাল(NUTANS), ভলুকা(BALCOA), কাক(HAMILTANI) ইত্যাদি ৩৪ বিধ প্রজাতিৰ বাঁহ পোৱা যায়। ইয়াৰে জাতি আৰু ভলুকা বাঁহ বেছিকৈ উৎপাদন আৰু ব্যৱহাৰ হয়। শীতল, উষ্ণ অথবা দুয়োটা পৰিৱেশেই বিভিন্ন প্রজাতিৰ বাঁহৰ বাবে উপযোগী। বনাঞ্চলৰ অংশবিশেষে চিৰসেউজ বাঁহক শ্রেণীভুক্ত কৰা হৈছে Minor Forest Product (MFP), Non Commercial Species (NCS), Non –timber Forest Product(NTFP)in the world হিচাপে। অতি সম্প্রতি ‘এক বিংশ শতিকাৰ আশ্চর্যজনক গছ’ আখ্যা পোৱা বাঁহৰ বিষয়ে কিছু কথা আলোচনা কৰো আহক।



বাঁহ---জনজীৱনৰ দীঘে-বাণীয়ে
       অসমৰ লোক জীৱনক বাঁহে সমৃদ্ধ কৰিছে। আমাৰ সমাজ আৰু সংস্কৃতিত বাঁহক অপৰিহার্য সামগ্রী বুলিয়ে অভিহিত কৰিব পাৰি। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাই পৰিৱর্তনৰ সাজ পিন্ধোৱা আজিৰ পৃথিৱীৰপৰা ওভতনি যাত্রাৰে পুৰণি পৃথিৱীত প্রৱেশ কৰিলে ভালদৰে জানিব পাৰি বাঁহ আৰু জনজীৱনৰ এৰাব নোৱাৰা সম্পর্কৰ কথা। বাঁহ যেন তেওঁলোকৰ জীৱনৰ লগৰীহে। এখন গাঁৱৰ ছবিখন মনলৈ আহিলেই লগে লগে সেই সেই ছবিখনৰ সৌন্দর্য বর্দ্ধন কৰেহি আকাশ চুব খোজা, সেউজীয়া বৰণেৰে মনলৈ প্রশান্তি কঢ়িয়াই অনা বাঁহে। বাৰীৰ ঢাপত, ৰাস্তাৰ কাষত বাঁহ গছ নেদেখিলে গাঁওবোৰ চোন গাঁও যেন নালাগে। অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ বাসগৃহবোৰ মন কৰিছেনে? বাঁহৰ অবিহনে তেওঁলোকৰ গৃহ নির্মাণৰ কথা জানো ভাবিব পাৰে? আজিও গ্রাম্য বাসীলৈ বাঁহে আগবঢ়াইছে সহায়ৰ হাত। আমাৰ বিভিন্ন জনজাতিৰ চাংঘৰসমূহ সাজি উলিওৱাত বাঁহেই মুখ্য ভূমিকা পালন কৰাৰ লগতে গ্রাম্যাঞ্চলৰ বিভিন্ন জাতিৰ এখন ঘৰৰ চাৰিসীমাৰ বান্ধনী স্বৰূপ চকোৱা, জেওৰা, পদূলিৰ জপনা, নঙলাৰপৰা আৰম্ভ কৰি ঘৰৰ মূধৰ খূঁটা, মাৰলি, চ’তি, বগলী বাঁহ, কামী, ৰুৱা টঙাল, গাধৈ, খবুৱা, বেৰ, দুৱাৰ, ঘূৰঘূৰি, জাপ(ওলোমাই লগোৱা খিৰিকী), ঢাপলিকা ইত্যাদি গৃহ নির্মাণৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রীৰ বাবে নির্ভৰ কৰা হয় বাঁহৰ ওপৰত। ঘৰ সজা কাম ফেৰা সম্পূর্ণ হ’লেই বাঁহৰ প্রয়োজন কিন্তু অন্ত নপৰে। ঘৰুৱা কামত তথা দৈনন্দিন জীৱনৰ লাগতিয়াল বহু সা-সঁজুলি বাঁহেৰে সজা হয়। চ’ৰা ঘৰৰ (আলহী বহা কোঠা) মূঢ়াটো, শোৱনি কোঠাৰ শোৱা চাংখন তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰাৰ লগতে কৃষি কর্মৰ বাবে প্রয়োজনীয় মৈ খন, নাঙলৰ ডিলা, শ’ল মাৰি, যুঁৱলি, কোৰৰ নালটো, কৃষকক ৰ’দ-বৰষুণত সকাহ দিয়া মূৰৰ জাপিটো, হাতৰ এচাৰি ডাল, বিৰিয়া, ওখোন, দোন, টঙাল আদি সঁজুলি, ঢেঁকিশালৰ সঁজুলি যেনে বাঢ়নী, মাৰি, ডলা, কুলা, চালনী, পাচি, খৰাহি ইত্যাদি, ঠোহা, খোকা, জাকৈ, খালৈ, ডিঙৰা, চেপা, প’ল, বৰশীৰ দাৰি, জুলুকি আদি মাছ ধৰা সঁজুলি তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰা হয়। আমাৰ বিভিন্ন জাতি, জনগোষ্ঠীয়ে তিৰোতাৰ ক’লা সুলভ মনটোৰ স্ফুৰণ ঘটা তাঁত শাল খনৰ বাবে অতিকৈ প্রয়োজনীয় গৰকা, ডাংমাৰি, ব-চুঙা, শালি, চিৰি, ফুলৰ কাঠী, উঘা, চেৰেকী কাকৈ আদি সাজিবলৈ বাঁহ নহ’লেই নহয়। এখন ঘৰৰ লগত নিবিড় সম্পর্ক থকা গোসাঁই ঘৰখন, ভঁৰালটো, গোহালি, গঁড়াল আদি নির্মণৰ বাবেও কাষ চাপিব লাগে বাঁহনিখনৰ। সৌন্দর্য চর্চাতো বাঁহৰ অৱস্থান আছে। জনজাতীয় লোকৰ অধিকংশ অলংকাৰ তৈয়াৰ কৰা হয় বাঁহেৰে। কেশবিন্যাসৰ বাবে প্রয়োজনীয় কাকৈখনো সাজি লোৱা হৈছিল বাঁহেৰে। অতীতত জনজীৱনৰ ধন সঞ্চয়ৰ এবিধ বিশ্বাসী চন্দুক হ’ল বাঁহৰ চুঙা। বাঁহৰ চুঙাতে সযতনে ৰখা হয় আ-অলংকাৰ, দৰকাৰী নথিপত্র ইত্যাদি।  দলং, দাৰিকী, দাং, হাকুটি, সাঁকো আদিৰ বাবেও বাঁহৰ প্রয়োজন। ৱাংছো তিৰোতাই প্রিয়জনক উপহাৰ দিবলৈ বাঁহৰ চেঁচুৰ সোঁতেৰে গুঠি তৈয়াৰ কৰে চমৎকাৰ মণি। কিছু দিনৰ আগেয়ে টি ভিত দেখিছিলোঁ এখন অখ্যাত গাঁৱৰ এগৰাকী ব্যক্তিয়ে ধনৰ অভাৱত বাৰীৰ বাঁহেৰে তৈয়াৰ কৰি লৈছে তেওঁৰ নকল দাঁত।

খালৈ
খৰাহী





       গ্রাম্য জীৱনৰ চাহিদা পূর্ণ কৰাত উল্লেখনীয় অৰিহণা আগবঢ়োৱা বাঁহে পদূলিৰ নঙলা, জপনা অতিক্রমী বাসগৃহ নিৰ্মাণ, বিভিন্ন প্রয়োজনীয় সামগ্রী সজাত সহায় কৰাৰ উপৰি অবাধে প্রবেশ কৰে ৰান্ধনি শালতো। ৰান্ধনি ঘৰৰ লাগতিয়াল পানী চাং, পাভটি চাং, ধোঁৱা চাং আদিৰ নির্মিত হয় বাঁহেৰে। লোণ, তেল, খালৈ, জুই ফুৱাবলৈ, চাহ পানী খাবলৈ পিয়লা হিচাপে ব্যৱহাৰ কৰা হয় বাঁহৰ চুঙা। ৰন্ধনৰ সহায়ক খৰিকা, ঘোটনী, লৰনী সজা হয় বাঁহেৰে। বর্তমান আমাৰ ৰান্ধনি-শাললৈও পৰিবর্তন আহিল। বাঁহেৰে নির্মিত বহু সামগ্রী সময়ৰ বলুকাত লুকাল। এতিয়া স্মৃতিৰ ধোঁৱা চাঙত উঠিল বাঁহৰ চুঙা, কঁৰীয়া, খৰিকা , লৰনী কিন্তু সময়ৰ সোঁতত সকলো উটি নাযায়। গ্রাম্যাঞ্চলৰ বহু লোকে আজিও ৰন্ধন শালত ব্যৱহাৰ কৰি আছে বাঁহৰ বিভিন্ন সামগ্রী। আজিও অসমীয়াই পাহৰা নাই গৰমৰ ভাতৰ জুতি খৰিচাকণ। গাঁৱলীয়া মানুহৰ খাদ্য ৰূপে পৰিচিত খৰিচা এতিয়া দেশৰ ৰাজধানী দিল্লীতো ক্ৰয় কৰিবলৈ পোৱা যায়। নগৰ, মহানগৰবাসীৰ হাবিয়াসৰ প্রতি লক্ষ্য ৰাখিয়েই গাঁৱৰ পৰা খৰিচাই বাট কুৰি বাইছে চহৰলৈ। টেমাত বন্দী হৈ বাঁহৰ গাজেও আৰম্ভ কৰিছে চহৰমুখী যাত্রা। চহৰৰ ডাঙৰ ডাঙৰ হোটেলৰ মেন্যুত লিপিবদ্ধ হৈছে খৰিচা,গাঁজৰ বিবিধ ব্যঞ্জন। চুঙা চাউল, চুঙা দৈৰ সোৱাদ জানো পাহৰিব পাৰি? বাঁহৰ চুঙাত তৈয়াৰী খাদ্য সোৱাদযুক্ত হোৱাৰ উপৰি কেতবোৰ বাঁহত থকা ‘বংচ’লোচনৰ ঔষধী গুণ মানৱদেহৰ উপকাৰী। সেইদৰে বাঁহৰ গাঁজৰ পৰা আমি বিভিন্ন পৰিমাণে লাভ কৰোঁ খাদ্য শক্তি, প্র’টিন, কেলচিয়াম, পটাচ, ফ’চফ’ৰাচ,মেগনেচিয়াম, এচকৰবিক এচিড আদি। চাওকচোন বাৰীৰ ঢাপৰ বাঁহ কেইজোপাই আমাৰ কিমান উপকাৰ সাধন কৰে! বাঁহক আশ্রয় কৰিয়েই যেন জনজীৱনে জীৱনৰ বাটত অগ্ৰসৰ হয়, বাঁহে তেওঁলোকক প্রদান কৰে প্রাপ্তিৰ আনন্দ। বাঁহৰ সহায়েৰে সুচল হয় জনজীৱন

জাকৈ

সংস্কৃতিলৈ বাঁহৰ অৰিহণা

       পাহাৰ-ভৈয়ামৰ সমন্বয়েৰে গঢ়ি উঠা আমাৰ বর্ণাঢ্য সংস্কৃতিৰ লগত বাঁহ এনেদৰে সংপৃক্ত হৈ আছে যে বাঁহক বাদ দিলে বাৰেৰহণীয়া সংস্কৃতি বিবর্ণ হৈ পৰিব। আচলতে বাঁহক আঁতৰাই আমাৰ সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰিভৌগোলিক পাৰিপর্শ্বিকতাই সংস্কৃতিলৈ কঢ়িয়াই আনে কেতবোৰ বিশেষ বৈশিষ্ট্য আমাৰ ৰাজ্যখনত ভৌগোলিক পাৰিপার্শ্বিকতাই সৃষ্টি কৰা অনুকূল পৰিৱেশত বাঁহ যথেষ্ট উৎপাদন হয়। লাগ বুলিলেই বাঁহ পোৱা যায় কাৰণে আৰু ব্যয় বহুল নহয় বাবে বিভিন্ন প্রয়োজনত বাঁহ ব্যৱহাৰ কৰা হয়। লোক জীৱনক প্রাচুর্য প্রদান কৰা বাঁহ লোক সংস্কৃতিতো জড়িত হৈ আছে। ‘আগলি বাঁহৰে লাহৰী গগনা কোনেনো বজালে ৰৈ’.‘বাঁহৰে তলে তলে বাঁহীটো বজালোঁ শাহুৱে শুনকহি বুলি’, বাঁহেৰে টকাটি নবজাবা চেনাইটি’...এইদৰে বিহু গীতত সোমাই পৰিছে বাঁহ। লোক গীত , দেহবিচাৰ গীত, সাঁথৰ, জতুৱা ঠাচ আদিত বাঁহৰ উল্লেখে অসমীয়া সংস্কৃতিৰ লগত বাঁহৰ অভিন্ন সম্পর্কৰ কথাকে কয়। আমাৰ গীতবোৰত যেনেকৈ বাঁহৰ উল্লেখ আছে, ঠিক তেনেকৈ বিভিন্ন জাতি-জনজাতিৰ বহু বাদ্য সজা হয় বাঁহেৰে। উদাহৰণ স্বৰূপে টকা, গগনা, পেঁপা, ঢোলৰ মাৰি, বাঁহী আদিৰ কথা ক’ব পাৰি। আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভাওনাৰ ভোটা, ভাৱৰীয়াৰ মুখা, ধেনু, কাঁড় আদি বাঁহেৰে সজা হয়। ৰ’দ- বৰষুণৰপৰা পৰিত্রাণ পাবলৈ ব্যৱহাৰ কৰা জাপি সাজিবলৈ প্রয়োজনীয় এবিধ সমল হ’ল বাঁহ। অসমীয়া লোক জীৱনত ব্যৱহৃত জাপি সংস্কৃতিৰ অন্যতম আপুৰুগীয়া সম্পদ।

বাঁহী

মৈ








      আমাৰ সংস্কৃতিত বাঁহক পূজাও কৰা হয়। উদাহৰণ স্বৰূপে গোৱালপাৰাত মদন চতুদর্শীৰ দিনা বাঁহ পূজা অনুষ্ঠিত কৰা হয়। এই পূজাত বাঁহ এডালক সজ্জিত কৰি লৈ বাঁহৰ জন্ম বৃত্তান্ত আদি আখ্যান মূলক গীত গাই নৃত্য কৰা হয়। ‘মীদাৰ’ বা ‘মাদাৰ’ পূজাও বাঁহ পূজাৰে নিদর্শন। অবিভক্ত কামৰূপ জিলাৰ ঠায়ে ঠায়ে প্রথম ব’হাগৰ পৰা শেষ ব’হাগলৈকে যি ‘ভঠেলি’ উৎসৱ পালন কৰা হয়, ইয়াৰ প্রধান উপজীৱ্যই হৈছে বাঁহ। এই ভঠেলি উৎসৱেই অঞ্চল বিশেষে সভা, দেউল, সুৱেৰি পাউৰা, পাৰবাঁহ আদি নামেৰে পৰিচিত। অসমৰ আদিম অধিবাসী তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ‘ছগুৰা মিছাৱাৰ’ লগতো বাঁহৰ সম্বন্ধ আছে। অসমীয়া ‘জাতীয় সংস্কৃতিৰ যাদুঘৰ’ স্বৰূপ নামঘৰৰ যাৱতীয় কেতবোৰ সামগ্রী যেনে শৰাই, ঠগা, ঢৰা আদি বাঁহেৰে তৈয়াৰ কৰা হয়। মিজোসকলৰ বিখ্যাত বাঁহ নৃত্যৰ দৰে আমাৰ কোঁচ ৰাজবংশীৰ বাঁহ নৃত্যকে ধৰি জনজাতীয় কেইবাটিও মনোৰম নৃত্য পৰিৱেশন কৰা হয় বাঁহৰ সহায়েৰে। এনেদৰে সংস্কৃতিৰ বিভিন্ন দিশৰ সৈতে বাঁহ সাঙোৰ খাই থকাৰ কাৰণে কোনো কোনোৱে অসমৰ সংস্কৃতিক ‘বাঁহ নির্ভৰ সংস্কৃতি বা বাঁহ-সংস্কৃতি’ আখ্যা দিব খোজে।


(আগলৈ)

[ ছবিসমূহ ইন্টাৰনেটৰ পৰা লোৱা হৈছে---সেউজী ধৰণী ]

বৰদলৈ নগৰ, তিনিচুকীয়া::ম’বাইল:৯৯৫৪৭১০০২৮

1 comment:

  1. সুন্দৰ ৰচনা-ভাল লাগিল পঢ়ি ৷

    ReplyDelete