Tuesday 18 March 2014


সেউজী ধৰণী

টকৌ-এবিধ অবহেলিত বৃক্ষ




উৎপল বৰা

জৈৱবৈচিত্র্যৰে ভৰপূৰ অসমত এনে বহুতো উদ্ভিদ আছে, যিবোৰ ৰাজ্যখনৰ সম্পদ কিন্তু আমাৰ অবহেলাৰ বাবে এনেবোৰ উদ্ভিদ ক্রমে হেৰাই যাবলৈ ধৰিছে। তেনে এবিধ উদ্ভিদ হ’ল টকৌ গছ। সৰুতে “হলৌ উঠিল টকৌ গছত, লগাই খদৌ মদৌ...” বুলি চিঞৰী চিঞৰী ধেমেলীয়া পদ্যটি পঢ়োতে গছজোপা দেখা নাছিলো। কিন্তু যেতিয়া দেখিলো তেতিয়া বুজি উঠিলো যে গছজোপাৰপৰা কেৱল নিয়ৰ সৰি  হলৌক জলৌ জপৌ নকৰে; ভালকৈ জোকাৰিব জানিলে চিকা ৰূপ দুটামানো সৰিব। হয়, বাৰীৰ ঢাপত কিম্বা ঘৰৰ কাষৰে হাবিডৰাত অবহেলিত ৰূপে গজি থকা টকৌজোপাই গ্রাম্য অর্থনীতিত বহুল প্রভাৱ পেলাব পৰাৰ সম্ভাৱনা আছেচাকৰিৰ সংক্রান্তত তিনিচুকীয়া জিলাৰ বিশেষকৈ মার্ঘেৰিটা মহকুমাৰ বহুতো ভিতৰুৱা অঞ্চললৈ যোৱাৰ সৌভাগ্য হৈছিল। এই অঞ্চলবোৰত ঘূৰি ফুৰোঁতে এই অবহেলিত গছজোপাই কেনেদৰে কৃষকক আর্থিকভাবে টনকিয়াল কৰিব পাৰিব তাৰ এক স্পষ্ট আভাস পাইছিলো। সেয়ে কৃষকৰ লগত হোৱা মন-বিনিময় আৰু এক প্রাৰম্ভিক ক্ষেত্র অধ্যয়ন কৰি লাভকৰা তথ্যখিনি আগবঢ়ালোঁ।
       টকৌ এবিধ বহুবর্ষী উদ্ভিদ। বিশেষ কোনো আপদাল নকৰাকৈয়ে গছবিধ ব্যৱসায়িক ভিত্তিত কৰিব পাৰি। নবেম্বৰ-ডিচেম্বৰ মাহত পূৰঠ গছৰপৰা পকা গুটি সংগ্রহ কৰি পুলি উৎপাদন কৰি ল’ব লাগে। বীজ অংকুৰণৰ বাবে ৪-৫ মাহৰ প্রয়োজন হয়।  পুলি ৰোৱাৰ উপযুক্ত সময় হ’ল জুন-জুলাইদুজোপা গছৰ মাজৰ দুৰত্ব ১০-১২ ফুট হ’ব লাগে। ঘন হ’লে পাছলৈ পাতবোৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে। এনে ফটা পাতৰ দাম ক’ম।
       আমাৰ অধ্যয়নত দেখা গৈছিল যে এখিলা পাতৰ দাম ৪-৫ টকা। এই পাত ঘৰৰ চাল হিচাপে ব্যৱহাৰ হয়। পোক আদিয়ে আক্রমণ নকৰিলে টকৌ পাতৰ চাল ১০-১২ বছৰলৈ ভালে থাকে। এনে চাল দিয়া ঘৰত চিলিং দিয়াৰ প্রয়োজন নাই। ইয়াৰ উপৰি জাপি, বিচনি, ঢাৰি ঝাৰু আদি তৈয়াৰ কৰাত টকৌ পাত  ব্যৱহাৰ হয়। সেইদৰে সভা-সমিতি, বিয়া-বাৰু আদিত দৃশ্য সজ্জাৰ বাবেও টকৌ পাত ব্যৱহাৰ কৰে এনেবোৰ কাৰণৰ বাবেই মার্ঘেৰিটা অঞ্চলত টকৌ পাতৰ বছৰি বহু লাখ টকাৰ ব্যৱসায়িক লেনদেন হয়।
       টকৌ গছৰ গা-গছ ঘৰ, জপনা আদিৰ খুটা হিচাপেও ব্যৱহাৰ হয়। গুটি আৰু কোঁহ খাদ্য ৰূপেও গ্রহণ কৰা হয়। এনে একাধিক ব্যৱহাৰৰ বাবে উপযোগী গছজোপাক আমাৰ কাষৰীয়া ৰাজ্য অৰুণাচলত বিশেষ মর্যদা দিয়া হয়। টকৌ গছৰ প্রসাৰ আৰু বহুল ব্যৱহাৰৰ বাবে ৰাজ্যখনে আঁচনিও প্রস্তুত কৰি উলিয়াইছে , যিবোৰে গ্রাম্য অর্থনীতি সবল কৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে এই দিশত আমাৰ ৰাজ্যত চৰকাৰী কিম্বা বে-চৰকাৰী ভাবেও কোনো আঁচনি প্রস্তুত হোৱা নাই। আমাৰ যুৱক-যুৱতীসকলে এই অৱহেলিত গছজোপাৰ ব্যৱসায়িক দিশটোলৈ লক্ষ্য্ কৰি উচিত পদক্ষেপ লবলৈ আগবাঢ়ি আহিব বুলি আশা কৰিলোঁ। এই ক্ষেত্রত ইচ্ছুকজনে আমাৰ লগত যোগাযোগ কৰিব পাৰে।


























বিজ্ঞানী, আঞ্চলিক কৃষি গৱেষণা কেন্দ্র, চিলঙণী, নগাঁও;
ম’বাইল:৯৪৩৫১ ৩৭৭৩৮



2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. ইংৰাজীত টকৌ গছক কি কয় ?

    ReplyDelete