Thursday 27 March 2014

এশ এবিধ শাক (প্রথম ভাগ):: 101 herbs of Assam-Part- I


সেউজী ধৰণী


এশ এবিধ শাক
(প্রথম ভাগ)


ডঃ চাদিকুল হুছেইন


[আগকথা: সুদীর্ঘ চাকৰি কালত ব্রহ্মপুত্র উপত্যকাৰ কেউখন জিলাৰ বহুতো ভিতৰুৱা অঞ্চললৈ যোৱাৰ সৌভাগ্য ঘটিছে। আমাৰ এই যাত্রাবোৰৰ প্রধান উদেশ্য হ’ল কৃষকসকলৰ লগত কৃষি বিষয়ক বিভিন্ন আলোচনা কৰা আৰু তেওঁলোকৰ পথাৰ পৰিদর্শন কৰি যাবতীয় দিহা-পৰামর্শৰে আধুনিক কৃষিৰ সতে চিনাকি কৰি দিয়া। এনেবোৰ আলোচনাত প্রায়ে আমি দুটা বিশেষ কথা কৃষকসকলৰ পৰা জানিব বিচাৰো। প্রথমটো হ’ল-“কৃষি-কর্মত কেনেবোৰ থলুৱা পদ্ধতি তেখেতসকলে প্রয়োগ কৰে।” দ্বিতীয়তে ব্যক্তিগত আগ্রহৰ বাবে সোধো “ব'হাগমাহত এশ এবিধ শাক খাইনে? যদি খাই সেইবোৰৰ নাম আৰু ঠাইতে চিনাকি কৰি দিব পাৰিবনে?” সময়ত এই দুয়োটা প্রশ্নৰ উত্তৰ হিচাপে বহুতো তথ্য গোট খাবলৈ ধৰে। মাজে সময়ে বিভিন্ন কাকত-আলোচনীটো এই বিষয় দুটাৰ ওপৰত লেখা প্রকাশ হোৱা দেখিবলৈ পাওঁ। এনে কিছুমান লেখা আৰু আমি ব্যক্তিগতভাবে সংগ্রহ কৰা তথ্য সমূহ লিপিবদ্ধ কৰি প্রকাশ কৰিবলৈ লওঁতেই ‘এশ এবিধ শাক’ৰ তথ্যখিনিত কিছু অসুবিধা আহি পৰে। সেয়ে আমাৰ সংগ্রহখিনি আৰু সন্মূখীন হোৱা অসুবিধাবোৰ দূৰ কৰাৰ উদেশ্যে এই লেখাটো আগবঢ়োৱা হ’ল যাতে ‘এশ এবিধ শাক’ৰ এখন শুদ্ধ তালিকা আমাৰ হাতত থাকে---লেখক]

অসম তথা উত্তৰ-পূর্বাঞ্চল জৈৱবৈচিত্র্যৰ বাবে বিখ্যাত। পৃথিৱীৰ জৈৱবৈচিত্র্যত চহকী অঞ্চলসমূহৰ ভিতৰত ভাৰতবর্ষৰ উত্তৰ-পূর্বাঞ্চল অন্যতম। নানানবিধ জীৱ-জন্তুৰ লগতে বিভিন্ন গছ-লতাৰে ইয়াৰ পাহাৰ-ভৈয়াম ভৰপূৰ। বছৰৰ ছয় ঋতুত হাবিয়ে-বননীয়ে গজি উঠা এই উদ্ভিদবোৰৰ বেছি ভাগৰে ঔষধি গুণ আছে, যাৰ বাবে দূৰ অতীজৰেপৰা অঞ্চলটোৰ লোকসকলে এইবোৰ খাদ্য হিচাপে গ্রহণ কৰি আহিছে বছৰৰ বিভিন্ন সময়ত গ্রহণ কৰাৰ উপৰিও অসমৰ ৰাইজে গৰুবিহু নাইবা সাতবিহুৰ যিকোনো এদিন এনে ঔষধি গুণসম্পন্ন গছ-লতাৰ ‘এশ এবিধ শাক’ খোৱাটো এটা নিয়মঅৱশ্যে এশ এবিধ শাক সংগ্রহ কৰিব নোৱাৰিলেও সাত বিধ শাক এই সময়ত গ্রহণ কৰে যাৰ বাবে এই পৰম্পৰাক ‘সাতশাকী’ খোৱা বুলি কোৱা হয়। আনহাতে কোনো কোনোৱে হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়। সি যিকি নহওঁক এইদৰে ব’হাগ মাহত শাক খোৱাটো অসমৰ এক কৌটিকলীয়া পৰম্পৰা আৰু  শাক বোটলা কামটো প্রধানকৈ গাভৰুসকলেই কৰিছিল। সেয়ে এনে বিহুনাম এফাকি ঠায়ে ঠায়ে শুনিবলৈ পাওঁ:
“সাতশাকী বিচাৰি আহ অ’ লগৰী, গুৰি পথাৰলৈ যাওঁ
শাক তোলাৰ ছলতে, গছৰে তলতে হেঁপাহৰ বিহুনাম গাঁও।”

অসমৰ এই পৰম্পৰাৰ বিষয়ে আমি গৌৰৱ কৰোঁ যদিও এনে শাক-পাতবোৰৰ বিষয়ে প্রণালীবদ্ধভাবে অধ্যয়ন কৰা হোৱা নাই। কেতবোৰ উদ্ভিদৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও আন বহুবিধৰ বিষয়ে আমি এতিয়াও নজনাকৈয়ে আছোঁ এনে হোৱাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত এই শাক-পাতবোৰ চিনি নোপোৱাতো অন্যতম। আনহাতে সময়ৰ সোঁতত পৰি চিনাকি বহুবোৰ শাক-পাত ক্রমে লুপ্ত হ’বলৈ ধৰিছে। সেয়ে অসমৰ এই সম্পদৰাজি সংৰক্ষণ তথা প্রণালীবদ্ধভাবে অধ্যয়ন কৰা অতি প্রয়োজন হৈ পৰিছে। এনে এক উদেশ্যেৰে অসমৰ ‘এশ এবিধ শাক’ৰ তালিকা এখন যুগুতাই উলিয়াবলৈ কিছু দিনৰ পৰা চেষ্টা কৰি আছোঁ। কিন্তু তাকে কৰিবলৈ যাওঁতে কিছু অসুবিধাই দেখা দিছে।  উদাহৰণ স্বৰূপে আমাৰ সংগ্রহত থকা তালিকাখনত এনে কিছুমান উদ্ভিদৰ নাম সোমাই পৰিছে যিবোৰ অসমৰ থলুৱা নহয়, তুলনামূলকভাবে নতুনতেনে এবিধ উদ্ভিদ হ’ল ছয়াবিন। কোনো কোনোৱে এইবিধ উদ্ভিদ ‘এশ এবিধ শাক’ত খোৱাৰ কথা কোৱাৰ লগতে কেতবোৰ লেখাটো উল্লেখ কৰা দেখিছো। সেইদৰে প্রকাশিত লেখাত অশোক ফুল তালিকাভূক্ত হোৱা দেখা গৈছে যদিও গঞা ৰাইজৰ মূখত এইবিধৰ নাম শুনা নাছিলো। আনহাতে কিছুমান উদ্ভিদৰ নাম ঠাই বিশেষে সুকীয়া। এনে অসুবিধাবোৰৰ লগতে বহুবিধৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম নজনাৰ বিপৰীতে কেতবোৰৰ একাধিক নাম দেখা গৈছে। এনে হ’লেও তালিকাখন শুদ্ধ নহ’ব। উদাহৰণ হিচাপে বাহক, বগাবাহক, তিতাবাহক একেবিধ উদ্ভিদ যাৰ ইংৰাজী নাম Malabar Nut আৰু বৈজ্ঞানিক নাম Jasticia adhatoda Syn. Adatoda vasicaকিন্তু বিশল্যকৰণী (Jasticia gendarussa  Syn Gendarussa vulgaris ) নামৰ উদ্ভিদবিধক তিতাবাহকৰ আন এক নাম বুলি www.flowersofindia.net উল্লেখ কৰা দেখিলোঁ। আনহাতে www.assamplants.com  নামৰ ৱেব ছাইটটোত Bisalyakarani আৰু Bishalyakarani নামৰ দুটা নাম আছে যি দুটাৰ বিপৰীতে বৈজ্ঞানিক নাম দিয়া আছে ক্রমে Eupatorium triplinerve Vahl আৰু Amaranthus tricolor L. var tristis (Prain) Nayar তদুপৰি এই ছাইটটোত Jasticia gendarussa ৰ অসমীয়া নাম দিয়া হৈছে Jatrasiddhi, Jeora-goch অথচ আন বহু লেখাত বিশল্যকৰণী বুলি পোৱা যায়। আমোদজনকভাবে Ixora  নামৰ ফুলগছজোপাকে অশোক বুলি কোৱা বহুলোক পাইছো।
এনেবোৰ কাৰণত ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰিব পৰা হোৱা নাই। সেয়ে আমাৰ সংগ্রহৰ পৰা যুগুতাই উলিওৱা অসম্পূর্ণ তালিকাখন “সেউজী ধৰণী”ত উপলব্ধ কৰা হ’ল যাতে শুদ্ধ ৰূপৰ সম্পূর্ণ তালিকা এখন প্রস্তুত হৈ উঠে। আশা কৰোঁ বিজ্ঞজনে এই কামত সঁহাৰি জনাই আমাৰ ‘এশ এবিধ শাক’ৰ শুদ্ধ তালিকা এখন প্রস্তুত কৰি তোলাত সহায় কৰিব।

এশ এবিধ শাকৰ এখন অশুদ্ধ আৰু অসম্পূর্ণ তালিকা
ক্রমিক নং
নাম
ছবি




Assamese: অমৰা ফুল
English: Indian Hog plum
Botanical: Spondius pinnata (L. f.) Kurz.





Assamese:অমিতা ফুল

English: papaya

Botanical: Carica papaya





Assamese: অশোক ফুল
English: Ashoka
Botatical: Saraca indica





Assamese: আগৰা

 English: Common cocklebur

Botanical: Xanthium strumarium L




Assamese:আগেজলা

English:?

Botanical:?





Assamese:আদা

English: Ginger

Botanical: Zingiber officinale






Assamese:আনাৰসৰ কোঁহ
English: Pineapple
Botanical: Ananas comosum






Assamese:আমৰ মল
English: Mango
Botanicl: Mangifera indica



Assamese আৰফুল
English:?
Botanical: ?


১০
Assamese ইন্দ্রযৱ
English:?
Botanical:?


১১
Assamese ওলকচু
English: Elephant Yam
Botanical: Amorpophyllus campanulatus, A. paeoniifolius, A. bulbefer



১২





Assamese: কচুশাক
English: Arum
Botanical: Colocasai esculenta L



১৩


Assamese কঁঠালৰ মুচি
English: Jack fruit
Botanical: Artocarpus heterophyllus



১৪


Assamese কলপচলা
English: Banana
Botanical: Musa balbisiana



১৫


Assamese কলমৌ শাক
English: Water spinach
Botanical: Ipomea aquatic  Frosk



১৬


Assamese: কর্দৈৰ পাত
English:Carambola
Botanical: Averrhoa carambola



১৭
Assamese:কাঁচিপকা
English:?
Botanical:?


১৮



Assamese: কাঠআলুৰ পাত
English: White Yam
Botanical: Dioscornia alata



১৯
Assamese: কুকুৰাঠেঙীয়া
English: Bandicot berry
Botanical: Leea indica



২০


Assamese: কেঞাবন

English: Nut grass

Botanical: Kyllinga monocephala


২১
Assamese: কেৰেলা পাত

English: Bitter gourd

Botanical: Momordica charantia


২২
Assamese:কোমোৰা পাত

English: Ash gourd

Botanical: Benincasa hispida


২৩
Assamese:খুতৰা শাক

English: ?

Botanical: Amaranthus viridis


২৪


Assamese:গাখীৰতী

English: Milky herb

Botanical: Euphorbia hirta


২৫


Assamese:গৰুখিচ

English: Wild strawberry

Botanical: Fragaria indica



আগলৈ...


বিঃদ্রঃ ছবিসমূহ বিভিন্ন ৱেব ছাইটৰ পৰা লোৱা হৈছে
Part I:


Part II:


Part III:


Part IV:


Patr V:


------------------------------------------------------------------------------------------------
ম'বাইল: ৯৪৩৫১৩৫৬৩১::ID sadik2crs@yahoo.co.in

3 comments:

  1. সচাকৈ আপোনাক চালাম দিব লগীয়া কাম কৰিছে ।

    ReplyDelete
  2. khub bhal kam hoichay. parilay mok aaponar facebookor link aru contact numbar to dibo sun

    ReplyDelete