Thursday 13 February 2014

ক’লামাহ:On Lathyrus sativus L


সেউজী ধৰণী

এবিধ উপেক্ষিত শস্য: ক’লামাহ




ডঃ ইদ্রিছ আলী শ্বেখ আৰু জয়শ্রী বৰা

অসমৰ বহুতো অঞ্চলত শালিধান চপোৱাৰ আগে আগে এবিধ মাহজাতীয় শস্য সিঁচা দেখা যায়। অৱশ্যে বানাক্রান্ত অঞ্চলতো মাটি চহ কৰি শস্যবিধ সিঁচে। ক’লামাহ বা খেচাৰী ডাইল বুলি কোৱা এইবিধ মাহৰ ইংৰাজী নাম grasspea বৈজ্ঞানিক ভাষাত কয় Lathyrus sativus L বীজ সিঁচাৰ সময়ত পথাৰ জেকা হৈ থকাৰ বাবে সিঁচা বীজবোৰ সহজতে অঙ্কুৰিত হয় আৰু ধান চপোৱাৰ পাছত ঠন ধৰি উঠে। পাছলৈ শস্যডৰা সেউজীয়া হৈ পৰে কম খৰচ আৰু অতি সহজতে কৰিবপৰা উচ্চ প্র’টিনযুক্ত এইবিধ শস্যৰ খেতিৰ বাবে মাটিৰ গুণাগুণ উন্নত হয়। আনহাতে ক’লামাহ পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়। এনেবোৰ উপকাৰী গুণৰ বাবে ক’লামাহ এসময়ত দেশৰ কৃষকৰ অতি প্রিয় আছিল কিন্তু বহুত দিন এইবিধ মাহ খাদ্য হিচাপে গ্রহণ কৰাৰ বাবে দেশৰ কোনো কোনো অঞ্চলত লেথাইৰিজম (lathyrism ) নামৰ এবিধ স্নায়ৱিক ৰোগ হোৱা পৰিলক্ষিত হয়। সেয়ে যোৱাটো শতিকাৰ ষাঠি দশকত ভাৰত চৰকাৰে শস্যবিধৰ বাণিজ্যিকভিত্তিৰ খেতিত বাধা আৰোপ কৰে। এনে হোৱা বাবে ক’লামাহৰ খেতি দেশৰ আন অঞ্চলৰ লগতে অসমতো ক্রমে কমি আহে। অৱশ্যে অসমত এইবিধ ৰোগৰ প্রাদূর্ভাৱৰ বিষয়ে কোনো নির্ভৰযোগ্য প্রমাণ পোৱা হোৱা নাছিল যদিও সর্বসাধাৰণ মাজত দেখা দিয়া ভীতিগ্রস্ততাৰ বাবে ক’লামাহৰ খেতি ৰাজ্যত কমিবলৈ ধৰে বুলি ধাৰণা কৰিব পাৰি।



লেথাইৰিজম ৰোগৰ কাৰণ
ক’লামাহ খাদ্য হিচাপে গ্রহণ কৰিলে যি স্নায়ৱিক ৰোগ হোৱা পৰিলক্ষিত হয় তাৰ কাৰণ নির্ণয় কৰিবলৈ বিজ্ঞানীসকলে এলানি গৱেষণাৰ কাম আৰম্ভ কৰে। এনে গৱেষণাত মাহবিধত  β-oxalyl-L-α,β-diaminopropionic acid (চমুকৈ Oxalyldiaminopropionic acid  বা ODAP) নামৰ এবিধ পদার্থৰ উপস্থিতি ধৰা পৰে পাছলৈ এই জটিল ৰাসায়নিক পদার্থবিধ লেথাইৰিজম ৰোগৰ কাৰণ বুলি চিনাক্ত কৰা হয়আনহাতে এইটোও দেখা গ’ল যে একেৰাহে বেছি পৰিমাণত বহুদিন ক’লামাহ খোৱাসকলৰ মাজতহে ৰোগবিধ বেছি আৰু ৰোগবিধ প্রাদূর্ভাৱত জলবায়ুৰ প্রভাৱ আছে। লগতে এইটোও দেখা গ’ল যে এই ৰোগ মহিলাতকৈ পুৰুষৰ মাজত বেছি হয়।


β-oxalyl-L-α,β-diaminopropionic acid


প্রতিকাৰৰ উপায়
       যিহেতু ODAP-ৰ বাবে এই ৰোগ হয় সেয়ে প্রতিকাৰ হিচাপে বিজ্ঞানীসকলে ক’লামাহত এই পদার্থবিধৰ পৰিমাণ হ্রাস বা একেবাৰে নোহোৱা কৰাৰ ওপৰত গুৰুত্ব দি গৱেষণাৰ কাম আৰম্ভ কৰে। দীর্ঘদিন ধৰি চলা গৱেষণাৰ অন্তত বিহমুক্ত (toxin-free ) নাইবা কম বিহযুক্ত (low-toxin ) কেইবিধমান ক’লামাহৰ জাত উদ্ভাৱন হয়। বর্তমান এনেবোৰ জাত ব্যৱহাৰ কৰি লেথাইৰিজম ৰোগৰ প্রাদূর্ভাৱ কমাবলৈ যত্ন কৰা হৈছে।

অসমত ক’লামাহৰ খেতি



       ক’লামাহৰ অধিক ব্যৱহাৰৰ বাবে হ’ব পৰা স্নায়ৱিক ৰোগৰ পৰিপ্রেক্ষিতত দেশৰ আন অঞ্চলৰ লগতে অসমতো শস্যবিধৰ খেতিৰ প্রতি কৃষকসকলৰ আগ্রহ কমি আহে কিন্তু নিৰাপদ জাত উদ্ভাৱন হোৱাৰ পাছত ক’লামাহৰ খেতিৰ বাবে নতুন কৃষি কৌশলেৰে কৃষকসকলক আগ্রহী কৰি তুলিবলৈ যত্ন কৰা হৈছে। সেই অনুযায়ী অসম কৃষি বিশ্ববিদ্যালয়ে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অর্থ সাহার্যত ক’লামাহৰ খেতিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে এক আঁচনি প্রস্তুত কৰি তুলিছে। বর্তমান নগাঁও জিলাত চলি থকা আঁচনিখন অচিৰে অসমৰ আন জিলাতো ৰূপায়ণ কৰাৰ বিষয়ে চিন্তা-চর্চ্চা হৈ আছে। এনে হ’লে ক’লামাহৰ খেতিৰে
কৃষকসকল উপকৃত হোৱাৰ লগতে ৰাজ্যৰ মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি পাব। এইখিনিতে উল্লেখ কৰিব পাৰি যে সৌসিদিনা আমাৰ ৰাজ্যই  একেৰাহে তৃতীয় বাৰৰ বাবে “কৃষি কর্মণ” বঁটা লাভ কৰিছে আৰু এইবাৰ এই সন্মান পাইছে মাহজাতীয় শস্যৰ উৎপাদনত দেখুওৱা পাৰদর্শিতাৰ বাবেএনে বাতৰিয়ে কৃষক তথা কৃষিৰ লগত জড়িতসকলক উৎসাহিত কৰি তুলিছে। আশা কৰা যায় যে ক’লামাহৰ প্রসাৰে কৃষকৰ লগতে ৰাজ্যৰ অর্থনীতি আৰু অধিক সবল কৰিব। সেয়ে আমাৰ এই লেখাটিত মাটি চহাই নাইবা ‘ৰীলে’ - এই দুয়োবিধ পদ্ধতিৰে কৰিব পৰা ক’লামাহৰ খেতিৰ কেতবোৰ কৃষি কৌশলৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল:-

স্থান নির্বাচন: প্রায় সকলো ধৰণৰ মাটিতে ক’লামাহ হয় যদিও বালিচহীয়া পলসুৱা মাটি এই খেতিৰ বাবে উপযুক্ত।
জাত: ৰতন, নির্মল, প্রতীক
সিঁচাৰ সময়: অক্টোবৰ – নৱেম্বৰ
বীজৰ পৰিমাণ:‘ৰীলে” পদ্ধতিত প্রতি বিঘাত ৬.৫-৭.০ কিলোগ্রাম আৰু চহ কৰা মাটিত প্রতি বিঘাত৫.৫-৬.০ কিলোগ্রাম
বীজ শোধন: আৱশ্যক হোৱা বীজখিনি ৬ – ৭ ঘণ্টা পানীত তিঁয়াই কপাহী কাপোৰত মেলি ছাঁত ভালদৰে শুকুৱাব লাগে। পাছত প্রতি কিলোগ্রাম বীজত ২ গ্রাম কার্বেনডেজিম (carbendazim) পাউডাৰ মিহলাই বীজখিনি শোধন কৰিব লাগে। এইদৰে শোধন কৰা বীজৰ প্রতি কিলোগ্রামত ৪০ গ্রাম মাহজাতীয় শস্যৰ বাবে উপযোগী ৰাইজ’বিয়াম কালচাৰ (Rhizobium culture) মিহলাই সিঁচিব লাগে।
সাৰ প্রয়োগ:

সাৰ
প্রতি বিঘাত
ক)ৰাইজ’বিয়াম ব্যৱহাৰ কৰিলে
·        ইউৰিয়া
·        একক চুপাৰ ফছফেট
·        মিউৰিয়েট অব পটাছ

কিলোগ্রাম
৩০কিলোগ্রাম
৩.৩ কিলোগ্রাম

খ)ৰাইজ’বিয়াম ব্যৱহাৰ নকৰিলে
·        ইউৰিয়া
·        একক চুপাৰ ফছফেট
·        মিউৰিয়েট অব পটাছ


৪.৫ কিলোগ্রাম
৩০কিলোগ্রাম
৩.৩ কিলোগ্রাম
গ) ডি এ পি ব্যৱহাৰ কৰিলে
·        ডি এ পি
·        মিউৰিয়েট অব পটাছ


৭.৫ কিলোগ্রাম।
৩.৩ কিলোগ্রাম



 বীজ সিঁচা: ‘ৰীলে’ পদ্ধতিত ধান চপোৱাৰ ১৫-২০ দিনৰ আগেয়ে শোধন কৰা বীজ অনুমোদিত পৰিমাণত সিঁচিব লাগে। এই সময়ত পথাৰত জীপ থকাটো আৱশ্যক। আনহাতে মাটি চহ কৰি বীজ সিঁচিলে শাৰীবোৰৰ মাজত ৩০ চে:মি: আৰু গুটিৰ মাজত ১০ চে:মি:কৈ সিঁচিব লাগে। শাৰীকৈ নিসিঁচিলে আনুমোদিত পৰিমাণৰ বীজ সিঁচি এচাহ বাই মৈয়াই দিব লাগে।
শস্য ৰক্ষা:   ক) গছৰ গুৰি শুকুৱা ৰোগৰ বাবে প্রতি লিটাৰ পানীত এক গ্রাম কার্বেনডেজিম (carbendazim) পাউডাৰ মিহলাই গছৰ গুৰি ভালদৰে তিঁতি যোৱাকৈ প্রয়োগ কৰিব লাগে।
               খ) মোৱাপোকৰ আক্রমণ দেখিলে প্রয়োজন সাপেক্ষে ডাইমিথ’য়েট ৩০ ইচি (Dimethoate 30 EC) অথবা মালাথিয়ন ৫০ ইচি (Malathion 50 EC) ঔষধৰ ২ মি:লি: প্রতি লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব লাগে।
শস্য চপোৱা: ডৰাবোৰত ৭০-৮০ % মাহ হালধীয়া নাইবা মটীয়া বৰণৰ হোৱাৰ লগে লগে চপাবৰ উপযোগী হয়। অপৈণত অৱস্থাত চপালে গুটিত আর্দ্রতাৰ পৰিমাণ বেছি থাকিব ,যাৰ বাবে পাছত ৰোগে দেখা দিব।  আনহাতে পলমকৈ চপালে চেঁইবোৰ ফাটি গুটি সৰি পৰিব। মৰণা মাৰি গুটিখিনি ভালদৰে জাৰি শুকুৱাই থব লাগে। দীর্ঘ দিনৰ বাবে সংৰক্ষণ কৰা প্রতি কিলোগ্রাম গুটিত ৩ গ্রাম জালুকৰ গুৰি মিহলাই থলে পোক-পৰুৱাৰ আক্রমণ কম হয়। মৰাপাটে আগুৰা পলিবেগত খাদ্য অথবা বীজ হিচাপে গুটিখিনি বহু দিনলৈকে সঞ্চয় কৰিব পাৰি।

অংকন: Sarah John


বিজ্ঞানী, গৱেষণা সহায়ক
আঞ্চলিক কৃষি গৱেষণা কেন্দ্র, চিলঙণী, নগাঁও



No comments:

Post a Comment