Friday 21 February 2014

বিজ্ঞানসন্মতভাবে এৰী পলু পালন:: On Eri culture




সেউজী ধৰণী

বিজ্ঞানসন্মতভাবে এৰী পলু পালন





ভৱেশ বৰদলৈ


[এৰী মুগা আৰু পাটসুতাৰে অসমৰ ৰেচম শিল্প গঢ় লৈ উঠিছ এই শিল্প অসমৰ এটি আপুৰুগীয়া শিল্প। পৃথিৱী বিখ্যাত ছাঁতে শুকুৱা মুঠিতে লুকুৱা মুগাৰ বস্ত্র বিচাৰি আজিও বিদেশীসকল অসমলৈ ঢপলিয়াই আহে ৰামায়ণত অসম “পলু পোহা দেশ বুলি উল্লেখ থকালৈ চাই এই উদ্যোগ বা শিল্পৰ অসমৰ কিমান পুৰণি তাক সহজে অনুমান কৰিব পাৰি। কৌটিল্যৰ অর্থশাস্ত্রতো অসমৰ ৰেচম শিল্পৰ বিষয়ে বিস্তৃতভাবে উল্লেখ আছে। সেইদৰে বুৰজ্ঞীৰ পাতত পোৱা যায় যে ১১শ শতিকাত পাল বংশৰ ৰজা ধর্মপালে বৰপেটাৰ তাঁতিকুছিৰ পৰা একুৰি ছটা বোৱনী পৰিয়ালক শুৱালকুছিলৈ আনিছিল। সময়ত সেই শুৱালকুছিতে ৰেচম শিল্পই গা-কৰি উঠে আৰু এছিয়াৰ মানচেষ্টাৰ ৰূপে বিখ্যাত হৈ পৰে। কিন্তু অসমৰ ৰেচম শিল্প আজি মৃতপ্রায় অৱস্থাত। আনকি চৰকাৰী তথ্যতে প্রকাশ পাইছে যে অসমত পাট-মুগা-এৰীৰ উৎপাদন হ্ৰাস পাইছে এনে এক সময়তে যোৱা ৯ ফেব্রুৱাৰী,২০১৪ তাৰিখত মুখ্য মন্ত্রী শ্রীযুত তৰুণ গগৈদেৱে ৰাজ্যৰ প্রথমখন ৰেচম মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে নিঃসন্দেহে এয়া ৰাজ্যৰ বাবে সুখবৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত তিতাবৰত স্থাপন হ’বলগীয়া এই মহাবিদ্যালয়লৈ আমাৰ শুভেচ্ছা ৰ’ল এই মহৎ কার্যৰ লগত সংগতি ৰাখি ৰেচম শিল্পবিষয়ক এলানি ৰচনা সেউজী ধৰণী প্রকাশ কৰিবলৈ আয়োজন কৰা হৈছে। ভৱেশ বৰদলৈদেৱে যুগুতাই দিয়া আৰু মৃদল গোস্বামীয়ে ইউনিক’ডলৈ ৰূপান্তৰ কৰা প্রথমখন ৰচনা বিজ্ঞানসন্মতভাবে এৰী পলু পালন পঢ়ুৱৈলৈ আগবঢ়োৱা হ’ল।]


এৰী, মুগা আৰু পাটশিল্পক একেলগে বুজাবলৈ ৰেচম শিল্প কোৱা হয়। এই শিল্প হ’ল অসমৰ অন্যতম কুটীৰশিল্প। দূৰ অতীতৰ পৰাই এইবিধ শিল্পই অসম তথা উত্তৰ-পূৱ ভাৰতৰ গ্রাম্য অর্থনীতিত প্রভাৱ পেলাই আহিছে। শেহতীয়া লোকপিয়লৰ পৰা জনা গৈছে যে অসমত বর্তমান ১.৮ লাখ লোক এই শিল্পৰ লগত জড়িত হৈ আছে। কিন্তু এনে বৃহৎ সংখ্যকলোক জড়িত হৈ থকাৰ পাছতো এই লাভজনক শিল্পৰ পৰা আশানুৰূপ ফল পোৱা নাই। এনে হোৱাৰ অন্যতম কাৰণ হ’ল আমাৰ কৃষকসকলৰ আধুনিক পলু পালনৰ বাবে প্রয়োজন হোৱা জ্ঞানৰ অভাৱ, যাৰ বাবে অসমৰ এই আপুৰুগীয়া শিল্পবিধৰ প্রসাৰ ঘটাত বাধাগ্রস্ত হৈছে। সেয়ে আমাৰ এই লেখাত এই শিল্পৰ অন্যতম এৰী শিল্পৰ বিজ্ঞানসন্মত দিশটো সর্বসাধাৰণ কৃষকৰ বাবে আগবঢ়োৱা হ’ল।
যিবিধ পলু এৰী শিল্পত ব্যৱহাৰ কৰা হয় সেইবিধক অসমীয়াত এৰী পলু বুলি কোৱা হয়। ইংৰাজী নাম eri silkworm আৰু বৈজ্ঞানিক নাম  Samia ricini (Donovan) অসমৰ বিভিন্ন অঞ্চলত পোৱা এইবিধ পতংগৰ মথ, লেটা আদিৰ মাজত বহুতো পার্থক্য দেখা যায়। এনেবোৰ পার্থক্যৰভিত্তিত পতংগবিধৰ বহুকেইটা প্রকাৰ চিনাক্ত কৰা হৈছে।



উদাহৰণ স্বৰূপে সচৰাচৰ দেখা বগা বৰণৰ লেটাৰ বিপৰীতে কোকৰাঝাৰ অঞ্চলৰ লেটাৰ বৰণ ৰঙচুৱা ইটাবৰণীয়া। সেইদৰে পাখিৰ বৰণ আৰু পাখিত দেখা ধুনীয়া চিন্হবোৰ অঞ্চলভেদে বেলেগ বেলেগ। এৰীপলুৱে বহুকেইবিধ গছৰ পাত খাদ্য হিচাপে গ্রহণ কৰে যদিও সকলোকেইটা প্রকাৰৰ এৰা( Ricinus communis L,)আৰু কেছেৰু( Heteropanax fragrans (Roxb.) গছৰ পাত মুখ্য খাদ্য। কিন্তু এৰী পালকসকলৰ কোনো নিৰ্দিষ্ট প্ৰণালীবদ্ধ এৰা আৰু কেছেৰুতলী নথকাৰ বাবে তেওঁলোকে বনৰীয়া গছৰ পাত সংগ্ৰহ কৰি এৰী পলু পালন কৰে।
ফলত উন্নত মানৰ পাত উপযুক্ত পৰিমাণে যোগান ধৰিব নোৱাৰে। এনে হ’লে উন্নতমানৰ এৰীসূতা নোপোৱাৰ লগতে আন বহুতো বিজুতিয়ে দেখা দিয়ে। সেয়েহে উন্নতমানৰ এৰা আৰু কেছেৰুতলী স্থাপন কৰি এৰী পলু কিদৰে পালন কৰিব লাগে সেই বিষয়ে পর্যায়ক্রমে তলত উল্লেখ কৰা হ’ল।
১) এৰাগছৰ খেতি পদ্ধতি-
মাটি নিৰ্বাচন: জৈৱিক সাৰযুক্ত ওখ পানী জমা নোহোৱা সমান মাটি এৰা খেতিৰ বাবে উপযোগী।
এৰাগছৰ জাত আৰু বীজ নিৰ্বাচন: পাউদাৰবিহীন ৰঙা জাতৰ সুস্থ আৰু পুৰঠ বীজহে এৰা খেতিৰ বাবে নিৰ্বাচন কৰা উচিত।
এৰাতলী প্ৰস্তুতকৰণ:
ক) মাটিৰা ২-৩ বাৰ দকৈ হাল বাই চহ কৰা উচিত
খ) উক্ত মাটিত ১ x ১ মিটাৰ দূৰত্বত ২৫ x ২৫ x ২৫ ছে:মি: জোখৰ গাঁত খান্দি প্ৰতিটো গাঁতত ১ কি:গ্ৰা: পৰিমাণৰ গোবৰ বা পচন সাৰ মাটিৰ লগত মিহলি কৰি লব ।
গ) পাহাৰৰ এলীয়া মাটিত এই খেতিৰ ব্যৱস্থা কৰিলে কেৱল গাঁত খান্দি পচন সাৰৰ ব্যৱস্থা কৰিব।

বীজ সিঁচাৰ সময় আৰু পদ্ধতি:
ক) এৰা গছৰ বীজ চত –বহাগ আৰু আহিন –কাতি মাহত সিঁচিব লাগে।
খ) আগতে তৈয়াৰ কৰি লোৱা প্ৰতিতো গাঁতত দুটাকৈ বীজ কমেও ২ ছে: মি: দ'কৈ মাটিত পুতিব লাগে।
গ) বীজ সিঁচাৰ পাছত প্ৰয়োজন সাপেক্ষে ২-৩ বাৰ পানী দিব লাগে।
ঘ) বীজ সিঁচাৰ ৭-১০ দিনৰ ভিতৰত অংকুৰিত হয়।
ঙ) অংকুৰণৰ ৩ সপ্তাহৰ পাছত প্ৰতিতো গাঁতত সুস্থ পুলিটো ৰাখি আনটো উভালি পেলাব লাগে।
প্ৰতিপালন:
ক) এৰাতলী বছৰি ৩-৪ বাৰ কোৰ মাৰি ঘাঁহ-বন নিৰাই দিব লাগে।
খ) পুলি গজাৰ ঠিক এমাহৰ পাছত পুলিটোৰ চাৰিওফালে ঘূৰণীয়াকৈ গাঁত খান্দি ইউৰীয়া, এচ এচ পি আৰু এম ও পি ক্ৰমান্বয়ে ১৩ গ্ৰাম, ২৫ গ্ৰাম আৰু ৩ গ্ৰাম জোখত প্ৰতিজোপা গছত প্ৰয়োগ কৰিব।
পাত সংগ্ৰহ:
ক) গোটেই বছৰটোত এজোপা গছৰ পৰা ৪ বাৰ পাত সংগ্ৰহ কৰিব পাৰি।
খ) পুলি গজাৰ দুই বা আঢ়ৈ মাহৰ পাছত প্ৰথমবাৰ পাত সংগ্ৰহ কৰিব পাৰি।
গ) প্ৰথম পাত সংগ্ৰহ এক বা ডেৰ মাহৰ অন্তৰে অন্তৰে পৰৱৰ্তী পৰ্যায়ৰ পাত সংগ্ৰহ কৰিব পাৰি।



২) কেছেৰু গছৰ খেতি পদ্ধতি
ক) নাৰ্চাৰী পদ্ধতি :
মাটি নিৰ্বাচন: পানী জমা নোহোৱা ওখ মাটি নাৰ্চাৰীৰ বাবে উপযুক্ত।
উপযুক্ত সময়: কেছেৰু নাৰ্চাৰীৰ বাবে ফাগুন –চত মাহ উত্তম সময়।
বীজতলী প্ৰস্তুতিকৰণ :
ক) মাটিডৰা হালবাই চহ কৰি লব।
খ) মাটিডৰাত ১৫ ছে. মি. ওখ আৰু ৬ x ২ মি. জোখৰ বীজতলী প্ৰস্তুত কৰি লব।
গ) প্ৰতিখন বীজতলীত ৬০ কি.গ্ৰা. গোবৰ বা পচন সাৰ প্ৰয়োগ কৰি সমভাৱে মিহলি কৰি লব।
বীজ সিঁচা :
·       x ২ মি. জোখৰ বীজতলীত ৮০০ বীজ সিঁচিব পাৰি ১৫ ছে. মি. ব্যৱধানত বীজ ৰোপণ কৰিব
·       বীজ সিঁচাৰ পাছত বীজতলী খেৰ বা নৰাৰে পাতলকৈ ঢাকি দিব
·       প্ৰয়োজন সাপেক্ষে বীজতলিত পুৱা-গধুলি পানী দিব

) কেছেৰু পুলি ৰোপন পদ্ধতি:

মাটি নিৰ্বাচন: ওখ, পানী জমা নোহোৱা সমান মাটি পুলি ৰোপনৰ বাবে উপযোগী
ৰোপণৰ সময়: বাৰিষাৰ অন্তত ভাদ, আহিন মাহ পুলি ৰোপনৰ বাবে উত্তম সময় বহাগ-জেঠ মাহত পুলি ৰোপণ কৰিলে মাটিডৰাৰ পানী জমা নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখিব
মাটি প্ৰস্তুতকৰণ:
·       কেছেৰু তলিডৰা দকৈ হাল বাই চহ কৰি লব
·       প্ৰস্তুত কৰা মাটিত ২ x ২ মি. দূৰত্বত ৩০ x ৩০ x ৩০ ছে. মি. জোখৰ গাঁত খান্দি প্ৰতিতো গাঁতত ইন্দোফিল এম ৪৫ আৰু ৩-৪ কি. গ্ৰা. পচন সাৰ প্ৰয়োগ কৰিব
·   পুলি ৰোপণ: যথাসম্ভব বৰষুণৰ বতৰতহে প্ৰতিতো গাঁতত ২৫-৩৫ ছে. মি. ওখ সৱল পুলি ৰোপণ কৰিব

গছৰ কলম দিয়া:
·                গছ ৰোপণৰ তিনি বছৰ পাছত প্ৰতিজোপা গছ ১.৭৫ মি. উচ্চতাত কলম দিব
·                মাঘ-ফাগুন মাহ কলম দিয়া উত্তম সময়
·                প্ৰতি ৩ বছৰৰ অন্তৰে অন্তৰে কলম দিয়াটো বাঞ্ছনীয়

কেছেৰু গছৰ পাত সংগ্ৰহ:
পুলি ৰোপণৰ পৰা ৩-৪ বছৰলৈকে এজোপা গছৰ পৰা তাকৰীয়াকৈ পাত সংগ্ৰহ কৰিব পাৰি যদিও পঞ্চম বছৰৰ পৰাহে নিয়মীয়াকৈ বছৰত ২-৩ বাৰ পাত সংগ্ৰহ কৰিব পাৰি প্ৰণালীবদ্ধভাৱে ৰোপণ কৰা এজোপা গছৰ পৰা প্ৰত্যেক বাৰতে ৫/৬ কি. গ্ৰা. পাত কৰিব পাৰি

এৰী পলু পালনৰ উন্নত পদ্ধতি
এৰী পলু বছৰত ৫-৬ বাৰ পুহিব পৰা যায় যদিও এৰী পলুৰ যথেষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে, তথাপি উন্নত প্ৰযুক্তি জ্ঞান তথা প্ৰয়োজনীয় সা-সৰঞ্জামৰ অভাৱত পলু পালকসকলে আশানুৰূপ ফল লাভ কৰিবলৈ অসমৰ্থ হয়

পলু পালনৰ বাবে গৃহ: পলু পালনৰ বাবে ভালদৰে বতাহ চলাচল কৰিব পৰা আৰু চাৰিওফালে বাৰান্দাযুক্ত আচুতীয়া গৃহৰ প্ৰয়োজন
পলুৰ সঁচ নিৰ্বাচন: উচ্চ উৎপাদনক্ষম সঁচ যেনে-বৰদুৱাৰ আৰু তিতাবৰ জাত পালনৰ বাবে উপযুক্ত
পলু পালনৰ বাবে সময়: প্ৰয়োজনীয় পাতৰ ব্যৱস্থা থাকিলে এৰী পলু গোটেই বছৰ ধৰি পালন কৰিব পাৰি অৱশ্যে আগষ্ট-ছেপ্তেম্বৰঅক্টোবৰ মাহ পলু পালনৰ বাবে অতিকৈ উত্তম সময়
পলু পালনৰ গৃহ আৰু সঁজুলি পৰিশোধন: পলু পালনৰ গৃহ আৰু সঁজুলিসমূহ ৫% ব্লিচিং পাউদাৰৰ দ্ৰৱণেৰে পলু পালনৰ ৩ দিনৰ আগতে ভালদৰে ধুব লাগে পলু পালনৰ পিছত ততালিকে পলু পালন গৃহ আৰু সঁজুলিসমূহ একে ধৰণেৰে পৰিশোধন কৰিব লাগে
কণী উমনি দিয়া: ২৫-২৬ ডিগ্ৰী ছে. গ্ৰে. উষ্ণতা আৰু ৮০-৮৫ আাপেক্ষিক আর্দ্ৰতা এৰী পলুৰ কণী উমনি দিবৰ বাবে উপযুক্ত
পলুৰ খাদ্য যোগান:
·       কণী ফুটি ওলোৱা সদ্যজাত পলু বিলাক চৰাইৰ পাখি বা কোমল ব্ৰাচেৰে কুমলীয়া পাতত দিব লাগে
·       চালুকীয়া অৱস্থাত (১ম, ২য় আৰু ৩য় স্তৰ) প্ৰতিদিনে অন্তত ৩-৪ বাৰ আৰু শেহতীয়া অৱস্থাত (৪ৰ্থ আৰু ৫ম স্তৰ) পলুক ৫ বাৰকৈ পাত যোগান ধৰিব লাগে
·       এৰী পলুৱে মুঠ ৪ বাৰ মোট সলাই বা ছাল কাটে
·       বতৰ আৰু স্তৰ বিশেষে ২৪-২৮ ঘণ্টাৰ ভিতৰত পলুৰ মোট সলোৱা সম্পুৰ্ণ কৰে
·       ছাল কটা অৱস্থাত পলু পালন গৃহত ভালদৰে বায়ু চলাচল ব্যৱস্থা কৰি ডলাবোৰ পাৰ্য্যমানে শুকান কৰি ৰাখিব লাগে
পলুৰ খোলা বা লেটা বন্ধা আৰু সংগ্ৰহ:
·       পকা পলু সংগ্ৰহ কৰি বাঁহৰ চন্দকীত খোলা বান্ধিবলৈ দিলে ভাল লেটা পোৱা যায়
·       খোলা বন্ধাৰ সময়ত বায়ু চলাচলৰ সু-ব্যৱস্থা থাকিব লাগে


ৰেচম বিভাগে আগবঢ়োৱা সুবিধা সমূহ:
এৰী, মুগা আৰু পাট শিল্পৰ সম্প্রসাৰণ আৰু উন্নতিৰ বাবে আগবঢ়োৱা সুবিধা সমূহ:
·       পালকসকললৈ নিৰোগী এৰী, মুগা আৰু পাট পলুৰ সঁচ ৰেচম প্ৰদশকসকলৰ যোগেদি যোগান
·       পলু পালকসকলক পলুৰ খাদ্য-গছ সম্প্রসাৰণৰ বাবে কেন্দ্রীয় ৰেচম বর্ডৰ বিশেষ আৰ্থিক সাহাৰ্য্য প্ৰদান সফলভাৱে পলু পালন কৰিবলৈ বিভিন্ন স্থানত থকা ৰেচম প্ৰদশকসকলৰ দ্বাৰা দিহা পৰামশ দিয়াৰ ব্যৱস্থা
·       অনুসূচিত জাতি আৰু জনজাতিৰ শিতানত আৰ্থিকভাৱে দুৰ্বল পলু পালকসকলক সময়ে সময়ে চৰকাৰী ৰাজ সাহায্যত অনুদান প্ৰদান
·       পলু পালন আৰু সূতাকটাৰ প্ৰশিক্ষণৰ ব্যৱস্থা
·       আত্মসহায়ক গোট গঠনৰ জৰিয়তে স্ব-নিয়োজন
·       সুলভ মূল্যত আধুনিক বিদ্যুৎ চালিত এৰী আৰু মুগা সূতা কটা যন্ত্র যোগান



লেখক অৱসৰপ্রাপ্ত বিষয়া, ৰেচম বিভাগ, অসম








5 comments:

  1. সুন্দৰ লিখনি, ধন্যবাদ

    ReplyDelete
  2. মই যোৱা 2বছৰ ধৰি এৰী মুগা পুহি আহিছো ।কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো সহায় পোৱা নাই

    ReplyDelete
  3. I want to take steps... Please advice me : ph : 8486252304 Charaideo , Assam .

    ReplyDelete
  4. এৰী মুগা world famous অসমৰ , খেতি কৰিব পৰা আৰু বিচৰা মুগা পালক সকলে কেনে দৰে যোগাযোগ কৰিব লাগিব , আপোনালোকৰ পদক্ষেপ সহায় কৰিব নে ?
    ফোন 8486252304 / 9954460672

    ReplyDelete
  5. বহুত ভাল লাগিল, এড়ীসূতা ১কেজিৰ দাম কিমান হ'ব বাৰু?

    ReplyDelete