Thursday, 12 December 2013

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন”(চতুর্থ খণ্ড)::PPVFR-Part-IV


সেউজী ধৰণী

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন”
(চতুর্থ খণ্ড)


ডঃ চাদিকুল হুছেইন

আইনখনে কৃষকক কিদৰে সহায় কৰিব ?

       এই বিষয়ে আলোচনা কৰাৰ আগেয়ে উক্ত আইনখন প্রণয়ন কৰাৰ আগৰ দুটা ঘটনাৰ কথা কৈ লওঁ। ভাৰতবর্ষ এখন জৈৱবৈচিত্র্যৰে ভৰপূৰ দেশ। বহুবোৰ গছ-লতা, ফল-মুলৰ আদি ভূমি হ’ল ভাৰতবর্ষ। এনেহোৱা বাবে দূৰ অতীজতে ভাৰতবাসীয়ে এইবোৰৰ গুণৰ বিষয়ে বুজি উঠিছিল, যাৰ বাবে আজি অনেকবোৰ উদ্ভিদ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছেকিছুমান উদ্ভিদ যদি খাদ্য হিচাপে গ্রহণ কৰা হয় আন কিছুমান নানানবিধ ৰোগৰ ঔষধ হিচাপে গ্রহণ কৰা হয়এনে এক উদ্ভিদ হ’ল হালধী। ভাৰতবর্ষত অনেক প্রকাৰৰ হালধী পোৱা যায়। মচলাজাতীয় এইবিধ উদ্ভিদৰ ঔষধি গুণ ভাৰতবাসীয়ে বহু বছৰৰ আগেয়ে আবিষ্কাৰ কৰে আৰু বহুলভাবে ইয়াৰ ব্যৱহাৰ হ’বলৈ ধৰে। কিন্তু ১৯৯৫ চনত দুজন ভাৰতীয়-আমেৰিকান বিজ্ঞানীয়ে হালধীৰ পৰা প্রস্তুত কৰা ঔষধ এবিধৰ বাবে পেটেন্ট লাভ কৰে। এই কথা সদৰি হোৱাৰ লগে লগে ভাৰতবর্ষৰ হৈ Council for scientific and industrial research (CSIR)-য়ে এই পেটেন্ট নাকচ কৰিবলৈ আমেৰিকাৰ পেটেন্ট কার্যলয়ত আবেদন দাখিল কৰে। হালধীৰ ঔষধি গুণৰ বিষয়ে থকা ভাৰতবাসীৰ জ্ঞান কিমান পুৰণি, বিভিন্ন পুথি-পাঁজিত এই বিষয়ে উল্লেখ থকা নানান উদ্ধৃতি, ভাৰতবাসীৰ মাজত প্রচলিত হালধীৰ বিভিন্ন প্রকাৰৰ ব্যৱহাৰৰ তথ্য আদি প্রমাণসহকাৰে দাঙি ধৰি এক আইনী যুঁজত অৱতীর্ণ হোৱাৰ পাছত ভাৰতবর্ষৰ জয় হয় আৰু বিজ্ঞানীদ্বয়ক প্রদান কৰা পেটেন্ট ঘুৰাই লোৱা হয়। আমেৰিকাত পেটেন্ট লাভৰ বাবে যিবোৰ চর্ত মানিবলগীয়া হয় তাৰ ভিতৰত উদ্ভাৱনটো ইতিমধ্যে 'common knowledge' হৈ পৰা হ’ব নোৱাৰিব। ভাৰতবাসীৰ মাজত হালধীৰ ঔষধি গুণ ইমান পুৰণি যে ই ইতিমধ্যে 'common knowledge' ত পৰিণত হৈ পৰিছে আৰু সেই যুক্তিত বিজ্ঞানীদ্বয়ক প্রদান কৰা পেটেন্ট ঘুৰাই লোৱা হয়।


       দ্বিতীয়টো ঘটনা হ’ল ১৯৯৭ চনত আমেৰিকাৰ RiceTec Inc, নামৰ কোম্পানীটোৱে  উদ্ভাৱন কৰা 'Kasmati' and 'Texmati' নামৰ চাউল দুবিধৰ বাবে লাভ কৰা পেটেন্ট (Patent no. 5663484) ভাৰতবর্ষ আৰু পাকিস্থানত উৎপন্ন হোৱা বাচমতি নামৰ ধানৰ জাতবিধ ব্যৱহাৰ কৰি লাভ কৰা এই পেটেন্টৰ বিৰুদ্ধে ২০০০ চনৰ পৰা এক দীঘলীয়া আইনী যুঁজ চলি আছে। এই যুঁজখনৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ভাৰতবর্ষই এই দেশৰ উদ্ভিদৰ জাতসমূহৰ ৰক্ষণাৱেক্ষণৰ ওপৰত অধিক মনোযোগ দিবলৈ লৈছে আৰু ‘উদ্ভিদৰ জাত আৰু কৃষকৰ সুৰক্ষা আইন-২০০১’ প্রণয়ন কৰি কৃষক তথা সর্বসাধাৰণ ৰাইজক সজাগ কৰিবলৈ যত্ন কৰা হৈছে। ভাৰতবর্ষৰ দৰে জৈৱবৈচিত্র্যতত চহকী দেশ এখনৰ বাবে এনে এখন আইনৰ প্রয়োজনীয়তাৰ বিষয়ে উপৰুক্ত উদাহৰণ দুটাৰ পৰা সহজে বুজিব পৰা যায়।

       এতিয়া এই আইনখনে কৃষকক কিদৰে লাভবান কৰিব তাৰ দুটা উদাহৰণ। ধানৰ বিভিন্ন ৰোগৰ ভিতৰত ব্লাইট ৰোগ অন্যতম। বেক্টেৰীয়াজনিত এইবিধ ৰোগৰ প্রতি বিজ্ঞানীসকল অতি সজাগ। কাৰণ সাৱধান হৈ নাথাকিলে ৰোগে উপয়ুক্ত পৰিৱেশত মহামাৰী ৰূপ ধাৰণ কৰি ধানৰখেতিৰ ব্যাপক ক্ষতি সাধন কৰিব পাৰেসেয়ে এই ৰোগবিধ প্রতিৰোধ কৰিব পৰা জাত উদ্ভাৱন কৰিবলৈ আন বহুতো দেশৰ বিজ্ঞানীৰ লগতে ভাৰতীয় কৃষি বিজ্ঞানীসকলেও যত্ন কৰি আছিল। অনেক অনুসন্ধানৰ পাছত ভাৰতৰ বিজ্ঞানীসকলে আফ্রিকাৰ মালি নামৰ সৰু দেশখনত এবিধ বনৰীয়া ধানৰ সম্ভেদ পালে যিবিধৰ ব্লাইট ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে। এইবিধ ধান (Oryza longistaminata) ফিলিপিন্সত থকা আন্তঃৰাষ্ট্রীয় ধান গৱেষণা কেন্দ্রলৈ অনা হয় আৰু বিজ্ঞানীসকলে ধানবিধৰ ব্লাইট ৰোগ প্রতিৰোধ কৰিব পৰা জিনবিধ চিনাক্ত কৰে। পাছত এই জিনবিধ ব্যৱহাৰ কৰি  ব্লাইট ৰোগ প্রতিৰোধী জাত উদ্ভাৱন কৰা হয়। এনে এবিধ জাত কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ হাতলৈ আহে। তেওঁলোকে জিনবিধৰ ক্রম নির্ধাৰণ কৰি ক্লোন কৰে, যাৰ বাবে সময়ত পেটেন্ট লাভ কৰে। এই পেটেন্টযুক্ত জিন ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰি বিজ্ঞানীসকলে যথেষ্ট উপার্জন কৰিবলৈ সক্ষম হয়। এইখিনিতে বিজ্ঞানীসকলে এটা অতি মহৎ কাম কৰে। তেওঁলোকে পেটেন্টযুক্ত জিনটোৰ বাবে লাভ কৰা উপার্জন মানি নামৰ সেই সৰু দেশখনৰ কৃষকসকলৰ লগত ভগাই লোৱাৰ ব্যৱস্থা কৰে

       দ্বিতীয়টো উদাহৰণ হ’ল ভাৰতবর্ষৰ। কেৰেলা ৰাজ্যৰ পশ্চিমঘাট পর্বতত ‘কানি’ নামৰ এক জনজাতিয়ে বাস কৰে। এওঁলোকে পর্বতত বগাই থাকোতে ভাগৰ নালাগিবৰ বাবে এবিধ বিশেষ গছৰ পাত চোবাই থাকে। এই সৰু যেন লগা কথাটো থিৰুঅনন্তপুৰমত থকা ক্রান্তীয় উদ্ভিদ উদ্যান আৰু গৱেষণা প্রতিষ্ঠানৰ বিজ্ঞানীসকলে দুজন ‘কানি’ লোকৰ পৰা জানিব পাৰে। বিজ্ঞানীসকলে গছবিধ আৰোগ্যপাচা বুলি চিনাক্ত কৰে আৰু ইয়াৰ পৰা ভাগৰ নলগা এবিধ ঔষধ প্রস্তুত কৰি উলিয়াই, যাৰ বাবে পেটেন্ট লাভ কৰে। পাছত তামিলনাড়ুৰ আর্য বৈদ্য ফার্মাচী নামৰ প্রতিষ্ঠানটোক দহ লাখ টকাৰ বিনিময়ত সাত বছৰৰ বাবে ‘জীৱনী’ নামৰ ঔষধবিধ ব্যৱসায়িকভাৱে প্রস্তুত কৰিবলৈ অনুজ্ঞাপত্র প্রদান কৰা হয়। এই দহ লাখ টকা আৰু ঔষধবিধৰ পৰা বছৰি লাভ কৰা ৰয়েল্টিৰ ৫০% গৱেষণা প্রতিষ্ঠানটোৱে স্ব-ইচ্ছাৰে কানি জনজাতিসকলৰ কল্যাণৰ বাবে আগবঢ়োৱাৰ ব্যৱস্থা কৰে।

       এই দুয়োটা উদাহৰণতে পেটেন্টপ্রাপ্ত সকলে স্ব-ইচ্ছাৰে লাভাংশ ভগাই লয় যদিও সকলো সময়তে এনে উদাৰ মনোভাৱৰ ব্যক্তি পোৱা সম্ভৱ নহবও পাৰে। সেয়ে উদ্ভিদৰ জাত আৰু কৃষকৰ সুৰক্ষা আইনখনত এনে লাভাংশৰ অধিকাৰ কৃষকৰ মৌলিক অধিকাৰৰূপে স্বীকৃতি প্রদান কৰা হৈছে ।

       অসম আৰু পূর্বাঞ্চলৰ জৈৱবৈচিত্র্যত চহকী আন ৰাজ্যৰ কৃষকসকলৰ বাবে আইনখনে বিশেষ তাৎপর্য বহন কৰিছে। অসমৰ জহা-বৰা-চকোৱাৰ গুণ সর্বজন বিদিত। কোমল চাউলৰ বিষয়ে এতিয়াও বিশ্বৰ অধিকাংশই গম নাপায়। Golden fiber হিচাপে বিখ্যাত মুগা সূতা কেৱল অসমতহে পোৱা যায়। অসমৰ এনে আপুৰুগীয়া সম্পদৰাজিক সুৰক্ষা প্রদান কৰি ৰাজ্যৰ কৃষক তথা সর্বসাধাৰণ ৰাইজক উপকৃত কৰাৰ যি সুযোগ আইনখনে দিছে তাৰ সদ ব্যৱহাৰ কৰাটো আজি আমাৰ প্রত্যেকৰে কর্তব্য হোৱা উচিত। অন্যথা ‘বাচমতি’ৰ ক্ষেত্রত আহি পৰা জটিল আইনী যুঁজৰ দৰে আন বহুকেইখন যুঁজৰ বাবে আমি সাজু থাকিব লাগিব।



ID: sadik2crs@yahoo.co.in :: Mobile: 94351 35631

No comments:

Post a Comment