Tuesday 3 December 2013

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন” (তৃতীয় খণ্ড):: On PPVFR -Part-III


সেউজী ধৰণী

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন”
(তৃতীয় খণ্ড)


ডঃ চাদিকুল হুছেইন

ক) উদ্ভিদ প্রজননবিদৰ অধিকাৰ (Plant Breeders’ Right-PBR):-
প্রজননবিদজনে এই অধিকাৰ পাবলৈ হ’লে উদ্ভাৱন কৰা জাতটো পঞ্জীয়ন কৰাটো বাধ্যতামূলক। তাকে কৰিবলৈ যাওঁতে জাতটোৱে চাৰিটা চর্ত পূৰণ কৰিব লাগিব। সেইকেইটা হ’ল:- ১) জাতটো নতুন (New-N) হ’ব লাগিব ২) জাতটোৰ অতি কমেও এটা বিশিষ্ট (Distinct-D) গুণ থাকিব লাগিব, যাৰ বাবে ইয়াক আন জাততকৈ বেলেগ বুলি প্রতিপন্ন কৰিব পৰা যাব ৩) জাতটোৰ বীজৰ পৰা উৎপন্ন হোৱা প্রতিজোপা গছ সদৃশ (Uniform-U) অর্থাৎ দেখাত একে হ’ব লাগিব আৰু ৪) যি গুণটোৰ বাবে জাতটো বিশেষ ভাৱে পৰিচিত সেই বিশিষ্ট গুণটো বছৰি বছৰি খেতি কৰি থাকিলেও স্থিৰ (Stable-S) হৈ থাকিব লাগিব অৱশ্যে প্রচলিত জাত (Extant varieties) অর্থাৎ যিবোৰ জাত ৰাজ্য কিম্বা কেন্দ্রীয় চৰকাৰে জাত অনুমোদন প্রক্রিয়াৰ মাজেৰে চালি-জাৰি চাই কৃষকৰ বাবে মুকলি কৰি দিয়ে, তেনেবোৰ জাত আৰু কৃষকৰ হাতত থকা থলুৱা জাত- যিবোৰক আইনখনত “কৃষকৰ জাত (Farmers’ varieties) বুলি কোৱা হৈছে, তেনেবোৰৰ ক্ষেত্রত প্রথম চর্তটো (New) প্রযোজ্য নহয়। অৱশ্যে প্রচলিত জাত হলেও ১৫ বছৰৰ পূর্বে কৃষকলৈ মুকলি কৰি দিয়া জাত এটা পঞ্জীয়ন কৰিব পৰা নাযাব। এইখিনিতে উল্লেখ কৰাটো যুগুত হ’ব যে প্রজননবিদজনে NDUS-ৰ চর্ত মানি পঞ্জীয়নৰ কাৰণে আবেদন কৰা জাতটোৱে জীৱ-জন্তু, অন্য উদ্ভিদ, পৰিৱেশ তথা মানৱ সমাজৰ কোনো অপকাৰ সাধিব নোৱাৰিব। তদুপৰি জাতটো উদ্ভাৱন কৰোঁতে কোনো বিশেষ জিনীয় কৌশলৰ প্রয়োগ (Genetic Use Restriction Technology-GRUT) অথবা বিশেষ জিন, ইংৰাজীত যাক terminator gene কোৱা হয়, ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ এনে কৌশল কিম্বা জিন ব্যৱহাৰ কৰি জাতটোৰ গুটি বীজ হিচাপে অনুপযোগী কৰি তুলিব পৰা যায়।
উক্ত চর্তকেইটা অর্থাৎ (N)DUS মানি নতুন কিম্বা প্রচলিত জাত এটা পঞ্জীয়ন কৰিলে প্রজননবিদজনে সেই জাতটোৰ বীজ উৎপাদন তথা ব্যৱসায়িক লেন-দেনৰ বাবে একচেটিয়া অধিকাৰ লাভ কৰে। এই অধিকাৰ বার্ষিক অথবা দ্বি-বার্ষিক উদ্ভিদৰ ক্ষেত্রত ১৫ বছৰলৈ আৰু বৃক্ষ, গুল্ম আদিৰ ক্ষেত্রত ১৮ বছৰলৈ বাহাল থাকিব। তেখেতৰ অনুমতিৰ অবিহনে আন কোনেও সেই জাতটোৰ উৎপাদন তথা ব্যৱসায় কৰিব নোৱাৰিব। আনহাতে প্রচলিত জাতৰ ক্ষেত্রত জাত হিচাপে জাননী কৰা তাৰিখৰ পৰা (date of notification) ১৫বছৰলৈ অধিকাৰ লাভ কৰিব। পঞ্জীয়নৰ বাবে আবেদন কৰা জাতটোৰ এটা উপযুক্ত নাম থকাটো আৱশ্যক। জাতটোৰ নামাকৰণ কৰোঁতে মন কৰিব লাগিব যে সেই নামৰ জাত ইতিমধ্যে পঞ্জীয়ন হৈ থকা নাই।


খ) কৃষকৰ অধিকাৰ( Farmers’ Right):-

ভাৰতবর্ষই প্রণয়ন কৰা আইনখনৰ প্রধান বৈশিষ্ট হ’ল কৃষকলৈ প্রদান কৰা বিভিন্ন অধিকাৰ আইনখনত কৃষকসকলে অতীজৰে পৰা শস্যৰ জাত এটাৰ ওপৰত যি অধিকাৰ ভোগ কৰি আহিছিল সেই অধিকাৰ বাহাল ৰখাৰ লগতে তেখেতসকলৰ আর্থিক তথা শৈক্ষিক দিশলৈ লক্ষ্য ৰাখি মুঠ নবিধ অধিকাৰ আইনখনত প্রদান কৰা হৈছে। এই অধিকাৰকেইটা হ’ল:-
খ-১) বীজৰ ওপৰত অধিকাৰ (Farmers’ Right on Seeds):-

পঞ্জীয়ন হোৱা জাতটোৰ বাবে উদ্ভিদ প্রজননবিদজনে লাভ অধিকাৰৰ (PBR) বুজা গ’ল যে এনে জাতৰ খেতি কৰিলেও কৃষকে ইয়াৰ বীজ ভৱিষ্যতৰ বাবে ৰাখি থব নোৱাৰিব। ইয়াৰ অর্থ হ’ল কৃষকজনৰ এটা মৌলিক অধিকাৰ খর্ব কৰা। কিন্তু ভাৰতবর্ষত প্রণয়ন কৰা আইনখনত কৃষকক পূর্বৰ দৰেই পঞ্জীয়নকৃত জাতৰো খেতি কৰি থাকিবলৈ অধিকাৰ প্রদান কৰাৰ লগতে ইয়াৰ বীজ ৰাখিব পৰা আৰু উৎপাদিত শস্যৰ বেচা-কিনা কৰিব পৰা অধিকাৰো দিছে। অৱশ্য কৃষকে এনে বীজ বা শস্যৰ বেগত পঞ্জীয়নকৃত জাতৰ নাম ছাপ মাৰিব নোৱাৰিব। ইয়াৰ বাবে প্রজননবিদজনৰ অনুমতি লাগিব।

খ-২) থলুৱা জাতৰ পঞ্জীয়নৰ অধিকাৰ (Farmers’ Right to Register Traditional Varieties ):-
যিহেতু আইনখনত কৃষকজনকো প্রজননবিদ হিচাপে গণ্য কৰা হয়, সেইবাবে তেওঁলোকে উদ্ভাৱন কৰা জাতটো পেছাদাৰী প্রজননবিদজনৰ দৰেই পঞ্জীয়নৰ কৰাৰ অধিকাৰ লাভ কৰিছে কৃষকৰ জাত” ৰূপে বিবেচিত হোৱা এনে জাত পঞ্জীয়ন কৰিবলৈ যাওঁতে যি মাচুলৰ আৱশ্যক হয় তাৰ পৰাও কৃষকক ৰেহাই দিয়া হৈছে

খ-৩) পুৰস্কৃত হোৱাৰ অধিকাৰ (Farmers’ Right for Reward and Recognition):-


          কৃষক বা কৃষকগোষ্ঠীয়ে অতি যত্নৰে প্রতিপালন কৰি ৰখা থলুৱা জাতসমূহ আমাৰ জাতীয় সম্পদ। এনেবোৰ জাতৰ পৰা ভৱিষ্যতে মানৱ জাতিৰ মংগলৰ অর্থে শস্যৰ অনেক জাত উদ্ভাৱন কৰাৰ পূর্ণ সম্ভাৱনা আছে। সেয়ে কৃষকসকলক এনে কার্যৰ বাবে উৎসাহিত কৰিবলৈ আইনখনত বহুকেইটা সুবিধা আছে। তাৰ বাবে ইতিমধ্যে ৰাষ্ট্রীয় জিন পুজি (National Gene Fund ) নামেৰে এটা পুজি গঠন কৰা হৈছে। এই পুজিৰ পৰা প্রতি বছৰে সমূহীয়া আৰু গাইগুটীয়াভাবে কৃষকক উৎসাহ যোগোৱা হয়। উদাহৰণ স্বৰূপে জাত সংৰক্ষণলৈ উল্লেখযোগ্য বৰঙণী আগবঢ়োৱা পাচঁটা কৃষক সম্প্রদায়ক সমূহীয়া পুৰস্কাৰ হিচাপে নগদ দহ লাখ টকা, প্রশস্তি পত্র আৰ এটা স্মাৰক প্রদান কৰা হয়। বছৰি দহজন কৃষকক “কৃষক পুৰস্কাৰ” হিচাপে নগদ এক লাখ টকা, প্রশস্তি পত্র আৰু এটা স্মাৰক দিয়া হয়। সেইদৰে জাত সংৰক্ষণৰ দিশত উল্লেখযোগ্য বৰঙণী আগবঢ়োৱা বিশজন কৃষকক “কৃষক স্বীকৃতি পত্র” দিয়া হয়। উল্লেখযোগ্য যে ২০১২ চনত অসমৰ তিনিজন কৃষকক তেওঁলোকৰ কর্মৰাজিৰ বাবে  “কৃষক স্বীকৃতি পত্র” প্রদান কৰা হৈছে।( সবিশেষ এই লিংকত পাব http://www.sadik2crs.blogspot.in/2013/08/award-for-assamese-farmers.html )
খ-৪) লাভাংশৰ অধিকাৰ (Farmers’ Right for Benefit Sharing ) :-
       ইতিমধ্যে আমি বুজি উঠিছো যে নতুন জাত উদ্ভাৱন কৰাত “কৃষকৰ জাত”ৰ অৰিহনা অপৰিসীম। এনে জাত ব্যৱহাৰ কৰি কোনো পেছাদাৰী প্রজননবিদে জাত এটা উদ্ভাৱন কৰি ব্যৱসায় কৰি আর্থিক ভাবে যি লাভ কৰিব তাৰ লাভাংশ কৃষক বা কৃষকগোষ্ঠীয়ে দাবী কৰাৰ পূর্ণ অধিকাৰ আইনখনে দিছে। কিন্তু প্রশ্ন হয়- কৃষকে কেনেকৈ জানিব যে তেখেতসকলৰ জাত ব্যৱহাৰ কৰি কোনো পেছাদাৰী প্রজননবিদে নতুন জাত এটা উদ্ভাৱন কৰিছে ? এনে ক্ষেত্রত প্রজননবিদজনে নিজে নজনালে কৃষকে জনাৰ উপায় নাথাকে। সেয়ে আইনখনত উল্লেখ আছে যে নতুন জাত পঞ্জীয়ন কৰিবলৈ যাওঁতে প্রজননবিদে জাতটো উদ্ভাৱনত ব্যৱহাৰ কৰা জাতসমূহৰ নাম সকলোৰে বাবে জ্ঞাত কৰিব লাগিব। আনহাতে এনে পঞ্জীয়নকৃত জাতৰ নাম ঘোষনা কৰাৰ ছমাহৰ ভিতৰত কৃষকে উপযুক্ত প্রমাণৰ সৈতে লাভাংশৰ বাবে দাবী কৰিব পাৰিব। পৰীক্ষাৰ দ্বাৰা কৃষকৰ এনে দাবী প্রমাণিত হ’লে গাইগুটীয়া কিম্বা সমূহীয়া ভাবে কৃষকে লাভাংশ পোৱাৰ ব্যৱস্থা আইনখনত আছে। তাৰবাবে কৃষকে এই আইনৰ অধীনত শস্যৰ জাত পঞ্জীয়ন হোৱাৰ বাতৰিৰ বিষয়ে সজাগ হৈ থকাৰ লগতে প্রজননবিদজনে জাতটোৰ সম্পর্কত প্রকাশ কৰা তথ্যখিনি বুজি উঠিব লাগিব। সময়ে সময়ে প্রকাশ পায় থকা এনে বাতৰিৰ বিষয়ে সর্বসাধাৰণ কৃষক অৱগত নোহোৱাৰ সম্ভাৱনা বেচি। সেয়ে চৰকাৰী কিম্বা বে-চৰকাৰী অনুষ্ঠানে কৃষকক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব।

খ-৫) পঞ্জীয়নকৃত জাত ব্যৱহাৰ কৰি হোৱা লোকচানৰ ক্ষতিপূৰণ পোৱাৰ অধিকাৰ (Farmers’ Right to get Compensation for the Loss suffered from the Registered Variety):-
       অধিক লাভৰ আশাত কোনো প্রজননবিদে নতুন জাত এটাৰ বিষয়ে অতিৰঞ্জিত ভাবে প্রচাৰ কৰিব পাৰে। এনে প্রচাৰৰ প্রতি আকর্ষিতহৈ কৃষকসকলে জাতটো অনুৰূপ পৰিৱেশত খেতি কৰিও লাভ নাপালে ক্ষতিপূৰণ পোৱাৰ অধিকাৰ আইনখনে প্রদান কৰিছে। কিছু জটিলতা থকা এইবিধ অধিকাৰ প্রাপ্যৰ বাবে কৃষকসকল একগোট হৈ আগবাঢ়িলে উচিত ক্ষতিপূৰণ লাভ কৰাৰ আশা কৰিব পাৰে। অৱশ্যে এই ক্ষেত্রত তেখেতসকল কাৰিকৰী দিশত সবল হোৱাটো অতি প্রয়োজনীয়।

খ-৬) থলুৱা জাত ব্যৱহাৰ কৰি তথ্য প্রকাশ নকৰাৰ বাবে হোৱা ক্ষতিপূৰণ লাভ কৰা  অধিকাৰ (Farmers’ Right to get Compensation for Undisclosed use of Traditional Varieties) :-
       থলুৱা জাতবোৰ হ’ল কোনো কৃষক নাইবা কৃষকগোষ্ঠীয়ে যত্নৰে প্রতিপালন কৰি ৰখা কিছুমান জাত। প্রজননবিদে এনে থলুৱা জাত ব্যৱহাৰ কৰি নতুন জাত উদ্ভাৱন কৰিবলৈ যাওঁতে সেই বিশেষ জাতটোৰ সঠিক তথ্যপাতিৰ বিষয়ে অৱগত নহবও পাৰে ,যাৰ বাবে পঞ্জীয়নৰ পাছত জাতটোৰ সঠিক তথ্য কৃষকে নোপোৱাকৈ থাকি যায়। আনহাতে প্রজননবিদজনে হয়তো জ্ঞাত ভাবেই সেই তথ্য প্রকাশ নকৰিব পাৰে। যিকোনো কাৰণতেই নহওক কিয় পাছত যদি কাৰোবাৰ হাতত সঠিক তথ্য আহি পৰে তেন্তে এই আইনৰ অধীনত ক্ষতিপূৰণ দাবী কৰিব পাৰিব। পৰীক্ষাৰ দ্বাৰা এনে দাবী প্রতিপন্ন হ’লে কৃষক নাইবা সংশ্লিষ্ট কৃষকগোষ্ঠীয়ে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব। এই ক্ষেত্রটো কোনো চৰকাৰী নাইবা বে-চৰকাৰী অনুষ্ঠানে কৃষকক সহায় কৰাৰ প্রয়োজন হ’ব।
খ-৭) পঞ্জীয়নকৃত জাত পোৱাৰ অধিকাৰ (Farmers’ Right for the Seeds of Registered Varieties ):-
       আইনখন প্রণয়ন কৰাৰ এটা উল্লেখযোগ্য কাৰণ হ’ল উৎকৃষ্টমানৰ বীজ কৃষকলৈ সহজলভ্য কৰি দেশৰ অর্থনীতি টনকীয়াল কৰা। কিন্তু প্রজননবিদজনে পঞ্জীয়ন কৰা জাতটোৰ বীজ তিনি বছৰৰ পাছতো সুলভ কৰিব নোৱাৰিলে বা জাতটোৰ মূল্য অধিক হ’লে কৃষকে সংশ্লিষ্ট কর্তৃপক্ষক এই বিষয়ে অৱগত কৰিব পাৰিব। পাছত প্রয়োজন সাপেক্ষে প্রজননবিদৰ অধিকাৰ খর্ব কৰি আন কোনো পক্ষক জাতবিধ উৎপাদন কৰিবলৈ বাধ্যতামূলক অনুজ্ঞাপত্র প্রদানেৰে অনুমতি দিয়াৰ ব্যৱস্থা আইনখনত আছে।
খ-৮) বিনামূলীয়া সেৱা লাভৰ অধিকাৰ (Farmers’ Right for Receiving Free Services)
        এই আইনৰ অধীনত জাত এটা পঞ্জীয়ন কৰিবলৈ যাওঁতে শস্য অনুযায়ী বিভিন্ন মাচুল দিবলগীয়া হয়। কিন্তু আর্থিকভাবে দুর্বল কৃষকে এনে মাচুল পৰিশোধ কৰি জাত এটা পঞ্জীয়ন কৰিবলৈ সক্ষম নহব। সেইদৰে জাত এটাৰ বাবে পাবলগীয়া ক্ষতিপূৰণৰ দাবী জনাবলৈকো তেওঁলোক আর্থিকভাবে সক্ষম নহয়। সেয়ে এই আইনত পঞ্জীয়নকে আদি কৰি সকলো ধৰণৰ খৰচৰ পৰা কৃষকক ৰেহাই দিয়া হৈছে। অৱশ্যে আইনৰ দিশত সহায় আগবঢ়াবলৈ ব্যক্তিগতভাবে অধিবক্তা নিয়োগ কৰিলে তাৰ বাবদ হোৱা খৰচ দিয়া নহয়।
খ-৯) অজ্ঞাতভাবে হোৱা নিয়ম-লংঘনৰ পৰা সুৰক্ষা প্রদান (Farmers’ Right for Protection Against Innocent Infringement):-

যিকোনো আইন লংঘন কৰিলে শাস্তিৰ সন্মূখীন হ’বলগীয়া হয়। “উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন-২০০১”খনতো আইন উলংঘনকাৰীৰ বাবে বিভিন্ন প্রকাৰৰ শাস্তিৰ ব্যৱস্থা আছে। কিন্তু এই আইনখনত এনে বহুবোৰ জটিলতা আছে যিবোৰ সর্বসাধাৰণ কৃষকৰ বোধগম্য নহয়। এনে হোৱা বাবে তেখেতসকলে অজ্ঞাতে বহুত ভুল কৰিব পাৰে যিবোৰ এই আইন দৃষ্টিত দোষণীয়অজ্ঞতাৰ বাবে হোৱা এনে দোষবোৰৰ পৰা কৃষকক শাস্তিৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা আইনখনত আছে।     
  
গ) গৱেষকৰ অধিকাৰ (Researchers’ Right)
          যদি কোনো বিজ্ঞানীয়ে পঞ্জীয়নকৃত জাত প্রাথমিক উৎস হিচাপে লৈ জাত উদ্ভাৱন নাইবা অন্য গৱেষণাৰ কামত ব্যৱহাৰ কৰিব বিচাৰে তেন্তে উদ্ভাৱনকাৰী প্রজননবিদজনৰ অনুমতি লোৱাৰ আৱশ্যক নাই। এনে ক্ষেত্রত বিজ্ঞানীজনে যদি পঞ্জীয়নকৃত জাতটোৰ গুণসমূহ আহৰণ কৰি আন এটা নতুন জাত উদ্ভাৱন কৰে তেন্তে এই জাতৰ উদ্ভাৱকজনে প্রাৰম্ভিক উদ্ভাৱকজনক লাভাংশ দিহে ব্যৱসায়্ আদি কৰিব পাৰিব। এই নতুন জাতটোক “অপৰিহার্যভাৱে ব্যুৎপন্ন ( Essentially derived variety - EDV) জাত বোলা হয় আৰু ই সদায় প্রাৰম্ভিক জাতৰ অধীনত থাকে।


Sadik2crs@yahoo.co.in :: M’bile – 9435135631


No comments:

Post a Comment