সেউজী ধৰণী
“উদ্ভিদৰ জাতৰ
সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন”।
(প্রথম খণ্ড)
ডঃ চাদিকুল হুছেইন
পটভূমি
আজিৰ পৰা ১১৩ বছৰৰ পূর্বে অর্থাৎ ১৯০০ চনত গ্রেগৰ জোহান
মেণ্ডেলৰ বংশগতিৰ সূত্রসমূহ (laws of inheritance) পুনঃআৱিস্কাৰ হয়। ইয়াৰ লগে লগে বিশ্বৰ বিভিন্ন কৃষি গৱেষণা প্রতিষ্ঠান আৰু
ব্যৱসায়িক কোম্পানীসমূহত শৃংখলিতৰূপত উদ্ভিদ প্রজননবিজ্ঞানৰ কাম-কাজ আগবাঢ়িবলৈ
ধৰে। এনে গৱেষণাসমূহৰ ফলশ্রুতি হিচাপে শস্যৰ বহুতো নতুন জাত কৃষকৰ হাতলৈ আহে, যাৰ
বাবে শস্যৰ উৎপাদন বাঢ়িবলৈ লয়। প্রজননবিদসকলৰ এই মহান কার্যক উৎসাহ যোগাবলৈ ইউৰোপ
আৰু উত্তৰ আমেৰিকাৰ বহুতো দেশে প্রজননবিদসকলক তেখেতসকলে উদ্ভাৱন কৰা জাতবোৰৰ ওপৰত
অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ কেতবোৰ বিধি বা আইন প্রণয়ণ কৰে। পাছলৈ এই বিধিবোৰৰ এক
উমৈহতীয়া নিয়মাৱলী যুগুতাই উলিয়াবলৈ ১৯৬০ চনত এই দেশবোৰ একগোট হৈ Union for the Protection of New Varieties of Plants (UPOV) নামৰ এটা আন্তঃৰাষ্ট্রীয় গোট বা সংঘ গঠন কৰে। যোৱাটো শতিকাৰ ষাঠি আৰু সত্তৰ দশকৰ কালচোৱাত এই
গোটৰ বহুকেইখন দেশে প্রজননবিদসকলক তেখেতসকলে উদ্ভাৱন কৰা কেতবোৰ শস্যৰ নতুন জাতৰ
ক্ষেত্রত পেটেন্ট বা কৃর্তি স্বত্ব আৰু আন কিছুমানৰ ক্ষেত্রত প্রজননবিদ অধিকাৰ (Plant Breeders’
Right চমুকৈ PBR) প্রদান কৰিবলৈ লয়। এই
দেশসমূহত জাত উদ্ভাৱন
তথা উৎপাদন কৰা কার্য মুলত ব্যক্তিগতখণ্ডত হয়। কৃষকে বীজ কোম্পানীসমূহে উৎপাদন কৰা জাত
ব্যৱহাৰ কৰি শস্য উৎপাদন কৰে আৰু ইয়াৰ বীজ ভৱিষ্যতৰ বাবে থয়। কিন্তু নতুন নিয়ম অনুসৰি কৃষকে পেটন্ট অথবা PBR প্রাপ্ত জাতৰ বীজ ভৱিষ্যতৰ বাবে সংগ্রহ কৰি থব
নোৱৰা হ’ল আৰু প্রয়োজন সাপেক্ষে এনে বীজ পুনৰ ক্রয় কৰিব লগাত পৰিল। মুঠ জনসংখ্যাৰ
কেৱল ৪% মান লোক কৃষিৰ লগত জড়িত থকা এই দেশসমহূৰ একো একোজন কৃষকৰ মাটিৰ পৰিমাণ
কেইবাশ হেক্টৰ। তদুপৰি সীমিত জৈৱবৈচিত্র্যৰ এই দেশসমূহত জাতৰ সংখ্যাও অতি সীমিত। সেয়ে এনে ব্যৱস্থাৰ বাবে কৃষকৰ বিশেষ অসুবিধা
নহ’ল। আনহাতে ভাৰতৰ
দৰে উন্নয়নশীল দেশবোৰৰ লগতে অনুন্নত দেশসমূহ জৈৱবৈচিত্র্যৰে ভৰপূৰ হোৱাৰ লগতে
কৃষকসকলো বিভিন্ন গুণসম্পন্ন জাতৰ অধিকাৰী। কিন্তু গড় হিচাপে এইচাম কৃষকৰ মাটিৰ
পৰিমাণ এক হেক্টৰতকৈও কম। এনে এক পৰিস্থিতিত এইবোৰ দেশত কৃষকৰ হাতত থকা থলুৱা জাত
ব্যৱহাৰ কৰি কোনো বীজ কোম্পানীয়ে উদ্ভাৱন কৰা জাতৰ বীজ কৃষকে ভৱিষ্যতৰ বাবে সংগ্রহ
কৰি থব নোৱাৰিলে কৃষকৰ এক মৌলিক অধিকাৰ খর্ব কৰাৰ লগতে দেশখনৰ জৈৱবৈচিত্র্যত আঘাট
কৰা হ’ব, যিটো কাৰো কাম্য নহয়। সেয়েহে কৃষকৰ হাতত থকা জাত আৰু এইবোৰৰ ওপৰত
তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰাতো প্রয়োজন হৈ পৰিল।
ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organization-FAO-) এটা স্বতন্ত্র সংস্থা যি আন্তঃৰাষ্ট্রীয় পর্যায়ত কৃষি সর্ম্পকীয় বিভিন্ন দিশৰ চোৱা-মেলা কৰে। যোৱাটো শতিকাৰ আশী দশকত এই সংস্থাটোৰ অধ্যক্ষ আছিল ভাৰতবর্ষৰ কৃষি বিজ্ঞানী ডঃ এম, এচ, স্বামীনাথন। ইতিমধ্যে গঢ়লৈ উঠা UPOV –য়ে নতুন জাতৰ ক্ষেত্রত প্রদান কৰা পেটেন্ট বা কৃতি স্বত্বই জৈৱবৈচিত্র্যৰে ভৰপূৰ ভাৰতবর্ষৰ দৰে দেশসমূহৰ কৃষকক কেনে এক অসুবিধাত পেলাব সেই বিষয়ে এই অভিজ্ঞ কৃষি বিজ্ঞানীজনে সঠিকভাবে অনুধাৱন কৰে। উল্লেখযোগ্য যে তেখেত নিজেও এজন বিশ্বখ্যাতিসম্পন্ন প্রজননবিদ। সেয়ে প্রজননবিদৰ লগতে শস্যৰ জাতসমূহৰ ওপৰত “কৃষকৰ অধিকাৰ” এনে এক ধাৰণা সৃষ্টি (concept of Farmers’ Rights) কৰি FAO-য়ে Commission on plant genetic resources নামেৰে এক আয়োগ গঠন কৰে। এই আয়োগে নিয়োগ কৰা The International Undertaking on Plant Genetic Resources (IUPGR) য়ে জৈৱবৈচিত্র্যত চহকী দেশসমূহৰ কৃষক সকলৰ বীজৰ সুৰক্ষা প্রদান কৰাৰ পোষকতা কৰে আৰু ইয়াৰ ফলশ্রুতি হিচাপে ডঃ স্বামীনাথৰ তৎপৰতাতে An International Treaty on Plant Genetic Resources for Food and Agriculture (ITPGRFA).নামেৰে এখন চুক্তি সম্পাদন হয়। ভাৰতবর্ষ এই সন্ধিপত্রৰ এখন স্বাক্ষৰকাৰী দেশ। পাছলৈ ১৯৯৪ চনত M S Swaminathan Research Foundation (MSSRF) য়ে UPOV–য়ে প্রজননবিদলৈ প্রদান কৰা অধিকাৰ (PBR)ৰ আর্হিত ভাৰতবর্ষৰ বিভিন্ন উদ্ভিদৰ জাতক সুৰক্ষা প্রদানৰ অর্থে এখন খচৰা আইন প্রস্তুত কৰি “Plant Variety Protection and Farmers’ Rights Act” নামাকৰণেৰে ভাৰত চৰকাৰক দিয়ে, য’ত কৃষকসকলকো সমানে গুৰুত্ব দিয়া হ’ল।

ডঃ এম এচ স্বামীনাথন |
এই সময়চোৱাতে ১৯৯২-৯৪ চনত
ব্রাজিলৰ ৰাজধানী Rio-de-Janeiroত
বৌদ্ধিক সম্পত্তি অধিকাৰ (Intellectual
Property Right- IPR)ৰ সম্পর্কত এক দীঘলীয়া সন্মিলন অনুষ্ঠিত
হৈছিল য’ত বিশ্বৰ ১৪৭ দেশে অংশ গ্রহণ কৰি এই গুৰুত্বপূর্ণ বিষয়টোৰ ওপৰত আলোচনা
কৰিছিল। অনেক বাদ-বিবাদৰ অন্তত অংশগ্রহণকাৰী দেশসমূহে “বিশ্ব বাণিজ্য সন্থা” (World Trade Organization)ৰ
জন্ম দিয়ে আৰু ১৯৯৫ চনৰ পৰা এই সন্থা কার্যকৰী হয়। ইয়াৰ লগে লগে বাণিজ্য সম্পর্কীয়
বহুকেইখন চুক্তি সম্পাদিত হয়। তাৰ
ভিতৰত বাণিজ্যৰ সম্পর্কত
বৌদ্ধিক সম্পত্তি অধিকাৰৰ যিখন চুক্তি হ’ল সেইখনক Agreement on Trade Related aspects of
Intellectual Property Rights চমুকৈ TRIPS কোৱা
হয়। এই চুক্তিৰ অধীনত আঠ প্রকাৰৰ বৌদ্ধিক সম্পত্তিৰ সজ্ঞাসহকাৰে বাখ্যা কৰা হৈছে।
ইয়াৰ ভিতৰত ইতিমধ্যে আলোচনা কৰা উদ্ভিদ প্রজননবিদৰ অধিকাৰক (Plant Breedrs’ Right,
চমুকৈ PBR) এক উল্লেখযোগ্য বৌদ্ধক সম্পত্তি
অধিকাৰ। ভাৰতৰ দৰে আন উন্নয়নশীল দেশবোৰে এই চুক্তি আঠখন ৰূপায়ন কৰাৰ শেষ সময়সীমা
আছিল পহিলা জানুৱাৰী,২০০৫ চন। সেয়ে ভাৰতবর্ষতো উদ্ভিদ প্রজননবিদৰ অধিকাৰৰ বাবে এখন
আইনৰ প্রয়োজন হৈ পৰিল। কিছু সংশোধিত ৰূপত MSSRFয়ে
প্রস্তুত কৰি থোৱা খচৰাখনক “Protection
of Plant Varieties and Farmers’ Rights” চমুকৈ PPVFR নামেৰে ভাৰত চৰকাৰক দিয়া হয় ২০০১
চনত লোকসভাত গৃহিত হৈ এখন আইনত (Act)ত পৰিণত হয়। অসমীয়াত
এই আইনখনক কোৱা হ’ল “উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন-২০০১”। উল্লেখযোগ্য যে উদ্ভিদৰ জাতৰ সুৰক্ষাৰ বাবে
পৃথিৱীৰ প্রায় সকলো দেশেই নিজাববীয়া একোখন আইন প্রস্তুত কৰিছে যদিও বহুতো দেশত
ভাৰতবর্ষৰ দৰে কৃষকক কোনো ধৰণৰ অধিকাৰ প্রদান কৰা নাই।
আগলৈ...
আগলৈ...
No comments:
Post a Comment