সেউজী ধৰণী
“উদ্ভিদৰ জাতৰ
সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন”
(দ্বিতীয় খণ্ড)
ডঃ চাদিকুল হুছেইন
উদ্ভিদৰ জাত, কৃষক আৰু প্রজননবিদ
দূৰ অতীতৰ কোনোবা সময়ত মানুহে খেতি কৰিবলৈ শিকিলে আৰু খাদ্য হিচাপে গ্রহণ কৰা
উদ্ভিদৰ খেতি কৰিবলৈ ল’লে। লাহে লাহে খাদ্যৰ সন্ধানত ঘুৰি ফুৰা মানুহজাকৰ অঘৰী
জীৱনৰ অৱসান ঘটিল আৰু স্থায়ীৰূপে বসবাস কৰিবলৈ লৈ তেওঁলোক কৃষিজীৱী হৈ পৰিল।
প্রয়োজন তথা গুণাগুণলৈ লক্ষ্য ৰাখি তেওঁলোকে কেতবোৰ উদ্ভিদ গ্রহণ আৰু কেতবোৰ
উদ্ভিদ বর্জন কৰি যাবলৈ ধৰিলে। পাছলৈ তেওঁলোকে খাদ্যৰ লগতে আন ৰূপে ব্যৱহৃত হোৱা
উদ্ভিদৰ খেতি কৰিবলৈ ল’লে। মানৱ সভ্যতাৰ আদিতে সূচনা হোৱা এই গ্রহণ-বর্জনৰ
প্রক্রিয়া আজিও চলি আছে, যাৰ বাবে এতিয়াও ন ন উদ্ভিদৰ খেতি দেখিবলৈ পাই আছো। আমি
এনেবোৰ উদ্ভিদক আন উদ্ভিদৰ পৰা পৃথকভাবে বুজাবলৈ শস্য (Crop ) শব্দটো ব্যৱহাৰ কৰোঁ। অর্থাৎ খেতিৰপৰা উৎপন্ন হোৱা উদ্ভিদক শস্য বুলি কওঁ। সময়ৰ লগে লগে প্রতিটো শস্যৰ বিভিন্ন গুণ
সম্পন্ন প্রকাৰ বা জাত (Variety ) কৃষকৰ হাতত গোট খাবলৈ ধৰে আৰু তেখেতসকলে যত্ন সহকাৰে এই জাতবোৰ প্রতিপালন
কৰি ৰাখে। বিভিন্ন গুণ সম্পন্ন এই জাতবোৰ এটা জাতিৰ জাতীয় সম্পদ।
এতিয়া আমি কৃষক বুলিলে কাক
বুজাই সেই বিষয়ে চাওঁ। অতি সহজভাবে কবলৈ গ’লে খেতি কৰা লোকজনেই কৃষক। কিন্তু সময়ৰ
লগে লগে কৃষকৰ এই অভিধানিক অর্থ সলনি হৈ সজ্ঞাৰে কৃষকক বুজাবলৈ প্রয়াস কৰা হৈছে।
সেই অনুসৰি কৃষক মানে কোনো ব্যক্তি যি (ক) নিজে মাটি চহাই শস্যৰ খেতি কৰে; অথবা
(খ) অন্য ব্যক্তিৰ দ্বাৰা মাটি চহাই প্রত্যেক্ষভাৱে খেতি কৰে; অথবা (গ) কেইবাজনো
মিলি যুটীয়াকৈ কোনো বনৰীয়া প্রজাতি বা পৰম্পৰাগত জাতৰ সংৰক্ষণ কৰে,অথবা বনৰীয়া
প্রজাতি বা পৰম্পৰাগত জাতৰ কামত অহা চৰিত্রৰ চিনাক্ত আৰু বাচনি কৰি মূল্য সংযোজন কৰে।
[উৎস: “উদ্ভিদ জাত আৰু কৃষক অধিকাৰ সুৰক্ষা” সম্পাদনা ডঃ পূর্ণ কান্ত বৰুৱা,
বৌদ্ধিক সম্পতি অধিকাৰ কোষ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট]। কৃষকৰ এনে সজ্ঞাৰ পৰা বুজা গ’ল যে কেৱল নিজে মাটি চহাই শস্যৰ খেতি
কৰাজনেই কৃষক নহয়। “উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন-২০০১” নামৰ আইনখনে cultivator, conserver আৰু breeder.-জনকো কৃষক হিচাপে গণ্য কৰে।
এইখিনিতে breeder অর্থাৎ প্রজননবিদনো কোন সেই বিষয়ে জানি লওঁ।
কাৰণ উপৰোক্ত আইনখন বুজিবলৈ যাওঁতে এইজনৰ বিষয়ে এক সম্যক জ্ঞান থকাৰ প্রয়োজন হ’ব।
আলোচিত আইনখনে কোনো ব্যক্তি বা ব্যক্তিসমষ্টি অথবা
প্রতিষ্ঠান যি এটা জাতৰ উদ্ভাৱন কৰিছে তাকে প্রজননবিদ হিচাপে গণ্য কৰে। আগেয়ে কৈ
আহিছো যে খেতি কৰিবলৈ শিকাৰ পাছৰে পৰা বিভিন্ন শস্যৰ অনেক জাত কৃষকৰ হাতত গোট খায়।
এই জাতবোৰৰ প্রত্যেকৰে এক বা একাধিক বিশেষ গুণ আছে যাৰ বাবে কৃষকসকলে অতি যত্নৰে এইবোৰ
সংৰক্ষণ কৰি ৰাখিছে। এই বিশেষ গুণবোৰ কিন্তু হঠাৎ উদ্ভৱ হোৱা নাই। আমাৰ পূর্ব
পুৰুষসকলৰ সুক্ষ্ম পর্যবেক্ষণত পথাৰত কোনোবা এজোপা গছত প্রাকৃতিকভাবে আহি পৰা
বিশেষ গুণ এটা ধৰা পৰে। তেখেতসকলে সেই গছৰ বীজ সংগ্রহ কৰি পাছৰ বছৰ সেই বীজেৰে কৰা
খেতিৰপৰা গ্রহণযোগ্য গছ নির্বাচন কৰি পুনৰ ভৱিষ্যতৰ বাবে বীজ সংগ্রহ কৰে। এইদৰে
গ্রহণ-বর্জনৰ মাজেৰে বীজ বাচনি কৰি থকাৰ বাবে বীজভাগ ক্রমে বিশুদ্ধ হৈ গৈ থাকি স্থিৰ
অৱস্থাপ্রাপ্তহৈ এটা জাতত পৰিণত হয়। অর্থাৎ কৃষকজনে এটা নতুন জাত উদ্ভাৱন কৰে।
বাচনি কৰি ভাল বীজ সংগ্রহ কৰা এই প্রক্রিয়াটো আজিও অব্যাহত আছে। সেয়ে
বিভিন্ন গুণসম্পন্ন অনেক থলুৱা জাত আমাৰ মাজত এতিয়াও বিদ্যমান। কোনো কাৰিকৰী জ্ঞান
নথকাকৈ কেৱল অভিজ্ঞতা আৰু সুক্ষ্ম পর্যবেক্ষণৰ দ্বাৰা কৃষকসকলে
বীজ নির্বাচন কৰা কৌশলটো পাছলৈ প্রজননবিদসকলেও থলুৱা জাতৰ উন্নতি সাধন কৰাত প্রযোগ
কৰি অনেক জাত উদ্ভাৱন কৰিছে। সেয়ে
উক্ত আইনখনৰ সজ্ঞা অনুসৰি কৃষকসকলো একো একোজন প্রজননবিদ।
উদ্ভিদৰ জাত, কৃষক আৰু প্রজননবিদৰ সম্পর্কে
এইখিনি জনাৰ পাছত উক্ত আইনখনে প্রদান কৰা বিভিন্ন অধিকাৰৰ বিষয়ে বুজিবলৈ কিছু সহজ
হ’ব। ট্রিপচ চুক্তিৰ ২৭ নং দফাত প্রজননবিদৰ অধিকাৰ প্রদানৰ সম্পর্কে তিনিটা বিকল্প
আগবঢ়াইছে। সেই বিকল্পকেইটা হ’ল:-
i.
উদ্ভিদৰ নতুন জাত উদ্ভাৱনৰ বাবে পেটেন্ট প্রদান
কৰা
ii.
এক অনন্য প্রণালী (Sui generis system) অৱলম্বন কৰি উদ্ভিদৰ জাতক সুৰক্ষা প্রদান কৰা
iii.
পেটেন্ট আৰু অনন্য প্রণালীৰ সংমিশ্রণত এক
ব্যৱস্থা কৰা
ভাৰতবর্ষত কোনো জীৱিত বস্তুৰ (Biological
materials) পেটেন্ট কৰা নহয়। সেয়ে উদ্ভিদৰ জাতবোৰৰ পেটেন্ট নহয়। ইয়াৰ
পৰিবর্তে দ্বিতীয় বিকল্পক (Sui generis system) গ্রহণ কৰি উদ্ভিদৰ
জাতক সুৰক্ষা কৰিবলৈ চাৰিবিধ অধিকাৰ প্রদান কৰা হৈছে। এই অধিকাৰ কেইবিধ হ’ল:-
·
উদ্ভিদ প্রজননবিদৰ অধিকাৰ (Plant Breeders’ Right)
·
কৃষকৰ অধিকাৰ ( Farmes’ Right)
·
সম্প্রদায় ভিত্তিত সমূহীয়া অধিকাৰ (Community Right)
·
গৱেষকৰ অধিকাৰ (Researchers’
Right)
...আগলৈ:
----------------------------------------------------------------------
ম'বাইল: ৯৪৩৫১৩৫৬৩১ :: ID sadik2crs@yahoo.co.in;
No comments:
Post a Comment