Wednesday, 27 November 2013

জাহ্নবী- ইন্টাৰনেটত অসমীয়া হৰফত লিখিব পৰা এটা নতুন software::


সেউজী ধৰণী

                             
                                  জাহ্নবী- ইন্টাৰনেটত অসমীয়া হৰফত লিখিব পৰা এটা নতুন software



যি সকল সদস্যই সেউজী ধৰণীলৈ অসমীয়াত লেখা পঠিয়াবলৈ অসুবিধা পাই আছিল তেওঁলোকে এই লিংক দুটা চাওঁক আৰু চেষ্টা কৰক

Tuesday, 19 November 2013

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন” (দ্বিতীয় খণ্ড)::On PPVFR Act Part-II


সেউজী ধৰণী

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন”
(দ্বিতীয় খণ্ড)


ডঃ চাদিকুল হুছেইন

উদ্ভিদৰ জাত, কৃষক আৰু প্রজননবিদ

দূৰ অতীতৰ কোনোবা সময়ত মানুহে খেতি কৰিবলৈ শিকিলে আৰু খাদ্য হিচাপে গ্রহণ কৰা উদ্ভিদৰ খেতি কৰিবলৈ ল’লে। লাহে লাহে খাদ্যৰ সন্ধানত ঘুৰি ফুৰা মানুহজাকৰ অঘৰী জীৱনৰ অৱসান ঘটিল আৰু স্থায়ীৰূপে বসবাস কৰিবলৈ লৈ তেওঁলোক কৃষিজীৱী হৈ পৰিল। প্রয়োজন তথা গুণাগুণলৈ লক্ষ্য ৰাখি তেওঁলোকে কেতবোৰ উদ্ভিদ গ্রহণ আৰু কেতবোৰ উদ্ভিদ বর্জন কৰি যাবলৈ ধৰিলে। পাছলৈ তেওঁলোকে খাদ্যৰ লগতে আন ৰূপে ব্যৱহৃত হোৱা উদ্ভিদৰ খেতি কৰিবলৈ ল’লে। মানৱ সভ্যতাৰ আদিতে সূচনা হোৱা এই গ্রহণ-বর্জনৰ প্রক্রিয়া আজিও চলি আছে, যাৰ বাবে এতিয়াও ন ন উদ্ভিদৰ খেতি দেখিবলৈ পাই আছো। আমি এনেবোৰ উদ্ভিদক আন উদ্ভিদৰ পৰা পৃথকভাবে বুজাবলৈ শস্য (Crop ) শব্দটো ব্যৱহাৰ কৰোঁ। অর্থাৎ খেতিৰপৰা উৎপন্ন হোৱা উদ্ভিদক শস্য বুলি কওঁ সময়ৰ লগে লগে প্রতিটো শস্যৰ বিভিন্ন গুণ সম্পন্ন প্রকাৰ বা জাত (Variety ) কৃষকৰ হাতত গোট খাবলৈ ধৰে আৰু তেখেতসকলে যত্ন সহকাৰে এই জাতবোৰ প্রতিপালন কৰি ৰাখে। বিভিন্ন গুণ সম্পন্ন এই জাতবোৰ এটা জাতিৰ জাতীয় সম্পদ।


এতিয়া আমি কৃষক বুলিলে কাক বুজাই সেই বিষয়ে চাওঁ। অতি সহজভাবে কবলৈ গ’লে খেতি কৰা লোকজনেই কৃষক। কিন্তু সময়ৰ লগে লগে কৃষকৰ এই অভিধানিক অর্থ সলনি হৈ সজ্ঞাৰে কৃষকক বুজাবলৈ প্রয়াস কৰা হৈছে। সেই অনুসৰি কৃষক মানে কোনো ব্যক্তি যি (ক) নিজে মাটি চহাই শস্যৰ খেতি কৰে; অথবা (খ) অন্য ব্যক্তিৰ দ্বাৰা মাটি চহাই প্রত্যেক্ষভাৱে খেতি কৰে; অথবা (গ) কেইবাজনো মিলি যুটীয়াকৈ কোনো বনৰীয়া প্রজাতি বা পৰম্পৰাগত জাতৰ সংৰক্ষণ কৰে,অথবা বনৰীয়া প্রজাতি বা পৰম্পৰাগত জাতৰ কামত অহা চৰিত্রৰ চিনাক্ত আৰু বাচনি কৰি মূল্য সংযোজন কৰে। [উৎস: “উদ্ভিদ জাত আৰু কৃষক অধিকাৰ সুৰক্ষা” সম্পাদনা ডঃ পূর্ণ কান্ত বৰুৱা, বৌদ্ধিক সম্পতি অধিকাৰ কোষ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট]কৃষকৰ এনে সজ্ঞাৰ পৰা বুজা গ’ল যে কেৱল নিজে মাটি চহাই শস্যৰ খেতি কৰাজনেই কৃষক নহয় “উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন-২০০১” নামৰ আইনখনে cultivator, conserver আৰু breeder.-জনকো কৃষক হিচাপে গণ্য কৰে। এইখিনিতে breeder অর্থাৎ প্রজননবিদনো কোন সেই বিষয়ে জানি লওঁ। কাৰণ উপৰোক্ত আইনখন বুজিবলৈ যাওঁতে এইজনৰ বিষয়ে এক সম্যক জ্ঞান থকাৰ প্রয়োজন হ’ব।

আলোচিত আইনখনে কোনো ব্যক্তি বা ব্যক্তিসমষ্টি অথবা প্রতিষ্ঠান যি এটা জাতৰ উদ্ভাৱন কৰিছে তাকে প্রজননবিদ হিচাপে গণ্য কৰে। আগেয়ে কৈ আহিছো যে খেতি কৰিবলৈ শিকাৰ পাছৰে পৰা বিভিন্ন শস্যৰ অনেক জাত কৃষকৰ হাতত গোট খায়। এই জাতবোৰৰ প্রত্যেকৰে এক বা একাধিক বিশেষ গুণ আছে যাৰ বাবে কৃষকসকলে অতি যত্নৰে এইবোৰ সংৰক্ষণ কৰি ৰাখিছে। এই বিশেষ গুণবোৰ কিন্তু হঠাৎ উদ্ভৱ হোৱা নাই। আমাৰ পূর্ব পুৰুষসকলৰ সুক্ষ্ম পর্যবেক্ষণত পথাৰত কোনোবা এজোপা গছত প্রাকৃতিকভাবে আহি পৰা বিশেষ গুণ এটা ধৰা পৰে। তেখেতসকলে সেই গছৰ বীজ সংগ্রহ কৰি পাছৰ বছৰ সেই বীজেৰে কৰা খেতিৰপৰা গ্রহণযোগ্য গছ নির্বাচন কৰি পুনৰ ভৱিষ্যতৰ বাবে বীজ সংগ্রহ কৰে। এইদৰে গ্রহণ-বর্জনৰ মাজেৰে বীজ বাচনি কৰি থকাৰ বাবে বীজভাগ ক্রমে বিশুদ্ধ হৈ গৈ থাকি স্থিৰ অৱস্থাপ্রাপ্তহৈ এটা জাতত পৰিণত হয়। অর্থাৎ কৃষকজনে এটা নতুন জাত উদ্ভাৱন কৰে। বাচনি কৰি ভাল বীজ সংগ্রহ কৰা এই প্রক্রিয়াটো আজিও অব্যাহত আছেসেয়ে বিভিন্ন গুণসম্পন্ন অনেক থলুৱা জাত আমাৰ মাজত এতিয়াও বিদ্যমানকোনো কাৰিকৰী জ্ঞান নথকাকৈ কেৱল অভিজ্ঞতা আৰু সুক্ষ্ম পর্যবেক্ষণৰ দ্বাৰা কৃষকসকলে বীজ নির্বাচন কৰা কৌশলটো পাছলৈ প্রজননবিদসকলেও থলুৱা জাতৰ উন্নতি সাধন কৰাত প্রযোগ কৰি অনেক জাত উদ্ভাৱন কৰিছে সেয়ে উক্ত আইনখনৰ সজ্ঞা অনুসৰি কৃষকসকলো একো একোজন প্রজননবিদ


উদ্ভিদৰ জাত, কৃষক আৰু প্রজননবিদৰ সম্পর্কে এইখিনি জনাৰ পাছত উক্ত আইনখনে প্রদান কৰা বিভিন্ন অধিকাৰৰ বিষয়ে বুজিবলৈ কিছু সহজ হ’ব। ট্রিপচ চুক্তিৰ ২৭ নং দফাত প্রজননবিদৰ অধিকাৰ প্রদানৰ সম্পর্কে তিনিটা বিকল্প আগবঢ়াইছে। সেই বিকল্পকেইটা হ’ল:-
                                                            i.            উদ্ভিদৰ নতুন জাত উদ্ভাৱনৰ বাবে পেটেন্ট প্রদান কৰা
                                                         ii.            এক অনন্য প্রণালী (Sui generis system) অৱলম্বন কৰি উদ্ভিদৰ জাতক সুৰক্ষা প্রদান কৰা
                                                       iii.            পেটেন্ট আৰু অনন্য প্রণালীৰ সংমিশ্রণত এক ব্যৱস্থা কৰা
ভাৰতবর্ষত কোনো জীৱিত বস্তুৰ (Biological materials) পেটেন্ট কৰা নহয়। সেয়ে উদ্ভিদৰ জাতবোৰৰ পেটেন্ট নহয়। ইয়াৰ পৰিবর্তে দ্বিতীয় বিকল্পক (Sui generis system) গ্রহণ কৰি উদ্ভিদৰ জাতক সুৰক্ষা কৰিবলৈ চাৰিবিধ অধিকাৰ প্রদান কৰা হৈছে। এই অধিকাৰ কেইবিধ হ’ল:-
·        উদ্ভিদ প্রজননবিদৰ অধিকাৰ (Plant Breeders’ Right)
·        কৃষকৰ অধিকাৰ ( Farmes’ Right)
·        সম্প্রদায় ভিত্তিত সমূহীয়া অধিকাৰ (Community Right)
·        গৱেষকৰ অধিকাৰ (Researchers’ Right)
  

----------------------------------------------------------------------
  ম'বাইল: ৯৪৩৫১৩৫৬৩১ :: ID sadik2crs@yahoo.co.in; 



Wednesday, 13 November 2013

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন” ... On PPVFR Act


সেউজী ধৰণী

“উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন”
(প্রথম খণ্ড)
ডঃ চাদিকুল হুছেইন


পটভূমি

আজিৰ পৰা ১১৩ বছৰৰ পূর্বে অর্থাৎ ১৯০০ চনত গ্রেগৰ জোহান মেণ্ডেলৰ বংশগতিৰ সূত্রসমূহ (laws of inheritance) পুনঃআৱিস্কাৰ হয়ইয়াৰ লগে লগে বিশ্বৰ বিভিন্ন কৃষি গৱেষণা প্রতিষ্ঠান আৰু ব্যৱসায়িক কোম্পানীসমূহত শৃংখলিতৰূপত উদ্ভিদ প্রজননবিজ্ঞানৰ কাম-কাজ আগবাঢ়িবলৈ ধৰে। এনে গৱেষণাসমূহৰ ফলশ্রুতি হিচাপে শস্যৰ বহুতো নতুন জাত কৃষকৰ হাতলৈ আহে, যাৰ বাবে শস্যৰ উৎপাদন বাঢ়িবলৈ লয়। প্রজননবিদসকলৰ এই মহান কার্যক উৎসাহ যোগাবলৈ ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ বহুতো দেশে প্রজননবিদসকলক তেখেতসকলে উদ্ভাৱন কৰা জাতবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ কেতবোৰ বিধি বা আইন প্রণয়ণ কৰে। পাছলৈ এই বিধিবোৰৰ এক উমৈহতীয়া নিয়মাৱলী যুগুতাই উলিয়াবলৈ ১৯৬০ চনত এই দেশবোৰ একগোট হৈ Union for the Protection of New Varieties of Plants (UPOV) নামৰ এটা আন্তঃৰাষ্ট্রীয় গোট বা সংঘ গঠন কৰেযোৱাটো শতিকাৰ ষাঠি আৰু সত্তৰ দশকৰ কালচোৱাত এই গোটৰ বহুকেইখন দেশে প্রজননবিদসকলক তেখেতসকলে উদ্ভাৱন কৰা কেতবোৰ শস্যৰ নতুন জাতৰ ক্ষেত্রত পেটেন্ট বা কৃর্তি স্বত্ব আৰু আন কিছুমানৰ ক্ষেত্রত প্রজননবিদ অধিকাৰ (Plant Breeders’ Right চমুকৈ PBR) প্রদান কৰিবলৈ লয় এই দেশসমূহত জাত উদ্ভাৱন তথা উৎপাদন কৰা কার্য মুলত ব্যক্তিগতখণ্ডত হয় কৃষকে বীজ কোম্পানীসমূহে উৎপাদন কৰা জাত ব্যৱহাৰ কৰি শস্য উৎপাদন কৰে আৰু ইয়াৰ বীজ ভৱিষ্যতৰ বাবে থয়কিন্তু নতুন নিয়ম অনুসৰি কৃষকে পেটন্ট অথবা PBR প্রাপ্ত জাতৰ বীজ ভৱিষ্যতৰ বাবে সংগ্রহ কৰি থব নোৱৰা হ’ল আৰু প্রয়োজন সাপেক্ষে এনে বীজ পুনৰ ক্রয় কৰিব লগাত পৰিল। মুঠ জনসংখ্যাৰ কেৱল ৪% মান লোক কৃষিৰ লগত জড়িত থকা এই দেশসমহূৰ একো একোজন কৃষকৰ মাটিৰ পৰিমাণ কেইবাশ হেক্টৰ। তদুপৰি সীমিত জৈৱবৈচিত্র্যৰ এই দেশসমূহত জাতৰ সংখ্যাও অতি সীমিতসেয়ে এনে ব্যৱস্থাৰ বাবে কৃষকৰ বিশেষ অসুবিধা নহ’ল। আনহাতে ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰৰ লগতে অনুন্নত দেশসমূহ জৈৱবৈচিত্র্যৰে ভৰপূৰ হোৱাৰ লগতে কৃষকসকলো বিভিন্ন গুণসম্পন্ন জাতৰ অধিকাৰী। কিন্তু গড় হিচাপে এইচাম কৃষকৰ মাটিৰ পৰিমাণ এক হেক্টৰতকৈও কম। এনে এক পৰিস্থিতিত এইবোৰ দেশত কৃষকৰ হাতত থকা থলুৱা জাত ব্যৱহাৰ কৰি কোনো বীজ কোম্পানীয়ে উদ্ভাৱন কৰা জাতৰ বীজ কৃষকে ভৱিষ্যতৰ বাবে সংগ্রহ কৰি থব নোৱাৰিলে কৃষকৰ এক মৌলিক অধিকাৰ খর্ব কৰাৰ লগতে দেশখনৰ জৈৱবৈচিত্র্যত আঘাট কৰা হ’ব, যিটো কাৰো কাম্য নহয়। সেয়েহে কৃষকৰ হাতত থকা জাত আৰু এইবোৰৰ ওপৰত তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰাতো প্রয়োজন হৈ পৰিল



       ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থা (Food and Agriculture Organization-FAO-) এটা স্বতন্ত্র সংস্থা যি আন্তঃৰাষ্ট্রীয় পর্যায়ত কৃষি সর্ম্পকীয় বিভিন্ন দিশৰ চোৱা-মেলা কৰে। যোৱাটো শতিকাৰ আশী দশকত এই সংস্থাটোৰ অধ্যক্ষ আছিল ভাৰতবর্ষৰ কৃষি বিজ্ঞানী ডঃ এম, এচ, স্বামীনাথন। ইতিমধ্যে গঢ়লৈ উঠা UPOV –য়ে নতুন জাতৰ ক্ষেত্রত প্রদান কৰা পেটেন্ট বা কৃতি স্বত্বই জৈৱবৈচিত্র্যৰে ভৰপূৰ ভাৰতবর্ষৰ দৰে দেশসমূহৰ কৃষকক কেনে এক অসুবিধাত পেলাব সেই বিষয়ে এই অভিজ্ঞ কৃষি বিজ্ঞানীজনে সঠিকভাবে অনুধাৱন কৰে। উল্লেখযোগ্য যে তেখেত নিজেও এজন বিশ্বখ্যাতিসম্পন্ন প্রজননবিদ। সেয়ে প্রজননবিদৰ লগতে শস্যৰ জাতসমূহৰ ওপৰতকৃষকৰ অধিকাৰএনে এক ধাৰণা সৃষ্টি (concept of Farmers’ Rights) কৰি FAO-য়ে Commission on plant genetic resources নামেৰে এক আয়োগ গঠন কৰে। এই আয়োগে নিয়োগ কৰা The International Undertaking on Plant Genetic Resources (IUPGR) য়ে জৈৱবৈচিত্র্যত চহকী দেশসমূহৰ কৃষক সকলৰ বীজৰ সুৰক্ষা প্রদান কৰাৰ পোষকতা কৰে আৰু ইয়াৰ ফলশ্রুতি হিচাপে ডঃ স্বামীনাথৰ তৎপৰতাতে An International Treaty on Plant Genetic Resources for Food and Agriculture (ITPGRFA).নামেৰে এখন চুক্তি সম্পাদন হয়। ভাৰতবর্ষ এই সন্ধিপত্রৰ এখন স্বাক্ষৰকাৰী দেশ। পাছলৈ ১৯৯৪ চনত M S Swaminathan Research Foundation (MSSRF) য়ে UPOV–য়ে প্রজননবিদলৈ প্রদান কৰা অধিকাৰ (PBR)ৰ আর্হিত ভাৰতবর্ষৰ বিভিন্ন উদ্ভিদৰ জাতক সুৰক্ষা প্রদানৰ অর্থে এখন খচৰা আইন প্রস্তুত কৰি “Plant Variety Protection and Farmers’ Rights Act নামাকৰণেৰে ভাৰত চৰকাৰক দিয়ে, য’ত কৃষকসকলকো সমানে গুৰুত্ব দিয়া হ’ল।

ডঃ এম এচ স্বামীনাথন

এই সময়চোৱাতে ১৯৯২-৯৪ চনত ব্রাজিলৰ ৰাজধানী Rio-de-Janeiro বৌদ্ধিক সম্পত্তি অধিকাৰ (Intellectual Property Right- IPR)ৰ সম্পর্কত এক দীঘলীয়া সন্মিলন অনুষ্ঠিত হৈছিল য’ত বিশ্বৰ ১৪৭ দেশে অংশ গ্রহণ কৰি এই গুৰুত্বপূর্ণ বিষয়টোৰ ওপৰত আলোচনা কৰিছিল। অনেক বাদ-বিবাদৰ অন্তত অংশগ্রহণকাৰী দেশসমূহে “বিশ্ব বাণিজ্য সন্থা” (World Trade Organization)ৰ জন্ম দিয়ে আৰু ১৯৯৫ চনৰ পৰা এই সন্থা কার্যকৰী হয়। ইয়াৰ লগে লগে বাণিজ্য সম্পর্কীয় বহুকেইখন চুক্তি সম্পাদিত হয়তাৰ ভিতৰত বাণিজ্যৰ সম্পর্কত বৌদ্ধিক সম্পত্তি অধিকাৰৰ যিখন চুক্তি হ’ল সেইখনক Agreement on Trade Related aspects of Intellectual Property Rights চমুকৈ TRIPS কোৱা হয়। এই চুক্তিৰ অধীনত আঠ প্রকাৰৰ বৌদ্ধিক সম্পত্তিৰ সজ্ঞাসহকাৰে বাখ্যা কৰা হৈছে। ইয়াৰ ভিতৰত ইতিমধ্যে আলোচনা কৰা উদ্ভিদ প্রজননবিদৰ অধিকাৰক (Plant Breedrs’ Right, চমুকৈ PBR) এক উল্লেখযোগ্য বৌদ্ধক সম্পত্তি অধিকাৰ। ভাৰতৰ দৰে আন উন্নয়নশীল দেশবোৰে এই চুক্তি আঠখন ৰূপায়ন কৰাৰ শেষ সময়সীমা আছিল পহিলা জানুৱাৰী,২০০৫ চন। সেয়ে ভাৰতবর্ষতো উদ্ভিদ প্রজননবিদৰ অধিকাৰৰ বাবে এখন আইনৰ প্রয়োজন হৈ পৰিল। কিছু সংশোধিত ৰূপত MSSRFয়ে প্রস্তুত কৰি থোৱা খচৰাখন Protection of Plant Varieties and Farmers’ Rights” চমুকৈ PPVFR নামেৰে ভাৰত চৰকাৰক দিয়া হয় ২০০১ চনত লোকসভাত গৃহিত হৈ এখন আইনত (Act)ত পৰিণত হয়। অসমীয়াত এই আইনখনক কোৱা হ’ল “উদ্ভিদৰ জাতৰ সুৰক্ষা আৰু কৃষকৰ অধিকাৰ আইন-২০০১” উল্লেখযোগ্য যে উদ্ভিদৰ জাতৰ সুৰক্ষাৰ বাবে পৃথিৱীৰ প্রায় সকলো দেশেই নিজাববীয়া একোখন আইন প্রস্তুত কৰিছে যদিও বহুতো দেশত ভাৰতবর্ষৰ দৰে কৃষকক কোনো ধৰণৰ অধিকাৰ প্রদান কৰা নাই।



আগলৈ...



Sunday, 10 November 2013

TS-36, a toria variety likely to boost farmers’ income


সেউজী ধৰণী
TS-36, a toria variety likely to boost farmers’ income in Margherita Block of Tinsukia district
Dr.S.Hussain


Jagun is a small township of Tinsukia District bordering Arunachal Pradesh in the East and Nagaland in the South-East. People living in this part of the district belong to various cast, creed and community. However, all of them are predominantly farmers cultivating a number of field and horticultural crops. Being situated at the foot hill of Nagaland and Arunachal Pradesh, land of Jagun area is very much fertile. River Dihing and a number of small streams encourage farmers to adopt agriculture as a profitable venture.
Sri Gopal Chetri is a progressive farmer of 3no Rampur village under Jagun Gaon Panchayat. He has a small piece of land measuring about 15 bighas where rice, maize, toria, summer and winter vegetables are grown. Toria is an important oil seed crop that farmers grow in Jagun. Sri Chetri has a sizable area under toria. However, the yield that he harvests with local as well as improved variety M-27 is not very encouraging. So, he was looking for a suitable toria variety to replace old varieties.
Sri Chetri was identified as probable beneficiary for demonstrating a new high yielding toria variety. Accordingly, Team ATMA, Tinsukia along with KVK scientist visited the site and approved it. The team also met other farmers of the village and enlightened them about ATMA and the objective of the demonstration to be conducted in the village. All the farmers showed keen interest on ATMA and the various programmes that are to be undertaken by it.
TS-36 is a new high yielding toria variety developed by Regional Agricultural Research Station (RARS), Shilongoni, Assam Agricultural University. The variety showed good performance in some other parts the district. Hence, it was decided to introduce TS-36 in Rampur village. By middle of October, 2012 seeds and other inputs were provided to the farmer. Seeds were sown in the first week of November. Soil moisture retained after tillage operation helps in uniform seed germination. As the season progress, field staff monitored the field activities frequently. Officers from the district HQ along with scientist from KVK, also visited the site and provided necessary guidance. For timely advice, contact number of KVK scientist was also provided to the farmer.
After three months of sowing, the crop was ready to harvest. During this period, the crop received two light showers. Field staff visited the site and decided to organize a Field Day at 3no Rampur villager. Accordingly, a Field Day was organized in the site on 9th February, 2013 where about 60 farmers from four neighboring villages assembled. A joint field visit was made in the demonstration site where officers from district HQ and KVK also took part. All the farmers were happy with the crop stand, per plant pod number as well as pod size of TS-36.  Ceremonial harvesting was done in three plots, each measuring 5mx5m. It was observed that on an average 2.8 kg seed was recorded in 25 sqm plot which is equivalent to 150 kg per bigha or 11.2q per hectare. This yield was about 1.5 times more than the neighboring plot of M-27. Sri Gopal Chetry and fellow farmers expressed their satisfaction over the yield performance of TS-36. Sri Chetry spoke about the production technology that he had adopted. He was highly grateful to the team member of ATMA for all the help and guidance. The village head, who preside over the meeting, opined that for overall development of Rampur and other neighboring villages farmers had to adopt new technologies developed in the field of agriculture and allied sectors. He asked farmers to collect seed of TS-36 for the next crop season. Later, field staff reported that one liter oil could be extracted from 2.7 kg TS-36 seed while to get the same quantity of oil 3.2 kg M-27 seed was required.
Recent information received from the field staff indicated that more than 80 farmers will grow toria variety TS-36 during rabi 2013-14 in Jagun panchayat. Sri Gopal Chetry, with his knowledge and experience will act as resource person.


Per hectare additional income from Demonstration

Plot
As Seed
As Oil
Yield
Qt/ha
Value(Rs)
Addl Income(Rs/ha)
Oil extracted(lt)
Value(Rs)
Addl Income (Rs/ha)
Demo
11.2
56,000
26,120
414 lit
33,120
14,480
Control
7.47
29,880
233 lit
18,640

NB.1) Variety used: Control plot- M-27
                                 Demo plot - TS-36
       2) Cost as seed: Rs 50/ kg (TS-36) , Rs 40/kg ( M-27)
       3) Oil extracted: One lit from 3.2 kg of M-27 seed and 2.7 kg of TS-36 seed
       4) Price of Oil: Rs 80/ lit