Monday 7 October 2013

জেনেৰু টেঙা---দুষ্প্রাপ্য হৈ পৰা এবিধ ফল:: Jeneru Tenga: (Citrus nobilis Lorn) , an endangered fruit of Assam


সেউজী ধৰণী

জেনেৰু টেঙা---দুষ্প্রাপ্য হৈ পৰা এবিধ ফল

ডঃ চাদিকুল হুছেইন
  



নেমুজাতীয় ফল যেনে চকলা টেঙা, গোল নেমু, সুমথিৰা টেঙা আদিবোৰ উদ্ভিদ জগতৰ Rutaceae গোত্রৰ (family) Citrus জাতিৰ (genus) অন্তর্ভুক্ত । এই জাতীয় ফলবোৰৰ অনেক প্রকাৰ (species) পৃথিৱীৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ আছে। উদ্ভিদবিদসকলৰ মতে Citrus জাতিৰ অন্তর্ভুক্ত বহুকেইটা প্রজাতিৰ আদিভূমি হৈছে অবিভক্ত অসম। ১৯৯৯ চনত অনুষ্ঠিত International Symposium on Citriculture –অত বহুকেইজন বিজ্ঞানীয়ে উত্তৰ-পূর্বাঞ্চল অতি কমেও পাঁচবিধ প্রজাতিৰ আদিভূমি বুলি মতপোষণ কৰাৰ লগতে এই বুলিও সন্দেহ  প্রকাশ কৰে যে দেশৰ এই অঞ্চলটোত এতিয়াও হয়তো ভালেমান প্রজাতি আবিষ্কাৰ নোহোৱাকৈ আছে, যিবোৰ সংৰক্ষণৰ অভাৱত আমাৰ অগোচৰে বিলুপ্ত হৈ পৰিব। বর্তমান আমি সকলোৱে অনুভৱ কৰিছোঁ যে আজিৰ পৰা কেই দশকমানৰ আগলৈকে দেখি থকা নেমুজাতীয় ফলৰ বহুতো প্রজাতি এতিয়া প্রায় দুষ্প্রাপ্য হৈ পৰিছে। এনে এবিধ ফল হৈছে ‘জেনেৰু’ টেঙা। এসময়ত এইবিধ ফল অবিভক্ত তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত যথেষ্ট পৰিমাণে পোৱা গৈছিল। কিন্তু আমাৰ অমনোযোগীতা তথা অৱহেলাৰ বাবে ফলবিধ লাহে লাহে হেৰাই যাব ধৰিছে আৰু অচিৰে হয়তো বিলুপ্ত হৈ পৰিব। তলত ফলবিধৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল:-

Citrus জাতিৰ শ্রেণী বিভাজনত মান্দাৰিণ অৰেঞ্জ নামৰ এটা গোট আছে। যিবিধ ফলক আমি সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফলঅসমত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ এই গোটটোৰ ফলবোৰৰ এটা প্রধান বৈশিষ্ট্য হ’ল ---ইহঁতৰ বাকলি সহজে এৰুৱাব পাৰি। সেই বাবে ইহঁতক Loose –skinned orange বুলিও জনা যায়। জেনেৰু নামৰ ফলবিধৰ বাকলি পাতল আৰু সুমথিৰাৰ দৰে সহজে এৰুৱাব পাৰি। ইয়াৰ উপৰিও সুমথিৰাৰ লগত আন কেইবাটাও মিল আছে। সেইবাবে আন মান্দাৰিণ অৰেঞ্জৰ দৰে জেনেৰু টেঙাৰ বৈজ্ঞানিক নাম Citrus reticulate Blanco হিচাপে ৰাখি আগেয়ে ইংৰাজীত কিং মান্দাৰিণ বোলা হৈছিল। কিন্তু পাছলৈ শ্রেণী বিভাজনত ফলবিধৰ আন কিছুমান বৈশিষ্ট ধৰা পৰাত ইয়াক মান্দাৰিণ অৰেঞ্জৰ পৰির্বতে কিং অৰেঞ্জ গোটৰ অন্তর্ভুক্ত কৰি বৈজ্ঞানিক নাম Citrus nobilis Lorn  কৰা হয়। এইখিনিতে উল্লেখযোগ্য যে Cirtus জাতিৰ শ্রেণী বিভাজন অতি জটিল আৰু সকলোৰে গ্রহণযোগ্য শ্রেণী বিভাজন এতিয়াও গৃহীত হোৱা নাই।

জেনেৰু টেঙাৰ গছ সুমথিৰা গছৰ দৰেই ৫-৬ মিটাৰ ওখ। কাঁইটযুক্ত ডালবোৰ সামান্য দোঁ খোৱা। পত্র বল্লমকাৰ, ৮-১০ ছে:মি: দীঘল। পত্রবৃন্ত প্রায় ১ছে:মি:। ফলবিধৰ ভিতৰভাগ ঈষৎ হালধীয়া বা বগা বৰণীয়া। অক্ষ ফোঁপোলা, ১০-১২ ফুটীয়া আৰু ৰস মিঠা।




























            
  
জেনেৰু টেঙাৰ বাকলিৰপৰা নিষ্কাসন কৰি উদ্বায়ী তেল (Volatile oil) ১৪-১৯% আৰু Limonene 92% পোৱা যায়। বিশ্ব বজাৰত যথেষ্ট চাহিদা থকা এই তেলক মান্দাৰিণ তেল নামেৰে জনা যায়। তদুপৰি ইয়াৰ ৰসত Citric acid 0.35%- 1.2% ; Vitamins A,B,C আৰু hesperidin পোৱা যায়। ইয়াৰ ৰস আন Cirtus ফলৰ ৰসৰ লগত মিহলাই সুস্বাদু চৰবত প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয়।

অসমত প্রাকৃতিকভাৱে হোৱা এইবিধ ফল সামান্য পৰিচর্যাৰে বাগিচা পাতি কৰিব পৰা যায়। আনহাতে সুমথিৰা টেঙাত দেখা দিয়া বিসংগতিবোৰৰ পৰা জেনেৰু টেঙা মুক্ত। জানিবপৰা মতে উজনি অসমত ফলবিধ এতিয়াও বহুতৰ বাৰীত আছে। অসমৰ বিশ্ববিদ্যালয় কেইখনে উপযুক্ত গৱেষণাৰে দুষ্প্রাপ্য হ’ব ধৰা ফলবিধ উদ্ধাৰ কৰিবলৈ আঁচনি প্রস্তুত কৰিব পাৰে। সেইদৰে জৈৱবৈচিত্র্য আৰু পৰিৱেশ সচেতন ব্যক্তি কিম্বা অনুষ্ঠানে এই ক্ষেত্রত আগভাগ লৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। শেহত কোনো সদাশয় ব্যক্তিয়ে জেনেৰু টেঙাৰ বিষয়ে যিকোনো ধৰণৰ তথ্য আমাক জনাব বুলি আশা কৰিলোঁ।


ম’বাইল: ৯৪৩৫১ ৩৫৬৩১:: ID- sadik2crs@yahoo.co.in

1 comment:

  1. এইবিধ টেঙা দেউতাই চাকৰি কৰা দৈয়াং চাহ বাগিছা ক্বাটাৰত আছিল আমি চকলা টেঙা বুলি ভাবি আছিলো কাৰণ কোনেও সঠিককৈ চিনি পোৱা নাছিল৷ আমি দাইলত চেপি খাইছিলো, গোন্ধটো অনন্য আছিল৷

    ReplyDelete