Tuesday 29 October 2013

অসমৰ নেমুজাতীয় ফলসমূহ: Citrus germplasms of Assam


সেউজী ধৰণী

বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ

ডঃ চাদিকুল হুছেইন

[ প্রাসংগিকতালৈ লক্ষ্য ৰাখি প্রান্তিক ১৬-৩১ আগষ্ট,২০১১ চনত প্রকাশ পোৱা এই লেখা সম্পাদিত ৰূপত ‘সেউজী ধৰণী’ত উপলব্ধ কৰা হ’ল ]




নেমুজাতীয় ফল যেনে চকলা টেঙা, গোল নেমু, সুমথিৰা টেঙা আদিবোৰ উদ্ভিদ জগতৰ Rutaceae গোত্রৰ (family) Citrus জাতিৰ (genus) অন্তর্ভুক্ত । এই জাতীয় ফলবোৰৰ অনেক প্রকাৰ (species) পৃথীৱীৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ আছে। উদ্ভিদবিদসকলক সততে আকর্ষণ কৰা এই Citrus জাতিৰ শ্রেণী বিভাজন কৰা হৈছে যদিও সকলোৰে গ্রহণযোগ্য শ্রেণী বিভাজন এতিয়াও গৃহিত হোৱা নাই। ইয়াৰ প্রধান কাৰণ হ’ল এই জাতিৰ প্রজাতিবোৰৰ শৃংখলাবদ্ধ অধ্যয়নত আহি পৰা কিছু জটিলতা। ৰক্ষণশীল উদ্ভিদবিদৰূপে পৰিচিত Swingle য়ে ১৯৪৮ চনত এনে ফলসমূহৰ খোৱাৰ উপযোগী দহটা প্রজাতিক Eucitrus উপজাতিৰ আৰু অনুপযোগী ছটা প্রজাতিক Papeda উপজাতিৰ অন্তর্ভুক্ত কৰে। আনহাতে ১৯৫৪ চনত তেখেতৰ ছাত্র Tanakaই ৰক্ষণশীল মনোভাব ত্যাগ কৰি সামান্যতম বিচ্যুতিকো সুকীয়া মর্যদা দিয়াত ১৫৯ টা প্রজাতিত Citrus জাতিটো বিভক্ত হয়। ইয়াৰ পাছত বহুকেইজন পণ্ডিতে Citrus জাতিৰ শ্রেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছে আৰু ১৯৬৪ চনত ৰঞ্জিৎ সিংহই উপৰিউক্ত দুয়োজনা উদ্ভিদবিদৰ মাজেৰে বাট উলিয়াই ৪১টা প্রজাতিক Eucitrus উপজাতিৰ আৰু সাতটা প্রজাতিক Papeda উপজাতিৰ অন্তর্ভুক্ত
কৰি মুঠ ৪৮টা প্রজাতিত নেমুজাতীয় ফলবোৰ বিভক্ত কৰে। ইয়াৰ মাজতে ভট্টাচার্য আৰু দত্তই অসমত পোৱা Citrus জাতিৰ ফলবোৰ শ্রেণী বিভাজন কৰিবলৈ যত্ন কৰিছিল। এইদৰে বিভাজিত হৈ ফলবোৰ Citrus sinensis Osbeck, Citrus aurantifolia Swingle আদি একো একোটা বৈজ্ঞানিক নামেৰে পৰিচিত হয়। পাছলৈ সর্বসাধাৰণে বুজিব পৰাকৈ প্রধান প্রজাতিকেইটাক Citron, Lemon, Lime, আদি গোট বা group বুলি কোৱা হ’ল। যি কি নহওক , এই সকলোবোৰ অধ্যয়নৰপৰা এটা কথা পৰিষ্কাৰ হৈছে যে Citrus জাতিৰ অন্তর্ভুক্ত বহুকেইটা প্রজাতিৰ আদিভূমি হৈছে অবিভক্ত অসম। ১৯৯৯ চনত অনুষ্ঠিত International Symposium on Citriculture –অত বহুকেইজন বিজ্ঞানীয়ে উত্তৰ-পূর্বাঞ্চল অতি কমেও পাঁচবিধ প্রজাতিৰ আদিভূমি বুলি মতপোষণ কৰাৰ লগতে এই বুলিও সন্দেহ  প্রকাশ কৰে যে দেশৰ এই অঞ্চলটোত এতিয়াও হয়তো ভালেমান প্রজাতি আবিষ্কাৰ নোহোৱাকৈ আছে, যিবোৰ সংৰক্ষণৰ অভাৱত আমাৰ অগোচৰে বিলুপ্ত হৈ পৰিব। বর্তমান আমি সকলোৱে অনুভৱ কৰিছোঁ যে আজিৰ পৰা কেই দশকমানৰ আগলৈকে দেখি থকা নেমুজাতীয় ফলৰ বহুতো প্রজাতি এতিয়া প্রায় দুষ্প্রাপ্য হৈ পৰিছে। অৱশ্যে এই কথা আন উদ্ভিদ তথা জীৱ-জন্তুৰ ক্ষেত্রটো প্রযোজ্য। এনে পৰিপ্রেক্ষিতত অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ প্রজাতিবোৰৰ সংৰক্ষণ আৰু উচিত মূল্যায়ন কৰাটো আৱশ্যক হৈ পৰিছে। আমাৰ এই লেখাত নেমুজাতীয় ফলৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ যত্ন কৰিম।

অসমত পোৱা প্রজাতিবোৰ

      অসমৰ মাটি আৰু জলবায়ু নেমুজাতীয় ফলৰ বাবে অতি উপযোগী। এনে হোৱাৰ বাবে অসমত এইবিধ ফলৰ বহুকেইটা প্রজাতি পোৱা যায়। এই প্রতিটো প্রজাতিৰ আকৌ ভালেকেইটা জাত বা প্রকাৰ আছে। এনে প্রকাৰবোৰৰ নাম অঞ্চলভেদে বেলেগ বেলেগ। বর্তমান অসমত সততে পোৱা এনে প্রকাৰবোৰ তলৰ তালিকাত উল্লেখ কৰা হ’ল।

বৈজ্ঞানিক নাম
গোট
প্রকাৰ
C. assamensis Bhattacharya
and Dutta
Adajamir
 আদা জামিৰ
C. aurantifolia Swingle
Acid lime
কাগজী লাইম, কৰিমগঞ্জ লাইম,
অভয়াপুৰী লাইম
C. grandis Osbeck
Pummelo
ৰবাব টেঙা
C. jambhiri Lush
Rough lemon
গোল নেমু , হাতী নেমু, সুন্দৰী নেমু
C .limon Barm
Lemon
 পাতি নেমু, অসমীয়া নেমু, ইলাচী নেমু
C. medica
Citron
জৰা টেঙা, পাতি জৰা, বিৰা জৰা
C. megaloxycarpa
Sour pummelo
 বৰ টেঙা, হোলোং টেঙা
C. nobilis Lorn
King orange
 জেনেৰু টেঙা
C. paradisi Macf.
Grapfruit
 ৰবাব টেঙা
C. reticulata Blanco
Mandarin orange
 খাচী মান্দাৰিণ
C. sinensis Osbeck
Sweet orange
মিঠা চকলা, চকলা টেঙা, মোচাম্বি

      তালিকাৰ পৰা এটা কথা পৰিলক্ষিত হৈছে যে আমি Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কওঁ। কিন্তু এই দুয়োবিধ ফলৰ গছ-পাত,ফল আদিৰ মাজত যথেষ্ট পার্থক্য আছে। অতি সহজে বুজিব পৰা পার্থক্যকেইটা হ’ল:- Pummeloৰ ফলবোৰ এটা এটাকৈ লাগে, অক্ষ(axis) প্রায় ফোঁপোলা। আনহাতে Grapefruit-অৰ ফলবোৰ থোপা বান্ধি লাগে। আঙুৰৰ(Grape) দৰে থোপা বান্ধি লগাৰ বাবেই এইবিধ ফলক ইংৰাজীত Grapefruit বোলা হয়। এইবিধৰ ফল আকাৰত আনবিধকৈ সৰু, বাকলি কিছু পাতল আৰু অক্ষ প্রায় পূৰঠ অৱস্থাত থাকে। ভট্টাচার্য আৰু দত্তই অবিভক্ত অসমত নবিধ Pummelo ফল পোৱাৰ কথা উল্লেখ কৰি গৈছে। ইয়াৰ কিছুমানৰ ভিতৰছোৱা ৰঙচুৱা আৰু আন কিছুমানৰ বগা।

     

  অসমত যিবিধ ফলক সোণতৰা, সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফলভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্রকাৰ আছে। উত্তৰ-পূর্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ এই গোটটোৰ ফলবোৰৰ এটা প্রধান বৈশিষ্ট্য হ’ল ---ইহঁতৰ বাকলি সহজে এৰুৱাব পাৰি। সেই বাবে ইহঁতক Loose –skinned orange বুলিও জনা যায়। অসমৰ কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্রকাৰ নতুবা প্রাকৃতিক বর্ণ সংকৰ (natural hybrid) যেন অনুমান হয়। ভাৰতৰ বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্রকাৰ ইতিমধ্যে পোৱা গৈছে। সেয়েহে এই দিশত গৱেষণাৰ প্রয়োজন আছে।

      অসমৰ প্রায় প্রতি ঘৰতে থকা ৰসাল নেমুবিধক অসমীয়া নেমু বোলা হয়। বহুতে এইবিধ নেমুৰ লগতে পাতি নেমুক কাজী নেমু বুলিও কয়। এই ‘কাজী’ নামটো হিন্দী ভাষাৰ ‘কাগজী’ শব্দৰ পৰা অহা যেন অনুভৱ হয়। আৰু সেয়ে যদি হয়, তেন্তে অসমীয়া নেমু আৰু পাতি নেমুক ভুলকৈ কাগজী নেমু বুলি কৈ থকা হৈছে। কাগজী নেমু Citrus aurantifolia Swingle-অৰ acid lime গোটৰ এটা প্রকাৰ। এইবিধ নেমুৰ বাকলি বৰ পাতল।  কাগজৰ দৰে পাতল হোৱাৰ বাবে হিন্দীবলয়ত কাগজী বুলি কয়। সেইদৰে পাতি নেমু Citrus aurantifolia Swingle-অৰ এটা প্রকাৰ । আনহাতে অসমীয়া নেমু Citrus limon Barm-অৰ এটা প্রকাৰ। ভাৰতৰ আন অঞ্চলত নোপোৱা এইবিধ নেমু ইতিমধ্যে Assam lemon নামেৰে অসমৰ বাহিৰত বিখ্যাত হৈ পৰিছে। অতি ৰসাল আৰু সুস্বাদু চৰবত প্রস্তুত কৰিব পৰা এইবিধ নেমুৰ ব্যৱসায়িক সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি এইবিধৰ অধিক উন্নতি সাধন কৰাৰ অৱকাশ আছে। ইয়াৰ উপৰিও চকলা ,জৰা আদি টেঙাৰ নানান ঔষধি গুণ আছে। এই গুণবোৰৰ বিষয়েও প্রণালীবদ্ধ গৱেষণাৰ প্রয়োজন আছে। নগা পাহাৰ, বৰাক উপত্যকা আৰু মেঘালয়ৰ কোনো কোনো অঞ্চলত আদাৰ দৰে গোন্ধ থকা এবিধ টেঙা পোৱা যায়। আদাৰ দৰে গোন্ধ থকাৰ বাবে এইবিধ ফলক আদা জামিৰ বোলা হয়। আঞ্জাৰ জুতি বঢ়াবলৈ এইবিধ ফল ব্যৱহাৰ কৰা হয়।



                                     




সংৰক্ষণৰ ব্যৱস্থা

                বিভিন্ন পদ্ধতিৰদ্বাৰা উদ্ভিদৰ প্রজাতিবোৰ সংৰক্ষণ কৰিব পৰা যায়। তাৰ ভিতৰত প্রজাতিবোৰ যি স্থানত আছে তাতেই সংৰক্ষণ কৰাটো অতি উত্তম ব্যৱস্থা । এনে কৰিলে প্রজাতিবোৰ নিজ প্রাকৃতিক পৰিৱেশত থাকিব; সেইটো সংৰক্ষণৰ দিশৰপৰা অতি আৱশ্যকীয় কথা। তদুপৰি এই ব্যৱস্থাৰদ্বাৰা অর্থ আৰু সময় দুয়োটাই ৰাহি হয়। কেৱল গছবোৰ নষ্ট নোহোৱাৰ ব্যৱস্থা কৰিব লাগে। তাৰবাবে আৱশ্যক হ’লে কিছু অর্থ খৰচ কৰিবলগীয়া হ’ব পাৰে। বর্তমান পৰিৱেশ আন্দোলনৰ লগত জড়িত বহুতো সংগঠন বা ব্যক্তি জৈৱবৈচিত্র্যৰ সংৰক্ষণৰ বাবে আগবাঢ়ি অহা দেখা গৈছে। এনে সংগঠন বা ব্যক্তিয়ে এই দিশত আগভাগ ল’ব পাৰে। এইখিনিতে উল্লেখযোগ্য যে্ ইতিমধ্যে মেঘালয়াৰ গাৰো পাহাৰে বহুকেইটা নেমুজাতীয় ফলৰ প্রজাতিৰ প্রাকৃতিক ভূমিৰূপে স্বীকৃতি পাইছে। এই প্রজাতিবোৰৰ সংৰক্ষণৰ বাবে ১৯৮১ চনত প্রায় দহ হাজাৰ হেক্টৰৰ এটা আশ্রয়স্থল (Sanctuary) গঢ়ি তোলা হৈছে। সম্ভৱতঃ কোনো এবিধ উদ্ভিদৰ সংৰক্ষণৰ বাবে এইখনেই পৃথিৱীৰ প্রথম আশ্রয়স্থল। বর্তমান সেই ৰাজ্যৰ ভালেকেইটা চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠান এই আশ্রয়স্থলৰ লগত জড়িত হৈ আছে।


      অসমৰ প্রতিখন নগৰতে একো একোখন মহাবিদ্যাল আছে। বিজ্ঞানৰ শাখা থকা মহাবিদ্যালয়সমূহে উদ্ভিদ বিভাগৰ জৰিয়তে এই দিশত আগবাঢ়ি আহিব পাৰে। পৰিৱেশ বিজ্ঞানৰ ছাত্র-ছাত্রীও সংৰক্ষণৰ কার্যত জড়িত হ’ব পাৰে। এনে কৰিবলৈ যাওঁতে কেতিয়াবা প্রজাতিবোৰ প্রাকৃতিক পৰিৱেশৰপৰা আনি উদ্যানত প্রতিপাল কৰি ৰাখিবলগীয়া হ’ব পাৰে। এই কার্যত আন থলুৱা ফলমূলকো সাঙুৰি ল’ব পৰা যায়। *
      সংৰক্ষণৰ লগতে প্রজাতিবোৰৰ মূল্যাংকন হোৱাটোও অতি আৱশ্যকীয় দিশ। উচিত মূল্যাংকনৰ বাবে দক্ষতাৰ প্রয়োজন হ’ব পাৰেসেয়েহে বিভিন্ন গৱেষণা কেন্দ্রই এই দিশত ব্যৱস্থা গ্রহণ কৰিব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ তিনিচুকীয়াত অৱস্থিত টেঙা গৱেষণা কেন্দ্রত উত্তৰ-পূর্বাঞ্চলৰ ২৩টা প্রজাতিৰ ৪৭ প্রকাৰ সংৰক্ষণ কৰাৰ লগতে মূল্যাংকন কৰি থকা হৈছে। ইতিমধ্যে এই কেন্দ্রৰ সংগ্রহখিনিক ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে স্বীকৃতি দিছে। সেইদৰে মেঘালয়াৰ বৰাপানীত থকা ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ উদ্যানত নেমুজাতীয় ফলৰ বহুকেইটা প্রজাতিৰ সংৰক্ষণ আৰু মূল্যাংকন কৰি থকা হৈছে। এনে ব্যৱস্থাৰ উপৰিও বর্তমান বিভিন্ন কাৰণৰ বাবে সংকটৰ গৰাহত পৰা দুষ্প্রাপ্য প্রজাতিবোৰ সংৰক্ষণৰ নতুন কৌশল যেনে:- Cryopreservation, tissue culture  আদিৰ সহায়ত সংৰক্ষণৰ কৰাৰ বিষয়েও চিন্তা কৰাৰ প্রয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে বর্নিহাটত থকা , ভট্টাচার্য আৰু দত্তই সংগ্রহ কৰা আপুৰুগীয়া প্রজাতিখিনি আমাৰ অমনোযোগীতাৰ বাবে ইতিমধ্যে হেৰাই গ’ল


 বিদ্র:  ছবিসমূহ ইন্টাৰনেটৰ পৰা লোৱা হৈছে
       Images are from various websites 

* বর্তমান অসমৰ প্রতিখন চৰকাৰী বিদ্যালয়লৈ কৃষি বিভাগৰ তৰফৰ পৰা থলুৱা ফলমূলৰ পুলি বিতৰণৰ যি ব্যৱস্থা কৰিছে তাৰ দ্বাৰা   সংৰক্ষণত কিছু পৰিমাণে সহায় কৰিব বুলি আশা কৰিব পৰা যায়।

Sadik2crs@yahoo.co.in

2 comments:

  1. চাৰ, বহুতো নজনা তথ্য জানিলো নেমুটেঙাৰ বিষয়ে ৷

    ReplyDelete
    Replies
    1. ধন্যবাদ। এনেবোৰ ফলৰ বিষয়ে যি জানা জনাবা বুলি আশা কৰিলোঁ।

      Delete