Friday 9 November 2018

সফলতাৰ কাহিনী-২::Small Tea Garden (STG) --- A success story



সেউজী ধৰণী

সফলতাৰ কাহিনী-২
ক্ষুদ্র চাহখেতি --- সফলতাৰ এক কাহিনী
ডঃ মদন টাপৰীয়া


১৯৭৮ চনৰ আগভাগৰ কথা। কেইমাহমানৰ আগতে চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগত যোগদান কৰিছোহি মাত্রসহকর্মীৰূপে পালো ডঃ অনিৰুদ্ধ ডেকাক আমি দুয়ো একেটা ৰূমতে বহো
এদিন বিভাগীয় মুৰব্বী ডঃ প্রফুল্ল বৰা ছাৰে আমাক দুয়োকে মাতি পঠিয়ালেতেখেতৰ ৰুমলৈ গৈ দেখোঁ ভকতৰ দৰে দীঘল চুলিৰ ব্যক্তি এজন ছাৰৰ কোঠাত বহি আছে। পিন্ধনত ধুতি, চোলা ডিঙিত এখন গামোছাবৰা ছাৰে  আমাক চিনাকি কৰাই দিলে... এখেত শ্ৰীযুত সোনেশ্বৰ বৰাদেৱ, কৃষি মন্ত্ৰী।
অসমৰ কৃষি মন্ত্ৰী ! ছাৰৰ ৰুমত!! কি আচৰিত কথা !!!
নমস্কাৰ জনাই আমি ঠিয় হৈ থাকিলোঁ। মন্ত্রী মহোদয়ে আমাক বহিবলৈ কোৱাত কিছু আঁতৰৰ চকী দুখনত আমি বহি পৰিলোঁ। একো বুজিব নোৱাৰি বৰা ছাৰলৈ চাই থাকোঁতে তেখেতে জানিবলৈ দিলে যে মন্ত্রীজনাই অসমৰ কৃষকৰ দ্বাৰা চাহ কৰোৱাবলৈ চিন্তা কৰি আমাৰ কাষলৈ আহিছে। গতিকে এনে খেতিৰ সম্ভাৱনীতা তথা লাভ-লোকচানৰ বিষয়ে জানিবলৈ বিচাৰিছে।
চাহখেতিৰ বিভিন্ন দিশৰ বিষয়ে ছাত্র হিচাপে আমি কিছু কথা পঢ়িলো আৰু শিকিলো। কিন্তু আন খেতিৰ বিষয়ে পঢ়োতে লাভ-লোকচানৰ হিচাপ এটা জনাৰ দৰে চাহখেতিৰ ক্ষেত্রত তেনেদৰে কোনো হিচাপ জনাৰ উপায় আমাৰ নাছিল। Garden training-লৈ যাওঁতেও বাগিচা কতৃপক্ষই এইবোৰ তথ্য দিয়াৰপৰা বিৰত আছিলএয়া তেওঁলোকৰ বিজনেছ ছিক্ৰেট..!
আলোচনাৰ সময়ত আমি এই কথাটো উনুকিয়াই দিয়াত মন্ত্রী মহোদয়ে জানিব বিচাৰিলে যে এনে তথ্য বিশ্ববিদ্যালয়ে গনণা কৰি তৈয়াৰ কৰি উলিয়াব নোৱাৰে নে..? বৰা ছাৰে ক’লে যে এয়া পৰা যায়। তাৰ পাছত চাহখেতিৰ বিষয়ে বহুতো আলোচনা হ’ল আৰু শেষত চাহখেতিৰ লাভ-লোকচানৰ হিচাপটো গণনা কৰি উলিওৱাৰ গুৰুভাৰটো আমাক দিয়া হ'
বৰা ছাৰৰ পৰামর্শমতে বিভিন্নজনৰ লগত ডাটা বিচাৰি যোগাযোগ কৰা হ’ল। এইবোৰ বৃহৎ কোম্পানীৰ। এনেবোৰ ডাটা কৃষকৰ বাবে সমানে প্রযোজ্য নহ’ব পাৰে। তথাপিও এটা ৰিপর্ট প্রস্তুত কৰা হ’ল। এই ৰিপর্ট ওপৰত ভিত্তি কৰি কৃষি মন্ত্রীজনে বিধান সভাত যুক্তিৰে সকলোকে পতিয়ন নিয়াই অসমৰ কৃষকৰ বাবে চাহখেতি কৰাৰ বাট মুকলি কৰে। অৱশ্যে চাহখেতিক কেন্দ্ৰীয় চৰকাৰে restricted cropৰ শ্ৰেণীত ৰখাৰ বাবে এই খেতিৰ বাবে টি বোৰ্ডৰ অনুজ্ঞা পত্ৰ ল'ব লাগিছিল। কিন্তু সেই সময়তে জনতা চৰকাৰৰ পতন ঘটাত ৰাজনৈতিক সদিচ্ছাৰ অভাৱত অসমৰ কৃষকে চাহখেতি কৰিব পৰা কথাটো তাতে তল পৰিল..!
সময় বাগৰিল...। ১৯৮৮ চনৰ কথা। ড: প্রফুল্ল বৰা চাৰ তেতিয়া  বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসেই সময়ত আমি মন কৰিলো যে অসমত অ'ত ত'ত কেইবাজনো খেতিয়কে চাহ খেতি কৰি আছে। কাৰিকৰী দিহা পৰামৰ্শৰ অভাৱত বাগিচাবোৰ ঠনধৰি উঠা নাই। আমি স্ব-ইচ্ছাৰে তেওঁলোকৰ কাষ চাপিলো। বৰা ছাৰক এই বিষয়ে কোৱাত তেখেতে বৰ ভাল পালে আৰু বিভিন্ন পৰামর্শ দিয়ে ক্ষান্ত নাথাকি সেই সময়ৰ Director, Extension Education, : অনাদিৰাম বৰুৱা ছাৰলৈ ফ'ন কৰি নিৰ্দেশনা দি দিলে যে ...আমাৰ যেতিয়াই দৰকাৰ হয় বাগিচা পৰিদর্শন কৰিবলৈ গাড়ী এখনৰ ব্যৱস্থা কৰি দিয়ে যেন..!
বচ..কাম আৰম্ভ হৈ গ’ল। এই কাম সুকলমে পৰিচালনা কৰিবৰ বাবে  : ৰানা প্ৰতাপ ভূঞাঁক আমাৰ বিভাগত মকৰল কৰা হল..! বৰা ছাৰে এই কামটোক গতি দিবলৈ Tea Advisory Cell (for small tea growers) নামৰ এটা platform তৈয়াৰ কৰি দি ড: ৰানা প্ৰতাপ ভূঞাঁক আহ্বায়ক, মোক ভাৰপ্ৰাপ্ত অধ্যাপক, : অনিৰুদ্ধ ডেকা আৰু ড: সপোন বৰুৱাক সদস্য ৰূপে মনোনীত কৰি এই কামত আগবাঢ়ি যাবলৈ সুবিধা কৰি দিলে। বৰা চাৰৰে প্ৰচেষ্টাত সকলো stakeholder-ক লগত লৈ কেইবালানি মিটিং পতা হ'ল যাতে এই চাম কৃষক আগবাঢ়ি যোৱাত সুবিধা হয়।
বিশ্ববিদ্যালয়ে হাতত লোৱা এই আঁচনিখনত ঘনাই বাগিচা পৰিদর্শন কৰি থকাতো অতি জৰুৰী কথা। সেয়ে বৰা ছাৰে নিজৰ প্ৰচেষ্টাত টি বোৰ্ডৰ পৰা অনুদান আনি Maruti Gypsy এখন আমাক দিয়ে যাতে সঘনাই বাগিচাবোৰ পৰিদৰ্শন কৰিবলৈ সক্ষম হওঁ..!
প্রথমে ad-hoc ৰূপে গঠন কৰা Tea Advisory CellSmall Tea Growers Advisory Programme নাম দি নতুন ৰূপ দিয়াত আঁচনিখনে এক নতুন মাত্রা পালে। এই আঁচনীৰ অতুলনীয় কাৰ্য ক্ষমতা আৰু প্ৰচেষ্টাত আজি ক্ষুদ্ৰ পৰ্যায়ৰ চাহখেতিয়ে এক বিপ্লৱৰ ৰূপ ললে। আজি সুদীর্ঘ ত্রিশ বছৰৰ পাছত (১৯৮৮-২০১৮) চাকৰি জীৱনৰ সফলতাৰ বিষয়ে জুকিয়াই চাই দেখোঁ যে অসমত চাহখেতিক "খেতিয়কৰ খেতি"লৈ ৰূপান্তৰ কৰাত যিসকল জড়িত হৈ আছে তাৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অবদান অদ্বিতীয় বুলি কলে কোনো অত্যোক্তি কৰা নহ'ব। ভাবি ভাল লাগে যে এই সফলতাৰ আঁৰত আমিও জড়িত হৈ আছিলো। আজি ক্ষুদ্ৰ পৰ্যায়ৰ চাহখেতিৰ অৰিহনা অসমৰ সৰ্বমুঠ চাহ উৎপাদনৰ ৪২% আৰু অতি কম সময়ৰ ভিতৰতে এই অৰিহনা ৫০% অতিক্রম কৰিব বুলি আশা কৰিব পাৰি।


-------------------------------------------------------------------------







No comments:

Post a Comment