সেউজী ধৰণী
ধানৰ অনিষ্টকাৰী কীট-পতংগ-
১) টুপলিকটা
১) টুপলিকটা
ড: ছাদিকুল হুছেইন
ছবি-১
১)
টুপলিকটা (ইংৰাজী: Case worm; বৈজ্ঞানিক:Nymphula
depunctalis Guen.)
ধান গছৰ পাতৰ আগবোৰ
কুটি তাৰে সজা সৰু বাহ বা টুপলিৰ ভিতৰত লুকাই থাকি পাতৰ হৰিৎকণাৰ প্রলেপটো খোৱা
এবিধ পলু। ইহঁতে কুমলীয়া পাতত আক্রমণ কৰে; আক্রান্ত অংশটো উজ্বল বগা বৰণৰ হৈ
জিলিকি উঠে
[ছবি- ১]। ধান ৰোৱাৰ প্রায় এমাহলৈকে
ইহঁতৰ আক্রমণ দেখা যায়। ডৰাটোত থকা পানীৰ সহায়েৰে টুপলিবোৰ এগোছাৰ পৰা আন এগোছালৈ
বিয়পি পৰে। অসমত টুপলিকটাৰ দুটা প্রজাতি পোৱা যায় যদিও N.depunctalis ৰ
প্রাদুর্ভাৱ বেছি। এইবিধৰ পখিলাজনী ৰূপালী বৰণৰ। দিনৰ ভাগত এনে পখিলাবোৰ পাতৰ আগত
পৰি থকা দেখা যায় [ছবি-২]।
ছবি-২ |
পানীৰ সংস্পর্শত থকা পাতৰ তল ফালে ইহঁতে কণী পাৰে
আৰু এসপ্তাহমানৰ পাছত ইয়াৰ পৰা পলুবোৰ ওলায়। প্রথম অৱস্থাত বাহিৰতে থাকি দুবাৰ মোট
সলোৱাৰ পাছত পলুবোৰে টুপলি সাজিবলৈ লয় [ছবি-৩]। প্রতিবাৰ মোট সলোৱাৰ পাছত নতুনকৈ টুপলি সাজে আৰু প্রায় ২০ দিনমানৰ পাছত ইয়াৰ ভিতৰতে লেটা বান্ধে; ৮-১০
দিনৰ পাছত লেটাৰ পৰা পখিলা ওলাই আৰু জোৰা পাতে।
ছবি-৩
ধান ৰোৱাৰ এমাহলৈকে গোছাটোত আন
কীট-পতংগৰ আক্রমণ নহ’লে টুপলিকটাৰ বাবে উৎপাদনৰ বিশেষ হ্রাস নঘটে । আক্রান্ত গোছাবোৰত পুনৰ নতুন পাত ওলায়। অৱশ্যে চপাওঁতে কিছু পলম হয়। আনহাতে আক্রমণৰ
মাত্রা বেছি হৈ গোছাবোৰ পানীত ডুব গ’লে পুনৰ গা কৰিব
নোৱাৰি মৰি যায়।
নিয়ন্ত্রণ:-
- · ৰোৱাৰ পাছত পথাৰত নিম গছৰ পাত, ৰবাব টেঙাৰ বাকলি আদি ছটিয়াই থলে টুপলিকটাৰ আক্রমণ কম হয়।
- · আক্রমণৰ প্রথম অৱস্থাত ডৰাটোৰ পৰা পানী বাহিৰ কৰি দি পথাৰত ইহঁতৰ বিস্তাৰ কমাব পাৰি।
- · কেৰাচিন আৰু পানীৰ ১ : ১ অনুপাতৰ মিশ্রণত ৰচি এডাল তিয়াই ডৰাটোৰ ওপৰেদি চলাই দিলে আক্রমণ কম হয় [ছবি-৪]।
- আক্রমণ বাঢ়ি গোছে প্রতি ১-২ টুপলি দেখিলে ইকালক্স ২০ ইচি নাইবা ক্লৰ’পাইৰিফছ ২০ ইচি ঔষধৰ এচামুচ প্রতি পাঁচ লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব।
ম’বাইল: ৯৪৩৫১৩৫৬৩১
No comments:
Post a Comment