Monday 16 July 2018

ধানখেতিত সাৰ প্রয়োগ ::Fertilizer application in rice





সেউজী ধৰণী    
ধানখেতিত সাৰ প্রয়োগ

ডঃ ছাদিকুল হুছেইন



    
       শস্যৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন কাৰকৰ ভিতৰত মাটিৰ উর্বৰতা শক্তি অন্যতম। উদ্ভিদে শ্রীবৃদ্ধিৰ বাবে শিপাৰ সহায়ত মাটিৰপৰা বিভিন্ন পোষক দ্রব্য আহৰণ কৰে। শস্য বিশেষে এই আহৰণ ক্ষমতা ভিন্ন। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে এক কুইণ্টল ধান উৎপন্ন কৰিবৰ বাবে অধিক উৎপাদনক্ষম জাতে মাটিৰপৰা ২ কি: গ্রাম নাইট্র’জেন, ০.০৭৫ কি: গ্রাম ফছফৰাছ আৰু ১.৮৫ কি: গ্রাম পটেছিয়াম আহৰণ কৰে। সেয়ে পাছৰ বছৰ ধান খেতি কৰিবলৈ যোৱাৰ পূর্বে এই পোষক দ্রব্যখিনি মাটিত যোগান ধৰি মাটিৰ উর্বৰতা শক্তি অটুট ৰাখিব লাগিব। ইয়াকে কৰিবলৈ যাওঁতে মাটিখিনি পৰীক্ষা কৰাতো জৰুৰী হৈ পৰে। কিন্তু সকলো কৃষকৰ বাবে এই পৰীক্ষা সহজলভ্য নহয়। সেইবাবে বিভিন্ন পৰিস্থিতিৰ মাটি পৰীক্ষা কৰি বিজ্ঞানীসকলে অসমৰ মাটিত গড় হিচাপে কোনবিধ সাৰ কিমান পৰিমাণত দিব লাগিব তাক নির্ধাৰণ কৰিছে। এই নির্ধাৰিত পৰিমাণৰ সাৰ প্রায় সকলো শ্রেণীৰ মাটিত প্রয়োগ কৰিব পৰা যায় (তালিকা-১) । এই সাৰ কেইবিধৰ ভিতৰৰ ইউৰীয়া এনে এবিধ সাৰ যিবিধ অতি সহজে পানীত মিহলি হৈ পৰে। সেই বাবে ৰোৱনী চাহৰ সময়ত সম্পূর্ণ সাৰভাগ প্রয়োগ কৰিলে পানীৰ লগত মিহলি হৈ পৰিব, যাৰ বাবে পোখা মেলা, গেঁৰ ধৰা , ফুল ফুলা আদি সময়ত গছজোপাই নাইট্র’জেন মৌলবিধ নাপাব। আনহাতে আন কেইবিধ সাৰ সহজে মাটিৰ লগত মিহলি হৈ পৰে বাবে শিপাই লাহে লাহে আহৰণ কৰি থাকে। সেয়ে ইউৰীয়া সাৰখিনিৰ আধা ৰোৱনী চাহৰ সময়ত প্রয়োগ কৰি বাকী ভাগ সাৰ টপ ড্রেছিং হিচাপে প্রয়োগ কৰি গছক নাইট্র’জেনৰ যোগান ধৰিবলগীয়া হয়।

       অসমত প্রায়ে খেতিৰ সময়ত একক চুপাৰ ফছফেট নামৰ সাৰবিধ পোৱা নাযায়। এনে হ’লে ৰোৱাৰ ৩০ দিনৰ পাছলৈকে সাৰবিধ পথাৰত দিব পাৰি। এই ক্ষেত্রত সাৰ ছটিয়াই উঠি ডৰাটো ভালদৰে গছকি দিব লাগে। বন-বাত থাকিলে সাৰ প্রয়োগৰ আগেয়ে নিৰণি কৰি ল’ব লাগে। অৱশ্যে সাৰবিধৰ অভাৱত ডাই-এম’নিয়াম ফছফেট অর্থাৎ ডি এ পি অথবা ৰক ফছফেট ব্যৱহাৰ কৰিব পাৰে। ডি এ পি ব্যৱহাৰ কৰিলে ইউৰীয়াৰ পৰিমাণ কিছু কম কৰিব লাগিব। কাৰণ ডি এ পি সাৰৰপৰা কিছু পৰিমাণৰ নাইট্র’জেন পোৱা যায়। ৰক ফছফেট ব্যৱহাৰ কৰিলে ৰোৱাৰ অতি কমেও ২০ দিনৰ আগেয়ে বিঘাই প্রতি ২০ কি: গ্রাম প্রয়োগ কৰিব লাগে। আহু আৰু শালি একে ডৰা মাটিতে কৰিলে আহু ৰোৱাৰ ২০ দিনৰ আগেয়ে প্রতি বিঘাত ৪০ কি: গ্রাম ৰক ফছফেট প্রয়োগ কৰিলে শালিৰ সময়ত পুনৰ দিব নালাগে।

টপ ড্রেছিং কেতিয়া আৰু কেনেকৈ কৰিব লাগে

       দীর্ঘদিনীয়া জাতত ধানৰ গোছাবোৰে পোখা মেলি থকাৰ সময়ত প্রথমটো আৰু থোক গঠন হোৱাৰ সময়ত দ্বিতীয়টো টপ ড্রেছিং কৰিব লাগে। টপ ড্রেছিং কৰিবলৈ লোৱা সাৰভাগৰ লগত শুকান গোবৰ নাইবা মাটি ১ : ১০ অনুপাতত মিহলাই প্রায় ৪৮ ঘণ্টামান গাপ দিব লাগে। এইদৰে গাপ দিয়াৰ বাবে সাৰখিনি গোবৰ নাইবা মাটিৰ লগত ভালদৰে মিহলি হৈ পৰিব। এতিয়া এই গোবৰ বা মাটিখিনি পথাৰত সমানে পৰাকৈ ছটিয়াব পৰা যাব যাৰ বাবে শস্যডৰাই সাৰখিনি সমানে পাব। আনহাতে গোবৰ আদিৰ লগত মিহলি হৈ থকাৰ বাবে শিপাই সাৰখিনি লাহে লাহে গ্রহণ কৰিব আৰু গছজোপাই বহু প্রয়োজনীয় নাইট্র’জেন মৌলবিধ পাই থাকিব। সাধাৰণতে দেখা যায় যে যি সময়ত টপ ড্রেছিং কৰিবলগীয়া হয় সেই সময়ত প্রায়ে বৰষুণ হৈ থাকে। এনে বতৰত শুকান গোবৰ বা মাটি পাবলৈ অসুবিধা হয়। সেয়ে সময় বুজি শুকান গোবৰ বা মাটি সংগ্রহ কৰি থব লাগে।

*** উৎস: কৃষি জিজ্ঞাস
----------------------------------------------------------------------------------------------- ম’বাইল: ৯৪৩৫১ ৩৫৬৩১

No comments:

Post a Comment