সেউজী ধৰণী
আহক বতৰলৈ বাট নাচাই সেউজ গৃহত তিয়ঁহ খেতিত ধৰোঁ
ড.
লোচন শইকীয়া
তিয়ঁহৰ দাম এতিয়া কিমান গম পাইনে? নে বজাৰ কৰা অভ্যাস নাইয়ে? বজাৰত এই অবতৰত তিয়ঁহৰ বজাৰত জুই লাগে। কিনিম বুলি দাম সুধি, হাত কোঁচ খাই যোৱা দাম ক’লে কাৰনো বাৰু কিনিব মন যাব, হয়নে! তিয়হৰ খেতিৰ বতৰ ঠাণ্ডাকালি আৰু জহকালিৰ মাজৰ সময়ছোৱা। তিয়ঁহ গছে ঠাণ্ডাও সহ্য নকৰে,
অধিক গৰমো সহ্য নকৰে। সেয়েহে ফাগুন সোমালেহে আমাৰ খেতিয়কে তিয়ঁহ খেতিত হাত দিয়ে। ফাগুন মানে ফেব্ৰুৱাৰী মাজ সীমাৰ পৰা মাৰ্চৰ মাজ সীমা।
তিয়ঁহৰ গুণৰ বিষয়ে নকলেও চলে। কেঁচা তিয়ঁহৰ বাকলিতো ঔযধীয় গুণ আছে। সৌন্দয্য চৰ্চাত তিয়ঁহৰ স্থান নিগাজী। চকুৰ গুৰি কলা পৰিছে? তিয়ঁহৰ চকল মুদা চকুৰ ওপৰত, চকুৰ তলত অলপ সময় লগাই ৰাখক। মুখৰ ছাল,
হাতৰ ছাল, ভৰিৰ ছাল নিমজ কৰিবলৈ তিয়ঁহৰ ৰস তুলনাবিহীন। সৌন্দয্য চৰ্চা বিশেষজ্ঞ সকলৰ কাৰণে তিয়ঁহ মকৰধ্বজৰ দৰে। আজি কালি এণ্টিঅক্সিজেনৰ কথা সকলোৰে মুখত শুনা যায়। কেঁচা সতেজ তিয়ঁহ এই ক্ষেত্ৰত অতি চহকী। খাদ্যপ্ৰাণ, ধাতৱ খাদ্যগুণ, শ্বেতসাৰ, পানী ইত্যাদি আটাইবোৰ খাদ্যৰ গুণ লৈ তিয়ঁহৰ গুণানুকীৰ্ত্তন গাই শেষ কৰিব নোৱাৰি। শৰীৰত অন্য খোৱা বস্তুৰ পৰা সৃষ্টি হোৱা মুক্ত যৌগ (ফ্ৰী ৰেডিকেলচ)নাশ কৰিব পৰা ক্ষমতা এই এণ্টিঅক্সিডেণ্টৰে কাম। তিয়ঁহত থকা এবিধ এণ্টিঅক্সিডেণ্ট হল
‘গ’ ভিটামিন বা ভিটামিন ‘চি’। একোজন প্ৰাপ্তবয়স্ক মানুহক দৈনিক প্ৰয়োজনীয় খাদ্যপ্ৰাণ ‘গ’
এটা তিয়ঁহেই যোগান ধৰিব পাৰে।
প্ৰকৃতিৰ নিয়ম অনুযায়ী অসমত ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই দৈনিক তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে। আজি যি তিয়ঁহক আমি বিদেশী জাতৰ নামেৰেহে চিনি পাওঁ; সেই তিয়ঁহৰ মূল ঘৰখন অসম-ম্যানমাৰৰ সীমাত বুলি কলে উচপ খাই নুঠিব। নাগা পাহাৰৰ মুকংচোঙৰ স্থানীয় তিয়ঁহ তুলনাবিহীন। তিয়ঁহ নিজৰ হৈয়ো আমাৰ নিজা জাত নাই বুলি কলে মিছা কোৱা নহয়। এই গছজোপাৰ স্ত্ৰীপুষ্প আৰু পুংপুষ্পৰ সংখ্যাৰ অনুপাতত তাপমানৰ প্ৰত্যক্ষ প্ৰভাব পৰে। গঢ় তাপমান আঠাইশ ডিগ্ৰী চেলচিয়াচৰ ওপৰলৈ গলেই তিয়ঁহ গছজোপাৰ পুষ্পবোৰ পুংপুষ্পলৈ পৰিবৰ্ত্তিত হয়। এই ক্ষুদ্ৰ তত্ত্বটোৱেই তিয়ঁহ খেতিৰ সময়টো আমাৰ ইয়াত সংকীৰ্ণ কৰি ৰাখিছে। ঠাণ্ডাতো নহয়,
গৰমতো নহয়। সেয়ে কোৱা হয় তিয়ঁহ মধ্য উষ্ণতাৰ খেতি।
এতিয়া বজাৰত অধিক মাত্ৰাত স্ত্ৰীপুষ্প ওলোৱা বৰ্ণসংকৰ (এফ ওৱান)
জাত উভৈনদী হৈ পৰিছে। আজিৰ তাৰিখত সাতাইশটা জাত আমাৰ অসমৰ বজাৰতে পায়। ইয়াৰে সৰহখিনি বিদেশী বজাৰৰ গুটি। বছৰটোৰ চাৰিমাহতেই শেষ হৈ যোৱা খেতি এতিয়া বিজ্ঞানৰ বলত আৰু তিনি মাহলৈ বঢ়াব পৰা হৈ পৰিছে। অৰ্থাত দুগুণ উত্পাদন। কেনেকৈ এইয়া সম্ভব হব পাৰে?
মুকলি মাটিত খেতিৰ উপযোগী তাপ ৰাখিব পৰা কম খৰচী একো ব্যৱস্থাই নাই।
এডাল দীঘল আঁচক নুচুৱাকৈ চুটি কৰিবলৈ, আঁচডালৰ কাষতে আৰু এডাল বেছি দীঘল আঁচ টানি দিলেই হোৱাৰ দৰে খেতি কৰিব পৰা পৰিসৰ বঢ়াবলৈ ঠাণ্ডা কালিকে বাচি লোৱা হৈছে। ঠাণ্ডাত তিয়ঁহ খেতি নহয়, কি হল?
আমি ঠাণ্ডা পৰিবেশক গৰম কৰিব পৰা ব্যৱস্থা জানোঁ। কম খৰচী সেউজ গৃহত অতি সহজেই ঠাণ্ডাকালিতেই তিয়ঁহ খেতি কৰিব পাৰি। যিহেতু সেউজ গৃহত ব্যৱহাৰ হোৱা পলিইথাইলিনৰ ঢাকোন খনেই নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ঠাণ্ডা বতৰকো ঘৰটোৰ তলত গৰম কৰি ৰাখিব পাৰে। সেউজ গৃহটোৰ ভিতৰলৈ অহাৰ লগে লগে তিয়ঁহ খেতিৰ নিয়ম-নীতিৰ পৰিবৰ্ত্তন কৰিবলগীয়াত পৰে। মুকলিত কৰিলে তিয়ঁহৰ পুলিৰ দুৰত্ব ডেৰমিটাৰৰ পৰা দুই মিটাৰ ৰখা হয়। সেই একেবোৰ জাত ব্যৱহাৰ কৰি সেউজ গৃহত এশবিশ চেণ্টিমিটাৰ বহল ভেটীত দুটা শাৰীৰ মাজত ষাঠি চেণ্টিমিটাৰ ৰাখি শাৰীত পুলিৰ দুৰত্ব ত্ৰিশ চেণ্টিমিটাৰলৈ কমাই সৰহ সংখ্যক পুলি লগোৱা হয়। এই গোটেই প্ৰক্ৰিয়াৰ বাবে ওপৰৰ পৰা ওলমোৱা ৰচীৰ প্ৰয়োজন হৈ পৰে।
অসমীয়া মানুহে মাটি তিয়ঁহক খুউব ভালদৰেই চিনি পায়। দুঃখৰ বিষয় আমাৰ ইয়াত মাথোন ইয়াৰ আদৰ নাই। তুলনামূলক ভাবে সামান্য চুটি, মাটিৰ বৰণৰ গোটা টিয়ঁহ কলা বৰণৰ সৰু সৰু কাঁইট থকা মাটি তিয়ঁহ। মাটিতেই বগাই হয় কাৰণে মাটি তিয়ঁহ নাম ৰাখিছে। বহাগ বিহুত ছাট সাজি লাউ, বেঙেনা, তিতা কেৰেলাৰ লগত শিঙি লোৱা তিয়ঁহৰ চকলবোৰ বোৰ মাটি তিয়ঁহেই। আমাৰ অসমত মাঘৰ বিহুৰ পৰা বহাগলৈকে উপলদ্ধ হোৱা এইবিধ তিয়ঁহৰ খাদ্য গুণ অধিক বেছি। এই মাটি তিয়ঁহবোৰকে ইংৰাজীত Prickling cucumber বুলি কয়। আমি সাধাৰণতে চিনি পোৱা তিয়ঁহবোৰ Slicing cucumber। এইবোৰৰ ওপৰিও আৰু এবিধ গুটি নোহোৱা তিয়ঁহ আছে যাক
Burpee বা Seedless cucumber বুলি কোৱা হয়।
এই তিনিওবিধ আবতৰীয়া, আগতীয়াকৈ তিযঁহ পাবলৈ নৱেম্বৰৰ (কাতি মাহৰ অৰ্দ্ধেক যাওঁতেই)আৰম্ভনীতেই তিযঁহৰ গুটি সিচিব পাৰোঁ। মাটিত গুটি সিঁচাৰ পৰা পঞ্চলিশ দিনৰ ভিতৰতেই প্ৰথম ফুল ওলায়। তিয়ঁহ গছৰ বৰ ডাঙৰ গুণ এটা আছে। এই গুণটো হল ইয়াৰ প্ৰতিটো গাঁঠিৰ গুৰিত এখিলা পাত আৰু পাতৰ ঠাৰিৰ গুৰিত একোটা বা ততোধিক ফুলৰ কলি ওলায়। সেই ফুল হয় পুৰুষ লিঙ্গী নতুবা স্ত্ৰীলিঙ্গী। একেৰাহে ছয়-সাতোটা একে লিঙ্গী ফুল ওলাই তাৰ পিচৰ স্তৰত বিপৰীত লিঙ্গৰ ফুল ওলায়। ফুল নোলালে মাজে মাজে ডাল ওলায়। ফুলৰ লিঙ্গ নিৰ্দ্ধাৰণত বতৰৰ তাপমানৰ পোনপটীয়া প্ৰভাব পৰে। তাপমান ঠাণ্ডাও নহয়,
গৰমো নহয় তেনেকুৱা মানদণ্ডৰ তাপত তিয়ঁহ গছত ফুলবোৰ স্ত্ৰীলিঙ্গী হৈ ওলায়। আঠাইশ ডিগ্ৰী পাৰ হলেই দ্বীলিঙ্গ লাউ,
ৰঙালাউ, তিয়ঁহ জাতীয় গছবোৰত পুৰুষ লিঙ্গী ফুল বেছি ওলায়। লাউ, ৰঙালাউ সেয়েহে লগোৱা সময় আঘোন-পুহতে পৰে। অথচ তিয়ঁহ ফাগুনলৈ ৰব লাগে। বিশ্বৰ বজাৰত এতিয়া তিয়ঁহৰ জাতবোৰ স্ত্ৰীলিঙ্গী বা পাৰথিন’কাৰপিক চৰিত্ৰৰ। ভাৰতত এই ধৰণৰ স্ত্ৰীলিঙ্গী জাত সহজে পোৱা নাযায়। হলেণ্ডৰ পৰা আমদানী কৰা তিনিবিধ পাৰথিন’কাৰপিক তিয়ঁহ বাঙ্গালুৰুৰ বজাৰত ওলাইছে। চিন্তা কৰকচোন প্ৰতিটো গাঁঠিত দুটা তিনিটাকৈ তিয়ঁহ লাগিলে আপুনি কিমান তিয়ঁহ গছজোপাই প্ৰতি লাভ কৰিব। নহলেও নাই,
দ্বীপুষ্পী জাতবোৰকে ব্যৱহাৰ কৰিও অনেক লাঙ হব।
এই কথাবোৰ নিজে কৰি নিজৰ অভিজ্ঞতাৰ পৰাহে লিখিছোঁ। কিতাপৰ কথা নহয়। কম খৰচী সেউজ গৃহ তিয়ঁহ খেতিৰ কাৰণে অতি উত্তম। ৰব,
এতিয়াই এই আলোচনা শেষ হোৱা নাই। তিয়ঁহ গছজোপাৰ আৰু এটা গুণ হল ইয়াৰ মূল ডালত ফুল মেলা প্ৰক্ৰিয়া, কাষৰ পৰা ওলোৱা ডালবোৰতো হুবহু
(Sympodial) একে হোৱাৰ কাৰণে মাত্ৰাধিক তিয়ঁহ গছজোপাত লাগিবলৈ লোৱাত ক্ৰমান্বয়ে ওপৰৰ আটাইবোৰ তিয়ঁহ সৰু হৈ পৰে। সেয়ে ডালবোৰৰ আগ অলপ কাটি নিয়ন্ত্রণ কৰাৰ প্ৰয়োজন হৈ পৰে যাতে আটাইবোৰ তিয়ঁহ প্ৰায় একে জোখৰ হয়। বাকী থাকিল সাৰ-পানী। পচন সাৰ আৰু পানী যোগান ধৰিলেই আপুনি আকৌ এই খেতিৰো এজন সফল খেতিয়ক হৈ উঠিব।
তিয়ঁহৰ মূৰটো খাবলৈ তিতা হয়েই। মূৰটোৰ অলপ কাটি লৈ পুণৰ কটা দিশটোৰে আন অংশত ঘঁহি ঘঁহি ফেনাই আঁতৰাই ললেই তিতা ভাবটো নোহোৱা হৈ পৰে। পাৰথিন’কাৰপিক জাতবোৰৰ মূৰটো সমূলি তিতা নহয়। আৰু এটা কথা কওঁ। তিয়ঁহ বাকলিৰ সৈতেহে খাব লাগে। যেনেকৈ আপেলো বাকলিৰ সৈতে খায়।
হে সুধী পাঠক,
ৰৈ নাথাকিব। আজিয়ে আৰম্ভ কৰক। ব্যৱসায় নকৰে নাই, নিজে খাবলৈকে কৰক। আদিম ভোকে সদায় জোকাই আছে নহয়। দুই-চাৰিজোপা গছ লগাই তাৰ ফল আনকো বিলাওক। আপোনাৰ সাধু ও বিনয়ী ভগাই খোৱা স্বভাৱক সকলোৱে প্ৰশংসা কৰিব। ইচ্ছা কৰিলে আৰ চি চি ঘৰৰ ওপৰৰ চাদলৈও তিয়ঁহৰ খেতিক তুলি নিব পাৰে। থাৰ্মোকোল বাকচত সাৰুৱা মাটি আৰু পচন সাৰ ভৰাই খেতি কৰিব পাৰিব। আৰু বেছি ইচ্ছা কৰিলে তিয়ঁহ খেতিক ব্যৱসায়িক ৰূপো দিব পাৰে।
অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট , ম’বাইল: ৯১০১৭৬১২১৪






No comments:
Post a Comment