সেউজী ধৰণী
বনচাইৰ বিষয়ে কেতবোৰ
ভ্রান্ত ধাৰণা
নৱ কুমাৰ বৰা
চীন আৰু জাপানৰ বাহিৰে আন দেশবোৰৰ বহুতোলোকে
বনচাইক গছ-গছনিক কৃত্রিমভাৱে বাওনা কৰি ৰখা এক নিষ্ঠুৰ প্রক্রিয়া বুলি কব খোজে।
ইয়াক অৱশ্যে বনচাইৰ গভীৰতালৈ নোসোমাৱা তথা পাৰদর্শিতা লাভ কৰিব নোৱৰাৰ ফল বুলিয়েই
ধৰণা কৰিব পাৰি। আমাৰ পূর্বৰ লেখাত (http://sadik2crs.blogspot.in/2016/10/bonsai.html ) আলোচনা কৰি অহাৰ পাছত এই প্রশ্নৰ প্রাসঙ্গিকতা অর্থহীন যদিও
সর্বসাধাৰণৰ মনৰ খুদুৱনি মৰিবলৈ কেইটামান বাস্তৱ যুক্তি দাঙি ধৰা হ’ল।
প্রথম কথা হ’ল --- বনচাইত কোনো কৃত্রিমতা নাই। পর্বত-পাহাৰ, শিল-গুহ্বৰ, গছৰ
খোৰোং আদিত প্রকৃতিক ভাবে বহুতো বনচাই পোৱা যায়। প্রকৃতিৰ অফুৰন্ত শক্তিৰ
বৈচিত্রতাৰ এক প্রতিফলন হ’ল বনচাই। তদুপৰি এই শিল্পৰ অনুপ্রেৰণা লাভ কৰা বৌদ্ধ
ধর্মৰ প্রধান নীতি হ’ল প্রেম, কৰুণা আৰু মৈত্রী। ইয়াত নিষ্ঠুৰতাৰ প্রশ্নই উঠিব
নুঠে।
বনচাইবোৰ বিসঙ্গতিপূর্ণ বাওনা বা জুপুকামৰি
থকা গছ নহয়; স্বাভাৱিক শাৰিৰীক প্রক্রিয়াৰে জীয়াই থকা ইহঁত আন গছবোৰৰ এক ক্ষুদ্র
সংস্কৰণহে। গছবোৰৰ ডাল-পাত কাটি থকাৰ ফলত উপযুক্ত পৰিমাণৰ ৰ’দ-বতাহ পাই শ্রীবৃদ্ধি
হৈ ইহঁত ফুলেফলে জাতিষ্কাৰ হৈ উঠে। অন্যথাই সিহঁতৰ স্বাভাৱিক ফলফুল নধৰিলেহেঁতেন
আৰু প্রকৃতিৰ বুকুতো জীয়াই নাথাকিলহেঁতেন। আনহাতে বনচাইবোৰ শ শ বছৰ ধৰি স্বাভাৱিক
ভাবেই জীয়াই থাকে। চীন আৰু জাপানত এতিয়াও সাতশ- আঠশ বছৰীয়া বনচাই পোৱা যায়।
আকাৰ দিবলৈ গছবোৰৰ গাত তাঁৰ আদিৰে অতি সাৱধান দুখ নোপোৱাকৈ
মেৰিওৱা হয়। গছবোৰক উপযুক্ত সাৰ-পানী মাটি আদিৰ যোগান ধৰি পোক-পৰুৱা, ৰোগ-ব্যাধি,
প্রতিকুল বতৰৰপৰা ৰক্ষা কৰি উপযুক্ত পৰিৱেশত ৰখা হয়। শিপা কাটি থকাৰ ফলত খামুচি
ধৰা শিপাৰ প্রযোজন কমি গৈ খাদ্য আহৰণকাৰী শিপাৰ বৃদ্ধি হয়। তদুপৰি মাটিৰপৰা আহৰণ
কৰা আহাৰ আৰু পাতে প্রস্তুত কৰা খাদ্যৰ অনুপাত সন্তলিত অৱস্থাত থাকে, যাৰ বাবে
খাদ্যৰ পৰিপুষ্টিতো ভাৰসাম্যতা আহি পৰে। এইবোৰৰ বিপৰীতে সচৰাচৰ টাবত ৰোৱা গছবোৰ
বহু ক্ষেত্রত বৰ কষ্টত জীয়াই থকা দেখা যায়। আনহাতে হে’জ আদি কলম নাইবা বিভিন্ন
আকাৰ দিবলৈ কাটি থকাতো বাগিচাৰ এক চিৰ প্রচলিত প্রথা। ইয়াৰ লগতে চিন্তা কৰকচোন
বনচাইক নিষ্ঠুৰ প্রক্রিয়া বুলি কোৱা সকলে হাতত চাহ কাপ লওঁতে চাহগছৰ ওপৰত হোৱা
অত্যাচাৰৰ বিষয়ে অলপমানো ভাবেনে?
ম’বাইল: ৮৪৭২০২৪৮১৭
No comments:
Post a Comment