Tuesday 17 November 2015

এবিধ মেৰুদণ্ডহীন প্রাণী ::On earthworm


সেউজী ধৰণী                   
এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা
শেষ খণ্ড
ডঃ চাদিকুল হুছেইন
মাটিৰ গুণাগুণ বৃদ্ধি কৰাত কেঁচুৰ ভূমিকা
বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষাৰ অন্তত নিশ্চিত হৈছে যে মাটিৰ গুণাগুণ উন্নত কৰি কৃষিভূমি সজীৱ কৰি তোলাত কেঁচুৰ ভূমিকা অপৰিসীম ভূ-ভাগৰ বিভিন্ন স্থানত পোৱা এই তিনিওবিধ কেঁচুৱে মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণ যিদৰে উন্নত কৰে তালৈ লক্ষ্য কৰি বহুতে ইহঁতক ‘ecosystem engineers’ বুলি কয়। কেঁচুৱে যি গাঁত বা ছিদ্র কৰে সেইবোৰৰ মাজেৰে পানী সহজে মাটিৰ ভিতৰলৈ নিগৰি যায়, যাৰ বাবে ভূ-পৃষ্ঠৰ ভিতৰ ভাগ জীপাল হৈ থাকে আৰু গছ-গছনি পানীৰ অভাৱত নপৰেআনহাতে এইদৰে পানী মাটিৰ ভিতৰলৈ গতি কৰাৰ বাবে বৈ যোৱা পানীৰ কাৰণে ভূ-পৃষ্ঠৰ মাটিৰ যি ক্ষয় (soil erosion) হোৱাৰ যি সম্ভাৱনা থাকে সেয়া হ্রাস পায়ইয়াৰ উপৰি ভূ-পৃষ্ঠৰ পানী মাটিৰ ভিতৰলৈ গতি কৰাৰ কাৰণে ভিতৰ ভাগ কোমল হৈ থাকে, যাৰ বাবে গছৰ শিপা মাটিৰ বহু ভিতৰলৈকে সহজে সোমাব পাৰে
কেঁচুৱে জৈৱ আৱর্জনাবোৰ ভক্ষণ কৰি প্রদূষণমুক্ত পৰিৱেশ সৃষ্টি কৰাৰ লগতে মাটি সাৰুৱা কৰি তোলে। কেঁচুৰ বিষ্ঠা অর্থাৎ কেঁচুমটাত শস্যৰ বাবে আৱশ্যকীয় মূখ্য মৌলকেইবিধৰ উপৰিও বহুকেইটা গৌণ মৌলও থাকে। দেখা গৈছে যে যি টুকুৰা মাটিত কেঁচুৱে বাস কৰে সেই মাটিৰ তুলনাত কেঁচুমটাত ৫ গুণ অধিক নাইট্র’জেন, ৭ গুণ অধিক ফছফৰাছ আৰু ১১ গুণ অধিক পটাছ পোৱা যায় । আনহাতে কেঁচুমটাৰ ওপৰত থকা তৈলজাতীয় পদার্থৰ প্রলেপৰ বাবে প্রয়োজনীয় মৌলবোৰ অতি লাহে লাহে শস্যৰ বাবে উপলব্ধ হৈ থাকেইয়াৰ উপৰিও কেঁচুমটাৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা যথেষ্ট বেছি। সেইবাবে অধিক পৰিমাণৰ কেঁচুমটা থকা মাটিত শস্য পানীৰ অভাৱত নপৰে।
কেঁচুৰ দেহৰপৰা নির্গত হোৱা ৰসত শস্যৰ শ্রীবৃদ্ধিৰ বাবে প্রয়োজনীয় হোৱা বহুকেইটা মৌলৰ উপৰিও অক্সিন, চাইট’কিনিন আদি হৰমন পোৱা যায় । সেই কাৰণে কেঁচুৰ ৰস (Vermiwash) জুলীয়া সাৰ হিচাপে উৎকৃষ্টআনহাতে কেঁচুৰ ৰসত বীজাণুনাশক গুণ থকাৰ বাবে শস্যৰক্ষাৰ কাৰণেও ব্যৱহাৰ কৰিব পৰা যায়

কেঁচুৰ ওপৰত কৃষিকার্যৰ প্রভাৱ আৰু ইয়াৰ প্রতিকাৰ
     খাদ্য উৎপাদনৰ প্রয়োজনত মানুহে বিভিন্ন কার্য কৰিবলগীয়া হয়এই কার্যবোৰকে কৃষিকার্য বুলি কওঁ। দেখা গৈছে যে এনে কার্যবোৰৰ বাবে কেঁচুৰ আৱাসস্থল তথা জীৱন-চক্রত বিৰূপ প্রভাৱ পৰে, যাৰ বাবে মাটিত ইহঁতৰ সংখ্যা কমিবলৈ লয়। এই দিশত লাভ কৰা কেতবোৰ গৱেষণালব্ধ তথ্য তলত চমুকৈ উল্লেখ কৰা হ’ল।
ক) খেতি কৰিবলৈ যাওঁতে প্রথমে মাটিডোখৰ চহ কৰা হয়। গৱেষণাসমূহে দেখুৱাইছে যে মাটি চহ কৰা কার্য কৃষিৰ কাৰণে অপৰিহার্য যদিও ইয়াৰ বাবে পৰিস্থিতি তন্ত্রত অনেক কু-প্রভাৱ পৰে। এনে কু-প্রভাৱবোৰৰ ভিতৰত কেঁচুৰ আৱাসস্থলৰ ক্ষতিসাধন অন্যতমট্রেক্টৰ আৰু আন যন্ত্রচালিত সঁজুলি ব্যৱহাৰ কৰিলে এই সমস্যা বেছি প্রকট হয়। এনে সমস্যাবোৰলৈ লক্ষ্য ৰাখি বর্তমান বহুতো বিজ্ঞানীয়ে বিনা চহ (Zero tillage) অথবা কম চহ (Reduced tillage)ৰ ওপৰত গুৰুত্ব দিবলৈ পৰামর্শ দিছে। সাধাৰণতে মার্চ-এপ্রিল আৰু ছেপ্তেম্বৰ-অক্টোবৰ মাহত কেঁচু অধিক সক্রিয় হয়। সেয়ে এই সময়ছোৱাত এনেদৰে মাটি চহ কৰিলে কেঁচুৰ আৱাসস্থলৰ বিশেষ ক্ষতি নহয় আৰু কেঁচুৰ সংখ্যা অটুট থাকে।



খ) এডোখৰ মাটি সজীৱ কৰি ৰাখিবলৈ হ’লে আন বহুতো কৃষিকার্যৰ লগতে শস্যাৱর্তন (crop rotation) কৰাতো অতি আৱশ্যক। কিন্তু শস্যাৱর্তন সঠিক ভাবে ৰূপায়ণ নহ’লে কেঁচুৰ বংশবিস্তাৰত বাধাৰ সৃষ্টি হ’ব পাৰে। দেখা গৈছে যে শস্যাৱর্তনত মাহ আৰু ঘাঁহজাতীয় শস্য অন্তর্ভূক্ত কৰিলে কেঁচুৰ সংখ্যা অটুট থাকে। আনহাতে শস্যাবর্তনৰ বাবে নির্বাচন কৰা শস্যৰ শিপা বিভিন্ন দৈর্ঘৰ হোৱা উচিত। এনে কৰিলে ইহঁতৰ খাদ্যৰ অভাৱ নহয় আৰু বংশবৃদ্ধিত যতি নপৰে। সেইদৰে আৱৰণ শস্যই (Cover crop) মাটি জীপাল কৰাৰ লগতে কেঁচুৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে।

     গ) আধুনিক কৃষিত ৰাসায়নিক সাৰ আৰু ঔষধ প্রয়োগৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। দেখা গৈছে যে নাইট্র’জেনযুক্ত সাৰ বহুদিন ধৰি ব্যৱহাৰ কৰি থাকিলে মাটিৰ আম্লিক গুণ বৃদ্ধি পায়, যিটো কেঁচুৰ বাবে অপকাৰী। সেইদৰে কীট আৰু ভেঁকুৰনাশক ঔষধৰ বাবে কেঁচুৰ দেহৰ লগতে জীৱন-চক্রটো কু-প্রভাৱ পৰে, যাৰ বাবে খেতি মাটিত ইহঁতৰ সংখ্যা কমি যায়। আনহাতে কেঁচুৰ ওপৰত অপতৃণনাশকৰ প্রত্যক্ষ প্রভাৱ কম যদিও এইবোৰৰপৰা পাব পৰা জৈৱ পদার্থৰ অভাৱৰ বাবে কেঁচুৰ সংখ্যা কমিব পাৰে। পথাৰত প্রয়োগ কৰা এনে ৰাসায়নিক দ্রব্যবোৰৰ কেঁচুৰ ওপৰত থকা কু-প্রভাৱ হ্রাস কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্রহণ কৰিব পৰা যায়উদাহৰণ হিচাপে মাটিৰ আম্লিক গুণ কম কৰিবলৈ পথাৰত চূণ প্রয়োগ কৰা মাটিপৰীক্ষাৰ দ্বাৰা আৱশ্যক হোৱা চূণৰ পৰিমাণ নির্ধাৰণ কৰি PH  ৬ - ৭.৮ ভিতৰলৈ আনিলে পথাৰখন কেঁচুৰ বাসোপযোগী হৈ উঠে। সেইদৰে পথাৰত কেঁচুৰ উপস্থিতিৰ লগতে মাটিৰ পৰিস্থিতিলৈ লক্ষ্য কৰি কীট আৰু ভেঁকুৰনাশক ঔষধ ব্যৱহাৰ কৰিলে এইবোৰৰ কু-প্রভাৱ কিছু পৰিমাণে হ্রাস কৰিব পৰা যায়। প্রাপ্য তথ্য অনুসৰি বজাৰত উপলব্ধ সকলোবোৰ কীট আৰু ভেঁকুৰনাশক ঔষধৰ কেঁচুৰ ওপৰত প্রভাৱ আছে। কেঁচুৰ ক্ষেত্রত দেখা দিব পৰা বিষক্রিয়াৰ ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে এনে ঔষধবোৰ কম বিষাক্ত, মধ্যমীয়া বিষাক্ত, অতি বিষাক্ত আদি ভাগত ভাগ কৰিছে আৰু এইবোৰৰ ব্যৱহাৰৰ সময়ত এই দিশটো বিবেচনা কৰিবলৈ পৰামর্শ আগবঢ়াইছে। এনে ঔষধবোৰ spot application বা split application আদি পদ্ধতিৰে প্রয়োগ কৰিলে পৰিস্থিতি তন্ত্রৰ বিশেষ ক্ষতি নকৰে আৰু কেঁচুৰ ওপৰতো বিৰূপ প্রভাৱ নপৰে।

     কেঁচুৰ বিষয়ে কৰা উপৰুক্ত আলোচনাৰপৰা বুজিব পৰা গৈছে যে পৃথিৱী নামৰ গ্রহটো জীৱকুলৰ বাসোপযোগী কৰি ৰখাত এইবিধ প্রাণীৰ অৱদান অপৰিসীম। সেয়ে মাটিৰ বিভিন্ন স্তৰত বাস কৰা প্রাণীবিধ যথাযথ ভাবে সংৰক্ষণ তথা বিস্তাৰ কৰাটো অতি প্রয়োজনীয় কথা। কিন্তু কেঁচুৰ বিষয়ে সংগ্রহ কৰা তথ্য-পাতিৰপৰা দেখা যায় যে এই দিশত বিশেষ মনোযোগ দিয়া হোৱা নাই। সম্প্রতি মাটিৰ উর্বৰতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ‘কেঁচুসাৰ’ৰ লগত Epigeic কেঁচুবিধ কিছু পৰিমাণে মাটিত যোগ হয় যদিও সেয়া পর্যাপ্ত নহয়। আনহাতে ভিতৰ ভাগত থাকি মাটিৰ গঠন উন্নত কৰা Endogeic আৰু Anecic কেঁচু দুবিধৰ ক্ষেত্রত আমি একো কৰা নাই। ইতিমধ্যে বিভিন্ন কৃষিকার্যৰ লগতে মানুহে কৰা আন বহুতো কর্মৰ বাবে ‘ecosystem engineers’ বুলি অভিহিত কৰা এই দুবিধৰ অভাৱত ভূ-গর্ভত বহুতো সমস্যাই দেখা দিব ধৰিছে
সাৰাংক্ষ
বহু হাজাৰ বছৰৰ আগেয়ে পৃথিৱী নামৰ এই গ্রহটোৰ উপৰি ভাগত মাটিৰ সৃষ্টি হয় আৰু কিছুমান ক্ষুদ্রজীৱৰ ক্রিয়া-কলাপৰ বাবে মাটিভাগ জীৱকুলৰ বাসোপযোগী হৈ উঠে এনে ক্ষুদ্রজীৱসমূহৰ ভিতৰত মেৰুদণ্ডহীন প্রাণী কেঁচু অন্যতম। মাটিৰ বিভিন্ন স্তৰত বাস কৰা এই নিমাখিত প্রাণীবিধে অনাদি অনন্ত কালৰপৰা নিৰৱচ্ছিন্ন ভাবে ক্রিয়া কৰি নির্জীৱ মাটিক সজীৱ কৰি ৰাখিছে যাৰ বাবে আমাৰ গ্রহটো সেউজীয়া হৈ আছে। সেয়ে এই প্রাণীবিধক বিলুপ্ত হ’ব নিদি ইহঁতৰ সংৰক্ষণ তথা বিস্তাৰ কৰাটো মানৱজাতিৰ প্রধান কর্তব্য।

দ্বিতীয় খণ্ড: http://sadik2crs.blogspot.in/2015/10/blog-post.html
বি:দ্র: ছবিসমূহ ইণ্টাৰনেটৰপৰা লোৱা হৈছে
-----------------------------------------------------------------------ম’বাইল: ৯৪৩৫১-৩৫৬৩১.


No comments:

Post a Comment