সেউজী ধৰণী
বিষয় : জৈৱিক কৃষি
(২)
ড: চাদিকুল হুছেইন
সংগ্রহ কৰি থোৱা জৈৱিক কৃষি বিষয়ক লেখাবোৰ আৰু
টোকা বহী কেইখন উলিয়াই ল’লোঁ । প্রশিক্ষণ, আলোচনা আদিত
হোৱা কথোপকথনবোৰ সদায়ে টুকি ৰাখিবলৈ যত্ন কৰোঁ । পাছত এইবোৰ মেলি চাই বিভিন্ন ধৰণেৰে উপকৃত হওঁ । আজিও কিছু দিনৰ আগেয়ে জৈৱিক কৃষি বিষয়ক আলোচনা সভা এখনত টুকি থোৱা কথাখিনি বিচাৰি টোকা বহীখন
মেলিলোঁ । সেই আলোচনা সভাত জৈৱিক কৃষিৰ লগত জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ প্রশ্ন
কৃষকে কৰিছিল যিবোৰৰ সদুত্তৰ মোৰ হাতত নাছিল । সেয়ে সেই প্রশ্নবোৰৰ লগতে জৈৱিক কৃষিৰ মূল উদ্দেশ্যৰ বিষয়ে কিছু কথা লিখিবলৈ
ঠিক কৰিলোঁ ।
কাগজ-কলম গোটাই লোৱাৰ আগেয়ে লেখাটো কিদৰে প্ৰস্তুত
কৰিম সেই বিষয়ে মনতে ভাবিবলৈ ল’লোঁ । এইবিধ কৃষিৰ চিন্তা
কেতিয়া আৰু কি পৰিস্থিতিত উদয় হ’ল সেই বিষয়ে আৰম্ভণিতে কৈ ল’ব লাগিব । ৰাসায়নিক
সাৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণ যে নষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু সেই
বিষয়ে ১৯২৪ চনতে জাৰ্মানীত Rudolf Steiner নামৰ যাজকজনে এলানি বক্তৃতাৰে জনসাধাৰণক সজাগ কৰিবলৈ যত্ন কৰিছিল সেই বিষয়ে উনুকিয়াই এনে
বক্তৃতাবোৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক Lord Northbourne-ক প্ৰভাৱিত কৰিছিল সেই কথা ক’ব লাগিব । কাৰণ
যাজকজনৰ দৰে এখেতেও মাটিক সজীৱ ৰূপে কল্পনা কৰি নিজৰ পামত এক নতুন ধাৰাৰে খেতি কৰিবলৈ আৰম্ভ কৰিছিল । এইবিধ খেতিকে তেখেতে Organic Farming বুলি কৈছিল অর্থাৎ যি
বিধক আমি আজি জৈৱিক কৃষি বুলি কৈছোঁ ।...
... Sir Albert Howard, যাক আধুনিক জৈৱিক কৃষিৰ জনক বোলা হয় সেইজনৰ কর্মৰাজিৰ বিষয়ে
নাজানিলে ভাৰতবর্ষতে যে এইবিধ কৃষিৰ ঘাই শিপাডাল আছে সেই কথা আমাৰ কৃষকসকলে
নজনাকৈয়ে থাকি যাব । কাৰণ ১৯০৫ চনত
ভাৰতবর্ষ লৈ আহি সুদীৰ্ঘ পচিঁছ বছৰকাল তেখেত আৰু তেখেতৰ পত্নী Gabrielle Howard –য়ে আমাৰ কৃষকৰ কৃষি কর্মসমূহ চাই যি অভিজ্ঞতাখিনি লাভ কৰিলে তাৰ ফচল ৰূপে ১৯৪৭ চনত “Soil
and Health, A study of Organic Agriculture” নামেৰে এখন কিতাপ প্রকাশ কৰিছিল, য’ত মাটিৰ স্বাস্থ্য অটুট
ৰখাত পচন সাৰৰ গুৰুত্ব কিমান সেই বিষয়ে বিশদ ভাবে আলোচনা কৰাৰ লগতে এইবিধ সাৰ প্ৰস্তুত
কৰাৰ বিভিন্ন কৌশল বৰ্ণনা কৰা আছে । আজি জৈৱিক কৃষিত সাৰৰ বিষয়ে ক’বলৈ যাওঁতে পোন প্ৰথমে পচন সাৰৰ কথাই আমি কওঁ ।...
... ৰাচেল
কার্চনৰ আলোড়নকাৰী কিতাপ Silent
Spring-ৰ বিষয়ে কৈ এই
কিতাপখনৰ বাবেই যে ১৯৭২ চনত DDT নামৰ কীটনাশক বিধৰ ব্যৱহাৰ আমেৰিকা
যুক্তৰাষ্ট্রত বন্ধ হৈছিল আৰু কাকতালীয় ভাবে সেই বছৰতে জৈৱিক কৃষিৰ বিশ্বব্যাপী এক আন্দোলন চলাবলৈ এচাম বিজ্ঞানীয়ে International
Federation of Organic Agriculture Movements (IFOAM) নামেৰে এটা আন্তৰ্জাতিক অনুষ্ঠানৰ জন্ম দিছিল সেই বিষয়েও ক’ব লাগিব । কাৰণ আজি এই অনুষ্ঠানটোৱেই বিশ্বত জৈৱিক কৃষি আন্দোলনৰ গুৰি বঠা ধৰি আছে । এই গুণী জ্ঞানী লোকসকলে বিচাৰিছিল যে বিভিন্ন
কৃষিকর্মৰ বাবে মাটি আৰু পাৰিস্থিতি তন্ত্রৰ স্বাস্থ্যৰ হানি নহওক আৰু পাছৰ প্ৰজন্মই
এনে এখন পৃথিৱীৰ বাসিন্দা হ’বলৈ সুবিধা পাওক যিখন পৃথিৱীৰ পৰিৱেশ হ’ব বঙ্কিমচন্দ্রৰ ভাষাৰে “সুজলাং, সুফলাং, মলয়জশীতলাং।” জৈৱিক কৃষিৰ এই মূল উদ্দেশ্যটোৰ বিষয়ে বাৰু সকলো কৃষকে জানেনে ?
তেওঁলোকে বাৰু জানেনে IFOAM-য়ে জৈৱিক কৃষিৰ প্রসাৰ আৰু প্রচাৰৰ বাবে যি বিশ্বব্যাপি
আন্দোলন চলাই আছে তাৰ সূত্র কেইটা হ’ল Principle of Health, Principle
of Ecology, Principle
of Fairness আৰু Principle of Care । এই চাৰিটা সুত্রৰ ওপৰত ভিত্তি কৰি ২০০৮ চনত IFOAM য়ে
জৈৱিক কৃষিৰ সংজ্ঞা নিৰূপণ কৰিছে এইদৰে---“Organic agriculture is a
production system that sustains the health of soils, ecosystems and people. It
relies on ecological processes, biodiversity and cycles adapted to local
conditions, rather than the use of inputs with adverse effects. Organic
agriculture combines tradition, innovation and science to benefit the shared
environment and promote fair relationships and a good quality of life for all
involved.” অৱশ্যে ইয়াৰ বাহিৰেও আন বহুতে জৈৱিক
কৃষিৰ সংজ্ঞা নিৰূপণ কৰিছে । সেইবোৰ হ’ল:-
১) “Organic agriculture is a holistic production management system that avoids use
of synthetic fertilizers, pesticides and genetically modified organisms,
minimizes pollution of air, soil and water, and optimizes the health and
productivity of interdependent communities of plants, animals and people’.
[Codex Alimentarius
Commission]
২) “Organic
farming is a production system that avoid or largely excludes the use of
synthetic fertilizers, pesticides, growth regulators, and rely upon crop
rotations, crop residues, animal manures, green manures, off-farm organic
wastes, mechanical cultivation, mineral bearing rocks, and aspects of
biological pest control to maintain soil productivity and tilth to supply plant
nutrients and to control insects, weeds and other pests.”[USDA]
৩) “Organic agriculture is a unique
production management system which promotes and enhances agro-ecosystem health,
including biodiversity, biological cycles and soil biological activity, and
this is accomplished by using on-farm agronomic, biological and mechanical
methods in exclusion of all synthetic off-farm inputs”.[FAO]
এই সংজ্ঞাবোৰ চালি-জাৰি
চালে দেখা যায় যে জৈৱিক কৃষি এনে এক উৎপাদন প্রণালী য’ত কৃষি পাৰিস্থিতি তন্ত্র,
পৰিৱেশ আৰু জীৱ-জন্তুৰ স্বাস্থ্য অটুট ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই পদ্ধতিত
মাটি, পানী আৰু বায়ুৰ অনিষ্টসাধন কৰা কৃষিকর্মৰ পৰা যিমান দূৰ পাৰি বিৰত থকা হয়।
এনে কৰিবলৈ যাওঁতে ৰাসায়নিক সাৰ, ঔষধ আদিৰ পৰিবৰ্তে শস্যাৱর্তন, শস্যৰ পেলনীয়া
অংশ, জীৱ-জন্তুৰ মল-মূত্ৰ, সেউজ সাৰ আদিৰ ওপৰত অধিক নিৰ্ভৰ কৰা হয়। এই সংজ্ঞাবোৰৰ
পৰা এইটো কথাও স্পষ্ট হৈছে যে জৈৱিক কৃষিত ৰাসায়নিক সাৰ, ঔষধ আদিৰ ব্যৱহাৰ নিষিদ্ধ
কৰা নাই বৰং avoid or
largely exclude অর্থাৎ বর্জন নাইবা
বহুল ভাৱে পৰিহাৰ কৰিবলৈ কোৱা হৈছে । সেয়ে
বহুতে ভবাৰ দৰে কেৱল মাত্র ৰাসায়নিক সাৰ নাইবা ঔষধ ব্যৱহাৰ নকৰি কৰা খেতিটো প্ৰকৃত
অৰ্থত জৈৱিক নহয়। কাৰণ এনে কৰোঁতে কৃষকজনে এনে কোনো কৃষিকাৰ্য কৰা নাই যাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্ৰ
কিম্বা পৰিৱেশৰ উন্নতি সাধন হৈছে। আনহাতে শস্যাৱর্তন, সেউজ সাৰ আদিৰ লগতে প্রয়োজন
সাপেক্ষে ৰাসায়নিক সাৰ কিম্বা ঔষধ প্ৰয়োগেৰে কৰা শস্য ডৰা জৈৱিক কৃষিৰ আওতাত পৰিব।
কাৰণ এনে কৰোঁতে কৃষি পাৰিস্থিতি তন্ত্র, পৰিৱেশ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ প্রতি
দৃষ্টি ৰখা হয়। জৈৱিক কৃষিৰ এই সংজ্ঞাবোৰৰ আঁত ধৰি ইতিমধ্যে এইবিধ কৃষিৰ বহুকেইটা
প্রকাৰৰ সূচনা হ’ব ধৰিছে যিবোৰৰ প্রধান উদেশ্য হ’ল ---কৃষি পাৰিস্থিতি তন্ত্র তথা
পৰিৱেশৰ ওপৰত বিশেষ হানি-বিঘিনি নোহোৱাকৈ কৃষিকর্ম কৰা। এনে কৰিবলৈ যাওঁতে কৃষি
ক্ষেত্রত কৃত্রিম সামগ্রীৰ ব্যৱহাৰ হ্রাস কৰি প্রকৃতিপ্রদত্ত সম্পদৰাজিৰ ওপৰত অধিক
নির্ভৰশীল হ’ব লাগিব। জৈৱিক কৃষি সম্পর্কীয় এইখিনি কথা কৃষকসকলক এনে
ভাবে বুজাব লাগিব যাতে এইবিধ কৃষিৰ সম্পর্কত উদয় হোৱা একাধিক প্রশ্নৰ উত্তৰ তেওঁলোকে
নিজেই বিচাৰি পায় ।
উদ্ভিদৰ পৰিপুষ্টিৰ বাবে অজৈৱিক আৰু জৈৱিক
দুয়োবিধ সাৰ ব্যৱহাৰ কৰা হয়। কিন্তু অজৈৱিক সাৰৰ ব্যৱহাৰৰ বাবে দেখা দিয়া কেতবোৰ
সমস্যা দূৰ কৰিবলৈ বর্তমান জৈৱিক সাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অৱশ্যে জৈৱিক সাৰত
শস্যৰ পৰিপুষ্টিৰ বাবে আৱশ্যক হোৱা পোষক দ্রব্যৰ পৰিমাণ যথেষ্ট কম, যাৰ বাবে এডৰা
মাটিৰ উর্বৰতা শস্যবিধৰ প্রয়োজন অনুসৰি বৃদ্ধি কৰিবলৈ যাওঁতে বৃহৎ পৰিমাণৰ জৈৱিক
সাৰ প্রয়োগ কৰিবলগীয়া হয়। তদুপৰি সকলো জৈৱিক সাৰত একাধিক পোষক দ্রব্য থাকে। এনে হোৱা
বাবে শস্য ডৰাক পোষক দ্রব্য সুষম ভাৱে যোগান ধৰিব পৰা নাযাব। আনহাতে কোনো এবিধ
জৈৱিক সাৰত থকা পোষক দ্রব্যৰ পৰিমাণ সকলো সময়তে স্থিৰ নহয়। এনে হোৱা বাবে জৈৱিক
সাৰৰ পৰিমাণ নির্ধাৰণ কৰাত অসুবিধা হয়। সেয়ে জৈৱিক সাৰ প্রয়োগ কৰিবলৈ যাওঁতে এনে কৃষকসকল
প্রশ্নৰ সন্মুখীন হ’ব আৰু নিশ্চয় সুধিব --- জৈৱিক কৃষিত শস্যৰ পৰিপুষ্টিৰ বাবে
কেৱল জৈৱিক উৎসৰ ওপৰতহে নির্ভৰ কৰিব লাগিব নেকি?
এই প্রশ্নৰ উত্তৰ অৱশ্যে একেষাৰতে দিব পৰা নাযাব।
কাৰণ ই নির্ভৰ কৰিছে আন একাধিক প্রশ্নৰ উত্তৰৰ ওপৰত। ইয়াৰ ভিতৰত কোনো এখন দেশে
জৈৱিক কৃষিৰ সংজ্ঞা কিদৰে গ্রহণ কৰিছে সেইটো অন্যতম। তথাপিও জৈৱিক কৃষিৰ সংজ্ঞাবোৰৰ
লগতে ইতিমধ্যে গঢ়লৈ উঠা এইবিধ কৃষিৰ প্রকাৰসমূহ বিচাৰ কৰি কব পৰা যাব যে জৈৱিক
কৃষিত শস্যৰ পৰিপুষ্টিৰ বাবে কেৱল জৈৱিক উৎসৰ ওপৰত নির্ভৰশীল হোৱাতো বাধ্যতামূলক
নহয়। আনহাতে এনে বহুতো
জৈৱিক সাৰৰ উৎস আছে যিবোৰৰ ব্যৱহাৰে পৰিৱেশ প্রদূষণ কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰো
অপকাৰ সাধিব পাৰে। সেয়ে বর্তমান বহুতো
বিজ্ঞানীয়ে কেৱল জৈৱিক সাৰৰ পৰিৱর্তে জৈৱিক আৰু অজৈৱিক সাৰৰ সমন্বয়ত মাটিৰ উর্বৰতা
অটুট ৰখাত গুৰুত্ব দিবলৈ লৈছে য’ত জৈৱিক সাৰ অজৈৱিক সাৰৰ বিকল্প নহৈ পৰিপূৰক
হিচাপে ব্যৱহাৰ কৰা হয়। এনে ব্যৱস্থাক ইংৰাজীত Integrated
Nutrient Management (INM) বোলে। এই ব্যৱস্থাত মাটিৰ গুণাগুণ অটুট থকাৰ উপৰিও ৰাসায়নিক সাৰৰ ব্যৱহাৰ সীমিত হৈ পৰাৰ বাবে ব্যয়
কম হয় । সেইদৰে আন বহুতে কৃষি পামৰ বাহিৰৰ সামগ্রী যেনে:- ৰাসায়নিক সাৰ, ঔষধ আদিৰ
ব্যৱহাৰ হ্রাস কৰি পামত উপলব্ধ সামগ্রীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ পৰামর্শ
আগবঢ়াইছে। এই প্রকাৰৰ কৃষিক Low External Input and Sustainable Agriculture
(LEISA) বুলি নামকৰণ কৰা
হৈছে আৰু পৃথিৱীৰ বহু অঞ্চলত এনে কৃষি জনপ্ৰিয় হৈ উঠিছে। এই কথাখিনি বুজাই দিলে
কৃষক সকলে নিশ্চয় দুনাই প্রশ্ন নকৰিব জৈৱিক সাৰত শস্যৰ প্ৰয়োজনীয় সকলোবোৰ পোষক দ্রব্য
উচিত পৰিমাণত পোৱা যাব নে নাইবা জৈৱিক খেতিত শস্যৰ পৰিপুষ্টিৰ বাবে কেৱল জৈৱিক
সাৰহে দিব লাগিব নেকি ?
এইখিনিতে এটা প্রশ্ন উদয় হ’ব পাৰে---এইদৰে কৰা খেতিক জৈৱিক বুলি ক’ব পৰা যাবনে? প্রশ্নৰ উত্তৰত ক’ব লাগিব যে মাটিৰ উর্বৰতা অটুট ৰাখিবলৈ গ্রহণ কৰা
INM-ৰ লগতে IPM অর্থাৎ শস্যৰক্ষাৰ বাবে যুগুত কৰা শস্যৰক্ষাৰ
কৌশলবোৰ যথাযথ ভাৱে মানি কৰা খেতি নাইবা LEISA –ত জৈৱিক কৃষিৰ সকলো চৰিত্র বিদ্যমান। কাৰণ কৃষকজনে জৈৱিক কৃষিৰ সজ্ঞা অনুসৰি খেতিটো কৰিছে, যাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্র,
পৰিৱেশ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ ওপৰত বিশেষ কোনো কু-প্রভাৱ পৰা নাই। আমাৰ কৃষকৰ
বাবে এনে ব্যৱস্থা অতি উত্তম বুলি বিবেচিত হৈছে আৰু ৰাসায়নিক দ্রব্য সর্বস্ব কৃষি
ব্যৱস্থাৰ পৰিৱর্তে এনে ধৰণৰ কৃষি গ্রহণ কৰিবলৈ কৃষকসকলো আগবাঢ়ি আহিব ধৰিছে । ইতিমধ্যে বহু কেইটা
পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে এনে ভাৱে কৰা খেতিৰ উৎপাদন ৰাসায়নিক সাৰ আৰু ঔষধ প্ৰয়োগেৰে কৰা
খেতিৰ তুলনাত কম নহ’ব । বিশ্বৰ বিভিন্ন প্ৰান্তত চলোৱা পৰীক্ষাবোৰৰ পৰা
এইটো জানিব পৰা গৈছে যে “সেউজ বিপ্লৱ”ৰ বিশেষ প্রভাৱ নপৰা আৰু বৰষুণৰ ওপৰত
নিৰ্ভৰশীল খেতিত জৈৱিক পদ্ধতিয়ে অতি চমকপ্রদ ফল দেখুৱাই। এনে বোৰ তথ্যৰ ওপৰত
ভিত্তি কৰি ক’ব পাৰি যে জৈৱিক কৃষিৰ বাবে উৎপাদন হ্রা্স পোৱাৰ ভয় অমূলক। ইয়াৰ
উপৰিও জৈৱিক কৃষিত পামখনত শস্যাৱর্তনৰ মাধ্যমেৰে একাধিক শস্যৰ খেতি কৰাৰ লগতে
কৃষিৰ আনুসংগিক অংগ যেনে:- পশুধন, মৌ, মীন আদিৰ পালন কৰাতো একান্ত প্রয়োজন। জৈৱিক
পদ্ধতিৰে পৰিচালিত হোৱা এনে এখন মিশ্রিত পামৰ মুঠ উপার্জন আধুনিক পদ্ধতিৰে কৰা এটা
শস্যৰ খেতিতকৈ বেছি হোৱা.দেখা যায়। জৈৱিক কৃষিৰ এয়া আন এক বৈশিষ্ঠ।
জৈৱিক কৃষিৰ বিষয়ে এইখিনি লিখাৰ পাছত এনে কৃষিৰ উৎপাদিত সামগ্ৰীৰ মূল্য বিষয়ে
ক’ব লাগিব । জৈৱিক কৃষি”(Organic Farming) আৰু “প্রমাণিত জৈৱিক কৃষি”(Certified
Organic Farming)- এই দুয়োবিধৰ মাজৰ
পার্থক্যটো ভালদৰে নজনাৰ বাবে কৃষকৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছে যে জৈৱিক সামগ্রীৰ
মূল্য বেছি। জৈৱিক সামগ্রীৰ মূল্য তেতিয়াহে বেছি হব যেতিয়া “প্ৰমাণিত জৈৱিক কৃষি” হিচাপে খেতিটো কৰা হয়। এইদৰে কৰিবলৈ যাওঁতে কৃষকজনে খেতি ডৰা “প্রমাণিত জৈৱিক কৃষি” হিচাপে পঞ্জীয়ন কৰাৰ লগতে
আন বহুতো নীতি-নির্দেশনা মানি কৃষিকার্য কৰিবলগীয়া হ’ব যিবোৰ
সময়ে সময়ে কৰ্তৃত্বশীল প্ৰতিষ্ঠানে পৰিদৰ্শন কৰি উৎপাদিত সামগ্রীক “Certified
Organic” হিচাপে প্রমানপত্র দিব। এনে প্রমাণপত্র লাভ কৰা সামগ্রীৰ মূল্য সাধাৰণ কৃষিজাত সামগ্রীতকৈ বেছি। বর্তমান ভাৰতবর্ষত
কেইবিধমান শস্যৰ ক্ষেত্রতহে এনে প্রমাণপত্র দিয়াৰ ব্যৱস্থা আছে আৰু এইদৰে উৎপাদিত
সামগ্রীৰ মূল বজাৰ হ’ল বিদেশৰ বজাৰ। অৱশ্যে ভাৰতবর্ষৰ প্রধান নগৰকেইখনত জৈৱিক
সামগ্রীৰ বিপণী মুকলি কৰা হৈছে যদিও সামগ্রীৰ অধিক মূল্যৰ বাবে গ্রাহকৰ সংখ্যা
সীমিত।
ভাৰতবর্ষত যে জৈৱিক সামগ্রীৰ বজাৰ অতি সীমিত আৰু অসমত যে এনে বিপণী নাই
সেইবিষয়ে জনাৰ পাছত বহুতো কৃষকে প্রশ্ন কৰিব পাৰে --- তেন্তে আমি কিয় জৈৱিকভাৱে কৃষিকার্য কৰিব লাগে?
এই প্রশ্নৰ উত্তৰ অতি স্পষ্ট। মাটি, পানী আৰু বায়ুৰ অনিষ্টসাধন নকৰাকৈ ভৱিষ্যতৰ প্ৰজন্মক এক প্ৰদূষণমুক্ত পৰিৱেশ
প্রদান কৰি যোৱাৰ বাবে আন যিকোনো ব্যক্তিৰ দৰেই কৃষকজনো সমাজৰ ওচৰত সমানে দায়বদ্ধ। সেয়ে আমাৰ কৃষকে IFOAM-ৰ এনে নীতিবোৰ মানি যিমান পাৰে সিমান ৰাসায়নিক দ্রব্য পৰিহাৰ কৰি
নিজ পামত উপলব্ধ সামগ্রীৰ সদ ব্যৱহাৰ কৰি কৃষিকার্য কৰিব লাগিব য’ত থলুৱা কৃষি
কৌশলৰ পূর্ণ প্রয়োগ কৰিবলৈ যত্ন কৰিব। এনে কৰাজন জৈৱিক আন্দোলনৰ এজন একনিষ্ঠ কর্মী
হোৱাৰ উপৰিও প্রকৃত অর্থত এজন “জৈৱিক কৃষক”। আনহাতে Certified
Organic Farming হ’ল সম্পূর্ণ
বজাৰভিত্তিক কৃষি। এই ক্ষেত্রতো কৃষিকর্মৰ বাবে মাটি, পানী আৰু বায়ুৰ অনিষ্টসাধন নহয়। কিন্তু কৃষকজন সমাজৰ হিতৰ বাবে সাধাৰণতেই দায়বদ্ধ নহয়। কাৰণ বিচৰা
বজাৰখন নাপালে তেখেত পুনৰ ৰাসায়নিক দ্রব্য সর্বস্ব কৃষিলৈ ঘুৰি যোৱাৰ পূর্ণ
সম্ভাৱনা থাকে। এইখিনিতে উল্লেখ কৰিব লাগিব যে “প্ৰমাণিত জৈৱিক কৃষি”ৰ ক্ষেত্রত মানিবলগীয়া
নীতি-নিৰ্দেশনা সমূহ সকলো দেশৰে একে নহয়। অর্থাৎ কৃষকজনৰ কাৰণে বিদেশৰ সকলো বজাৰ
মুকলি নহয়। ইয়াৰ উপৰিও আমেৰিকাৰ জৈৱিক সামগ্রীৰ বজাৰত প্রৱেশ কৰিবলৈ যাওঁতে
কৃষকজনে সেই দেশৰ নীতি- নির্দেশনা সমূহ পালন কৰাৰ উপৰিও তেখেতৰ সামগ্রীয়ে যে ইতিমধ্যে
এক নির্দিষ্ট পৰিমাণৰ ব্যৱসায় কৰি উঠিছে সেয়া জনাব লাগিব। অর্থাৎ জৈৱিক সামগ্রীৰ উৎপাদক হিচাপে তেখেত দেশখনৰ
বিশ্বাসভাজন হৈ উঠিব লাগিব।
জৈৱিক কৃষি সম্পৰ্কীয় এনেবোৰ কথা জনাৰ পাছত কৃষকসকল
যে দোমোজাত পৰিব সেই বিষয়ে আমি নিশ্চিত । কাৰণ জৈৱিক কৃষিৰ প্রসাৰৰ বাবে চলোৱা বিভিন্ন কার্যক্রমৰ দ্বাৰা কিছু পৰিমাণে
উৎসাহিত হৈ পৰা সাধাৰণ কৃষকসকলে যেতিয়া বুজিব পাৰে যে আজিৰ তাৰিখত তেখেতসকলৰ
দ্বাৰা উৎপাদিত সামগ্রী আৰু ৰাসায়নিক দ্রব্যৰ পূর্ণ প্রয়োগেৰে উৎপাদন কৰা সামগ্রীৰ
বজাৰ মূল্যৰ মাজত কোনো পার্থক্য নাই তেতিয়া তেওঁলোক হতাশ হৈ পৰিব । বজাৰত
কেৱল “লকেল” বিচাৰি ফুৰা গ্রাহকজনে "Know Your Farmer, Know Your Food" মন্ত্র সৰোগত কৰি
এনে সামগ্রীৰ বাবদ দুপইছা বেছিকৈ দিবলৈ কুণ্ঠাবোধ নকৰিব পাৰে কিন্তু এনে কার্যই ক্ষুদ্র কৃষকসকলক জৈৱিক কৃষিৰ প্রতি উৎসাহিত
নকৰে। আনহাতে “প্ৰমাণিত জৈৱিক কৃষি” ৰ সকলো ধৰণৰ নীতি নির্দশনা মানি প্রস্তুত কৰা চাহ বিদেশৰ
বজাৰত প্ৰৱেশ কৰিবলৈ যাওঁতে বাধাৰ সন্মুখীন হ’ব লগা হৈছে বুলি যেতিয়া জানিব তেতিয়া
সীমিত পুঁজিৰ ক্ষুদ্র কৃষকসকলে এনে প্ৰকাৰৰ কৃষিৰ প্রতি স্বাভাৱিকতে অনীহা প্রকাশ
কৰিব । সেয়ে অসমৰ কৃষকসকল জৈৱিক কৃষিৰ একনিষ্ঠ কর্মী হৈ এজন প্রকৃত “জৈৱিক কৃষক”
ৰূপে কৃষিকর্ম কৰি ভৱিষ্যতৰ প্রজন্মক এক প্ৰদূষণমুক্ত অসম প্রদান কৰা উচিত হ’ব নে “প্রমাণিত জৈৱিক
কৃষি” কৰি এক অনিশ্চয়তাত ভুগি থকা এজন হতাশাগ্রস্ত কৃষক হোৱা উচিত হ’ব তাক অতি
শীর্ঘে বিচাৰ কৰিবলৈ কোৱাতো আমাৰ নিশ্চয় দায়িত্ব হ’ব । ইতিমধ্যে অসমকে ধৰি
উত্তৰ-পূৱ ভাৰতৰ প্রায় ১৮
মিলিয়ন হেক্টৰ মাটি জৈৱিক কৃষিৰ অধীনলৈ আনি বিভিন্ন শস্যৰ খেতি কৰাৰ পৰামর্শ দিয়া
দেখা গৈছে। প্রায় প্রাকৃতিক ৰূপত থকা এই বিস্তৃত কৃষিভূমি অতি সহজে জৈৱিকলৈ
ৰূপান্তৰ কৰিব পৰা অৱস্থাত আছে। তদুপৰি পাহাৰে-পর্বতে, বাৰীয়ে-হাবিয়ে থকা অজস্র
ফল-মূল, ঔষধি উদ্ভিদ আদিক “Certified naturally grown” হিচাপে বজাৰত পোৱাৰ ব্যৱস্থা কৰিব পৰা যায় য’ত এনে সামগ্রীৰ
লগতে INM+IPM, LEISA আদিৰ দ্বাৰা উৎপাদিত সামগ্রীও জৈৱিক সামগ্রী ৰূপে উপলব্ধ হ’ব। আজি আমাক
নিশ্চয় এনে এখন বজাৰৰ বেছি প্রয়োজন হৈ পৰিছে আৰু কৃষকসকলেও এনে এখন বজাৰৰ বাবেই
কৃষিকার্য কৰিব লাগিব । তেখেতসকলৰ সামগ্রী অধিক সোৱাদযুক্ত নাইবা পুষ্টিকৰ হ’বও
পাৰে বা নহ’বও পাৰে । কাৰণ সাৰৰ উৎস জৈৱিক
কিম্বা অজৈৱিক যিয়ে নহওক কিয় উদ্ভিদে পোষক দ্রব্য অজৈৱিক ৰূপতহে মাটিৰপৰা আহৰণ কৰে
। আনহাতে উদ্ভিদে পোষক দ্রব্যৰ উৎস চিনাক্ত কৰিব পাৰে বুলি বিজ্ঞানীসকলে এতিয়াও
প্রমাণ কৰিব পৰা নাই । অৱশ্যে এনে খাদ্য নিৰাপদ বুলি ক’ব পাৰি । কাৰণ IPM-ৰ নিৰ্দেশনাবোৰ যথাযথ ভাবে মানি খেতি কৰিলে ঔষধৰ
ব্যৱহাৰ যথেষ্ট কম হয় ।
কৃষিক বৃত্তি হিচাপে ল’ব বিচৰা এচাম যুৱক-যুৱতীয়ে জৈৱিক কৃষিৰ এনেবোৰ তথ্য লাভ
কৰাৰ পাছতো আশ্বস্ত হবলৈ পুনৰ প্রশ্ন কৰিব পাৰে--- অসম তথা উত্তৰ-পূৱ ভাৰতৰ লগতে
দেশৰ আন যিবোৰ অঞ্চলত এতিয়াও অতি সামান্য পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় তেনেবোৰ অঞ্চলত জৈৱিক সাৰ ব্যৱহাৰত ইমান
গুৰুত্ব দিয়া হৈছে কিয়? এনে প্রশ্নৰ উত্তৰত ক’ব পাৰি যে জৈৱিক কৃষি হৈছে সময়ৰ আহ্বান। অতীতত জানি বা নাজানি কৰি অহা কিছুমান ভুলৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে আজি সকলো সজাগ হৈছে। সেয়ে “সেউজ বিপ্লৱ”ৰ বিশেষ প্ৰ্ভাৱ নপৰা এনে অঞ্চলবোৰ চিনাক্ত কৰি সেইবোৰ জৈৱিকলৈ পৰিৱৰ্তন কৰা কাৰ্যত বিশ্বৰ সকলো দেশে গুৰুত্ব দিবলৈ লৈছে। ভাৰতবৰ্ষৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল তেনে এক অঞ্চল য’ত দেশৰ ভিতৰতে অতি কম পৰিমাণৰ ৰাসায়নিক সাৰ আৰু ঔষধ ব্যৱহাৰ কৰা হয়। সেয়ে এনে অঞ্চলবোৰ সহজে জৈৱিকলৈ পৰিৱৰ্তন কৰিব পৰা অৱস্থাত আছে যিটো পঞ্জাব, হাৰিয়ানা আদি প্ৰ্দেশত নাই। এই অঞ্চলবোৰৰ সাৰুৱা মাটিত INM+IPM , LEISA আদিৰ আধাৰত সহজে জৈৱিক কৃষি কৰিব পাৰি। তদুপৰি অসম তথা উত্তৰ পূর্বাঞ্চলৰ প্ৰাকৃতিক অৱস্থাত থকা অঞ্চলবোৰ উদ্যান শস্যৰ বাবে অতি উপযোগী। এই অঞ্চলবোৰত সম্পূৰ্ণ জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰিও “Certified Organic
Farming” কৰিব পৰা যায়। কিন্তু এনে কৰাৰ আগেয়ে এইবিধ কৃষিৰ লগত জড়িত সকলোবোৰ দিশ ভালদৰে বুজি ল’ব লাগিব। এনেবোৰ কাৰণত এই অঞ্চলবোৰত জৈৱিক সাৰৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও এটা হিচাবত দেখা গৈছে যে ভাৰতবৰ্ষত ২০২০ চনত যি পৰিমাণৰ খাদ্য সামগ্রীৰ আৱশ্যক
হ’ব সেইখিনি উৎপাদন কৰিবলৈ ২৮.৮ মিলিয়ন টন সাৰৰ প্রয়োজন। আনহাতে সেই সময়লৈ দেশে কেৱল ২১.৬ মিলিয়ন টন অজৈৱিক সাৰ উৎপাদন কৰিবলৈহে
সক্ষম হ’ব। অৰ্থাৎ ৭.২মিলিয়ন টন সাৰৰ ঘাটি পূৰাবলগীয়া হ’ব।
এই ঘাটি পূৰাবলৈ বিকল্প হিচাপে জৈৱিক সাৰৰ প্রয়োজন হৈ পৰিছে।
তদুপৰি বৰ্তমান অজৈৱিক সাৰৰ মূল্য বৃদ্ধিৰ বাবেও খেতি পথাৰত জৈৱিক সাৰৰ
প্ৰাসংগিকতা ক্রমে বৃদ্ধি পাব ধৰিছে।
জৈৱিক কৃষিৰ প্রসংগত উদয় হ’ব পৰা এনেবোৰ প্রশ্ন আলোচনা কৰি সামৰণিত
ক’ব পৰা যাব যে আন বহুতো দেশৰ দৰে ভাৰতবর্ষতো ক্ষুদ্র কৃষক সকলৰ উপযোগী হোৱাকৈ INM, IPM, LEISA আদিক অধিক গুৰুত্ব দি এইবিধ কৃষিৰ প্রসাৰ
ঘটাবলৈ চেষ্টা চলাই থকা হৈছে । লগতে এইটোও ক’ব পৰা যাব যে নির্দিষ্ট কেতবোৰ শস্যৰ খেতি “প্রমাণিত জৈৱিক কৃষি”
ৰূপে কৰি বিদেশৰ বজাৰ দখল কৰিবলৈ এচাম উদ্যোগী যুৱক-যুৱতী আগবাঢ়ি আহিব পাৰে ।
অৱশ্যে এই সকলোবোৰ আশা বাস্তৱত ৰূপায়ণ হোৱাটো নির্ভৰ কৰিছে কৃষকৰ সততা আৰু গ্রাহকৰ
বিশ্বাসৰ ওপৰত।
লিখিবলৈ লোৱা কথাখিনি এইদৰে মনতে জুকিয়াই চাই কিবা এটা খাৰা
কৰিব পৰা যেন লাগিল । কাগজ-কলম গোটাই গোট গোট আখৰেৰে শিৰোনামাটো লিখিলোঁ---জৈৱিক
কৃষি : কিছু প্ৰশ্নৰ আঁত ধৰি
ম’বাইল:
৯৪৩৫১৩৫৬৩১:: ID- sadik2crs@yahoo.co.in