Thursday 14 March 2013

সুমথিৰা টেঙা আৰু চাহৰ মিশ্রিত খেতি...Orange and Tea mixed cropping...



   সেউজী ধৰণী

  সুমথিৰা টেঙা আৰু চাহৰ মিশ্রিত খেতি--- স্বনিয়োজন আৰু আর্থিক উন্নয়নৰ সম্ভাৱনীয়তা

ডঃ অমৃত চন্দ্র বৰবৰা
      
সুমথিৰা টেঙাৰ খেতি আৰু উৎপাদনৰ বাবে অসম বিশেষকৈ তিনিচুকীয়া  জিলা ভাৰতৰ ভিতৰত বিখ্যাত। দূৰ অতীতৰ পৰা কৰি অহা এইবিধ খেতিয়ে জিলাখনৰ গ্রাম্য অর্থনীতি আজিও সবল কৰি আছে।  কিন্তু যোৱাটো শতিকাৰ নব্বৈ দশকৰ পৰা এইবিধ লাভজনক খেতিৰ পৰিসৰ তথা উৎপাদন ক্রমে কমি অহা পৰিলক্ষিত হয়। এনেহোৱাৰ  কাৰণ বিচাৰি দেখা গ’ল যে সুমথিৰা বাৰীসমূহৰ অৱনতি আৰু ক্ষুদ্র চাহ বাগিচাৰ অগ্রাসনৰ বাবে এইবিধ লাভজনক খেতিৰ পৰিসৰ তথা উৎপাদন ক্রমে কমি আহিছে। আনহাতে সুমথিৰা বাৰীসমূহৰ অৱনতিৰ কাৰণ অনুসন্ধান কৰি দেখা গ’ল যে উপযুক্ত পৰিচর্যাৰ অভাৱত বাৰীসমূহ মৃতপ্রায় অৱস্থা আছে। এনে বহু অৱনিত বাৰীত কৃষকে সুমথিৰাৰ পৰিবর্তে চাহখেতি কৰিবলৈ আৰম্ভ কৰিছে। অর্থাৎ দুবিধ কাৰকৰ বাবে সুমথিৰা টেঙাৰ পৰিসৰ আৰু  উৎপাদন কমিবলৈ লৈছে। ইয়াৰ এবিধ হ’ল কাৰিকৰি আৰু আনবিধ আর্থ-সামাজিক।
আন যি কোনো শস্যৰ দৰে সুমথিৰা টেঙাৰ খেতিতো নানান বিধ পোক-পৰুৱা,ৰোগ-ব্যাধিয়ে দেখা দিয়ে।এইবোৰৰ নিৰাময় ব্যৱস্থা আৰু গছবোৰৰ পৰিপুষ্টিৰ অভাৱ হ’লে বাৰীসমূহৰ অৱনতি হয়। অনুসন্ধানত প্রায় প্রতিখন বাৰীতে পোক-পৰুৱা, ৰোগ-ব্যাধিৰ উপযুক্ত নিৰাময় ব্যৱস্থাৰ লগতে পৰিপুষ্টিৰ অভাৱ পৰিলক্ষিত হয়। আনহাতে আর্থ-সামাজিক কাৰণসমূহৰ ভিতৰত প্রথমে দেখা গ’ল যে যিহেতু সুমথিৰাৰ খেতিৰ পৰা  বছৰৰ এটা নিদিষ্ট সময়তহে উপার্জন পোৱা যায় সেয়ে কৃষকসকলে আর্থিক অৱস্থাৰ বাবে বছৰৰ প্রথম ভাগতে  বাৰীবোৰ প্রায় আধামুলীয়াকৈ মধ্যভোগীক বিক্রি কৰি দিবলগীয়া হয়। এনে বাৰীবোৰত কৃষকসকলৰ সাৰ,ঔষধ আদি কিনি প্রয়োগ কৰাৰ মানসিকতা নাথাকে। কাৰণ এই ব্যয়ৰ বাবে যি উৎপাদন বাঢ়িব সেয়া মধ্যভোগীজনেহে লাভ কৰিব। গতিকে সুমথিৰা বাৰীবোৰ ক্রমে অৱহেলিত হৈ থাকি যায়। এনে অৱহেলিত বাৰীবোৰেই সময়ত মৃতপ্রায় হৈ পৰে।  
       আর্থ-সামাজিক কাৰণসমূহৰ ভিতৰত দ্বিতীয় কাৰণটো হ’ল ক্ষুদ্র চাহ খেতিৰ অগ্রাসন। বিগত শতিকাৰ আশী দশকৰ পৰা অসমত ক্ষুদ্র চাহখেতিৰ আৰম্ভ হয়। উজনি অসমত প্রধানকৈ তিনিচুকীয়া জিলাত ঠিক এই সময়ৰ পৰাই সুমথিৰা বাৰীসমূহৰ অৱনতি প্রকটহৈ পৰিছিল, যাৰ বাবে সুমথিৰা গছবোৰ শুকাই মৰিবলৈ আৰম্ভ কৰিছিল। এনে মৃত গছবোৰ উভালি কৃষকে চাহপুলি ৰুবলৈ ধৰে। লাহে লাহে সুমথিৰাৰ মাজত চাহগছ ৰোৱাৰ এটা ঢৌ আৰম্ভ হ’ল। সময়ত কৃষকসকলে চাহখতিৰ পৰা বছৰৰ অধিক কাল প্রতি সপ্তাহত এক নির্দিষ্ট উপার্জন পাবলৈ সক্ষম হ’ল। চাহখেতিৰ এনে লাভজনক দিশটো দেখি বহুতো কৃষকে সুমথিৰাৰ সুস্থ গছবোৰো উভালিবলৈ কুণ্ঠাবোধ নকৰিলে। এইদৰে প্রায় এটা দশকৰ ভিতৰত উজনি অসমত  সুমথিৰা খেতিৰ পৰিসৰ লক্ষ্যণীয়ভাৱে হ্রাস পাবলৈ ধৰে।
              সুমথিৰা বাৰীত দেখা দিয়া এনে সমস্যাবোৰৰ সমাধান বিচাৰি কৰা পৰীক্ষাৰ পৰা দেখা গ’ল যে চাহ আৰু সুমথিৰাৰ সংমিশ্রত খেতিৰ দ্বাৰা সুমথিৰাৰ মৃতপ্রায় গছবোৰৰ পুণৰুদ্ধাৰ কৰাৰ লগতে আর্থিকভাবে যথেষ্ট লাভবান হ’ব পৰা যায়। ইতিমধ্যে অৱনমিত বাৰীসমূহত দেখা দিয়া ৰোগ-ব্যাধি তথা পৰিপুষ্টিৰ দিশত কৰা গৱেষণাৰ ফলাফলসমূহ এনে মিশ্রত খেতিত প্রয়োগ কৰি আশানুৰূপ ফল পোৱা গৈছে। এনেহোৱা বাবে কৃষকসকল এইবিধ মিশ্রিত খেতিৰ প্রতি আৰু অধিক আগ্রহী হৈ উঠা  পৰিলক্ষিত হৈছে। কাৰণ এনে মিশ্রিত বাৰীত মার্চ-এপ্রিল মাহৰ পৰা প্রতি সপ্তাহত চাহপাত তুলিব পৰা যায় যিটো কাম ডিচেম্বৰ মাহলৈকে অব্যাহত থাকে। এই সময়চোৱাত হোৱা উপার্জনৰ কিছু অংশ সুমথিৰা গছৰ যতন লোৱাত ব্যয় কৰি মৃতপ্রায় গছবোৰ উপার্জনক্ষম কৰি তুলিব পৰা গ’ল। আনহাতে নবেম্বৰ- ডিচেম্বৰ মাহত চাহপাতৰ সলনি সুমথিৰা চিঙিব পৰা হয়। ফলত কৃষকজনে প্রায় গোটেই বছৰ এক নিশ্চিত উপার্জন পাবলৈ সক্ষম হয়। এনেহোৱা বাবে চাহৰ লগতে সুমথিৰাৰ পৰিসৰ ক্রমে বাঢ়ি অহা দেখা গৈছে যিটো অতি শুভ লক্ষণ।

অৱনিত সুমথিৰা বাৰীৰ পুন: উৎপাদনক্ষম কৰণ পদ্ধতি

১)ফল চপোৱাৰ পাছত অর্থাৎ ডিচেম্বৰ-জানুৱাৰী মাহত ৰোগত আক্রান্ত, পোকে আক্রমণ কৰা, মৰি শুকাই যোৱা, বতাহ বা অন্য কাৰণত ভগা আৰু অথালি-পথালিকৈ থকা ডালবোৰ কাটি পৰজীৱী উদ্ভিদ যেনে:- কপৌফুল, শেলুৱৈ আদিবোৰ গছৰ পৰা আঁতৰাই দিব লাগে। কটা অংশত লগে লগে বৰড’ মলম সানি দিব লাগে। ইয়াৰ পাছত বাৰীখনত  বেভিষ্টিন নামৰ ঔষধৰ ০.১ শতাংশ মিশ্রণ ছটিয়াই দিব লাগে।
২) প্রতিজোপা গছৰ গুৰিত ১ কি:গ্রা: কৃষিত প্রয়োগ কৰা চূণ ভালদৰে ছটিয়াই পাতলকৈ কোৰ মাৰি মাটিৰ লগত মিহলাই অম্লতা সংশোধন কৰিব লাগে।
৩) বছৰত দুবাৰ- ফেব্রুৱাৰী-মার্চ আৰু চেপ্তেম্বৰ-অক্টোবৰ মাহত ৬৭০  গ্রাম ইউৰিয়া, ৯৪০ গ্রাম চুপাৰ ফচফেট আৰু ৫০০ গ্রাম পটাছ সাৰৰ লগত ৩.৭৫ কি:গ্রা: খলিহৈ  মিহলাই  প্রতিজোপা গছৰ গুৰিত প্রয়োগ কৰিব লাগে। এই মিশ্রণটো গছৰ গুৰিৰ পৰা ৪৫ চে:মি: ঠাই বাদ দি গছৰ কেউকাষে শিপাই আৱৰি থকা অংশটোত দি পাতলকৈ কোৰ মাৰি মাটিৰ লগত মিহলাই দিব লাগে।
       ৪)মজাঁ খোৱা  আৰু ছাল খোৱা পোক নিয়ন্ত্রণৰ বাবে মার্চ-এপ্রিল মাহত গছৰ গুৰিৰ পৰা প্রায় ১ মি: ওপৰলৈকে গছৰ কাণ্ডত চূণ আৰু ঔষধৰ প্রলেপ এটা দিব লাগে। তাৰবাবে এক কি:গ্রা: চূণ আৰু ৫০ মি:লি: মন’ক্রটফচ নামৰ কীটনাশক ঔষধবিধৰ ১০ লি: পানীত মিহলাব লাগে। এই মিশ্রণটোত ফেবিকল জাতীয় আঠা মিহলালে প্রলেপটো বহুদিনলৈ গছৰ কাণ্ডত লাগি থাকিব।
 ৫) গছৰ কাণ্ডত মজাঁ খোৱাই বিন্ধা কৰা দেখিলে  প্রথম অৱস্থাত তাঁৰ এডালেৰে খুচি পলুটো মাৰিব পৰা যায়। কিন্তু পলম হ’লে বিন্ধাবোৰত ঔষধ দিবলগীয়া হ’ব। তাৰবাবে নভান অথবা ডাইমেক্রণ নামৰ ঔষধৰ ০.০৫% মিশ্রণত তিওৱা কপাহ বিন্ধাবোৰ ভিতৰলৈ সুমুৱাই গোবৰ মাটিৰ মিশ্রণেৰে প্রলেপ দি বিন্ধাবোৰ  বন্ধ কৰি দিব লাগে।
৬)শিপা গেলা বেমাৰ নিৰাময় কৰিবলৈ চোকা কটাৰীৰে আক্রান্ত অংশৰ ছালবোৰ ৰুকি এৰুৱাই চাফা কৰি ওপৰত বৰড’ মলম (এভাগ চূণ+ দুভাগ তুতিয়া+ তিনি ভাগ লিনতেল) সানি দিব লাগে। তদুপৰি ৰিড’মিল এম, জেদ -৭২ নামৰ ঔষধৰ ৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই গছৰ গুৰিত প্রয়োগ কৰিব লাগে। এমাহমানৰ পাছত একেদৰেই বৰড’ মিশ্রণ প্রয়োগ কৰিব লাগে।
৭) ফলৰ ঠাৰি পচাঁ বেমাৰে দেখা দিলে গছত ফল ধৰাৰ লগে লগে অর্থাৎ মে’ মাহৰ পৰা দুমাহৰ অন্তৰে অন্তৰে তিনিবাৰ ০.১ শতাংশ বেভিষ্টিন  ছটিয়াব লাগে।

      সুমথিৰা আৰু চাহ গছৰ মিশ্রিত খেতিৰ নির্দেশনা

 ১) সুমথিৰা পুলিৰ পৰা কমেও ১ মিটাৰ আতঁৰৰ পৰাহে চাহ পুলি ৰোপন কৰিব লাগে।
 ২) সুমথিৰা পুলি ৰোপনৰ দূৰত্ব ৫মি: x ৫মি: আৰু চাহ পুলি ৰোপনৰ দূৰত্ব ১.১ মি: x ০.৭৫ মি: হোৱা উচিত।
 ৩) সুমথিৰা গছৰ গুৰিৰ ডালসমূহ পয্যায়ক্রমে ১ মি: উচ্চতালৈকে কাটি দিব লাগে আৰু চাহ গছৰ ডালবোৰ এনেদৰে কলম কৰিব লাগে যাতে সুমথিৰা গছৰ চাৰিওকাষে ১মি: ব্যাসার্ধ পৰিস্কাৰ হৈ থাকে।
 ৪) সুমথিৰা আৰু চাহ গছৰ অনিষ্টকাৰী কীট পতংগ আৰু ৰোগ নিয়ন্ত্রণৰ বাবে অনুমোদিত ঔষধ আৰু সাৰ বিধিগত ভাৱে প্রয়োগ কৰা উচিত।
৫) বন-বাত বা অপতৃণ নিয়ন্ত্রণৰ বাবে গ্লাইফ’ছেট ৪১ এছ,এল নামৰ অপতৃণনাশক ঔষধবিধ ব্যৱহাৰ কৰিব লাগে।
       উপৰুক্ত নির্দেশনাৱলী সুচাৰু ৰূপে মানি সুমথিৰা আৰু চাহৰ     মিশ্রিত খেতিৰ যোগেদি আর্থিকভাৱে লাভবান হ’ব পৰা যায়। ইতিমধ্যে উজনি অসমৰ বহুতো কৃষকে এই সম্ভাৱনীয়তাক সকাৰ ৰূপ দিবলৈ আগবাঢ়ি অহা দেখা গৈছে, যাৰ বাবে চাহৰ লগতে আন এক লাভজনক খেতিয়ে পুনৰ গা-কৰি উঠিব বুলি আশা কৰিব পাৰি।

      
        লেখক: মুখ্য বিজ্ঞানী, টেঙা গৱেষণা কেন্দ্র, তিনিচুকীয়া; ম’বাইল: ৯৫০৮২৭২৮২৯

      
              

No comments:

Post a Comment