Thursday 28 February 2013

সেউজ সাৰ -- Green Manure


সেউজী ধৰণী
সেউজ সাৰ
   ডঃ চাদিকুল হুছেইন
             কিছুমান শস্যৰ খেতি কৰি এক নিৰ্দিস্ট সময়ৰ পাছত এইবোৰৰ ডাল-পাত আদি কাটি মাটিৰ লগত মিহলালে যি সাৰ পোৱা যায় তাকে সেউজ সাৰ (Green Manure ) বোলা হয়। সকলো উদ্ভিদৰ পৰাই এনে সাৰ পাব পৰা যায় যদিও ইয়াৰ বাবে কিছুমান বিশেষ উদ্ভিদ চিনাক্ত কৰা হৈছে। জৈৱিক কৃষিত মাটিৰ গুণাগুণ উন্নত কৰিবলৈ এনেবোৰ শস্য বহুল ভাৱে ব্যৱহাৰ কৰা হয়। আনহাতে যিকোনো উদ্ভিদৰে কুমলীয়া ডাল-পাত আঁতৰৰ পৰা আনি মাটিত মিহলাই দিওঁ এনে সাৰ পাব পৰা যায়। অৱশ্যে এনে সাৰক সেউজীয়া পাতসাৰ(Green Leaf Manure ) কোৱা হয়। ইয়াৰ উপৰিও এনে কিছুমান শস্য আছে যিবোৰ অতি ঘনকৈ সিঁচি বতাহ-বৰষুণৰ বাবে হোৱা ভূমিক্ষয় ৰোধ কৰিব পৰা যায় এনেবোৰ শস্যক আৱৰণ বা আবৃত শস্য ( Cover crop ) বুলি কোৱা হয়। ফচল চপোৱাৰ পাছত এইবোৰ শস্যৰ ডাল-পাত আদি মাটিৰ লগত মিহলাই দিও সেউজ সাৰ পাব পাৰি। সেয়ে এনেবোৰ শস্যও সেউজ সাৰৰ শস্যৰ অন্তৰ্ভুক্ত
সেউজ সাৰ ব্যৱহাৰ কৰি মাটিৰ গুণাগুণ যথেষ্ট পৰিমাণে দৰে উন্নত কৰিব পৰা যায়। অৱশ্যে এই বিষয়ে আলোচনা কৰাৰ আগেয়ে আমি ‘হিউমাছ’ নামৰ পদার্থবিধৰ বিষয়ে জানিব লাগিব। ‘হিউমাছ’ এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হ’ল মাটি বা পৃথিৱী মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্রিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়। জৈৱ পদার্থৰ এই ৰূপটোক মাটি বিজ্ঞানীসকলে ‘হিউমাছ’বুলি নামাকৰণ কৰিছে। বিজ্ঞানীসকলে এই জটিল ৰাসায়নিক পদার্থবিধক এতিয়াও ভালদৰে বুজি নুঠাৰ বাবে এতিয়ালৈকে ইয়াৰ কোনো সজ্ঞা নিৰুপণ কৰিব পৰা নাই। অৱশ্যে পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে ‘হিউমাছ’ হ’ল উদ্ভিদৰ সকলো পোষকদ্রব্যৰ আকৰ; মাটি ‘হিউমাছ’ৰ পৰিমাণ বাঢ়িলে উর্বৰতা শক্তি বৃদ্ধি পায়। সেয়ে শস্যৰ উৎপাদন বঢ়াবলৈ মাটি ‘হিউমাছ’ গঠন হোৱাত গুৰুত্ব দিয়া হয়।
জৈৱ পদাৰ্থৰ হিউমাছলৈ ৰূপান্তৰ হোৱা প্রক্রিয়া
              মাটিত থকা বিভিন্ন অণুজীৱৰ  বাবে উদ্ভিদ কিম্বা প্রাণীৰ দেহৰ অৱশিষ্টভাগ পচিবলৈ লয়। এই পচন ক্রিয়াত উদ্ভিদ কিম্বা প্রাণীৰ দেহত থকা জৈৱ পদার্থভাগৰ বহুতো ৰাসায়নিক পৰিৱৰ্তন ঘটে। প্রথমে কেতবোৰ ভেঁকুৰৰ ক্রিয়াৰ বাবে জৈৱ পদার্থভাগ পচিবলৈ আৰম্ভ কৰে। এই পচিবলৈ ধৰা পদার্থখিনি কেঁছু নাইবা আন কিছুমান ক্ষুদ্র জীৱই ভক্ষণ কৰে যাৰ বাবে  শৰ্কৰাভাগ ভাঙি পৰেআনহাতে লিগনিন আৰু চেল’লজ লাহে লাহে ভাগেপাছত white rot fungi আৰু আন কেতবোৰ ভেঁকুৰৰ বাবে লিগনিনৰ পৰিৱৰ্তন ঘটি হিউমাছৰ অংশ হৈ পৰে।  এইদৰে জৈৱ পদাৰ্থৰ ৰূপান্তৰ ঘটি অৱশেষত এক স্থিৰ অৱস্থা পায়হি য’ত যথেষ্ট পৰিমাণে হিউমিক এচিড (Humic acid) আৰু হিউমি(Humins) থাকে। অদ্রব্য ৰূপত থকা এই দুই পদাৰ্থক অণুজীৱই ক্রিয়া কৰি ভাঙিব নোৱাৰে বাবে মাটিৰ ভৌতিক গঠনত সহায়ক হৈ পৰে। তদুপৰি অণুজীৱবোৰে নিৰ্গত কৰা আঠাজাতীয় পদাৰ্থ কিছুমানৰ বাবে মাটিৰ ক্ষুদ্র কণিকাবোৰ ইটোৰ লগত সিটো টানকৈ লাগি থাকে। এনে হোৱাৰ বাবে কণিকাবোৰৰ মাজত ক্ষুদ্র ছিদ্র গঠন হয়। এই ছিদ্রবোৰৰ মাজেৰে বতাহ আৰু পানী চলাচল কৰিবলৈ সুচল হয় বাবে মাটিৰ গুণাগুণ ভাল হয়।
 হিউমাছ আৰু পচন সাৰৰ মাজত পাৰ্থক্য
              জৈৱ পদাৰ্থৰ পৰা উৎপন্ন হোৱা এই দুয়োবিধে শস্যক পোষক দ্রব্যৰ যোগান ধৰে। সেয়ে হিউমাছ আৰু পচন সাৰক বহুতে একে বুলি জ্ঞান কৰে। কিন্তু এই দুয়োবিধৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অতি সহজে বুজিব পৰা পাৰ্থক্যবোৰ হ’ল- পচন সাৰ হ’ল জৈৱিক পদাৰ্থৰ ৰূপান্তৰৰ এক অস্থায়ী অৱস্থা। সেয়ে পচন সাৰত উদ্ভিদ কিম্বা প্রাণীৰ দেহৰ অৱশিষ্টভাগৰ সৰুউ সৰু অংশ থাকে। আনহাতে হিউমাছত এনে অংশ দেখা নাযায়। কাৰণ হিমাছ হ’ল  জৈৱিক পদাৰ্থৰ ৰূপান্তৰ ঘটি হোৱা এক স্থিৰ অৱস্থা। পছন সাৰৰ কোনো নিৰ্দিষ্ট বৰণ নাথাকিব পাৰে। হিউমাছ সদায়ে ক’লা কিম্বা গাঢ় মুগা বৰণৰ হয়তদুপৰি ইয়াৰ গোন্ধ মিঠা।
সেউজ সাৰৰ বাবে মাটিৰ গুণাগুণ কিদৰে উন্নত হয়?
ক) মাটিত জৈৱ পদাৰ্থ বৃদ্ধি :- শস্যৰ শ্রীবৃদ্ধিৰ বাবে মাটিত জৈৱ পদাৰ্থ থকাতো অপৰিহাৰ্য। প্রাকৃতিক ভাৱে বিভিন্ন জৈৱিক উপাদানৰ পৰা জৈৱ পদাৰ্থ সৃষ্টি হৈ মাটিত জমা হয়। সময়ত এই পদাৰ্থ ভাগৰ ৰূপান্তৰ ঘটি ‘হিউমাচ’লৈ পৰিৱৰ্ত্তন হয় ‘হিউমাচ’ হ’ল উদ্ভিদৰ প্রয়োজনীয় সকলো পোষকদ্রব্যৰ আকৰ। সেয়ে মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বাঢ়িলে উর্বৰতা শক্তি বৃদ্ধি পায়। সেউজ সাৰ প্রয়োগ কৰি সহজে মাটিত জৈৱ পদাৰ্থ বৃদ্ধি কৰিব পৰা যায়       
খ) মাটিত অনুজীৱৰ সংখ্যা বৃদ্ধিঃ- মাটিত থকা বিভিন্ন অনুজীৱই  জৈৱ  পদাৰ্থৰ লগত ক্রিয়া কৰি এনে পদাৰ্থবোৰ ‘হিউমাচ’লৈ ৰূপান্তৰ কৰে। সেউজ সাৰে এই অনুজীৱবোৰৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে যাৰ বাবে জৈৱ পদাৰ্থ ‘হিউমাচ’লৈ ৰূপান্তৰ ঘটা কাৰ্য খৰটকীয়া হয়। 
গ) মাটিত শস্যৰ পোষক দ্রব্য বৃদ্ধিঃ- সেউজ সাৰৰ শস্য মাটিৰ লগত মিহলি হ’বলৈ দিওঁতে এইবোৰ শস্যই মাটিৰ পৰা আহৰণ কৰা পোষকদ্রব্যবোৰ পুনৰ মাটিৰ লগত মিহলি হৈ পৰে যাৰ বাবে ডৰাটোত পোষকদ্রব্য বৃদ্ধি পায়। ছেঁই ধৰা উদ্ভিদৰ  শিপা নাইবা গা-গছত থকা টেমুনাবোৰত বায়ুমণ্ডলৰ পৰা আহৰণ কৰা নাইট্রোজেন জমা হৈ থাকে। এনেবোৰ উদ্ভিদ সেউজ সাৰ হিচাপে খেতি কৰিলে মাটিত শস্যৰ পোষক দ্রব্য সহজে বৃদ্ধি পায়।
ঘ) ভূমি ও পোষকদ্রব্য সংৰক্ষণঃ- সেউজ সাৰৰ শস্যই মাটিৰ উপৰিভাগ আৱৰি থয় বাবে বতাহ-বৰষুণৰ বাবে হোৱা  ভূমিক্ষয়  সহজে ৰোধ হয়। আনহাতে ভূমিক্ষয় ৰোধ হোৱা বাবে মাটিত থকা পোষকদ্রব্য নষ্ট হ’বলৈ নাপায়।
ঙ) মাটিৰ ভৌতিক গুণৰ উন্নতিসাধনঃ- মাটিত ‘হিউমাচ’ৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাটিৰ ক্ষুদ্র কণিকাবোৰ সহজে দানাবন্ধ হ’বলৈ সুবিধা পায়। এই দানাবন্ধ কণিকাবোৰৰ মাজেৰে বায়ু তথা পানী চলাচল কৰিবলৈ সুচল হয় যাৰ বাবে  মাটিৰ তাপমাত্র এক ভাৰসাম্য অৱস্থাত থকেতদুপৰি এনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা(Water holding Capacity ) বেছি। 
চ) ৰাসায়নিক সাৰৰ কাৰ্যকাৰিতা বৃদ্ধিঃ- সেউজ সাৰ প্রয়োগ কৰা মাটিত শস্যই ৰাসায়নিক সাৰত থকা মৌল যেনে- নাইট্রোজেন, ফছফৰাছ, পটাছ আদি মাটিৰ পৰা সহজে আহৰণ কৰিব পাৰে যাৰ বাবে ৰাসায়নিক সাৰৰ কাৰ্যকাৰিতা বৃদ্ধি পায়। তদুপৰি এনে মাটিত শস্যৰ পৰিপুষ্টি বাবে আৱশ্যক হোৱা  আন পোষকদ্রব্যবোৰ সহজলভ্য হৈ উঠে।  
  সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা  উদ্ভিদবোৰ কেনে হোৱা উচিত?
           সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা উদ্ভিদবোৰৰ বৈশিষ্ট সমূহ হ’লঃ-
ক) অনুৰ্বৰ মাটিতো স্বাভাৱিক ভাৱে বাঢ়িব পৰা ক্ষমতা
খ) খৰটকীয়া বাঢ়ন
 গ) পৰ্যাপ্ত পৰিমাণৰ ডাল-পাত
 ঘ) কাণ্ড আৰু ডাল সহজে পচনশীল
 ঙ) শিপাৰ সহজে মাটিৰ ভিতৰলৈ যাব পৰা ক্ষমতা
    সেউজ সাৰ হিচাপে কোনবোৰ উদ্ভিদ ব্যৱহাৰ কৰিব পৰা যায়?
 বহুকেইবিধ উদ্ভিদৰ পৰা সেউজ সাৰ পাব পৰা যায়। ইয়াৰে কিছমান শস্য হিচাপে খেতি কৰি নিৰ্দিষ্ট সময়ত মাটিৰ লগত মিহলাই দিয়া হয়। আনহাতে  সেউজীয়া পাতসাৰৰ বাবে বিভিন্ন উদ্ভিদৰ পৰা পাত সংগ্রহ কৰা হয়। মাটিত জৈৱ পদাৰ্থ যোগান ধৰিব পৰা বিভিন্ন উদ্ভিদৰ নাম ব্যৱহাৰ অনুযায়ী তলত উল্লেখ কৰা হ’ল।   
সেউজ সাৰ
সেউজীয়া পাতসাৰ
আৱৰণ শস্য
ধইনচা
সোণাৰু
মগুমাহ
শন
নিম
মাটিমাহ
বেলিফুল
ভোট এৰা
লেচেৰা মাহ

কলমৌ


কৰচ


আকণ



               ম’বাইল: ৯৪৩৫১ ৩৫৬৩১


সেউজ সাৰৰ উদ্ভিদ



ফুলৰে সৈতে সেউজ সাৰৰ উদ্ভিদ


No comments:

Post a Comment