Thursday, 28 February 2013

সেউজ সাৰ -- Green Manure


সেউজী ধৰণী
সেউজ সাৰ
   ডঃ চাদিকুল হুছেইন
             কিছুমান শস্যৰ খেতি কৰি এক নিৰ্দিস্ট সময়ৰ পাছত এইবোৰৰ ডাল-পাত আদি কাটি মাটিৰ লগত মিহলালে যি সাৰ পোৱা যায় তাকে সেউজ সাৰ (Green Manure ) বোলা হয়। সকলো উদ্ভিদৰ পৰাই এনে সাৰ পাব পৰা যায় যদিও ইয়াৰ বাবে কিছুমান বিশেষ উদ্ভিদ চিনাক্ত কৰা হৈছে। জৈৱিক কৃষিত মাটিৰ গুণাগুণ উন্নত কৰিবলৈ এনেবোৰ শস্য বহুল ভাৱে ব্যৱহাৰ কৰা হয়। আনহাতে যিকোনো উদ্ভিদৰে কুমলীয়া ডাল-পাত আঁতৰৰ পৰা আনি মাটিত মিহলাই দিওঁ এনে সাৰ পাব পৰা যায়। অৱশ্যে এনে সাৰক সেউজীয়া পাতসাৰ(Green Leaf Manure ) কোৱা হয়। ইয়াৰ উপৰিও এনে কিছুমান শস্য আছে যিবোৰ অতি ঘনকৈ সিঁচি বতাহ-বৰষুণৰ বাবে হোৱা ভূমিক্ষয় ৰোধ কৰিব পৰা যায় এনেবোৰ শস্যক আৱৰণ বা আবৃত শস্য ( Cover crop ) বুলি কোৱা হয়। ফচল চপোৱাৰ পাছত এইবোৰ শস্যৰ ডাল-পাত আদি মাটিৰ লগত মিহলাই দিও সেউজ সাৰ পাব পাৰি। সেয়ে এনেবোৰ শস্যও সেউজ সাৰৰ শস্যৰ অন্তৰ্ভুক্ত
সেউজ সাৰ ব্যৱহাৰ কৰি মাটিৰ গুণাগুণ যথেষ্ট পৰিমাণে দৰে উন্নত কৰিব পৰা যায়। অৱশ্যে এই বিষয়ে আলোচনা কৰাৰ আগেয়ে আমি ‘হিউমাছ’ নামৰ পদার্থবিধৰ বিষয়ে জানিব লাগিব। ‘হিউমাছ’ এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হ’ল মাটি বা পৃথিৱী মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্রিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়। জৈৱ পদার্থৰ এই ৰূপটোক মাটি বিজ্ঞানীসকলে ‘হিউমাছ’বুলি নামাকৰণ কৰিছে। বিজ্ঞানীসকলে এই জটিল ৰাসায়নিক পদার্থবিধক এতিয়াও ভালদৰে বুজি নুঠাৰ বাবে এতিয়ালৈকে ইয়াৰ কোনো সজ্ঞা নিৰুপণ কৰিব পৰা নাই। অৱশ্যে পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে ‘হিউমাছ’ হ’ল উদ্ভিদৰ সকলো পোষকদ্রব্যৰ আকৰ; মাটি ‘হিউমাছ’ৰ পৰিমাণ বাঢ়িলে উর্বৰতা শক্তি বৃদ্ধি পায়। সেয়ে শস্যৰ উৎপাদন বঢ়াবলৈ মাটি ‘হিউমাছ’ গঠন হোৱাত গুৰুত্ব দিয়া হয়।
জৈৱ পদাৰ্থৰ হিউমাছলৈ ৰূপান্তৰ হোৱা প্রক্রিয়া
              মাটিত থকা বিভিন্ন অণুজীৱৰ  বাবে উদ্ভিদ কিম্বা প্রাণীৰ দেহৰ অৱশিষ্টভাগ পচিবলৈ লয়। এই পচন ক্রিয়াত উদ্ভিদ কিম্বা প্রাণীৰ দেহত থকা জৈৱ পদার্থভাগৰ বহুতো ৰাসায়নিক পৰিৱৰ্তন ঘটে। প্রথমে কেতবোৰ ভেঁকুৰৰ ক্রিয়াৰ বাবে জৈৱ পদার্থভাগ পচিবলৈ আৰম্ভ কৰে। এই পচিবলৈ ধৰা পদার্থখিনি কেঁছু নাইবা আন কিছুমান ক্ষুদ্র জীৱই ভক্ষণ কৰে যাৰ বাবে  শৰ্কৰাভাগ ভাঙি পৰেআনহাতে লিগনিন আৰু চেল’লজ লাহে লাহে ভাগেপাছত white rot fungi আৰু আন কেতবোৰ ভেঁকুৰৰ বাবে লিগনিনৰ পৰিৱৰ্তন ঘটি হিউমাছৰ অংশ হৈ পৰে।  এইদৰে জৈৱ পদাৰ্থৰ ৰূপান্তৰ ঘটি অৱশেষত এক স্থিৰ অৱস্থা পায়হি য’ত যথেষ্ট পৰিমাণে হিউমিক এচিড (Humic acid) আৰু হিউমি(Humins) থাকে। অদ্রব্য ৰূপত থকা এই দুই পদাৰ্থক অণুজীৱই ক্রিয়া কৰি ভাঙিব নোৱাৰে বাবে মাটিৰ ভৌতিক গঠনত সহায়ক হৈ পৰে। তদুপৰি অণুজীৱবোৰে নিৰ্গত কৰা আঠাজাতীয় পদাৰ্থ কিছুমানৰ বাবে মাটিৰ ক্ষুদ্র কণিকাবোৰ ইটোৰ লগত সিটো টানকৈ লাগি থাকে। এনে হোৱাৰ বাবে কণিকাবোৰৰ মাজত ক্ষুদ্র ছিদ্র গঠন হয়। এই ছিদ্রবোৰৰ মাজেৰে বতাহ আৰু পানী চলাচল কৰিবলৈ সুচল হয় বাবে মাটিৰ গুণাগুণ ভাল হয়।
 হিউমাছ আৰু পচন সাৰৰ মাজত পাৰ্থক্য
              জৈৱ পদাৰ্থৰ পৰা উৎপন্ন হোৱা এই দুয়োবিধে শস্যক পোষক দ্রব্যৰ যোগান ধৰে। সেয়ে হিউমাছ আৰু পচন সাৰক বহুতে একে বুলি জ্ঞান কৰে। কিন্তু এই দুয়োবিধৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অতি সহজে বুজিব পৰা পাৰ্থক্যবোৰ হ’ল- পচন সাৰ হ’ল জৈৱিক পদাৰ্থৰ ৰূপান্তৰৰ এক অস্থায়ী অৱস্থা। সেয়ে পচন সাৰত উদ্ভিদ কিম্বা প্রাণীৰ দেহৰ অৱশিষ্টভাগৰ সৰুউ সৰু অংশ থাকে। আনহাতে হিউমাছত এনে অংশ দেখা নাযায়। কাৰণ হিমাছ হ’ল  জৈৱিক পদাৰ্থৰ ৰূপান্তৰ ঘটি হোৱা এক স্থিৰ অৱস্থা। পছন সাৰৰ কোনো নিৰ্দিষ্ট বৰণ নাথাকিব পাৰে। হিউমাছ সদায়ে ক’লা কিম্বা গাঢ় মুগা বৰণৰ হয়তদুপৰি ইয়াৰ গোন্ধ মিঠা।
সেউজ সাৰৰ বাবে মাটিৰ গুণাগুণ কিদৰে উন্নত হয়?
ক) মাটিত জৈৱ পদাৰ্থ বৃদ্ধি :- শস্যৰ শ্রীবৃদ্ধিৰ বাবে মাটিত জৈৱ পদাৰ্থ থকাতো অপৰিহাৰ্য। প্রাকৃতিক ভাৱে বিভিন্ন জৈৱিক উপাদানৰ পৰা জৈৱ পদাৰ্থ সৃষ্টি হৈ মাটিত জমা হয়। সময়ত এই পদাৰ্থ ভাগৰ ৰূপান্তৰ ঘটি ‘হিউমাচ’লৈ পৰিৱৰ্ত্তন হয় ‘হিউমাচ’ হ’ল উদ্ভিদৰ প্রয়োজনীয় সকলো পোষকদ্রব্যৰ আকৰ। সেয়ে মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বাঢ়িলে উর্বৰতা শক্তি বৃদ্ধি পায়। সেউজ সাৰ প্রয়োগ কৰি সহজে মাটিত জৈৱ পদাৰ্থ বৃদ্ধি কৰিব পৰা যায়       
খ) মাটিত অনুজীৱৰ সংখ্যা বৃদ্ধিঃ- মাটিত থকা বিভিন্ন অনুজীৱই  জৈৱ  পদাৰ্থৰ লগত ক্রিয়া কৰি এনে পদাৰ্থবোৰ ‘হিউমাচ’লৈ ৰূপান্তৰ কৰে। সেউজ সাৰে এই অনুজীৱবোৰৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে যাৰ বাবে জৈৱ পদাৰ্থ ‘হিউমাচ’লৈ ৰূপান্তৰ ঘটা কাৰ্য খৰটকীয়া হয়। 
গ) মাটিত শস্যৰ পোষক দ্রব্য বৃদ্ধিঃ- সেউজ সাৰৰ শস্য মাটিৰ লগত মিহলি হ’বলৈ দিওঁতে এইবোৰ শস্যই মাটিৰ পৰা আহৰণ কৰা পোষকদ্রব্যবোৰ পুনৰ মাটিৰ লগত মিহলি হৈ পৰে যাৰ বাবে ডৰাটোত পোষকদ্রব্য বৃদ্ধি পায়। ছেঁই ধৰা উদ্ভিদৰ  শিপা নাইবা গা-গছত থকা টেমুনাবোৰত বায়ুমণ্ডলৰ পৰা আহৰণ কৰা নাইট্রোজেন জমা হৈ থাকে। এনেবোৰ উদ্ভিদ সেউজ সাৰ হিচাপে খেতি কৰিলে মাটিত শস্যৰ পোষক দ্রব্য সহজে বৃদ্ধি পায়।
ঘ) ভূমি ও পোষকদ্রব্য সংৰক্ষণঃ- সেউজ সাৰৰ শস্যই মাটিৰ উপৰিভাগ আৱৰি থয় বাবে বতাহ-বৰষুণৰ বাবে হোৱা  ভূমিক্ষয়  সহজে ৰোধ হয়। আনহাতে ভূমিক্ষয় ৰোধ হোৱা বাবে মাটিত থকা পোষকদ্রব্য নষ্ট হ’বলৈ নাপায়।
ঙ) মাটিৰ ভৌতিক গুণৰ উন্নতিসাধনঃ- মাটিত ‘হিউমাচ’ৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাটিৰ ক্ষুদ্র কণিকাবোৰ সহজে দানাবন্ধ হ’বলৈ সুবিধা পায়। এই দানাবন্ধ কণিকাবোৰৰ মাজেৰে বায়ু তথা পানী চলাচল কৰিবলৈ সুচল হয় যাৰ বাবে  মাটিৰ তাপমাত্র এক ভাৰসাম্য অৱস্থাত থকেতদুপৰি এনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা(Water holding Capacity ) বেছি। 
চ) ৰাসায়নিক সাৰৰ কাৰ্যকাৰিতা বৃদ্ধিঃ- সেউজ সাৰ প্রয়োগ কৰা মাটিত শস্যই ৰাসায়নিক সাৰত থকা মৌল যেনে- নাইট্রোজেন, ফছফৰাছ, পটাছ আদি মাটিৰ পৰা সহজে আহৰণ কৰিব পাৰে যাৰ বাবে ৰাসায়নিক সাৰৰ কাৰ্যকাৰিতা বৃদ্ধি পায়। তদুপৰি এনে মাটিত শস্যৰ পৰিপুষ্টি বাবে আৱশ্যক হোৱা  আন পোষকদ্রব্যবোৰ সহজলভ্য হৈ উঠে।  
  সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা  উদ্ভিদবোৰ কেনে হোৱা উচিত?
           সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰা উদ্ভিদবোৰৰ বৈশিষ্ট সমূহ হ’লঃ-
ক) অনুৰ্বৰ মাটিতো স্বাভাৱিক ভাৱে বাঢ়িব পৰা ক্ষমতা
খ) খৰটকীয়া বাঢ়ন
 গ) পৰ্যাপ্ত পৰিমাণৰ ডাল-পাত
 ঘ) কাণ্ড আৰু ডাল সহজে পচনশীল
 ঙ) শিপাৰ সহজে মাটিৰ ভিতৰলৈ যাব পৰা ক্ষমতা
    সেউজ সাৰ হিচাপে কোনবোৰ উদ্ভিদ ব্যৱহাৰ কৰিব পৰা যায়?
 বহুকেইবিধ উদ্ভিদৰ পৰা সেউজ সাৰ পাব পৰা যায়। ইয়াৰে কিছমান শস্য হিচাপে খেতি কৰি নিৰ্দিষ্ট সময়ত মাটিৰ লগত মিহলাই দিয়া হয়। আনহাতে  সেউজীয়া পাতসাৰৰ বাবে বিভিন্ন উদ্ভিদৰ পৰা পাত সংগ্রহ কৰা হয়। মাটিত জৈৱ পদাৰ্থ যোগান ধৰিব পৰা বিভিন্ন উদ্ভিদৰ নাম ব্যৱহাৰ অনুযায়ী তলত উল্লেখ কৰা হ’ল।   
সেউজ সাৰ
সেউজীয়া পাতসাৰ
আৱৰণ শস্য
ধইনচা
সোণাৰু
মগুমাহ
শন
নিম
মাটিমাহ
বেলিফুল
ভোট এৰা
লেচেৰা মাহ

কলমৌ


কৰচ


আকণ



               ম’বাইল: ৯৪৩৫১ ৩৫৬৩১


সেউজ সাৰৰ উদ্ভিদ



ফুলৰে সৈতে সেউজ সাৰৰ উদ্ভিদ


Monday, 11 February 2013

Rice pests management ---An Organic approach... জৈৱিক পদ্ধতিৰে ধানৰ অনিষ্টকাৰী কীট-পতংগ নিবাৰণ


জৈৱিক পদ্ধতিৰে ধানৰ অনিষ্টকাৰী কীট-পতংগ নিবাৰণ
ডঃ চাদিকুল হুছেইন
        অসমত আহু, শালি, বৰো আৰু বাও হিচাপে ধানৰ খেতি কৰা হয় যদিও   প্রায় ১৭ লাখ হেক্টৰ মাটিত কৰা শালিখেতিটোৱেই ৰাজ্যখনৰ প্রধান খেতি। আহাৰ-শাওণৰ পৰা আঘোন-পুহলৈ কৰা এই খেতিটোৰ সময়চোৱাত ৰাজ্যখনৰ জলবায়ু কীট-পতংগৰ বংশ বৃদ্ধিৰ বাবে অতি উপযোগী হৈ উঠে। সেয়ে কঠীয়া সিঁচাৰ পৰা  চপোৱালৈকে নানানবিধ কীট-পতংগই পথাৰত ধানৰ যথেষ্ট অনিষ্টসাধন কৰে। আনহাতে পথাৰতে দেখা দিয়া কিছুমান কীট-পতংগ ধানৰ লগতে ভঁৰালত প্রৱেশ কৰি  ভঁৰালৰ ধান নষ্ট কৰে।  কীট-পতংগৰ এনে উপদ্রপৰ পৰা ধাননীডৰা ৰক্ষা কৰিবলৈ অনেক  উপায় আছে। ৰাসায়নিক ঔষধ প্রয়োগ তাৰ ভিতৰত এটা। কিন্তু প্রায় সকলো কৃষকে আন উপায়বোৰ প্রয়োগ নকৰি  ঔষধৰ ওপৰত অধিক নিৰ্ভৰ কৰা দেখা যায়।  আনহাতে বহুতো কৃষকে ঔষধ প্রয়োগৰ বিষয়ে ভালদৰে বুজি নুঠাৰ বাবে ঔষধৰ অপ্রয়োগ হয়,যাৰ বাবে পৰিৱেশৰ ওপৰত বহুতো কু-প্রভাৱ পৰে। সততে চকুত পৰা এনে এক কু-প্রভাৱ হ’ল পথাৰবোৰত মাছ-পুঠি প্রায়  নোহোৱা হৈ পৰাতো। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পথাৰত প্রয়োগ কৰা বেছি ভাগ ৰাসায়নিক ঔষধৰ বাবে পথাৰত মাছ-পুঠিৰ লগতে সাপ,বেং আদিবোৰ লাহে লাহে কমি গৈছে। ইয়াৰউপৰি অধিক মাত্রাত ঔষধ প্রয়োগ কৰাৰ বাবে মকৰা,জিঁয়া আদিৰ লগতে ভালেমান কীট-পতংগ ভক্ষণ কৰা চৰাই-চিৰিকতি পথাৰবোৰত নোহোৱা হৈ পৰিছে। ৰাসায়নিক ঔষধৰ বাবে দেখা দিয়া এনে বহুতো সমস্যাৰ পৰা হাত সাৰিবলৈ  বৰ্তমান বিজ্ঞানীসকলে জৈৱিক পদ্ধতি অৱলম্বন কৰি ধানৰ লগতে আন শস্যত দেখা দিয়া অনিষ্টকাৰী কীট-পতংগ নিবাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। এইখিনিতে উল্লেখযোগ্য যে জৈৱিক পদ্ধতিত কৃষকে পৰম্পৰাগত ভাবে প্রয়োগ কৰা থলুৱা পদ্ধতিৰ গুৰুত্ব যথেষ্ট বেছি। সেয়েহে জৈৱিক পদ্ধতি সৰ্বসাধাৰণ কৃষকৰ   গ্রহণযোগ্য হৈ পৰা দেখা গৈছে। আমাৰ এই লেখাটিত ধাননী পথাৰত প্রয়োগ কৰিব পৰা জৈৱিক কৃষি পদ্ধতিৰ কেতবোৰ কৌশলৰ বিষয়ে উল্লেখ কৰা হ’ল।  
       শালিখেতিৰ পাছত আহু কৰা অঞ্চলত পুহ-মাঘ মাহত নাইবা কেৱল শালি কৰা অঞ্চলত মাঘ-ফাগুন মাহত দ’কৈ হাল বাই নৰাবোৰ নষ্ট কৰি দিব লাগে। এনে কৰিলে নৰাৰ মাজত নাইবা মাটিৰ তলত লুকাই থকা  কীটবোৰ মৰি যাব।
       শালি খেতিয়েই যিহেতু অসমৰ প্রধান খেতি সেয়েহে যিবোৰ অঞ্চলত আহু আৰু শালি দুয়োবিধৰ খেতি কৰা হয় সেই অঞ্চলবোৰত আহুৰ জাত এনেহোৱা উচিত যাতে আহাৰৰ প্রথম ভাগত আহু চপাই শাওণৰ প্রথম পষেকত শালি ৰুই শেষ কৰিব পৰা যায়। এনে কৰিলে মজ্জাখোৱা, পিয়াজী পোক, চৰহা আদিৰ আক্রমণৰ মাত্রা কম হ’ব।
       ধানৰ কৃষিকাল অনুযায়ী সঠিক সময়ত কঠীয়া ৰোব লাগে। কেৱল শালিখেতি কৰা অঞ্চলত কমদিনীয়া জাত আগতীয়াকৈ ৰুলে ডৰাটোত গান্ধীপোক বেছিকৈ পৰেহি। আনহাতে দীৰ্ঘদিনীয়া জাত পলমকৈ ৰুলে মজ্জাখোৱা,পিয়াঁজী পোক,চৰহা আদি বেছি হয়।
       সাধাৰণতে ৩-৫ কিঃমিঃ বহল পথাৰ এখনত প্রায় একে সময়তে ধান ৰুই শেষ কৰিবলৈ যত্ন কৰিব লাগে। নহ’লে প্রথমে ৰোৱা ডৰাবোৰৰ পৰা পোক-পৰুৱা পাছত ৰোৱাখিনিলৈ বিয়পি পৰিব আৰু এই ডৰাবোৰত বেছি অনিষ্ট কৰিব।    
       ৰোৱাৰ আগেয়ে কঠীয়াৰ আগবোৰ ছিঙি ল’ব লাগে। এনে কৰিলে পাতৰ আগভাগত থকা মজ্জাখোৱা আদিৰ কণীবোৰ পথাৰলৈ বিয়পিব নোৱাৰে। অৱশ্যে পাত দেইযোৱা ৰোগৰ (Bacterial Leaf Blight) প্রাদুৰ্ভাৱ থকা অঞ্চলত আগ ছিঙি ৰুব নালাগে।
       গোছাবোৰ অনুমোদিত দূৰত্বত ৰুব লাগে। ৰুই উঠাৰ পাছত পথাৰত ঘনাই জেং পুতি দি পোক খোৱা চৰাই বহিবলৈ সুবিধা কৰি দিব লাগে। অৱশ্যে ফুল ফুলাৰ পাছত জেংবোৰ আঁতৰাই দিব লাগে।
       ৰবাবটেঙাৰ বাকলি, কচু , নিম গছৰ পাত আদি পথাৰত ছটিয়াই থলে বহুতো পোক-পৰুৱাৰ আক্রমণ কম হয়। টুপলিকটা আদি পাত খোৱা পোক দেখিলে কেৰাচিন আৰু পানীৰ ১:১ অনুপাতৰ মিশ্রণত তিয়াই লোৱা ৰচি এডাল দুজনে সুমূৰে ধৰি ডৰাটোৰ ওপৰেদি চলাই দিলে ইবোৰৰ আক্রমণ কম হয়।
       চৰহাৰ আক্রমণ  দেখিলে আক্রান্ত পাতবোৰ কাটি পথাৰৰ পৰা আঁতৰত পুতি দিব লাগে আৰু পাছত বগৰি আদি কাঁইটীয়া গছৰ ডালেৰে দুদিনমানৰ অন্তৰে  অন্তৰে ধানগছবোৰ কোবাই থাকিলে চৰহাৰ আক্রমণ কমিব। আক্রমণৰ মাত্রা বেছি দেখিলে ( গোছে প্রতি ১-২ আক্রান্ত পাত নাইবা এটা পূৰ্ণাঙ্গ কীট) Beauveria bassiana (bals.) নামৰ জৈৱ কীটনাশকবিধৰ ৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বৰ্তমান কেইবাটাও নামত এইবিধ কীটনাশক বজাৰত পোৱা যায়। এবিঘা মাটিৰ বাবে এনে কীটনাশকৰ ৪০০-৫০০ গ্রাম আৱশ্যক হ’ব।
       মজ্জাখোৱাৰ আক্রমণ  কম কৰিবলৈ  পৰজীৱী পোক কৃত্রিমভাৱে পথাৰত মেলিব লাগে। তাৰবাবে  Tricho card ব্যৱহাৰ কৰিব পৰা যায়। বিকল্প হিচাপে মজ্জাখোৱাৰ কণী দেখিলে সেইবোৰ পাতেৰে সৈতে ছিঙি টেমা এটাত ভৰাই টেমাৰ মুখখন জালি নাইবা আঁঠুৱাৰ কাপোৰেৰে ঢাকি পথাৰৰ মাজত থব লাগে। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পথাৰত পোৱা কণীৰ থোপাবোৰত পৰজীৱী পোকে কণী পাৰি থয়।  সময়ত এইবোৰ টেমাৰ জালিৰ মাজেৰে বাহিৰ হৈ মজ্জাখোৱাৰ কণী নষ্ট কৰে। তদুপৰি মজ্জাখোৱাৰ মতা মথবোৰক আকৰ্ষণ কৰা Pheromone বা টোপ ব্যৱহাৰ কৰিও এইবিধ পোক নিয়ন্ত্রণ কৰিব পাৰি। এনেবোৰ ব্যৱস্থা লোৱাৰ পাছতো যদি ফুল ফুলাৰ আগেয়ে ৫% আক্রান্ত পোখা দেখা যায় নাইবা ফুল ফুলাৰ পাছত প্র্তি বৰ্গ মিটাৰত এজনী পখিলা দেখা যায় তেন্তে অনুমোদিত ঔষধ সঠিক পৰিমাণত প্রয়োগ কৰিব লাগে।
       আহু আৰু আগতীয়াকৈ কৰা শালিখেতিত গান্ধীপোকৰ আক্রমণ বেছি হয়। মৰা বেং, গেলা মাছ আদি পথাৰত ওলোমাই থৈ গান্ধীপোক আকৰ্ষণ কৰিব পাৰি। থোপ খোৱা গান্ধীখিনি পাছত ঔষধ ছটিয়াই নাইবা পুৰি মাৰিবলৈ সহজ হয়। গেঁৰ ধৰাৰ পাছৰে পৰা ৰাতি পথাৰত জোঁৰ দি গান্ধীপোকৰ আক্রমণ কম কৰিব পাৰি।
       ভঁৰালত দেখা দিয়া পোক-পৰুৱাবোৰ কম কৰিবলৈ ধান চপোৱাৰ আগেয়ে কিছুমান ব্যৱস্থা ল’ব লাগে। সাধাৰণতে কৃষকসকলে ধান পুৰঠ হোৱাৰ বহুত পাছত চপোৱা দেখা যায়।পুৰঠ ধান বেছি দিনলৈকে পথাৰত থাকিলে সূৰ্যৰ তাপত ফাট মেলে। ভঁৰালত দেখা দিয়া বহুকেইটা পোকে এনে ফাট মেলা গুটিত পথাৰতে কণী পাৰে আৰু গুটিৰ লগত ইহঁত ভঁৰালত প্রৱেশ কৰে। তদুপৰি পথাৰত বেছি শুকালে মৰণাত গৰুৰ খোজত গুটিত ফাট মেলে, যাৰ বাবে পোকে কণী পাৰিবলৈ সুবিধা পায়। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে ডৰাটোৰ  ৫০%গোছাত ফুল ফুলাৰ এমাহৰ পাছৰে পৰা ধান চপাব পৰা হয়। সেয়েহে এই দিশটোলৈ বিশেষ ভাবে মন দিব লাগে।
       চপোৱা ডাঙৰিবোৰ ভালদৰে শুকাবলৈ দিব লাগে। ধান গোছা নাইবা গুটি হিচাপে ভঁৰালত থব পাৰি। সাধাৰণতে গুটি ধানত পোক-পৰুৱা বেছি হোৱা দেখা যায়। ধান শুকুৱাওঁতে টান চোকা ৰ’দত বেছি সময় ৰাখিব নালাগে আৰু শুকুৱাই থাকোতে মাজে মাজে লৰাই থাকিব লাগে।ৰ’দ টান হোৱাৰ লগে লগে ধান ভিতৰলৈ নিব লাগে। এইদৰে ৭-১০ দিন ৰ’দত ধান শুকুৱালে গুটিত ফাট নেমেলে।
       পৰাপক্ষত ধান ১২% আৰ্দ্রতালৈ শুকুৱাব লাগে। কিন্তু অসমৰ দৰে বৰষুণ বেছি হোৱা ঠাইত ১৪%মানলৈ শুকুৱাই ভালদৰে সংৰক্ষণ কৰি থলে পোক-পৰুৱাৰ আক্রমণ কম হয়। অভিজ্ঞ কৃষকে কাণৰ কাষত পথালিকৈ ধান এটা টিপা মাৰি শুকুৱাৰ বুজ লয়। টিপামাৰি দিলে যদি শব্দ এটা শুনে তেতিয়া ধান ভালদৰে শুকাইছে বুলি ধৰে। পৰীক্ষাৰ দ্বাৰাও এনে গুটিৰ আৰ্দ্রতা প্রায় ১৪% হোৱা দেখা যায়।
       ধান ভৰোৱাৰ আগেয়ে ভঁৰালটো ভালদৰে পৰিষ্কাৰ কৰি বোকাৰে লেপি ল’ব লাগে। লিপাৰ পাছত নিমগছৰ পৰা প্রস্তুত কৰা ঔষধ নাইবা  মালাথিয়ন ৫০ ইচিৰ দুচামুচ এক লিটাৰ পানীত মিহলাই শুকান বেৰত স্প্রে কৰিব লাগে। প্র্তি বৰ্গ মিটাৰৰ বাবে তিনি লিটাৰ পানীৰ আৱশ্যক হ’ব। ভঁৰালৰ ধানত কেতিয়াও ঔষধ নছটিয়াব। ধানখিনিৰ লগত নিমপাত মিহলাই ওপৰত তুঁহ ছটিয়াই থব পাৰি। মাজে মাজে ধান ৰ’দত শুকুৱাই আগৰ দৰে নিমপাত মিহলাই ওপৰত তুঁহ ছটিয়াই থব লাগে। অৱশ্যে বীজৰ বাবে ৰখা ধানৰ লগত নিমগছৰ পৰা প্রস্তুত কৰা ঔষধ মিহলাব পাৰি।  এইদৰে ৰাসায়নিক ঔষধ বৰ্জন নাইবা সীমিত ৰূপত ব্যৱহাৰ কৰি আৰ্থিক ভাবে লাভবান হোৱাৰ লগতে আমাৰ পৰিৱেশ প্রদূষণমুক্ত কৰিব পাৰি। ইয়াৰ বাবে কৃষক তথা পৰিৱেশ সচেতন প্রতিজনেই আগভাগ ল’ব লাগিব।
ম’বাইল: ০৯৪৩৫১ ৩৫৬৩১  :: e-mail sadik2crs@yahoo.co.in