Sunday 27 January 2013

ৰাসায়নিক কীটনাশক ...Chemical Insecticides


সেউজী ধৰণী
              
                             ৰাসায়নিক কীটনাশক আৰু ইয়াৰ বিকল্প চিন্তা

ডঃ চাদিকুল হুছেইন

খাদ্যশস্যৰ উৎপাদন হ্রাস হোৱাৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত অনিষ্টকাৰী কীট-পতংগৰ আক্রমণ অন্যতম। অতীজতে কৃষকসকলে এনে আক্রমণৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ নিজা পদ্ধতি কিছুমান গ্রহণ কৰিছিল। এই পদ্ধতিবোৰে আমাৰ পৰিৱেশৰ ওপৰত বিশেষ প্রভাৱ পেলোৱা নাছিল বাবে প্রাকৃতিক ভাৰসাম্য প্রায় অটুট আছিল। পাছলৈ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰাতো আৱশ্যক হৈ পৰে। বিজ্ঞানীসকলে নতুন নতুন কৌশল উদ্ভাৱন কৰি অনিষ্টকাৰী কীট-পতংগৰ বাবে হোৱা  হানিৰ পৰিমাণ কমাবলৈ প্রয়াস কৰে আৰু এনে কৌশলৰ অংশ ৰূপে খেতি পথাৰত কীটনাশক ঔষধৰ প্রৱেশ ঘটে। প্রথম অৱস্থাত লীড আর্চেনেট,জিংক চালফাইদ আদি ৰাসায়নিক পদার্থবোৰ কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু এইবোৰ পদার্থ জীৱ-জন্তুৰ বাবে হানিকাৰক বুলি প্রমাণিত হোৱাত বিভিন্ন গছ-লতাৰ পৰা কীটনাশক ঔষধ তৈয়াৰ কৰা হয়। কৃষকসকলে এনেবোৰ ঔষধৰ লগত নিজা কিছুমান পদ্ধতিও কীট-পতংগ আক্রমণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰে। ইতিমধ্যে বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে অনিষ্টকাৰী কীট-পতংগবোৰক কিছুমান চৰাই আৰু আন কীট-পতংগই খাদ্য হিচাপে গ্রহণ কৰে। বিজ্ঞানীসকলে  এইটোও লক্ষ্য কৰিছিল যে কীট-পতংগবোৰক কিছুমান ভেঁকুৰ আৰু বেক্টেৰিয়াই আক্রমণ কৰে, যাৰ বাবে এইবোৰৰ মৃত্যু হয়। প্রকৃতিত ঘটি থকা এইবোৰ ঘটনাক সু-শৃংখলিত ভাবে অধ্যয়ন কৰি বিজ্ঞানীসকলে জৈৱিক উপায়েৰে কীট-পতংগ নিবাৰণৰ বহুতো কৌশল উদ্ভাৱন কৰে। এইবোৰ কৌশল কৃষকৰ গ্রহণযোগ্য হৈ উঠাত আনবোৰ কৌশলৰ লগতে জৈৱিক উপায়বোৰো খতি পথাৰত প্রয়োগ কৰিবলৈ লয় আৰু কুৰি শতিকাৰ প্রায় মাজ ভাগলৈকে এনে প্রচেষ্টা অব্যাহত থাকে। কিন্তু দ্বিতীয় মহাযুদ্ধৰ সময়ত DDTনামৰ ৰসায়নিক পদার্থবিধৰ কীটনাশক গুণ আৱিষ্কাৰ হোৱাৰ লগে লগে অনিষ্টকাৰী কীট-পতংগৰ বিৰুদ্ধে মানুহে চলাই যোৱা যুদ্ধৰ এক বৈপ্লৱিক পৱিবর্তন ঘটিল। এইবিধ পদার্থৰ চমকপ্রদ ফলাফলে আন বহুবোৰ ৰাসায়নিক কীটনাশক ঔষধ বজাৰলৈ ওলাই অহাৰ বাট মুকলি কৰি দিয়ে। কৃষকে এই নতুন ঔষধবোৰ ব্যৱহাৰ কৰিবলৈ লয়। সহজে আৰু অতি কম সময়ৰ ভিতৰত পথাৰখন কীট-পতংগৰ আক্রমণৰ পৰ মুক্ত কৰা উপায় বিচাৰি পাই কৃষকসকলে শস্য ৰক্ষাৰ আন কৌশলবোৰ লাহে লাহে পাহৰি যাবলৈ ধৰে।
ৰাসায়নিক কীটনাশকৰ এনে উৎসাহজনক ফলাফলৰ মাজতো এচাম বিজ্ঞানীয়ে সকলোকে সর্তক কৰি দিলে যে কেৱল ঔষধ প্রয়োগৰ দ্বাৰা কীট-পতংগৰ আক্রমণ ৰোধ কৰিবলৈ গ’লে ভৱিষ্যতে অনেক বিপদৰ সম্মুখীন হ’ব লাগিব। তেওঁলোকে আন কৌশলবোৰো সমানে প্রয়োগ কৰিবলৈ কৃষকসকলক পৰামর্শ দিয়াৰ লগতে কীট-পতংগ নির্মূল ( control) কৰাৰ পৰিবর্তে এইবোৰৰ সংখ্যা নিয়ন্ত্রণ (manage) কৰিবলৈহে পৰামর্শ দিয়ে। এনে কৰিলে শস্যৰক্ষাৰ বাবে হোৱা ব্যয়ৰ মাত্রা কমিব, যাৰ বাবে কৃষকৰ লাভ হ’ব; ৰসায়নিক কীটনাশকৰ প্রয়োগ কমিব, যাৰ বাবে মানুহ আৰু আন জীৱ-জন্তুৰ স্বাস্থ্যৰ প্রতি অহা ভাবুকি হ্রাস পাব আৰু পৰিৱেশৰ ওপৰত কুপ্রভাৱ কমকৈ পৰিব; যাৰ বাবে প্রকৃতিক ভাৰসাম্যত কম আঘাট পৰিব। কিন্তু এই নতুন ঔষধবোৰে সকলোকে এনেদৰে আকৃষ্ট কৰিলে যে বিজ্ঞানীসকলৰ সর্তকবাণীলৈ কোনেও কাণসাৰ নকৰিলে। ঔষধ কোম্পানীবোৰেও নিজৰ ব্যৱসায়ীক লাভালাভলৈ লক্ষ্য কৰি এনে সর্তকবাণী শুনোৱা সকলৰ বিপক্ষেহে মাত মাতিলে। আনহাতে ঔষধ ব্যৱহাৰৰ বাবে খাদ্যশস্যৰ উৎপাদন বৃদ্ধি হোৱা দেখি স্বাভাৱিক কাৰণতে চৰকাৰ সমূহো মৌন হৈ ৰ’ল।
চৰকাৰ আৰু জনসাধাৰণ দুয়ো পক্ষৰ সঁহাৰি অবিহনেও বিজ্ঞানীসকল হতাশ নহৈ ব্যস্ত হৈ থাকিল কীট-পতংগ নিবাৰণৰ বিকল্পৰ সন্ধানত। তেওঁলোকৰ গৱেষণাই অনেক নতুন নতুন কৌশলৰ সন্ধান দিলে। এই কৌশলবোৰৰ বেছি ভাগেই আছিল প্রকৃতিত ঘটি থকা কিছুমান ঘটনাক সমল হিচাপে লৈ কৰা গৱেষণাৰ ফল। অঞ্চল বিশেষে এইবোৰৰ সফল প্রয়োগ হ’ল যদিও ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ অব্যাহত থাকিল। কিন্তু ১৯৬২ চনত ৰাচেল কার্চনে Silent Spring নামৰ কিতাপখনত ৰাসায়নিক কীটনাশকবোৰৰ বাবে প্রকৃতিত দেখা দিয়া কুপ্রভাবোৰৰ বিষয়ে অতি বিশদভাবে আলোচনা কৰাৰ পাছত সকলো সজাগ হ’ল। সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্র চৰকাৰে এই বিষয়টো অতি গুৰুত্ব সহকাৰেৰে বিবেচনা কৰাত কীট-পতংগ নিবাৰণৰ বাবে নতুনকৈ চিন্তা চর্চ্চা হ’বলৈ ধৰিলে। খাদ্যশস্যৰ লগত জড়িত এই বিষয়টোক লৈ Food and Agricultural Organization (FAO) সচেতন হ’ল আৰু ১৯৬৭ চনত FAO য়ে কীট-পতংগ নিবাৰণৰ দিশটো অধ্যয়ন কৰিবলৈ এখন কমিটী গঠণ কৰি দিয়ে। এই কমিটীৰ চিন্তা-চর্চ্চা প্রধানকৈ ১৯৫৯ চনত কেলিফর্ণিয়াৰ এদল বিজ্ঞানীয়ে আগবঢ়োৱা পৰামর্শলানিৰ আঁত ধৰিয়েই আগ বাঢ়িল। আৱশেষত এই কমিটীয়েও কেৱল ৰাসায়নিক ব্যৱস্থাৰ ওপৰতে নির্ভৰ নকৰি আন কৌশলবোৰো প্রয়োজন সাপেক্ষে ব্যৱহাৰ কৰিবলৈ পৰামর্শ দিয়ে আৰু ১৯৭১ চনত কীট-পতংগ নিবাৰণৰ এক নতুন সজ্ঞা আগবঢ়ায়। প্রথম অৱস্থাত জৈৱিক আৰু ৰাসায়নিক কৌশলৰ মিলিত প্রচেষ্টাৰে আগবঢ়া ব্যৱস্থাটোত পাছলৈ আন কৌশলবোৰেও ঠাই পায়। এইদৰে বিভিন্ন কৌশলৰ সংমিশ্রণৰে আগবঢ়া ব্যৱস্থাটোক ইংৰাজীত Integrated Pest Management চমুকৈ IPM বুলি নামাকৰণ কৰা হয়। তেতিয়াৰে পৰা পৃথিৱীৰ উন্নত দেশবোৰে এই ব্যৱস্থাৰে কীট-পতংগ নিয়ন্ত্রণ কৰিবলৈ আগবাঢ়িল। অসমীয়াত এই ব্যৱস্থাটোক কোৱা হ’ল সংহত কীট-পতংগ ব্যৱস্থাপনা। কীট-পতংগৰ বাবে গ্রহণ কৰা এই ব্যৱস্থাক আর্হি হিচাপে লৈ খেতি পথাৰত দেখা দিয়া বিভিন্ন ৰোগ আৰু অপতৃর্ণৰ বাবেও সুকীয়া ব্যৱস্থাপনা গঢ় লৈ উঠিল।
সজ্ঞা নিৰুপণ হোৱাৰ পাছৰ বছৰতে আমেৰিকাৰ ১৯খন বিশ্ববিদ্যালয় আৰু ভালেকেইটা বেচৰকাৰী প্রতিষ্ঠানে এটা প্রকল্পৰ জৰিয়তে ৰাসায়নিক কীটনাশকবোৰৰ বাবে পৰিস্থিতি তন্ত্রত (Ecosystem)  দেখা দিয়া সমস্যাৰ বিষয়ে আৰু অধিক অধ্যয়ন কৰিবলৈ লয়। C.B.Haffkerৰ পৰিচালনাত আগবঢ়া এই প্রকল্প পাছলৈ Haffaker Project নামেৰে জনাজাত হ পৰে। সাতটা কৃষিতন্ত্রক (Agroecosystem)  সাঙোৰি আগবঢ়া এই প্রকল্পৰ ফলাফলে স্পষ্ট ভাবে দেখুৱালে যে কষিতন্ত্রত ঘটি থকা কিছুমান বিজুটিৰ বাবে প্রকৃতিত অনেক সমস্যাৰ উদ্ভৱ হয়। তাৰ ভিতৰত কীট-পতংগৰ সমস্যা অন্যতম। আনহাতে এইটোও জনা গ’ল যে এই সমস্যা একক নহয়। সেয়েহে কীট-পতংগৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ যাওঁতে প্রতিটো কৃষিতন্ত্রত ঘটি থকা নীতি নিয়মৰ মাজেৰে আগবাঢ়িব লাগিব। এনে ফলাফল সমূহে আন দেশবোৰকো IPM ৰ চিন্তাধাৰাৰে নিজ নিজ  কৃষিতন্ত্রক  লৈ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ বাট দেখুৱায়। সেই অনুযায়ী ১৯৭৫ চনত আমাৰ দেশত সংহত কীট-পতংগ ব্যৱস্থাপনাৰ বাবে এক কার্যকৰী গৱেষণা প্রকল্পৰ কাম আৰম্ভ হয়। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ দ্বাৰা পৰিচালিত হোৱা এই প্রকল্পত দেশৰ সকলো কৃষি বিশ্ববিদ্যালয় জড়িত হৈ পৰে। বর্তমান এনে গৱাষণাৰ ফলাফল সমূহ বিভিন্ন সম্প্রসাৰণ মাধ্যমৰ জৰিয়তে কৃষকৰ ওচৰলৈ লৈ যোৱা হৈছে।
অসমতো খেতি পথাৰত নানান বিধ কীট-পতংগ, বেমাৰ-আজাৰে দেখা দিয়ে। এনে কীট-পতংগ, বেমাৰ-আজাৰবোৰ নিয়ন্ত্রণ কৰিবলৈ IPM ৰ জৰিয়তে প্রয়াস কৰা হৈছে য’ত আধুনিক কৌশলৰ লগতে পুৰণি থলুৱা পদ্ধতিয়েও সমানে গুৰুত্ব পাইছে। কিছু বছৰৰ আগলৈকে দেখি থকা ৰাসায়নিক কীটনাশকবোৰ বজাৰৰ পৰা লাহে লাহে নোহোৱা হ পৰিছে। তাৰ ঠাইত এনে কিছুমান কীটনাশক উপলব্ধ হৈছে যিবোৰৰ পৰিৱেশৰ ওপৰত কুপ্রভা অতি নগণ্য। তাৰ লগে লগে নিম আদি গছৰ পৰা প্রস্তুত কৰা কীটনাশকবোৰৰ প্রয়োগৰ মাত্রা বাঢ়ি গৈছে। যি সকল কৃষকে IPM ৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিছে তেওঁলোকে জৈৱিক কীটনাশক যেনে Beauvaria bassana, Nuclear polyhedrosis virus, Trichoderma viride, Bacillus thuringiensis ৰ লগতে Tricho card, Pheromone trap ৰ দৰে আধুনিক কৌশলবোৰ ব্যৱহাৰ কৰিবলৈ লৈছে। এইবোৰৰ সফল প্রয়োগৰ বাবে অঞ্চল বিশেষে ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ সীমিত হৈ পৰা দেখা গৈছে। এইয়া অতি শুভ লক্ষণ। কিন্তু এই দিশত আমি এতিয়াও বহুতো কৰিবলগীয়া আছে। তাৰ বাবে অসমৰ কৃষক আৰু সমাজৰ সচেতন শ্রেণীটো সমানে সজাগ হ’ব লাগিব। ইতিমধ্যে ৰাজ্যিক কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ে যুটীয়া ভাবে বিভিন্ন কৃষি তন্ত্রৰ বাবে উপযোগী IPM কৌশল প্রস্তুত কৰি উলিয়াইছে। এইবোৰৰ সফল প্রয়োগে আমাৰ কৃষক তথা জনসাধাৰণক লাভবান কৰাৰ উপৰিও ৰাজ্যখনক ‘জৈৱিক ৰাজ্য’হিচাপে স্বীকৃতি পোৱাত আৰু এখোজ আগবঢ়াব । কাৰণ জৈৱিক কৃষি পদ্ধতিত জৈৱিক সাৰ আৰু জৈৱিক কীটনাশকৰ ভূমিকাই প্রধান। অসমত চাহখেতিৰ বাহিৰে আনবোৰ শস্যত এতিয়াও দেশৰ আন ৰাজ্যৰ তুলনাত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ অতি কম। বহুতো কৃষিতন্ত্র এতিয়াও প্রকৃতিক ভাবে জৈৱিক ৰূপত আছে। সেয়ে এই ক্ষেত্রত আমি অজানিতে কিছু আগ বাঢ়ি আছো। ইতিমধ্যে এনে কাৰণতে মিজোৰাম আৰু ছিক্কিমক ‘জৈৱিক ৰাজ্য’  হিচাপে স্বীকৃতি প্রদান কৰা হৈছে। এইখিনিতে উল্লেখযোগ্য যে অসমত জৈৱিক ব্যৱস্থাৰে উৎপাদন কৰা জহা চাউল আৰু চাহপাত ইতিমধ্যে বিদেশলৈ ৰপ্তানি হৈছে আৰু দুয়োবিধ সামগ্রীয়ে উপযুক্ত সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।
লেখক উপ-প্রকল্প সঞ্চালক(আত্মা), জিলা কৃষি বিভাগ, তিনিচুকীয়া,            ম’বাইলঃ ৯৪৩৫১ ৩৫৬৩১ ;    ই-মেইলঃ sadik2crs@yahoo.co.in

ফেৰ'মন ট্রেপ
               
ফেৰ'মন ট্রেপ

ফেৰ'মন ট্রেপ




ট্রাইক' কাৰ্ড


ভেঁকুৰজনিত বেমাৰত আক্রান্ত পোক


বেক্টেৰিয়াজনিত বেমাৰত আক্রন্ত পলু


ভাইৰাছজনিত বেমাৰত আক্রান্ত পলু



উপকাৰী পোক




উপকাৰী পোক

                     

























No comments:

Post a Comment