সেউজী ধৰণী
কপৌফুল
(নৱম ভাগ)
নৱ কুমাৰ বৰা
নির্দিষ্ট
ঋতুত সুন্দৰ, সুঠাম অর্কিডৰ সান্নিধ্য লাভ কৰিবলৈ বছৰ জোৰা যতন, পৰিচর্যা আৰু মৰমৰ
লগতে ধৈর্যৰো প্রয়োজন হয়। সেইবাবে বছৰটোৰ বাবে লাগতীয়াল যতনখিনি প্রণালীবদ্ধভাবে
পৰিকল্পনা কৰি ল’ব পাৰিলে আগবাঢ়িবলৈ সুবিধা হয়। ইয়াৰ বাবে অৱশ্যে তেনে কোনো
কটকটীয়া নীতি বান্ধি ল’ব নোৱাৰি। ঋতু আৰু বতৰ অনুযায়ী অর্কিডৰ প্রজাতি বিশেষে
প্রতিক্রিয়া বিভিন্ন যদিও ইয়াত প্রায়বোৰ অর্কিডৰ ক্ষেত্রতে প্রয়োগ কৰিব পৰা
কর্মখিনি মাহ অনুযায়ী যুগুতাই উলিওৱা হৈছে। এইখিনিতে এবাৰ সোঁৱৰাই দিয়া ভাল হ’ব যে
অর্কিডৰ জীৱনত সুপ্তকালচোৱাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। পৰিবর্দ্ধনৰ
আৰম্ভণি ফেব্রুৱাৰী-এপ্রিলৰ কালচোৱাই অর্কিডৰ জীৱন প্রণালীত নির্ণয়কাৰী ভূমিকা লয়।
ইয়াৰ পাছতে মে’-জুলাই হ’ল পৰিবর্দ্ধনৰ শীর্ষকাল। তাৰ পাছত অর্থাৎ আগষ্ট-
ছেপ্তেম্বৰ হ’ল প্রাপ্তবয়স্ক কাল। অক্টোবৰ মানত ইহঁত আৰু নবঢ়া হয়। নৱেম্বৰ-জানুৱাৰীলৈকে
অর্কিডে সাধাৰণতে জিৰণি লয়। অৱশ্যে কিছুমান প্রজাতিৰ তেনে কোনো জিৰণি কাল নাথাকে।
জানুৱাৰী
এই সময়ত উষ্ণতা কেতিয়াবা দীর্ঘদিনৰ বাবে কমি যাব পাৰে। এনে
হ’লে পানী ছটিয়াই বাতাবৰণ সেমেকা কৰিবলগীয়া হয়। অৱশ্যে বেছি সেমেকা নহ’বলৈ পুৱা
ভাগতে পানী দিয়া আৱশ্যক। ঠাণ্ডা ভাল পোৱা প্রজাতিবোৰত পানী কমকৈ দিয়া উচিত। আনহাতে
যিবোৰৰ পাত সৰি যায় তেনেবোৰত পানী একেবাৰেই দিব নালাগে। ৰঙা মকৰা, থ্রিপচৰ পৰা
সাৱধান হোৱা ভাল। এই মাহৰ শেহৰ ফালে অনুকুল পৰিৱেশত কেতবোৰ প্রজাতিত নতুন শিপা
ওলাব পাৰে।
ফেব্রুৱাৰী
ঠাণ্ডা নকমিলে জানুৱাৰী মাহত লোৱা ব্যৱস্থাই ল’ব পাৰি। নিশা
ভাগত উষ্ণতা হঠাৎ কমিলে আর্দ্রতা কম কৰাৰ ব্যৱস্থা কৰিব লাগে। গছবোৰত কলি ধৰা যেন
দেখিলে পোহৰ আৰু বতাহৰ সু-ব্যৱস্থা কৰিব লাগে। গছবোৰত আগবেলা পানী দি নিশা ভাগলৈ
শুকানকৈ ৰাখিব লাগে। ভূমি অর্কিডবোৰতো আগবেলাতে মধ্যমীয়াকৈ পানী দিব লাগে।
মার্চ
এই মাহত পৰিবৃর্দ্ধিৰ লক্ষণবোৰ প্রকটহৈ উঠে। নতুন শিপা,
পাত, গজালি আৰু ফুলৰ কলি ওলায়। বেছি টান ৰ’দৰ দিনত দক্ষিন দিশে মজলীয়া ছাঁৰ
ব্যৱস্থা কৰা উচিত। ভূমি অর্কিডৰ টাববোৰত পানী কমাই দিব লাগে। ৰাতিৰ ভাগত ঠাণ্ডা
নকমিলে পানী আগবেলাই দিয়া উচিত। বতাহ চলাচলৰ ব্যৱস্থা কৰিব লাগে। ফুল ফুলি যোবা
অর্কিডবোৰৰ পাত্র সলাব পাৰি। উপকণ্ড থকাবোৰৰ বিভাজন কৰিব পাৰি।
এপ্রিল
এই সময়ত বেছিভাগ অর্কিডৰ ডাল,পাত আৰু শিপা বৃদ্ধি তুংগত
উঠে। পোহৰ আৰু উষ্ণতা বাঢ়ি যায় বাবে ছাঁৰ আৱশ্যক হয়। মধ্যমীয়াভাবে সেমেকি থকা
পাত্রবোৰত পানীৰ যোগান বঢ়াই দিব লাগে। এই মাহতে কেট্রালিয়া আদিৰ পাত্র সলোৱা কার্য
শেষ কৰিব লাগে। কাঠৰ টুকুৰাত লগোৱা অর্কিডবোৰত যথেষ্ট পানীৰ প্রয়োজন হৈ পৰে।
মে’
উষ্ণতাপ্রিয় অর্কিডবোৰৰ বাদে আনবোৰত ছাঁ আৰু শীতল বাতাবৰণৰ
ব্যৱস্থা কৰিব লাগে। মাহৰ শেষৰ ফালে ছাঁত থকা টানজাতীয় গছবোৰ মুকলিতো থব পৰা যায়।
এইদৰে মুকলিলৈ অনা কার্যটো হঠাতে কৰিলে পাতবোৰ ডে’ই যাব পাৰে। সেয়ে ছাঁৰপৰা পোহৰলৈ
নিয়া কার্যটো পর্যায়ক্রমে কৰিব লাগে। ৰ’দৰ দিনত বেছি পানী ছটিওৱা ভাল যাতে আর্দ্র
অৱস্থা বিৰাজহৈ থাকে।
জুন-জুলাই
এই সময়ত গছবোৰৰ পৰিবৃদ্ধিয়ে শীর্ষ পর্যায় পায়। পাত্র সলোৱাৰ আৱশ্যক হ’লে
এই সময়ত সলাব পাৰি। ঠাণ্ডা পৰিলে ছাঁ গুচাই দিব লাগে। শীত প্রধান অঞ্চলৰ পৰা
সংগ্রহ কৰাঞ্চ অর্কিডবোৰ একেলগ কৰি ছাঁ দি বায়ু চলাচল কৰা ঠাইত থব লাগে।
পোক-পৰুৱাৰ আক্রমণলৈ লক্ষ্য ৰাখিব লাগে।
আগষ্ট
এই সময়ত গছ পুৰঠ হৈ উঠে। বায়ুমণ্ডলৰ তাপ বাঢ়ি থাকে বাবে
আগবেলা পানী ছটিওৱা ভাল।বার্ষিক বৃদ্ধিৰ আংশবোৰ পুৰঠ হ’লে পানী কমাই দিব লাগে।
মুক্ত বায়ু সোমাবলৈ দিব লাগে আৰু পুৱা আবেলি ছাঁ কমাই দিব লাগে। ভান্দাৰ গছবোৰ
অধিক পোহৰৰ পৰা আঁরৰাব লাগে।
ছেপ্তেম্বৰ
এই সময়ত ঋতু পৰিবর্তন ক্রমে চকুত পৰে। দিনবোৰ চুটি হয়।
কিছুমান অর্কিডৰ কলি ওলায়। ৰ’দৰ প্রকোপ একেবাৰে নকমে বাবে ছাঁ আঁতৰাব নালাগে।
ৰাতিৰ ভাগত গছবোৰত পানী জমা হ’বলৈ দিব নালাগে। ভূমি অর্কিডৰ ক্ষেত্রত গুৰি
মধ্যমীয়াভবে সেমেকি থাকিবলৈ দিব লাগে। কোনো সময়তে মাটি সম্পূর্ণভাবে শুকাই যাবলৈ
দিব নালাগে। মুকলিত থকা গছবোৰ লাহে লাহে সংৰক্ষিত ঠাইলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। এই
সময়ত কাঠৰ টুকুৰাত ৰোৱা উপকণ্ডহীন গছবোৰ সেমেকাই ৰখাৰ প্রয়োজন।
অক্টোবৰ
আর্দ্রতা পর্যায়ক্রমে হ্রাস কৰিব লাগে। পাত্রৰ পানীৰ পৰিমাণ
কম কৰা আৱশ্যক। ছাঁৰ প্রয়োজন প্রায় নোহোৱা হৈ পৰে। পোহৰৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।
ভূমি অর্কিডৰ গুৰিভাগ সেমেকা কৰি ৰাখিব লাগে। এই সময়ত ৰঙা মকৰাই দেখা দিব পাৰে।
নৱেম্বৰ-ডিচেম্বৰ
পোহৰ অতি মাত্রাত আৱশ্যক হয়। কুঁৱলীৰপৰা গছবোৰ ৰক্ষা কৰিবলৈ
নিশাৰ ভাগত ঢাকনিৰ ব্যৱস্থা কৰা উচিত। দিনৰ ভাগত গৰম বেছি হ’লে পাতলীয়াকৈ পানী দিব
পাৰি। গছবোৰ এই সময়চোৱাত ইফাল-সিফাল নকৰাই ভাল।
সমাপ্ত
ছবিসমূহ বিভিন্ন ৱেব ছাইটৰ পৰা লোৱা হৈছে
কৃষি বিজ্ঞানী; ম’বাইল:
৮৪৭২০-২৪৮১৭
[আমাৰ দুআষাৰ: “কপৌফুল” – এইলানি লেখা নৱ কুমাৰ বৰাই ১৯৯৭
চনত “অর্কিড” নামেৰে পুথি আকাৰত প্রকাশ কৰিছিল। অতি সহজ সৰল ভাষাৰে ৰচনা কৰা ত্রিশ
পৃষ্ঠাৰ সৰু পুথিখন অর্কিডপ্রেমীসকলে আদৰি লৈছিল। কাৰণ অসমীয়া ভাষাত অর্কিড পালনৰ
বিভিন্ন দিশ সামৰি লিখা পুথি সেই সময়ত সততে পাবলৈ নাছিল। পাছলৈ দেখা গ’ল এনে নাটনি
আজিও বর্তমান। সেয়ে সহপাঠী-সহকর্মী বন্ধুৰ অধূনালুপ্ত “অর্কিড” নামৰ পুথিখন সেউজী
ধৰণী ত “কপৌফুল” নামেৰে প্রকাশ কৰিবলৈ ইচ্ছা কৰি তেখেতৰ লগত যোগাযোগ কৰোঁ।
তেখেতে আমাক অনুমতি দিয়াৰ লগতে জানিবলৈ দিয়ে যে প্রায় দুকুৰি বছৰৰ আগৰ সম্বলেৰে
ৰচনা কৰা পুথিখনত বহুতো নতুন তথ্য সংযোগ কৰাৰ থল আছে। সেই সৰু কলেবৰ পুথিখন
পৰিসংশোধিত তথা পৰিবর্দ্ধিত ৰূপত প্রকাশ হোৱাটো আমিও কামনা কৰোঁ। এনে এক আশাৰে নটা
বিভিন্ন ভাগত “কপৌফুল” ৰচনাখন প্রকাশ কৰা হ’ল।
এই খিনিতে উল্লেখ কৰিছোঁ যে এই লানি ৰচনাৰ দ্বিতীয়
ভাগ প্রকাশ পোৱাৰ ঠিক পাছতে বনজিৎ পাঠকে কেৱল অর্কিডৰ বিষয়ে আলোচনা কৰিবলৈ উত্তৰ-পূর্ব্বাঞ্চলৰ
অর্কিড Orchids of North East India [ONE] নামেৰে ফেচবুকত এটা গোট মুকলি কৰে।
ইতিমধ্যে ১৫০জন সদস্যভূক্ত এই গোটটোত অসম তথা উত্তৰ-পূৱ ভাৰতত উপলব্ধ বিভিন্ন
অর্কিডৰ বিষয়ে জানিব পৰাৰ সুবিধা হ’ল। এই গোটতে জানিব পাৰিলো সৌসিদিনা Bulbophyllum manabendrae নামৰ অর্কিডৰ নতুন প্রজাতি এটা মেঘালয়াত পোৱা
গৈছে। ভাস্কৰ বৰাৰ ব্লগত উত্তৰ লক্ষীমপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল
প্রদেশত পোৱা অসংখ্য অর্কিডৰ বিষয়ে ছবিসহ পঢ়িবলৈ পোৱা গ’ল। (http://borabhaskar.blogspot.in/2010/04/orchids-of-lakhimpur-district-and-its_11.html)। ইয়াৰ বাবে বনজিৎ
পাঠক ধন্যবাদৰ পাত্র। আশা কৰিছোঁ অর্কিড তথা প্রকৃতিপ্রেমীসকলে এই গোটৰ সদস্য হৈ এক
মহৎ কার্যৰ সহায়ক হ’ব।]
-----