Tuesday, 15 January 2013

জলসম্পদ - Water resources


সেউজী ধৰণী


অতিথি চ'ৰা

              জলসম্পদ  আৰু শস্য উৎপাদনত ইয়াৰ সঠিক ব্যৱহাৰ

                            ডঃ প্রদীপ কুমাৰ বৰকাকতি

          জীৱ জগতৰ বাবে অক্সিজেন বা অম্লজানৰ পাছত জল অর্থাৎ পানীয়েই জীৱন ধাৰণৰ অপৰিহার্য উপাদান।এইবিধ উপাদান পৃথিৱীত অপর্যাপ্ত পৰিমাণে আছে যদিও ইয়াৰ ৯৭%লুণীয়া কিম্বা লৱণযুক্ত হৈ সাগৰ,মহাসাগৰত আছে; অৱশিষ্ট ভাগ লৱণমুক্ত। অৱশ্যে এই লৱণমুক্ত পানীৰ ২.২৫ বৰফৰ ৰূপত দুই মেৰুত আৱদ্ধ আৰু ০.৭২% ভূ-গর্ভৰ জল। গতিকে দেখা গল পৃথিৱীৰ মুঠ পানীৰ পৰিমাণৰ কেৱল ০.০৩% নদ-নদী, জলাশয় আদিত সহজে আহৰণ কৰিব পৰা অৱস্থাত আছে। সেয়ে জল আমাৰ আপুৰুগীয়া সম্পদ।
ভাৰতবর্ষৰ মুঠ জল সম্পদৰ পৰিমাণ প্রায় ৪০০ নিযুত হেক্টৰ মিটাৰ। ইয়াৰ ১১৫ নিযুত হেক্টৰ মিটাৰ আহৰণ কৰিব পৰাকৈ আছে যদিও কেৱল ৭০ নিযুত হেক্টৰ মিটাৰহে মাটিৰ উপৰিভাগত আছে। আনহাতে গড় হিচাপে ভূ-গর্ভত থকা জলৰাশিৰ প্রায় ৩০%বিভিন্ন কার্যৰ বাবে আহৰণ কৰি থকা হৈছে। কৃষি প্রধান ৰাজ্য পঞ্জাৱ,হাৰিয়ানাত আদিত এই আহৰণৰ পৰিমাণ প্রায় ৯০শতাংশ। ইতিমধ্যে অত্যাধিক জলসিঞ্চনৰ বাবে পৃথিৱীৰ বিভিন্ন প্রান্তত দেখা দিয়া সমস্যাৰ বিষয়ে বিজ্ঞানীসকল সর্তক হৈ পৰিছে। এটা সমীক্ষাই দেখুৱাইছে যে এই আপুৰুগীয়া সম্পদটিৰ সদ ব্যৱহাৰ নহ’লে ২০২৫ চন মানত পৃথিৱীৰ এক তৃতীয়াংশ লোক গভীৰ জল সংকটত পৰিব। সেয়ে এইবিধ সম্পদৰ সদ ব্যৱহাৰ হোৱাতো অতীব প্রয়োজন।

জলসিঞ্চন কি আৰু কিয় ?
শস্যকালৰ আৱশ্যক অনুযায়ী কৃষিত অর্থনৈতিক ভাৱে লাভবান হ’বলৈ কৃত্রিমভাৱে শস্যত পানীৰ যোগান ধৰাকে জলসিঞ্চন বুলি কোৱা হয়। শস্যৰ কৃষিকালৰ কেইটামান বিশেষ সময়ত পানী অপৰিহার্য। আনহাতে বৰষুণৰ ওপৰত নির্ভৰশীল খেতিত এই সময়চোৱাত শস্যডৰাই প্রয়োজনীয় পানীৰ অভাৱত পৰিব পাৰে। এনে হ'লে শস্যডৰাত জলসিঞ্চনৰ দ্বাৰা পানী যোগান ধৰিবলগীয়া হয়। এইদৰে পানীৰ যোগান ধৰোতে প্রায়ে অত্যাধিক পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয়,যাৰ বাবে শস্যৰ ক্ষতি সাধন হোৱাৰ লগতে পানীৰ অপচয় হয়। সেয়ে বিজ্ঞানীসকলে জলসিঞ্চনৰ কেতবোৰ আধুনিক প্রযুক্তি কৌশল উদ্ভাৱন কৰিছে যিবোৰৰ যথাযথ ব্যৱহাৰৰ দ্বাৰা জল সম্পদৰ অপব্যয় ৰোধ কৰিব পৰাৰ লগতে শস্যডৰাকো উচিত পৰিমাণৰ পানী যোগান ধৰিব পৰা যাব।
         
জলসিঞ্চনৰ আধুনিক প্রযুক্তি কৌশ
বালিচহীয়া মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা কম; প্রয়োগ কৰা পানীৰ বেছি ভাগ দ্রুতভাৱে তললৈ গতি কৰে। এনে মাটিত ‘সূক্ষ্ম জলসিঞ্চন’ ( micro-irrigation ) ব্যৱস্থাৰে পানী যোগান ধৰিলে লাভবান হ’ব পাৰি। প্রাৰম্ভিক পর্যায়ত কিছু ব্যয় বহুল এই পদ্ধতিবোৰ জনপ্রিয় কৰিবলৈ চৰকাৰৰ ফালৰ পৰা ৰাজসাহার্য দিয়াৰ ব্যৱস্থা কৰাৰ বাবে ‘ড্রিপ’আৰু ‘স্প্রিংকলাৰ’নামৰ এনে দুবিধ পদ্ধতি  ক্রমে জনপ্রিয় হৈ উঠিছে। এই দুয়োবিধ পদ্ধতিত যথেষ্ট কম পৰিমাণৰ পানীৰেই জলসিঞ্চন কৰিব পৰা যায়। সেয়ে পানীৰ নাটনিৰ সময়তো শস্যত পানী যোগান অব্যাহত ৰাখিব পাৰি।

‘ড্রিপ’ পদ্ধতি
শস্যডৰাৰ পৰা দৈনিক বহু পৰিমাণৰ পানী বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ ওলাই যায়। এনে হোৱাৰ বাবে শীতকালত পানীৰ অভাৱত প্রায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। এনেদৰে ওলাই যোৱা পানীভাগ ‘ড্রিপ’পদ্ধতিৰে সহজে পূৰণ কৰি থাকিব পাৰি। ইয়াৰ বাবে এক নির্দিষ্ট উচ্চতাত জলধাৰ (Reservoir) স্থাপন কৰি লব লাগে(চিত্র-১)   । জলধাৰৰ পানী বিভিন্ন ব্যাসৰ PVCপাইপেৰে গছৰ গুৰিলৈ বোৱাই নিয়া হয়। গছৰ গুৰিত স্থাপন কৰা ‘ড্রিপাৰ ’নামৰ সঁজুলিৰ  বাবে বৈ যোৱা পানী সৰু সৰু টোপাল হিচাপে বাহিৰ হৈ গছজোপাক পানীৰ যোগান ধৰিব(চিত্র-২)। জলধাৰটো এনেদৰে স্থাপন কৰা হয় যে ইয়াৰ পৰা বৈ যোৱা পানীৰ চাপ পাইপৰ প্রতি বর্গ চে:মি:ত ২.৫ কি:গ্রা:হয়। পাইপত সংযোগ থকা চাবিৰ দ্বাৰা বৈ যোৱা পানীৰ সোঁত নিয়ন্ত্রণ কৰিব পৰা যায়। এনে ব্যৱস্থাৰ বাবে নিয়ন্ত্রিত ভাৱে জলসিঞ্চন কৰিব পৰাৰ উপৰিও প্রয়োজন সাপেক্ষে পানীৰ যোগান বন্ধ ৰাখিব পাৰি,যাৰ বাবে পানীৰ অপচয় ৰোধ হোৱাৰ লগতে গছজোপাই অত্যাধিক পানীৰ বাবে হ’ব পৰা অপকাৰৰ পৰা ৰক্ষা পৰে।
এই পদ্ধতি বাগিছা শস্য যেনে: নাৰিকল, সুমথিৰা, আম, আপেল, কল আদিৰ উপৰিও বিলাহী,কবি,কেপচিকাম আদিত ব্যৱহাৰ কৰি অধিক লাভবান হ’ব পাৰি। ‘ড্রিপ’পদ্ধতিৰ আন এক সুবিধা হ’ল যে শস্যৰ প্রয়োজন হোৱা নাইট্র’জেন আৰু পটাছ সাৰখিনি জলাধাৰৰ পানীত মিহলাই প্রযোগ কৰিব পাৰি। এই সুবিধাৰ বাবেও খৰছ কমে। পাছৰ বছৰবোৰত যিহেতু জলাধাৰ,পাইপ আদিৰ খৰছ নাথাকে সেয়ে পৰৱর্তী বছৰবোৰত জলসিঞ্চনৰ বাবে খৰছ বহুত কম হয়।

চিত্র-১




চিত্র-২












স্পিকংলাৰ পদ্ধতি
এই পদ্ধতিত শস্যডৰাৰ ওপৰত ঘূর্ণীমানৰূপে পানী সিঁচি দিয়া হয়। ‘ড্রিপ’পদ্ধতিৰ দৰে এই পদ্ধতিতো পাইপৰ দ্বাৰা পানী পথাৰ বা বাগিছালৈ আনি একোটা ঠিয় পাইপৰ লগত সংযোগ কৰা হয়। এই ঠিয় পাইপডালৰ উচ্চতা এজোপা গছৰ উচ্চতালৈকে হ’ব লাগে (চিত্র-৩,৪)। পাইপডালৰ মূৰত থকা সঁজুলিবিধৰ বাবে বৈ অহা পানীখিনি ঘূর্ণীমানৰূপে শস্যডৰাত পৰে। বালিচহীয়া নাইবা মধ্যমীয়া ওখ মাটিৰ বাবে এই পদ্ধতি অতি উপযোগী। ধানৰ বাহিৰে প্রায় সকলোবোৰ শস্য যেনে ফুল,ফল-মূল, পাচলি, বাগান শস্য আদিত এই পদ্ধতিৰে পানী যোগান ধৰি লাভবান হ’ব পৰা যায়। তদুপৰি পাহাৰীয়া অঞ্চল য’ত ওখ-চাপৰ মাটিয়েদি পানী বোৱাই নিব নোৱাৰি তেনে মাটিত এই পদ্ধতি বিশেষভাৱে উপযোগী। ‘ড্রিপ’ পদ্ধতিৰ দৰে এই পদ্ধতিতো শস্যৰ প্রয়োজনীয় সাৰ পানীৰ লগত মিহলাই দিব পাৰি।


চিত্র-৩


চিত্র-৪


উপৰুক্ত পদ্ধতিৰে জলসিঞ্চন কৰিবলৈ অসুবিধা হোৱা অঞ্চলত পাম্পৰ মাধ্যমেৰে বিভিন্ন উৎসৰ পৰা পানী উত্তোলন ( lift irrigation) কৰি পাইপেৰে পথাৰত পানী যোগান ধৰা হয়। অৱশ্যে এনে ব্যৱস্থাত  যথেষ্ট পৰিমাণে পানীৰ অপচয় হয়। এনে অপচয় ৰোধ কৰিবলৈ বিজ্ঞানীসকলে শস্যৰ প্রয়োজন অনুসৰি এক নিদিষ্ট পৰিমাণৰ পানী যোগান ধৰিবলৈ পৰামর্শ দিয়ে। উদাহৰণ হিচাপে ধানৰ বাবে ৫ চে:মি:,ৰবি শস্য বাবে ৪-৬ চে:মি: ইত্যাদি। শালি খেতিত পানীৰ অভাৱ সাধাৰণতে নহয়। সেয়ে এই সময়ত জলসিঞ্চনৰ বিশেষ আৱশ্যক নাথাকে। আনহাতে ৰোৱাৰ সময়ত ডৰাবোৰ ভালদৰে বোকা কৰি মৈ দি লোৱাৰ বাবে আহু আৰু বৰো খেতিত পথাৰখনে পানী ধৰি ৰাখিব পাৰে। এনেহোৱা বাবে প্রয়োজন হোৱা ৫ চে:মি:পানী যোগান ধৰিবলৈ বিশেষ অসুবিধা নহয়। ডাগ দি লোৱা কাঠি এডালেৰে সহজে ডৰাটোৰ পানীৰ উচ্চতা জুখিব পৰা যায়। কিন্তু আন শস্যৰ ক্ষেত্রত প্রয়োজন হোৱা পানীৰ পৰিমাণ এইদৰে জুখিব নোৱাৰি। সেয়ে পাম্পৰ পৰা  নির্গত হোৱা পানীৰ মাত্রা জুখি প্রয়োজন হোৱা পানী যোগান ধৰিবলগীয়া হয়। তাৰবাবে প্রথমে ১৫-২০ লিটাৰৰ পাত্র বা বাল্টি এটা পাম্পৰ মুখত ধৰি পাত্রটো পানীৰে পূর্ণ  হ’বলৈ কিমান সময় লাগে তাৰ এটা হিচাপ ল’ব লাগে। তিনি-চাৰিবাৰমান এইদৰে চাই গড় হিচাপ এটা পোৱা যাব। এতিয়া শস্যডৰাৰ মাটিকালিত ৪বা ৬ চে:মি:গভীৰতালৈ পানী যোগান ধৰিবলৈ কিমান  পানীৰ আৱশ্যক হ’ব আৰু তাৰবাবে পাম্প কিমান সময় চলাব লাগিব সেয়া হিচাপ কৰি উলিয়াব পৰা যাব। উদাহৰণ হিচাপে ধৰা হ’ল পাম্পৰ পৰা নির্গত হোৱা পানীৰে ৫ চেকেণ্ডত ২০ লিটাৰৰ বাল্টি এটা পূর্ণ হয় অর্থাৎ পাম্পৰ পৰা প্রতি চেকেণ্ডত ৪ লিটাৰ পানী বাহিৰ হয়। এনে এটা পাম্প ৩.৫ ঘন্টা চলালে ৪ চে:মি:জোখৰ পানী এবিঘা মাটিৰ পথাৰত দিব পৰা হ’ব। ঠিক সেইদৰে ৫ চে:মি:পানী দিবলৈ পাম্পটো ৪ ঘন্টা ৪০ মিনিট চলাব লাগিব।
জলসিঞ্চন কৰাৰ আগেয়ে পথাৰখনৰ বিষয়ে ব্যৱহাৰিক জ্ঞান থকাটো অতি প্রয়োজন। উদাহৰণ স্বৰূপে ধান খতিৰ ক্ষেত্রত দেখা গৈছে যে:
১)আহু আৰু বৰো ধানৰ পথাৰত আৱদ্ধ হৈ থকা পানীভাগ নাইকীয়া হৈ যোৱাৰ পাছত চুলি সদৃশ কিছুমান ফাঁট মাটিত দেখা পোৱা যায়। এনে অৱস্থাত পালেহে প্রকৃততে জলসিঞ্চন কৰাৰ আৱশ্যক হয়। এই অৱস্থাত জলসিঞ্চন কৰিলে কম পানীৰ প্রয়োজন হোৱাৰ লগতে খৰছৰ পৰিমাণ কমিব।
২)কিছুমান শস্যৰ শিপা মাটিৰ ঠিক তলতে বিস্তাৰিত হ থাকে। এনে শস্যৰ ক্ষেত্রত এবাৰতে অধিক পানী প্রয়োগ নকৰি  কম পৰিমাণৰ পানী  ঘনাই দিব লাগে।
৩)আলতীয়া মাটিত কিছু গভীৰলৈ শিপা যোৱা উদ্ভিদৰ ক্ষেত্রত এবাৰতে অধিক পৰিমাণৰ পানীৰ যোগান ধৰি পাছৰ দিনবোৰত জলসিঞ্চনৰ ব্যৱধান কিছু বঢ়াব লাগে।
পথাৰখন লক্ষ্য কৰাৰ দৰে জলসিঞ্চনৰ বাবে  দিনভাগৰ উষ্ণতালৈকো মন কৰিব লাগে। সাধাৰণতে দুপৰীয়া প্রখৰ ৰ’দৰ বাবে মাটিৰ উষ্ণতা বেছি হৈ থাকে। এই সময়ত পানী যোগান ধৰিলে বাষ্পীভৱনৰ বাবে পানী বাষ্প হৈ উৰি যাব, যাৰ বাবে পানীৰ অপচয় হ’ব। সেয়ে জহকালি আবেলি নাইবা ৰাতিৰ ভাগত জলসিঞ্চন কৰিব লাগে। আনহাতে শীতকালত ৰ’দ ভালদৰে ওলোৱাৰ পাছত বা দুপৰীয়া জলসিঞ্চন কৰিব লাগে। কাৰণ শীতকালত কম উষ্ণতাত থকা সময়চোৱাত জলসিঞ্চন কৰিলে কেতবোৰ শস্যৰ অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে।
আলতীয়া মাটিত জলসিঞ্চনৰ সমস্যা:
          ১) সম্পূর্ণ তিতি থকা পথাৰৰ মাটিত বায়ু চলাচলৰ বাবে অসুবিধা হয়।
২)পানী বৰ লাহে লাহে মাটিৰ ভিতৰলৈ গতি কৰে,যাৰ বাবে পানী  পথাৰত আৱদ্ধ হৈ থাকে।
৩) মাটিত এক নির্দিষ্ট পৰিমাণৰ আর্দ্রতা থাকিলেহে কৃষি কর্মৰ বাবে সুবিধ হয়।
৪) পানী শুকাই গলে এনে মাটিত ফাঁট মেলে। সেয়ে খুউব কম কমকৈ আৰু অধিক সময়ৰ ব্যৱধানত পানী যোগান ধৰিবলগীয়া হয়।

              জলসিঞ্চনৰ দৰে পথাৰৰ পৰা অতিৰিক্ত পানীভাগ নিষ্কাষণ কৰি আঁতৰাই দিয়াটোও আৱশ্যকীয় কথা। অত্যাধিক বৰষুণৰ বাবে গ্রীষ্মকালিন শস্য যেনে:-মাটিমাহ,মগুমাহ, গোমধান আদিৰ বীজ প্রায়ে সময়মতে সিঁচিব পৰা নাযায়। এনে পথাৰত বীজ সিঁচিলেও অংকুৰণত বাধাপ্রাপ্ত হয় অথবা পুলি অৱস্থাতে মৰি যায়। এনে পৰিস্থতিত মাটিত থকা অতিৰিক্ত পানীভাগ নিষ্কাষণ কৰাটো অতি দৰকাৰি দিশ। তাৰবাবে পথাৰত ৬ মিটাৰৰ অন্তৰে অন্তৰে ২৫ চে:মি: আৰু ১৫ চে:মি: দ’সৰু সৰু লোৰ বা নলা খান্দি পথাৰৰ এমুৰে থকা দ’অঞ্চললৈ পানীখিনি বোৱাই নিব লাগে। এনে কৰিলে বৰষুণৰ বতৰত অতিৰিক্ত পানীৰ বাবে হ’ব পৰা অসুবিধাবোৰ আঁতৰ হ’ব।
লেখক প্রাক্তন মুখ্য বিজ্ঞানী,জল ব্যৱস্থাপনা প্রকল্প, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট; ম’বাইল :৯৪৩৫৩৫৭১৫৩; e-mail:
                                        
                            



                          

Friday, 21 December 2012

সজীৱ মাটি...Living Earth...


সেউজী ধৰণী



                                              সজীৱ মাটি আৰু ইয়াৰ জৈৱ বহুধাৰ সংৰক্ষণ





                                            ডঃ দিগেন্দ্র নাৰায়ণ চক্ৰবত্তী

         মাটি যে সজীৱ আৰু সক্ৰিয় এই কথা বহু খেতিয়কে উপলব্ধি নকৰে। মাটি অকল পোষক পদার্থ সৰবৰাহৰ ভড়ালেই নহয়, ই বায়ু-পানীৰ ভাণ্ডাৰ লগতে বহুতো বিচিত্র জীৱ আৰু অণুজীৱৰ বিশাল ৰম্যভূমি। এক গ্রামমান মাটিত  কেইবা নিযুতো  অণুজীৱৰ জাত-উপজাতৰ  থাকিব পাৰে। জৈৱ বৈচিত্রত অকণি অকণি বেক্টেৰিয়া,শেলাই,ভেঁকুৰ, প্র’ট’জৱাৰ পৰা বৈশিষ্টপূর্ণ শস্য ক্রিমি, সন্ধিপদী (arthopod ), কেঁচু, কুমতি, উইপোক,অনান্য পোক,সৰু সৰু মেৰুদণ্ডী প্রাণী, আনকি গছ-গছনি আদিৰ শিপাও থাকে। এই গোটেইবোৰে পৰিবেশৰ ভিন্নতা অনুসৰি মাটিৰ ভিতৰত খাদ্য শৃংখলৰ জালত সোমায় পৰে। এই সুক্ষ্ম জীৱবোৰ বাস কৰি মাটিক সক্রিয় কৰি ৰাখে বাবে মাটিক সজীৱ বুলি কোৱা হয়। এই অণুজীৱবোৰৰ ভিতৰত কিছুমান প্রস্তুত কৰোঁতা আৰু আন কিছুমান গ্রহণ কৰোঁতা। এইবোৰৰ মাজত শক্তি আৰু খাদ্য বিনিময়ৰ কাৰণে আন্তঃক্রিয়া হৈয়েই থাকে। এই ক্রিয়া-কলাপত গছৰ শিপাই ভাগ লয় আৰু সহযোগীতাৰ হাত আগবঢ়ায়।

       মাটিত থকা গছৰ শিপাই মাটিত হৈ থকা কার্য-কলাপৰ এখন ছবি ডাঙি ধৰে। ই প্রকৃততে মাটিৰ মুখপত্র। শিপাৰ ভাল গঠন মানে ইয়াকে বুজায় যে মাটিত থকা অণুজীৱবোৰে ভালদৰে কার্য কৰি আছে আৰু পৰিস্থিতিগত ক্রমণিকা ঠিকমতে চলি আছে। এইদৰে গছৰ শিপা আৰু অণুজীৱবোৰৰ নলে-গলে লগা সম্বন্ধই মাটিৰ বৈশিষ্টতা বঢ়াইছে। গছৰ শিপাৰ চাৰিওফালে গোটখাই থকা অণুজীৱৰ চামনিয়ে ইহঁতৰ মাজত থকা ওতঃপ্রোত সম্বন্ধ আৰু সহযোগীতাৰে জীয়াই থকাকে বুজায়। গছৰ শিপাই অণুজীৱক শিপাৰ খাদ্যৰস যোগান ধৰে আৰু অণুজীৱই শিপাৰ চাৰিওফালে থকা কৃত্রিম খাদ্য সম্ভাৰ পচন কার্যৰ দ্বাৰা সহজলভ্য কৰি তোলে।

       যিহেতু মাটিৰ ওপৰভাগতে এই সকলোবোৰ ক্রিয়া সম্পন্ন হয় এতেকে মাটিৰ উপৰি অংশ কৃষকৰ খেতিৰ কাৰণে সঞ্চিত খাদ্য পদার্থৰ ভাণ্ডাৰ বা মূলধন। এই মূলধন বেংকত জমা থোৱা টকাৰ নিচিনা। টকা উলিয়াই থাকি আকৌ জমা নথলে মূলধন যি দৰে শেষ হ’ব সেইদৰে যোগান নধৰিলে এই খাদ্য সম্ভাৰৰ ভঁৰাল শেষ হ’ব।  এই ভঁৰাল পিছে ৰক্ষা কৰে মাটিত থকা বা বাহিৰৰ পৰা যোগান ধৰা জৈৱিক পদার্থ আৰু অণুজীৱবোৰে। গছৰ ডাল,পাত বা গছৰ মূঢ়া আদিৰ পৰা প্রাকৃতিক ভাৱে পাব পৰা পদার্থৰে জৈৱিক পদার্থৰ ভঁৰাল গঢ়ি উঠিব পাৰে অথবা গোবৰ, পচন সাৰ, কেঁচু সাৰ, সেউজীয়া সাৰৰ দ্বাৰা জৈৱিক পদার্থৰ পৰিমাণ বঢ়াব পাৰি। মাটিত নানা বৈচিত্রপূর্ণ অণুজীৱবোৰ প্রাকৃতিক ভাৱে থাকে। কিন্তু অমনোযোগী কৃষি কার্যৰ বাবে বহুতো আৱশ্যকীয় অণুজীৱ ধ্বংস হ’ব পাৰে। তেতিয়া বাহিৰৰ পৰা দি হলেও ইয়াৰ পৰিমাণ ৰক্ষা কৰিব লাগে।

       মাটিত যথেষ্ট জৈৱিক পদার্থ বা ধৰণ ( humus ) থাকিলে অণুজীৱই জৈৱিক পদার্থবোৰ পচন কার্যৰ সহায়ত পোষক পদার্থবোৰ সৰবৰাহ কৰে। কোনো মাটি জৈৱিক পদার্থ সমৃদ্ধ হ’লে তাত অণুজীৱৰো সমৃদ্ধি ঘটে। তেতিয়া মাটিৰ গঠন ভাল হোৱাৰ লগতে মাটিৰ ওপৰত চামনি পৰা বা লডা হোৱাৰ পৰা ৰক্ষা পৰে। এনে মাটিত ভালকৈ হাল বাবলৈ সুচল  হয়,  পানী চলাচল  আৰু সংৰক্ষণ ভাল হয়, পোষক পদার্থবোৰ লাহে লাহে গছৰ বাবে সহজলভ্য হয়,যাৰ বাবে এইবোৰ নষ্ট পোৱাৰ আশংকা কমে। এনে অৱস্থা বিৰাজ কৰিলে মাটি পৰিচালনা কৰিবলৈও ভাল হয়, মাটিৰ ক্ষয় সাধন কমে আৰু গছৰ গঠন তথা বৃদ্ধি সন্তোসজনক হয়। জৈৱিক পদার্থৰ অভাৱ হ’লে মাটিত অণুজীৱৰ সংখ্যাও কমি যায়।

       মাটিত থকা অণুজীৱৰ এখন বিৰাট সংসাৰ আছে। এইবোৰে নিজৰ সুবিধাৰ কাৰণেই কাম কৰি থাকে। আমি সিহঁত জীয়াই থাকিবৰ কাৰণেহে মাটি পৰিচালনা কৰি থাকো। এতেকে সিহঁতক বচায় ৰখাটো কৃষি উৎপাদনৰ কাৰণে অতি আৱশ্যক। মানুহে হেতা-ওপৰা কৰি খেতি নকৰা হ’লে অণুজীৱবোৰ প্রাকৃতিক ভাৱে বাচি থাকিলহেঁতেন। এতেকে অণুজীৱৰ বিচিত্রতা ৰক্ষা কৰাটো আমাৰ কৰ্ত্তব্য।

       কেঁচুৱে মাটিক উন্নত অৱস্থাত ৰখাত , পোষক পদার্থ সহজলভ্য কৰাত আৰু মাটিৰ গঠন ভাল কৰি ৰখাত প্রভূত অৰিহনা যোগায়। কেঁচুৱে মাটিত সুৰংগ খান্দি মাটি তল ওপৰ কৰি মাটি চহোৱাৰ কার্য কৰি মাটিৰ গঠন ভাল কৰে আৰু ইয়াৰ শৰীৰৰ পৰা ওলোৱা পদার্থই উৎকৃষ্ট সাৰৰ যোগান ধৰে।

       মাটিত থকা বিভিন্ন জাতৰ বেক্টেৰিয়া ‘ৰাসায়নিক কাৰখানা’ৰ কর্মীৰ দৰে; অনবৰত নানা প্রক্রিয়াৰে জৈৱিক পদার্থৰ পচন ঘটাই নতুন ধৰণ তৈয়াৰ কৰে আৰু গছৰ পোষক পদার্থ সহজলভ্য কৰে। ৰাইজ’বিয়াম বেক্টেৰিয়াই ছেঁইজাতীয় গছৰ শিপাত নাইট্র’জেন সাৰ পদার্থ যোগান ধৰে আৰু গছৰ শিপাৰ পৰা নিজৰ আহাৰ গ্রহণ কৰি সহযোগীতাৰে বাস কৰাৰ উদাহৰণ দাঙি ধৰে। ৰাইজ’বিয়ামৰ দৰে এজ’ট’বেক্টাৰ, এজ’স্পাইৰিলাম, ফচফ’বেক্টেৰিয়া আদি বায়’ফার্টিলাইজাৰ হিচাপে তৈয়াৰ কৰি চৰকাৰী আৰু বেচৰকাৰী অনুস্থানবোৰে বিশেষ গুণবিশিষ্ট সাৰ খেতিয়কক যোগান ধৰিছে।

       ভেঁকুৰ,শেলাই আৰু অন্য ক্ষুদ্র জীৱই নিজৰ মিউচিলেজ, অণুসূত্রবোৰে লগ লাগি মাটিৰ বালি, পলস বোকা আদিক একেলগে গাঠি শৃংখলিত জৈৱিক সেতুৰ সৃষ্টি কৰে যাৰ দ্বাৰা মাটি সুশৃংখলিত ভাৱে সংগঠিত হয়,শিপাৰ কাৰণে লাগতিয়াল বায়ু ভালদৰে চলাচল কৰিব পৰা হয়,মাটিৰ গোট গঠন হয় আৰু মাটি খহনীয়া কমে। এইদৰে অণুজীৱবোৰ ইটোৱে সিটোক সহায় কৰা ব্যৱস্থাৰে মাটিত থকা সকলো জীৱক জীয়াই থকাৰ এটা সুস্থ মাধ্যম ৰচনা কৰি দিয়ে। বৰ্দ্ধিত সংখ্যাৰ উপকাৰী অণুজীৱই বেমাৰ-আজাৰৰ জীৱাণুবোৰো নিয়ন্ত্রণ কৰি ৰাখে। ইয়াৰ উপৰিও পৰিবেশ বিজ্ঞানীয়ে সক্রিয় মাটিক কার্বণ-ডাই-অক্সাইডৰ সাম্ভাব্য ভঁৰাল হিচাপে গুৰুত্ব দিয়াৰ ফলত মাটিৰ উপযুক্ত ব্যৱহাৰৰ আৱশ্যকতা বাঢ়িছে। এটা জৈৱিক ভাৱে সক্রিয় পদ্ধতিগত ব্যৱস্থাত থকা মাটিৰ যে গুৰুত্ব বেছি তাৰ উপলব্ধি হৈছে আৰু মাটিৰ এই জৈৱিক বহুধাৰ বিচিত্রতা অধ্যয়নত মানুহে আগতকৈ বেছি আকর্ষিত হৈছে।

       মাটিৰ জৈৱিক গঠন আৰু ক্রিয়া কলাপৰ বিষয়ে অধ্যয়ন অৱশ্যে তুলনামূলকভাৱে এতিয়াও চালুকীয়া অৱস্থাতে আছে। তথাপি যোৱা পাঁচ-ছয় দশক ধৰি কৰি অহা অধ্যয়নৰ ফলত বিজ্ঞানীয়ে মাটিত চলি থকা জৈৱ-জগতৰ কার্যৰ বহু কথা উদঘাটন কৰিছে আৰু উপলব্ধি কৰিছে যাৰ দ্বাৰা কৃষক উপকৃত হৈছে। লগতে এনে কার্যৰ ফলত মাটি আৰু জীৱ জগতৰ অধ্যয়নৰ দিশটোৱে প্রধান্য লাভ কৰিছে। এনে প্রচেষ্টাৰ ফলত জৈৱিক কার্য বেয়া হৈ যোৱা মাটিবোৰ পুনৰ সজীৱিত কৰাটো এটা আৱশ্যকীয় ব্যৱস্থা বুলি পৰিগণিত হৈছে। দেখা যায় কৃষকে মনোযোগ দি বিজ্ঞানী আৰু সম্প্রসাৰণ কর্মীয়ে দিয়া জৈৱিক কৃষি ব্যৱস্থাসমূহ অনুসৰণ কৰিলে কৃষিত এটা আমূল পৰিবর্তন আহিব। লগতে বাহিৰৰ পৰা কৃত্রিম সাৰ,ঔষধ আদিৰ ব্যৱহাৰ কমাই আনি এটা সম্পূর্ণ জৈৱিক কৃষিলৈ পৰিবর্তন হোৱাৰ আশা কৰিব পাৰি যাৰ ফলত মানুহ,পোহনীয়া জীৱ-জন্তু,গছ-গছনিৰ আৰু মাটিৰ সুস্বাস্থ্য ৰক্ষা কৰি উপযুক্ত উৎপাদন আৰু পুষ্টি খাদ্যৰ যোগান ধৰাত কৃতকার্য হ’ব পৰা যাব। 

       জীৱৰ সকলো খাদ্য সম্ভাৰ প্রত্যক্ষ বা পৰোক্ষ ভাৱে মাটিৰ পৰাই আহে। যদি মাটি সজীৱ আৰু সক্রিয় নহ’লহেঁতেন তেনেহ’লে অবিৰত ভাৱে খাদ্য যোগান দি থকিব নোৱাৰিলেহেঁতেন। এই খাদ্যৰ যোগান ধৰিবলৈ জীৱৰ ভিতৰত চলি থকা সকলো ভৌতিক,ৰসায়নিক আৰু জৈৱিক ক্রিয়া মাটিতো একেদৰে চলি থাকে। আনকি জীৱ সমৃদ্ধ হোৱা কাৰণে মাটিত পাচন, শ্বাস-প্রশ্বাস, সংবহন, ৰেচন আদি ক্রিয়াবোৰো সম্পাদন হৈ থাকে। এতেকে মাটি ভালকৈ স্বাস্থ্যবান কৰি ৰখা বা মাটিৰ লগত সহযোগীতাৰে কাম কৰা মানে মানুহ বা আন জীৱৰ পুষ্টি আৰু স্বাস্থ্য ভালে থকা বুলি কব পাৰি।

 লেখক প্রাক্তন বিজ্ঞান গুৰু, অসম কৃষি বিশ্ববিদ্যালয়; ম’বাইল:৯৪৩৫১ ১৬৬০৫

                             



Monday, 26 November 2012

বৰো ধানৰ কঠীয়া ...


বৰো ধানৰ কঠীয়া ওখ কৰাৰ উপায়
অসমত ধানখেতি প্রধানকৈ গ্রীষ্ম( summer ), শীত (winter ) আৰু শৰৎ (autum ) কালত কৰা হয়। শৰৎ কালত কৰা বৰো খেতিৰ সময় আঘোন-পুহৰ পৰা জেঠ-আহাৰ মাহলৈকে। অর্থাৎ আঘোন-পুহত কঠীয়া পাৰি জেঠ-আহাৰ মাহত ধান চপোৱা হয়। এই সময়চোৱাত আকাশ ফৰকাল হৈ থাকে আৰু ধাননি ডৰাই ৬-৭ ঘন্টা সূর্যৰ ৰশ্মি পায়,যাৰ বাবে ধান গছে সূর্যৰ ৰশ্মিৰ পৰা অধিক মাত্রাত শক্তি আহৰণ কৰি খাদ্য প্রস্তুত কৰে আৰু গুটিত জমা ৰাখে। তদুপৰি এই খেতিত জলসিঞ্চন নিয়ন্ত্রিতভাৱে কৰিব পাৰি বাবে অধিক মাত্রাত সাৰ প্রয়োগ কৰাত সুচল হয়। বায়ুমণ্ডলৰ উষ্ণতা কম হৈ থকাৰ বাবে অনিষ্টকাৰী কীট-পতংগ, ৰোগ-ব্যাধি কম হয়। এনেবোৰ কাৰণৰ বাবে বৰো খেতিত উৎপাদন আহু নাইবা শালি খেতিতকৈ বেছি হয়। আনহাতে এই খেতিৰ বাবে কঠীয়াতলিত বীজ সিঁচাৰ সময়ত অর্থাৎ আঘোন-পুহ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট কম হৈ থাকে যাৰ বাবে কঠীয়া ভালদৰে বাঢ়িব নোৱাৰে; চাপৰ হৈ থাকে। এনে চাপৰ কঠীয়া উঠাবলৈ কষ্ট হোৱাৰ লগতে ৰুবলৈকো অসুবিধা হয়। সেয়ে বর্তমান বৰোৰ কঠীয়াতলিত ছৈ দিয়াৰ ব্যৱস্থা কৰি কঠীয়া ওখ কৰিবলৈ পৰামর্শ দিয়া হয়। বাঁহৰ কামিৰে অতি সহজে সাজি ল’ব পৰা এনে ছৈৰ বিষয়ে তলত চিত্রসহ উল্লেখ কৰা হ’ল:-
·         বাঁহৰ কামিৰে ছৈৰ আকাৰৰ এটা জঁকা এনেদৰে সাজিব লাগে যাতে জঁকাৰ মাজ আংশ ৭৫ ছে:মি: ওখ আৰু বহল ২ মি: হয় । দৈর্ঘ্য ৫ মি: মান হ’লে সুবিধা হ্য়। কঠীয়াতলিৰ প্রয়োজন অনুসৰি ছৈৰ সংখ্যা হিচাপ কৰি ল’ব লাগে।
·         জঁকাটো ডাঠ পলিথিন এখনেৰে ঢাকি এনেদৰে বান্ধি দিব লাগে যাতে পলিথিনখনৰ দুয়ো কাষ মাটি স্পর্শ কৰিও কিছু অংশ বাঢ়ি থাকে। ছৈৰ মুখ দুখনো পলিথিনৰ ঢাকনীৰে বন্ধ কৰিব লাগে।
·         কঠীয়াতলিত বীজ সিঁচাৰ পাছত ছৈখনেৰে দীঘল চিটাবোৰ ঢাকি কাষৰ বাঢ়ি থকা পলিথিনৰ অংশ বোকাৰে লিপি বাহিৰৰ ঠাণ্ডা বতাহ ছৈৰ ভিতৰ সোমাব নোৱৰা কৰিব লাগে। ছৈৰ মুখৰ ঢাকনী দুখন দিনৰ ভাগত খুলি ৰাখিলেও ৰাতি জপাই থব লাগে। এইদৰে কঠীয়া পাৰিলে ছৈৰ ভিতৰৰ তাপমান বাহিৰতকৈ ৪-৬ ডিগ্রী বেছি হয় যাৰ বাবে কঠীয়া সোনকালে বাঢ়ে আৰু মুকলিকৈ পৰা কঠীয়াতকৈ প্রায় দুগুণ ওখ হয়।
·         ৰুবলৈ এসপ্তাহমান থকাৰে পৰা ছৈখন নিতৌ কিছু সময়ৰ বাবে তলীখনৰ পৰা আঁতৰাই থব লাগে। প্রথম দিনা দুঘন্টামান আঁতৰাই পাছলৈ সময় বঢ়াই নি কঠীয়া উঠোৱাৰ দুদিনমানৰ আগেয়ে ছৈখন সম্পূর্ণ ৰূপে আঁতৰাব লাগে। এইদৰে ছৈখন আঁতৰোৱাৰ বাবে কঠীয়াই  পথাৰ মুকলি পৰিৱেশৰ লগত সহজে খাপ খাব পাৰে। 

[চিত্রৰ উৎস-ধান খেতিৰ হাতপুথি,অসম কৃষি বিশ্ববিদ্যালয় ]

Sunday, 25 November 2012

ক্ষুদ্র চাহ উদ্যোগ আৰু ...

ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়তা
জিতেন্দ্র কুমাৰ লাহন
অৱসৰপ্রাপ্ত সহ- কৃষি সঞ্চালক
         বিশ্বৰ খ্যাতি সম্পন্ন অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়ে অভূতপূর্ব সাফল্যৰে অভিলেখ গঢ়িছে। সত্তৰ দশকৰ শেষফালে আৰম্ভ হোৱা অসমৰ ক্ষুদ্র চাহখেতিয়ে মাথোঁ তিনিটা দশকৰ ভিতৰতেই ৰাজ্যখনৰ মুঠ চাহ উৎপাদনৰ প্রায় ৩৩ শতাংশ যোগানৰ চমকপ্রদ অগ্রগতিৰে সেউজ বিপ্লৱৰ সূচনা কৰি এক আলোড়ন সৃষ্টি কৰিলে। সাম্প্রতিক  সময়ত অসমৰ ক্ষুদ্র চাহখেতি ব্যাপক সম্প্রসাৰণেৰে এক উদ্যোগলৈ ৰূপান্তৰ হোৱাটো সামগ্রিকভাবে অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় দিশ।
         বছৰি গড়ে প্রায় ৪৮০ নিযুত কি:গ্রা: কেঁচাপাত উৎপাদন কৰি অসমৰ ক্ষুদ্র চাহখেতিয়ে গ্রাম্য অর্থনীতিৰ ভেটি টনকিয়াল কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছে। তদুপৰি ইয়াৰ দ্বাৰা ভাৰতীয় চাহ ব’র্ডে বছৰি হাজাৰ হাজাৰ কোটি ৰাজহ সংগ্রহ কৰে। প্রাপ্ত তথ্য অনুসৰি, বর্তমান অসমৰ ১৯ জিলাত প্রায় ১.৫ লাখ হেক্টৰতকৈ অধিক মাটিকালি আগুৰি থকা ক্ষুদ্র চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়কৰ সংখ্যা ৬৮,৪৩৮ জন যদিও নিচেই কম মাটিকালিৰ অতিৰিক্ত শ্রেণীক লৈ এই সংখ্যা এক লক্ষাধিক হ’ব। কেঁচাপাতৰ উৎপাদনো বছৰি ক্রমাত বৃদ্ধি পাবলৈ ধৰাটো ক্ষুদ্র চাহখেতিৰ উন্নয়নৰ পথত শুভ লক্ষণ। ২০০১ চনত কেঁচাপাতৰ উৎপাদন আছিল ৪৩৩ নিযুত কি:গ্রা:, ২০০৫ চনত ইয়াৰ পৰিমাণ হয়গৈ ৫২০নিযুত  কি:গ্রা:। উল্লেখযোগ্য যে প্রায় ১২ লাখতকৈ অধিক কর্মচাৰীৰ লগতে শ্রমিক প্রত্যক্ষ আৰু পৰোক্ষভাবে নিয়োজিত হোৱাটোৱে বিশাল প্রসাৰতাৰে গঢ়ি উঠা অসমৰ ক্ষুদ্র চাহখেতিৰ বাস্তব ছবিখন স্বচ্ছ ৰূপত প্রতিপন্ন কৰে।
         অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিৰ সংযোজনে উদ্যোগটো অধিক সমৃদ্ধিশালী কৰাৰ দিশত নতুন মাত্রা প্রদান কৰিলে। কিন্তু তাৰ বিপৰীতে আন্তজার্তিক বজাৰত প্রচুৰ চাহিদাসম্পন্ন অসমৰ চাহৰ যি সুনাম আছিল কিছু বছৰৰ পূর্বে তাত বিসংগতি হোৱাটোও উদ্যোগটোৰ বাবে অপ্রত্যাশিত অথচ অতি গুৰুত্বপূর্ণ বিষয়।
         আন্ত:ৰাষ্ট্রীয় প্রেক্ষাপটত অসমৰ চাহ উদ্যোগৰ গৌৰৱোজ্জল বিষয়টোৰ সম্পর্কে ন-কৈ দোহাৰিবৰ নিষ্প্রয়োজন। থোৰতে ক’বলৈ গ’লে বিশ্বৰ বজাৰত স্বকীয় বৈশিষ্ট্যপূর্ণ অসমৰ চাহৰ পৰিচয় অনন্য। কিন্তু অসমৰ চাহৰ বিশ্বজনিত খ্যাতিৰ এনেহেন ভাবধাৰাত বিগত কেইবছৰমানৰ পৰা বিঘিনি ঘটিল। পূর্বৰ পৰা সেই ৰৈ-বৈ যোৱা সুনামত চেকা লগাটো সঁচাই অতি দূর্ভাগ্যজনক। কিন্তু স্বাভাৱিকতেই প্রশ্ন হয়, ইয়াৰ আঁৰৰ কাৰণ কি? কাৰণটোও অতি স্পষ্ট--বিশ্বৰ অন্যান্য চাহ উৎপাদনশীল দেশসমূহৰ তুলনাত অসমৰ চাহ উদ্যোগৰ দ্বাৰা উৎপাদিত চাহৰ ক্ষেত্রত ব্যৱহার্য ৰাসায়নিক দ্রব্য পৰিমাণ মাত্রাধিক বুলি প্রমাণিত হ’ল। চাহত এনেবোৰ বিষাক্ত ৰাসায়নিক দ্রব্যৰ অৱশিষ্টভাগ ৰৈ যায়। ই কেৱল মানৱ দেহৰ বাবেই হানিকাৰক নহয়, লাখ লাখ হেক্টৰ চাহ বাগিচাৰ কৃষিভূমিত ইয়াৰ বিস্তৰ পৰিমাণৰ ব্যৱহাৰ প্রাকৃতিক পৰিৱেশ প্রদূষণৰ অন্যতম কাৰক হোৱাৰ উপৰি জীৱ-জন্তুৰ উপযোগী পাৰিপার্শ্বিকতাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্রতো এক চৰম ভাবুকি বুলি বিবেচিত হয়। আন্তর্জাতিক বজাৰত পূর্বে আর্জিত অসমৰ চাহৰ সুনাম পুনৰুজ্জ্বল কৰি সেই হেৰুৱাব খোজা খ্যাতি অটুট ৰাখিবলৈ প্রয়োজনীয় বাধ্যবাধকতাৰ প্রতি দৃষ্টি ৰখাটো সাম্প্রতিক সময়ত অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় পদক্ষেপ। শেহতীয়াকৈ জৈৱিক চাহখেতি আৰু ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱৰ প্রতি আটাইৰে উৎসাহী দৃষ্টি আকর্ষণ হোৱাটোও সামগ্রিকভাৱে অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ দিশত সেউজ সংকেত।
         উত্তৰ-পূব ভাৰতৰ প্রায় ৪ লাখ হেক্টৰ কৃষিভূমিত চাহখেতি কৰা হয়। উল্লেখযোগ্য যে অন্য ব্যৱসায়িক প্রতিষ্ঠানৰ দৰেই চাহ উদ্যোগৰো মুখ্য উদ্দেশ্য হ’ল ব্যৱসায়িক লাভালাভ। কিন্তু সেই উদ্দেশ্যেৰে কেৱল উৎপাদন বৃদ্ধিৰ ওপৰতে নির্ভৰ নকৰি তাৰ সমান্তৰালভাৱে উৎপাদিত সামগ্রীৰ গুণগত মান হেৰফেৰ নোহোৱাকৈ উভয়ৰে মাজত ভাৰসাম্য বজাই ৰাখি বজাৰত সমচাহিদাৰ ধাৰা অটুট ৰাখিব পৰাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব। ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ হাজাৰ হাজাৰ চাহ বাগিচাই আগুৰি থকা বিশাল ভূমিখণ্ডৰ চাহখেতিত বিস্তৰ পৰিমাণৰ ৰাসায়নিক সাৰ আৰু শস্য ৰক্ষাৰ শিতানত ৰাসায়নিক ভেঁকুৰনাশক, কীটনাশক, অপতৃণনাশক দ্রব্য ব্যৱহৃত হৈ আহিছে। এনে ধৰণৰ ৰাসায়নিক উপাদানবোৰ অবিৰতভাৱে প্রয়োগ কৰাৰ ফলত কৃষিভূমি আৰু ইয়াৰ অভ্যন্তৰীণ জলভাগৰ গুণাগুণ অধোগামী হোৱা, জীৱ-বৈচিত্র্যৰ বিনাশ, বায়ু প্রদূষণ আদি নানা প্রকাৰৰ কু-পৰিণতি পৰিলক্ষিত হয়। কৃষিত এই ৰাসায়নিক উপাদানবোৰৰ ভয়াবহ প্রভাৱৰ পৰা পৰিত্রাণ পাবলৈ সু-সংহত পুষ্টি দ্রব্য ব্যৱহাৰৰ উপৰি সু-সংহত কীট-পতংগ প্রতিৰোধৰ কিছুমান পদ্ধতি প্রচলন হ’বলৈ ধৰিছে। বর্তমান সমগ্র বিশ্বতে জৈৱ কৃষি প্রণালী অৱলম্বন কৰাত গুৰুত্ব প্রদান কৰা হৈছে। ইয়াৰ ফলত বায়ু, পানী মাটিৰ সুৰক্ষা প্রদানৰ লগতে উৎপাদিত সামগ্রীসমূহ স্বাস্থ্যসন্মত হোৱাৰ উপৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রতো উপকাৰ হয়।
         জৈৱিক চাহখেতিৰ মুখ্য উদ্দেশ্য হ’ল --- জীৱজগতৰ জীৱন-ধাৰণৰ অনুকুলে বায়ু, পানী, মাটিৰে গঢ়া বৈচিত্র্যপূর্ণ প্রাকৃতিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ চাহৰ স্বাভাৱিক উৎপাদন অটুট ৰখা। জৈৱিক চাহখেতিৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু চাহৰ উৎপাদনৰ মাজত ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে অসমৰ চাহ উদ্যোগত শেহতীয়াকৈ আত্মসংস্থানৰ পথ বাছি লৈ সেউজ বিপ্লৱৰ ধাৰা বোৱাবলৈ সক্ষম হোৱা ক্ষুদ্র চাহ খেতিয়কে জৈৱিক চাহখেতিৰ প্রতি বিশেষভাৱে আগ্রহী হোৱাৰ সম্ভাৱনীয়তা প্রকট হৈ পৰিছে। ইয়াৰ মুখ্য কাৰণবোৰ অতি স্পষ্ট। সাধাৰণভাৱে ৰাসায়নিক দ্রব্য প্রয়োগ কৰি উৎপাদন কৰা চাহতকৈ আন্তর্জাতিক বজাৰত ইয়াৰ চাহিদা অতি বেছি। ক্ষুদ্র চাহ খেতিয়কৰ বাগানৰ পৰিসৰ সাধাৰণতেই কম হোৱাৰ বাবে তাৰ কিছু অংশ জৈৱিক চাহখেতিলৈ সহজেই ৰূপান্তৰ কৰিব পাৰি। ক্ষুদ্র চাহ খেতিয়কৰ সামর্থ্যৰ জোখাৰে গঢ়ি তোলা জৈৱিক চাহখেতিৰ পৰিচালনা কৰাটোও সহজ হ’ব আৰু তাৰ পৰা উৎপাদিত চাহৰ মূল্য সাধাৰণভাৱে কৰা চাহখেতিৰ পাততকৈ বেছি হোৱাত লাভালাভৰ পৰিমাণ বৃদ্ধি হ’ব। তদুপৰি ইতিমধ্যে অভিজ্ঞতাপূর্ণ উদ্যোগী অসমীয়া যুৱকৰ দ্বাৰা উদ্ভাৱন কৰা দৈনিক ঘৰতেই ৬০-৭০ কি:গ্রা: পাত মাৰিব পৰা মেচিনবিধ ক্রয় কৰি ল’ব পাৰিলে কেঁচাপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহা ক্ষুদ্র চাহ খেতিয়কৰ দীর্ঘদিনীয়া সমস্যাটো কিছু লাঘৱ হ’ব আৰু লাভৰ পৰিমাণো বাঢ়িব।
         জৈৱিক চাহখেতিৰ বাবে প্রয়োজনীয় জৈৱ উপাদান যেনে, পচন সাৰ,পাম সাৰ, গোবৰ, কেঁচুসাৰ, জীৱাণুসাৰ, সেউজ শস্যৰ সাৰ আদি সহজলভ্য। তদুপৰি জৈৱিক উপায়েৰে চাহগছৰ বেমাৰ প্রতিৰোধৰ বাবে বেছিলাছ চাবটেলিছৰ দৰে ভেঁকুৰৰে তৈয়াৰী জীৱাণু ঔষধ আৰু বিবিধ প্রমাণিত বনৌষধি ব্যৱহাৰ কৰা হয়। বৰ মেদেলুৱা, অগৰা গছ, নিম গছ আদি প্রমাণিত বনৌষধিৰ গছ অসমত অপর্যাপ্ত পৰিমাণে পোৱা যায়। সেইদৰে জৈৱিক চাহখেতিত কীটনাশক স্বৰূপে ব্যৱহাৰ কৰিবলৈ নানা বিধৰ বনৌষধি,বৰড’ মিশ্রণ,বৰগাণ্ডি মিশ্রণ, চূণ-খাৰ মিশ্রণ, উদ্ভিদ আৰু জন্তুৰ তেল, পেৰাফিন তেল, পটাছিয়াম চাবোন আদিও সহজে সংগ্রহ কৰিব পাৰি। সাধাৰণ চাহখেতিত বেমাৰ, কীট-পতংগ, অপতৃণ নিয়ন্ত্রণৰ বাবে প্রয়োগ কৰা ৰসায়নিক দ্রব্যৰ বিকল্পৰূপে জৈৱিক চাহখেতিৰ উপযোগী সু-সংহত পদ্ধতিৰ অন্তর্ভুক্ত অনুমোদিত কৃষি কর্মসূচীবোৰ দক্ষতাৰে সম্পাদনা কৰাৰ ক্ষেত্রতো অভিজ্ঞ আৰু প্রশিক্ষণপ্রাপ্ত ক্ষুদ্র চাহ খেতিয়কৰ বাবে জটিলতাৰ কোনো কাৰণ নাই।
         উল্লেখযোগ্য যে মার্ঘেৰিটাৰ কেতেটং অঞ্চলৰ আশে-পাশে চিংফৌ সমাজত পূর্বৰে পৰাই জৈৱিক চাহখেতিৰ প্রচলন হৈ আছে। তেওঁলোকৰ মাজৰে দুজনমান বিদেশত প্রশিক্ষণপ্রাপ্ত উদ্যমী যুৱক জৈৱিক চাহ ৰপ্তানিৰ ক্ষেত্রত বাটকটীয়া। ইতিমধ্যে যোৰহাট আৰু লক্ষীমপুৰৰ পৰাও প্রগতিশীল ক্ষুদ্র চাহ খেতিয়কৰ দ্বাৰা কানাডা,জাপান,ইজিপ্ত আদি দেশলৈ ৰপ্তানি হোৱা জৈৱিক চাহ প্রতি কিল’ত ২০০০ টকা পর্যন্ত দামত বিক্রী হৈছে। প্রাৰম্ভিক এনেবোৰ ইতিবাচক দৃষ্টান্তই অসমত জৈৱিক চাহখেতিৰ সম্ভাৱনীয়তাৰ দিশত আগতীয়া শুভবার্তা বহন কৰা বুলি নিশ্চিত ৰূপত ক’ব পাৰি।
 প্রৱন্ধটো ‘দৈনিক জনমভূমি’ ১৯ জুলাই,২০১২ত প্রকাশ পাইছিল- লেখক 



Wednesday, 14 November 2012

জৈৱিক কৃষি খণ্ড-৬

                                           
                                             জৈৱিক কৃষি
                                                                   খণ্ড-৬

       ভাৰতবর্ষত জৈৱিক কৃষিৰ প্রসাৰ
              সেউজ বিপ্লৱৰ বাবে দেখা দিয়া সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আমাৰ দেশৰ কৃষি পদ্ধতিক পর্যায় ক্রমে জৈৱিক কৃষিলৈ পৰিবর্তন কৰাৰ বাবে বিজ্ঞানী তথা বিশেষজ্ঞসকলে যোৱাটো শতিকাৰ আশী দশকৰ পৰাই মতপোষণ কৰি আহিছে। এই সময়চোৱাত প্রধানকৈ বেচৰকাৰী আনুষ্ঠানসমূহে সীমিত পৰিসৰৰ মাজত থাকি জৈৱিক কৃষিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে আন্দোলন চলাই আছিল। এনে এক বেচৰকাৰী অনুষ্ঠান Association for Propagation of Indian Germplasm Resources (APIGR)ৰ সৌজন্যত ১৯৮৪ চনৰ অক্টোবৰ মাহত ভাৰতত পোন প্রথম বাৰৰ বাবে জৈৱিক কৃষিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এখন আলোচনা চক্র অনুস্থিত হয়। ৱার্ধাত অনুস্থিত হোৱা এই আলোচনা চক্রখনে চলি থকা জৈৱিক কৃষি আন্দোলনক এক নতুন মাত্রা প্রদান কৰে। তাৰ পাছত দেশৰ আন আন অঞ্চলতো এনে আলোচনা তথা অধ্যয়ন চক্রৰ জৰিয়তে জৈৱিক কৃষিৰ সপক্ষে জনমত গঢ়ি তুলিবলৈ বিভিন্ন বেচৰকাৰী অনুষ্ঠান আগবাঢ়ি আহিল। এনে প্রচেষ্টাৰ ফলত মহাৰাষ্ট্র আৰু দক্ষিণৰ ৰাজ্যসমূহত জৈৱিক কৃষিয়ে বিশেষ ভাবে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হয় আৰু বহুতো লোকে জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰে। বেচৰকাৰী অনুষ্ঠানসমূহে এইদৰে উৎপাদিত সামগ্রীসমূহ ৰপ্তানি কৰাত আগভাগ লৈ বিশ্ববাসীক ভাৰতবর্ষৰ এনে সামগ্রীৰ সৈতে পৰিচয় কৰায় দিয়ে। এই দৰে নিৰৱে আগবঢ়া আন্দোলনটোৰ বাবে আন্তর্জাতিক বজাৰত ভাৰতত উৎপাদিত জৈৱিক সামগ্রী প্রধানকৈ চাহ আৰু বাচমতি চাউলৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে।
              বিদেশত জৈৱিক সামগ্রীয়ে নতুনকৈ লাভ কৰা জনপ্রিয়তালৈ লক্ষ্য কৰি ভাৰত চৰকাৰে ২০০১ চনত বাণিজ্য মণ্ত্রালয়ৰ অধীনত National Programme for Organic Production (NPOP) নামেৰে এখন আঁচনি উন্মোচন কৰি এক জাননীৰ দ্বাৰা ভাৰতত উৎপাদিত জৈৱিক সামগ্রীসমূহৰ উৎপাদন তথা বিপণনৰ সকলো দিশ চোৱা চিতা কৰিবলৈ Agricultural and Processed Food Products Export Development Authority (APEDA) আৰু চাহ ব’র্ডকে ধৰি এনে পাঁচটা সংস্থাক কর্তৃত্ব প্রদান কৰেঅনহাতে APEDAই জৈৱিক কৃষিৰ আথিক প্রসাৰৰ সুবিধার্থে চৰিটা অনুষ্ঠানক তেওঁলোকৰ হৈ জৈৱিক প্রমাণ পত্র প্রদান কৰাৰ কর্তৃত্ব দিয়ে। ইয়াৰ লগে লগে  ভাৰতত জৈৱিক কৃষিয়ে চৰকাৰী ভাবে স্বীকৃতি লাভ কৰাৰ লগতে পূর্ণ গতি পায়। চৰকাৰৰ ফালৰ পৰা লোৱা এনে পদক্ষেপৰ বাবে ২০০২ চনত ভাৰতবর্ষই দেশত উৎপাদিত ১৪,০০০ মেট্রিক টন জৈৱিক খাদ্য সামগ্রীৰ ৮৫% ৰপ্তানি কৰিবলৈ সক্ষম হয়।
          দেশত জৈৱিক সামগ্রীৰ উৎপাদন আৰু বিকাশৰ বাবে যুগুতাই উলিওৱা আঁচনিখনৰ এনে সফলতা দেখি ভাৰত চৰকাৰে জৈৱিক কৃষিৰ উন্নতিৰ বাবে আৰু অধিক গুৰুত্ব দিবলৈ লয় যাৰ ফল স্বৰূপে ২০০৩ চনত উত্তৰ প্রদেশৰ গাজিয়াবাদত National Institute of Organic Farming (NIOF) নামৰ প্রতিষ্ঠানটো গঢ় লৈ উঠে। ইতিমধ্যে আন্তর্জাতিক পর্যায়ত বিভিন্ন জৈৱিক সামগ্রীৰ গুণগত মানদণ্ড নিৰুপণ হৈ গৈছিল। সেয়ে এই প্রতিষ্ঠানটোক দেশত উৎপাদিত জৈৱিক কৃষি সামগ্রীৰ উৎপাদনৰ নিয়ম নীতি নির্ধাৰণ কৰাৰ লগতে এইবোৰৰ গুণগত মানদণ্ড নিৰুপণৰ দায়িত্ব দিয়া হয়। বর্তমান APEDA সহ আন পাঁচটা স্বীকৃতিপ্রাপ্ত সংস্থাৰ জৰিয়তে NIOF য়ে জৈৱিক সামগ্রীৰ এই দিশবোৰ পর্যবেক্ষণ কৰে। ইয়াৰ উপৰি জৈৱিক কৃষিৰ বিকাশৰ বাবে ভাৰত চৰকাৰে দশম পঞ্চ বার্ষিক পৰিকল্পনাত ১০ বিলিয়ন টকা  ধার্য্য কৰে আৰু জৈৱিক কৃষিৰ গৱেষণাৰ দাযিত্ব ভাৰতীয় কৈষি গৱেষণা অনুসন্ধান পৰিষদক অর্পণ কৰে।
         এইদৰে ভাৰতবর্ষত কৃষক-চৰকাৰ-ব্যক্তিগত খণ্ডৰ জৰিয়তে জৈৱিক কৃষিৰ উন্নয়ন আৰু বিকাশৰ কাম-কাজ দ্রুত গতিত আগবাঢ়িব ধৰিলে। বর্তমান ভাৰতত ১৫,০০০জনৰো অধিক স্বীকৃতিপ্রাপ্ত কৃষকে জৈৱিক সামগ্রী উৎপাদন কৰি আছে। NPOP ৰ এক প্রতিবাদনত প্রকাশ পাইছে যে ২০০৭-০৮ চনত ভাৰতবর্ষত প্রাকৃতিক ভাবে জৈৱিক ৰূপত থকা অঞ্চলকে ধৰি মুঠ ২.৮ মিলিয়ন হেক্টৰ মাটিত ৩,৯৬,৯৯৭ মেট্রিক টন জৈৱিক সামগ্রী উৎপন্ন হৈছিল আৰু ৮৬ বিধ সামগ্রীৰ মুঠ ৩৭,৫৩৩ মেট্রিক টন ৰপ্তানী কৰি ১০০.৪ মিলিয়ন আমেৰিকান ডলাৰ উপার্জন কৰিব পৰা গৈছিল। এই উপার্জন ২০০৬-০৭ চনতকৈ ৩০%অধিক। এই পৰিসংখ্যাবোৰৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতবর্ষত জৈৱিক কৃষিযে গতি লাভ কৰিছে আৰু অচিৰে জৈৱিক আন্দোলনে এক পূর্ণাংগ ৰূপ পাব। আমি এইদৰে ভবাৰ যথেষ্ট থল আছে, কাৰণ ২০০১ চনত NPOP উন্মোচন হোৱাৰ মাত্র ছয় বছৰৰ ভিতৰত ভাৰতত প্রায় চাৰি লাখ মেট্রিক টন জৈৱিক সামগ্রী উৎপন্ন হ’ল। ইমান কম সময়ৰ ভিতৰত এইয়া সম্ভৱ হৈ উঠাৰ প্রধান কাৰণ হৈছে দেশত সেউজ বিপ্লৱে স্পর্শ নকৰাকৈ থকা এক বৃহৎ পৰিমাণৰ মাটি। আধুনিক কৃষিৰ অতি প্রয়োজনীয় আহিলা জলসিঞ্চনৰ সুবিধা নথকা এনে অঞ্চল এতিয়াও বৰষুণৰ ওপৰত নির্ভৰশীল। এনে হোৱা বাবে এই অঞ্চলবোৰত ৰাসায়িক সাৰ,ঔষধ আদিৰ ব্যৱহাৰ মুঠেই নহয়; হ’লেও অতি সীমিত ৰূপত হয়। এটা সমীক্ষাই দেখুৱাইছে যে উত্তৰ পূর্বাঞ্চলকে ধৰি দেশৰ অধিকাংশ মাটি by default জৈৱিক ৰূপত আছে। সেয়ে এই অঞ্চলবোৰ অতি সহজে জৈৱিক কৃষিলৈ পৰিবর্তন কৰিব পৰা গৈছে। তদুপৰি আর্থিকভাবে পিছ থকা ভাৰতীয় কৃষকসকলৰ মানসিকতা জৈৱিক কৃষিৰ প্রসাৰত সহায়ক হৈ উঠিছে। অনহাতে সেউজ বিপ্লৱৰ পূর্ণ দখলত থকা উন্নত দেশবোৰৰ মাটি জৈৱিক কৃষিৰ অধীনলৈ আনিবলৈ যাওঁতে বহুতো সমস্যাৰ সম্মূখীন হ’বলগীয়া হৈছে। ইতিমধ্যে নষ্ট হৈ পৰা কৃষিতন্ত্রবোৰ পুনৰুদ্ধাৰ কৰিবলৈ Transition Agriculture ৰ নামত উন্নত দেশবোৰৰ যথেষ্ট সময় আৰু অর্থ ব্যয় হৈছে। এনেবোৰ সমস্যাৰ পৰা ভাৰতৰ দৰে আন উন্নয়নশীল দেশবোৰ প্রায় মুক্ত। সেয়ে এইবোৰ দেশৰ জৈৱিক সামগ্রী সহজে বিশ্ব বজাৰত সোমাই পৰিছে।
          ভাৰতৰ জৈৱিক সামগ্রীৰ বজাৰখন প্রধানকৈ বিদেশী বজাৰক কেন্দ্র কৰি গঢ় লৈ উঠিছিল। কিন্তু দিন যোৱাৰ লগে লগে বর্তমান আমাৰ দেশৰ নাগৰিকসকলো এনে সামগ্রীৰ প্রতি আগ্রহী হৈ উঠিছে। বিভিন্ন প্রচাৰ মাধ্যমৰ জৰিয়তে জৈৱিক সামগ্রীৰ গুণাগুণবোৰৰ বিষয়ে জানিব পাৰি বিশেষকৈ নগৰ অঞ্চলৰ লোকসকল এনে খাদ্যৰ প্রতি আকৃষ্ট হৈ পৰিছে। প্রথম অৱস্থাত বহুতে এইয়া নগৰবাসীৰ এক প্রকাৰৰ fad অর্থাৎ চখ বুলি কৈছিল যদিও স্বাস্থ্যৰ প্রতি ক্রমে সচেতন হৈ অহা সকলে এনে সামগ্রী বিচাৰি ফুৰা সততে চকুত পৰা হৈছে। দেওবৰীয়া-বুধবৰীয়া আদি হাটবোৰত আমাৰ নদাই-ভদাইহঁতে অনা “গাৱলীয়া পাচলি” কেইটাৰ সমাদৰ বাঢ়িছে। বজাৰত কেৱল “লকেল” বিচাৰি ফুৰা locavoreৰ সংখ্যা ক্রমে বাঢ়িছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ কিম্বা দৰবপাতি ব্যৱহাৰ নকৰা চিনাকী কৃষকজনক "Know Your Farmer, Know Your Food" মন্ত্র সৰোগত কৰি দুপইছা বেছিকৈ দিবলৈ কুণ্ঠাবোধ নকৰা জনৰো সংখ্যা আমি নজনাকৈয়ে বাঢ়িব লাগিছে। এইদৰে জৈৱিক কৃষি আন্দোলনৰ ঢৌৱে আমাক সকলোকে ক’ব নোৱাৰাকৈয়ে চুইছেহি। অচিৰে হয়তো আমিও কৈ উঠিম "Think globally, act locally" [সমাপ্ত]