সেউজী ধৰণী
ডঃ দিগেন্দ্র নাৰায়ণ চক্ৰবত্তী
মাটি যে সজীৱ আৰু সক্ৰিয় এই কথা বহু খেতিয়কে উপলব্ধি নকৰে। মাটি অকল পোষক পদার্থ সৰবৰাহৰ ভড়ালেই নহয়, ই বায়ু-পানীৰ ভাণ্ডাৰ লগতে বহুতো বিচিত্র জীৱ আৰু অণুজীৱৰ বিশাল ৰম্যভূমি। এক গ্রামমান মাটিত কেইবা নিযুতো অণুজীৱৰ জাত-উপজাতৰ থাকিব পাৰে। জৈৱ বৈচিত্রত অকণি অকণি বেক্টেৰিয়া,শেলাই,ভেঁকুৰ, প্র’ট’জৱাৰ পৰা বৈশিষ্টপূর্ণ শস্য ক্রিমি, সন্ধিপদী (arthopod ), কেঁচু, কুমতি, উইপোক,অনান্য পোক,সৰু সৰু মেৰুদণ্ডী প্রাণী, আনকি গছ-গছনি আদিৰ শিপাও থাকে। এই গোটেইবোৰে পৰিবেশৰ ভিন্নতা অনুসৰি মাটিৰ ভিতৰত খাদ্য শৃংখলৰ জালত সোমায় পৰে। এই সুক্ষ্ম জীৱবোৰ বাস কৰি মাটিক সক্রিয় কৰি ৰাখে বাবে মাটিক সজীৱ বুলি কোৱা হয়। এই অণুজীৱবোৰৰ ভিতৰত কিছুমান প্রস্তুত কৰোঁতা আৰু আন কিছুমান গ্রহণ কৰোঁতা। এইবোৰৰ মাজত শক্তি আৰু খাদ্য বিনিময়ৰ কাৰণে আন্তঃক্রিয়া হৈয়েই থাকে। এই ক্রিয়া-কলাপত গছৰ শিপাই ভাগ লয় আৰু সহযোগীতাৰ হাত আগবঢ়ায়।
মাটিত থকা গছৰ শিপাই মাটিত হৈ থকা কার্য-কলাপৰ এখন ছবি ডাঙি ধৰে। ই প্রকৃততে মাটিৰ মুখপত্র। শিপাৰ ভাল গঠন মানে ইয়াকে বুজায় যে মাটিত থকা অণুজীৱবোৰে ভালদৰে কার্য কৰি আছে আৰু পৰিস্থিতিগত ক্রমণিকা ঠিকমতে চলি আছে। এইদৰে গছৰ শিপা আৰু অণুজীৱবোৰৰ নলে-গলে লগা সম্বন্ধই মাটিৰ বৈশিষ্টতা বঢ়াইছে। গছৰ শিপাৰ চাৰিওফালে গোটখাই থকা অণুজীৱৰ চামনিয়ে ইহঁতৰ মাজত থকা ওতঃপ্রোত সম্বন্ধ আৰু সহযোগীতাৰে জীয়াই থকাকে বুজায়। গছৰ শিপাই অণুজীৱক শিপাৰ খাদ্যৰস যোগান ধৰে আৰু অণুজীৱই শিপাৰ চাৰিওফালে থকা কৃত্রিম খাদ্য সম্ভাৰ পচন কার্যৰ দ্বাৰা সহজলভ্য কৰি তোলে।
যিহেতু মাটিৰ ওপৰভাগতে এই সকলোবোৰ ক্রিয়া সম্পন্ন হয় এতেকে মাটিৰ উপৰি অংশ কৃষকৰ খেতিৰ কাৰণে সঞ্চিত খাদ্য পদার্থৰ ভাণ্ডাৰ বা মূলধন। এই মূলধন বেংকত জমা থোৱা টকাৰ নিচিনা। টকা উলিয়াই থাকি আকৌ জমা নথলে মূলধন যি দৰে শেষ হ’ব সেইদৰে যোগান নধৰিলে এই খাদ্য সম্ভাৰৰ ভঁৰাল শেষ হ’ব। এই ভঁৰাল পিছে ৰক্ষা কৰে মাটিত থকা বা বাহিৰৰ পৰা যোগান ধৰা জৈৱিক পদার্থ আৰু অণুজীৱবোৰে। গছৰ ডাল,পাত বা গছৰ মূঢ়া আদিৰ পৰা প্রাকৃতিক ভাৱে পাব পৰা পদার্থৰে জৈৱিক পদার্থৰ ভঁৰাল গঢ়ি উঠিব পাৰে । অথবা গোবৰ, পচন সাৰ, কেঁচু সাৰ, সেউজীয়া সাৰৰ দ্বাৰা জৈৱিক পদার্থৰ পৰিমাণ বঢ়াব পাৰি। মাটিত নানা বৈচিত্রপূর্ণ অণুজীৱবোৰ প্রাকৃতিক ভাৱে থাকে। কিন্তু অমনোযোগী কৃষি কার্যৰ বাবে বহুতো আৱশ্যকীয় অণুজীৱ ধ্বংস হ’ব পাৰে। তেতিয়া বাহিৰৰ পৰা দি হলেও ইয়াৰ পৰিমাণ ৰক্ষা কৰিব লাগে।
মাটিত যথেষ্ট জৈৱিক পদার্থ বা ধৰণ ( humus ) থাকিলে অণুজীৱই জৈৱিক পদার্থবোৰ পচন কার্যৰ সহায়ত পোষক পদার্থবোৰ সৰবৰাহ কৰে। কোনো মাটি জৈৱিক পদার্থ সমৃদ্ধ হ’লে তাত অণুজীৱৰো সমৃদ্ধি ঘটে। তেতিয়া মাটিৰ গঠন ভাল হোৱাৰ লগতে মাটিৰ ওপৰত চামনি পৰা বা লডা হোৱাৰ পৰা ৰক্ষা পৰে। এনে মাটিত ভালকৈ হাল বাবলৈ সুচল হয়, পানী চলাচল আৰু সংৰক্ষণ ভাল হয়, পোষক পদার্থবোৰ লাহে লাহে গছৰ বাবে সহজলভ্য হয়,যাৰ বাবে এইবোৰ নষ্ট পোৱাৰ আশংকা কমে। এনে অৱস্থা বিৰাজ কৰিলে মাটি পৰিচালনা কৰিবলৈও ভাল হয়, মাটিৰ ক্ষয় সাধন কমে আৰু গছৰ গঠন তথা বৃদ্ধি সন্তোসজনক হয়। জৈৱিক পদার্থৰ অভাৱ হ’লে মাটিত অণুজীৱৰ সংখ্যাও কমি যায়।
মাটিত থকা অণুজীৱৰ এখন বিৰাট সংসাৰ আছে। এইবোৰে নিজৰ সুবিধাৰ কাৰণেই কাম কৰি থাকে। আমি সিহঁত জীয়াই থাকিবৰ কাৰণেহে মাটি পৰিচালনা কৰি থাকো। এতেকে সিহঁতক বচায় ৰখাটো কৃষি উৎপাদনৰ কাৰণে অতি আৱশ্যক। মানুহে হেতা-ওপৰা কৰি খেতি নকৰা হ’লে অণুজীৱবোৰ প্রাকৃতিক ভাৱে বাচি থাকিলহেঁতেন। এতেকে অণুজীৱৰ বিচিত্রতা ৰক্ষা কৰাটো আমাৰ কৰ্ত্তব্য।
কেঁচুৱে মাটিক উন্নত অৱস্থাত ৰখাত , পোষক পদার্থ সহজলভ্য কৰাত আৰু মাটিৰ গঠন ভাল কৰি ৰখাত প্রভূত অৰিহনা যোগায়। কেঁচুৱে মাটিত সুৰংগ খান্দি মাটি তল ওপৰ কৰি মাটি চহোৱাৰ কার্য কৰি মাটিৰ গঠন ভাল কৰে আৰু ইয়াৰ শৰীৰৰ পৰা ওলোৱা পদার্থই উৎকৃষ্ট সাৰৰ যোগান ধৰে।
মাটিত থকা বিভিন্ন জাতৰ বেক্টেৰিয়া ‘ৰাসায়নিক কাৰখানা’ৰ কর্মীৰ দৰে; অনবৰত নানা প্রক্রিয়াৰে জৈৱিক পদার্থৰ পচন ঘটাই নতুন ধৰণ তৈয়াৰ কৰে আৰু গছৰ পোষক পদার্থ সহজলভ্য কৰে। ৰাইজ’বিয়াম বেক্টেৰিয়াই ছেঁইজাতীয় গছৰ শিপাত নাইট্র’জেন সাৰ পদার্থ যোগান ধৰে আৰু গছৰ শিপাৰ পৰা নিজৰ আহাৰ গ্রহণ কৰি সহযোগীতাৰে বাস কৰাৰ উদাহৰণ দাঙি ধৰে। ৰাইজ’বিয়ামৰ দৰে এজ’ট’বেক্টাৰ, এজ’স্পাইৰিলাম, ফচফ’বেক্টেৰিয়া আদি বায়’ফার্টিলাইজাৰ হিচাপে তৈয়াৰ কৰি চৰকাৰী আৰু বেচৰকাৰী অনুস্থানবোৰে বিশেষ গুণবিশিষ্ট সাৰ খেতিয়কক যোগান ধৰিছে।
ভেঁকুৰ,শেলাই আৰু অন্য ক্ষুদ্র জীৱই নিজৰ মিউচিলেজ, অণুসূত্রবোৰে লগ লাগি মাটিৰ বালি, পলস বোকা আদিক একেলগে গাঠি শৃংখলিত জৈৱিক সেতুৰ সৃষ্টি কৰে যাৰ দ্বাৰা মাটি সুশৃংখলিত ভাৱে সংগঠিত হয়,শিপাৰ কাৰণে লাগতিয়াল বায়ু ভালদৰে চলাচল কৰিব পৰা হয়,মাটিৰ গোট গঠন হয় আৰু মাটি খহনীয়া কমে। এইদৰে অণুজীৱবোৰ ইটোৱে সিটোক সহায় কৰা ব্যৱস্থাৰে মাটিত থকা সকলো জীৱক জীয়াই থকাৰ এটা সুস্থ মাধ্যম ৰচনা কৰি দিয়ে। বৰ্দ্ধিত সংখ্যাৰ উপকাৰী অণুজীৱই বেমাৰ-আজাৰৰ জীৱাণুবোৰো নিয়ন্ত্রণ কৰি ৰাখে। ইয়াৰ উপৰিও পৰিবেশ বিজ্ঞানীয়ে সক্রিয় মাটিক কার্বণ-ডাই-অক্সাইডৰ সাম্ভাব্য ভঁৰাল হিচাপে গুৰুত্ব দিয়াৰ ফলত মাটিৰ উপযুক্ত ব্যৱহাৰৰ আৱশ্যকতা বাঢ়িছে। এটা জৈৱিক ভাৱে সক্রিয় পদ্ধতিগত ব্যৱস্থাত থকা মাটিৰ যে গুৰুত্ব বেছি তাৰ উপলব্ধি হৈছে আৰু মাটিৰ এই জৈৱিক বহুধাৰ বিচিত্রতা অধ্যয়নত মানুহে আগতকৈ বেছি আকর্ষিত হৈছে।
মাটিৰ জৈৱিক গঠন আৰু ক্রিয়া কলাপৰ বিষয়ে অধ্যয়ন অৱশ্যে তুলনামূলকভাৱে এতিয়াও চালুকীয়া অৱস্থাতে আছে। তথাপি যোৱা পাঁচ-ছয় দশক ধৰি কৰি অহা অধ্যয়নৰ ফলত বিজ্ঞানীয়ে মাটিত চলি থকা জৈৱ-জগতৰ কার্যৰ বহু কথা উদঘাটন কৰিছে আৰু উপলব্ধি কৰিছে যাৰ দ্বাৰা কৃষক উপকৃত হৈছে। লগতে এনে কার্যৰ ফলত মাটি আৰু জীৱ জগতৰ অধ্যয়নৰ দিশটোৱে প্রধান্য লাভ কৰিছে। এনে প্রচেষ্টাৰ ফলত জৈৱিক কার্য বেয়া হৈ যোৱা মাটিবোৰ পুনৰ সজীৱিত কৰাটো এটা আৱশ্যকীয় ব্যৱস্থা বুলি পৰিগণিত হৈছে। দেখা যায় কৃষকে মনোযোগ দি বিজ্ঞানী আৰু সম্প্রসাৰণ কর্মীয়ে দিয়া জৈৱিক কৃষি ব্যৱস্থাসমূহ অনুসৰণ কৰিলে কৃষিত এটা আমূল পৰিবর্তন আহিব। লগতে বাহিৰৰ পৰা কৃত্রিম সাৰ,ঔষধ আদিৰ ব্যৱহাৰ কমাই আনি এটা সম্পূর্ণ জৈৱিক কৃষিলৈ পৰিবর্তন হোৱাৰ আশা কৰিব পাৰি যাৰ ফলত মানুহ,পোহনীয়া জীৱ-জন্তু,গছ-গছনিৰ আৰু মাটিৰ সুস্বাস্থ্য ৰক্ষা কৰি উপযুক্ত উৎপাদন আৰু পুষ্টি খাদ্যৰ যোগান ধৰাত কৃতকার্য হ’ব পৰা যাব।
জীৱৰ সকলো খাদ্য সম্ভাৰ প্রত্যক্ষ বা পৰোক্ষ ভাৱে মাটিৰ পৰাই আহে। যদি মাটি সজীৱ আৰু সক্রিয় নহ’লহেঁতেন তেনেহ’লে অবিৰত ভাৱে খাদ্য যোগান দি থকিব নোৱাৰিলেহেঁতেন। এই খাদ্যৰ যোগান ধৰিবলৈ জীৱৰ ভিতৰত চলি থকা সকলো ভৌতিক,ৰসায়নিক আৰু জৈৱিক ক্রিয়া মাটিতো একেদৰে চলি থাকে। আনকি জীৱ সমৃদ্ধ হোৱা কাৰণে মাটিত পাচন, শ্বাস-প্রশ্বাস, সংবহন, ৰেচন আদি ক্রিয়াবোৰো সম্পাদন হৈ থাকে। এতেকে মাটি ভালকৈ স্বাস্থ্যবান কৰি ৰখা বা মাটিৰ লগত সহযোগীতাৰে কাম কৰা মানে মানুহ বা আন জীৱৰ পুষ্টি আৰু স্বাস্থ্য ভালে থকা বুলি কব পাৰি।
লেখক প্রাক্তন বিজ্ঞান গুৰু, অসম কৃষি বিশ্ববিদ্যালয়; ম’বাইল:৯৪৩৫১ ১৬৬০৫
No comments:
Post a Comment