Friday, 20 March 2015

ব’হাগলৈ বহু দিন বাকী


সেউজী ধৰণী
ব’হাগলৈ বহু দিন বাকী
ডঃ চাদিকুল হুছেইন

“অ’ কুলি! অ’ কুলি! কুউ-কুউ-কুউ বুলি
আকৌ …এবাৰ মাত …কুলি…. আ…কৌ…. এ…বা…ৰ….. মা…ত…..”
আগফালৰ বাৰাণ্ডাত বহি গছ-গছনিবোৰ চাই চাই তৰুৱে তাইৰ ভাল লগা কবিতাটো মুখস্থ কৰি আছে। মইনা মেলত এই কবিতাটো আবৃত্তি কৰিব। কিন্তু কবিতাটো পঢ়িবলৈ লোৱা দিন ধৰি তাইৰ মনলৈ কিবা ৰিঙা ৰিঙা ভাব এটা আহি আছে। কুলি চৰাই তাই দেখা নাই। দেখিছে যদিও নাজানে যে এইজনীয়ে কুলি চৰাই। এই অচিনাকি চৰাইজনীৰ মাতটোবা কেনে ?…
‘কি হ’ল, ৰৈ গলি যে?’ তৰুৰ মাতটো ক্ষীণ হৈ অহা দেখি মাক জেউতীয়ে আখলৰপৰা চিঞৰিলে।
‘অ, মা, মা। কুলি চৰাইৰ মাতটো কেনেকুৱা?’ মাকৰ চিঞৰটো শুনি লৰ মাৰি তৰু মাকৰ কাষ পালেগৈ।
কুলি চৰাইৰ মাত? এই আচহুৱা প্রশ্নটো শুনি জেউতীয়ে তৰুৰ মুখলৈ চাই থাকিল। কি উত্তৰ দিব ভাবি থাকোঁতেই তৰুৱে আকৌ সুধিলে-
‘তুমি কুলি চৰাই দেখিছা ? কেনেকুৱা দেখিবলৈ ? আমাৰ ইয়াত আছেনে?’
জীয়েক তৰুৰ ইমানবোৰ প্রশ্ন একে লগে শুনি জেউতী থৰ লাগি গ’ল। ৰাতিপুৱাৰপৰা ঘৰখনৰ কাম কৰি আহৰি নোপোৱা জেউতীয়ে এতিয়াহে ভাবিবলৈ ল’লে— কুলি চৰাইৰ মাতটো শেষবাৰ কেতিয়া শুনিছিল।… যোৱাটো ব’হাগত এবাৰ নে দুবাৰ শুনা যেন পালে। এতিয়া শাওণ মাহ। চ’ত-ব’হাগলৈ বহুত দিন বাকী।… নিজৰ ভাৱত বিভূৰ হৈ পৰা জেউতীয়ে কাষতে ৰৈ থকা তৰুৰ মুখলৈ চাই লাহেকৈ ক’লে –‘এতিয়া কুলি চৰাই ক’ত দেখিবা? চ’তৰ শেষত কুলি চৰাই আহিব। তেতিয়া মাত শুনিবা। সেই সময়ত দেউতাৰক কবা। বাগিচাৰপৰা এটা ধৰি আনিব। এতিয়া কবিতাটো মুখস্থ কৰাগৈ যোৱা। মই ভাতত লাগোগৈ।’
দেউতাকে কুলি চৰাই ধৰি আনি দিব! বাহঃ কিমান যে ভাল লাগিব!! আনন্দতে জাপ এটা মাৰি দেউতাকক বিচাৰি তৰু চোতাল পালেগৈ। ইফালে সিফালে চাই দেউতাকক নেদেখি বাৰীৰ ফাললৈ যাবলৈ লওঁতেই পদূলিমূখত দেউতাকৰ মটৰ চাইকেলখন দেখি তাই বুজিলে দেউতাক বাগিচালৈ যাবলৈ সাজু হৈছে। ঘৰৰপৰা অলপ আঁতৰত থকা সিহঁতৰ কুঁহিয়াৰনিখন ভাঙি দেউতাকে চাহগছ লগাইছে। ঘৰৰ পাছফালৰ বাৰীখনত চাহ পুলি ৰোৱা বহু বছৰ হ’ল। সেই সৰু বাগিচাখনৰ পাত বেচি দেউতাকে এই পুৰণি মটৰ চাইকেলখন কিনিলে। এতিয়া গোটেই কুঁহিয়াৰনিখনতে চাহগছ লগাইছে। অচলতে সিহঁতে বহুত দেৰিকৈ চাহ বাগিচা পাতিছে; গাঁৱৰ আনবোৰে কেতিয়াবাই চাহ লগালে। শেৱালীহঁতৰ দেউতাকে এতিয়া পাহাৰৰ কাষতো বাগিচা পাতিছে। সিহঁতৰ দুখন গাড়ী। এখন মাৰুতি আৰু আনখন জীপ গাড়ী। এইখন পাত কঢ়িয়ালৈ। দেউতাকে কৈছে নতুনকৈ পতা ডাঙৰ বাগিচাখনৰ পাত ওলোৱাৰ পাছত সিহঁতেও গাড়ী এখন লব। বাহঃ কিযে মজা লাগিব! গাড়ীত উঠি সদায় স্কুললৈ যাব। …
‘অ, দেউতা, দেউতা। মোক কুলি চৰাই এটা আনি দিব পাৰিবা? ’
‘কি?’ হেলমেটটো পিন্ধিবলৈ লৈ দেউতাক ডিম্বেশ্বৰ ৰৈ গ’ল। কি বিচাৰিছে এইজনীয়ে!
‘কুলি চৰাই।’
অলপ ৰৈ দেউতাকক খং নুতুলিবলৈ তৰুৱে লাহেকৈ ক’লে। ‘এতিয়া নহয়। পাছত যেতিয়া ওলাব তেতিয়া দিলেও হ’ব।
সৰু ছোৱালীজনীৰ কথা শুনি ডিম্বেশ্বৰৰ হাঁহি উঠি গ’ল। দেউতাকক হঁহা দেখি তৰুৱে আকৌ ক’লে ‘মায়ে কৈছিল কাৰণেহে কৈছো। নহলে মই মুহিকাইক ক’ম।’ তৰুৱে জানে দেউতাকৰ সোঁহাত স্বৰূপ মুহিকাই মানে মুহিৰামে কৰিব নোৱৰা কাম নাই। সৰুৰে পৰা দেখি আহিছে বাৰী-ঘৰ-পথাৰ আৰু এতিয়া চাহ বাগিচাৰ কাম মুহিকাই নহ’লে অচল। ইম্মানবোৰ কাম জনা মুহিকাইৰ বাবে কুলি চৰাই এটা তাইক ধৰি আনি দিয়া তেনেই সহজ কথা।
‘অ, সেয়ে ভাল হ’ব। মুহিকায়ে তোক কুলি-কেতেকী-ভাটৌ, যি লাগে তাকে ধৰি আনি দিব। এতিয়া পঢ়া-শুনাত লাগগৈ। গৰম বন্ধৰ হ’মৱর্কবোৰ কৰিছ নে?
‘কৰি আছোঁ।’
‘মই আকৌ তোক চিঞৰি চিঞৰি কিবা কবিতা পঢ়ি থকা হে শুনো।’
‘সেই কবিতাটো মইনা মেলত আবৃতি কৰিম।’ অলপ গর্বৰে তৰুৱে উত্তৰ দিলে।
‘আবৃতি? মাতচোন কি কবিতা আবৃতি কৰিবি।’
তৰুৱে মিঠা মাতেৰে কবিতাটো আবৃতি কৰিব ধৰিলে। তাইৰ আবৃতি শুনি মাক জেউতী আখলৰপৰা ওলাই আহিল। পিন্ধিবলৈ লোৱা হেলমেটটো হাতত লৈ দেউতাক ডিম্বেশ্বৰ লাহে লাহে তাইৰ কাষ পালেগৈ। বাগিচাৰ কামলৈ বুলি ওলাই অহা মুহিৰামে নঙলাডাল খুলিবলৈ লৈ তৰুৰ আবৃতি শুনি ঠাইতে ৰৈ দিলে।
‘হেৰৌ, এইটোচোন আমি সেই তাহানিতে পঢ়া কবিতা । তই ক’ত শিকিলি?’
ডিম্বেশ্বৰৰ নিজৰ স্কুলীয়া দিনলৈ মনত পৰি গ’ল। আনন্দতে ৰ’ব নোৱাৰি কবিতাটোৰ দুটামান শাৰী ভুলে-শুদ্ধই গাবলৈ ধৰিলে। ডিম্বেশ্বৰৰ আনন্দ দেখি জেউতী লাজতে ভিতৰলৈ সোমায় গ’ল। কি হৈছে ভালদৰে বুজিব নোৱাৰি মুহিৰামে বাপেক-জীয়েকৰ আনন্দখিনি হাঁহি হাঁহি আঁতৰৰ পৰাই চাই থাকিল।
‘দেউতা, সৌৱা মুহিকাই আহিলেই। তুমি এতিয়াই কৈ থোৱা। নহলে পাছত পাহৰি গ’লো বুলি কবা।’
‘অ,অ, ঠিক আছে। মই তাক আজিয়েই কৈ থম। চৰাই থবলৈ সজা এটা সাজিবলৈকো কম। এতিয়া কবিতাটো ভালকৈ মুখস্থ কৰ। আবৃতিত প্রথম হ’ব লাগিব।’
মুহিৰামক দেখি খৰধৰকৈ কথা কেইটা কৈ ডিম্বেশ্বৰে মটৰ চাইকেল ষ্টার্ট দিলে। বাগিচাৰ কামলৈ পলম হৈছে। তিনি বছৰৰ আগেয়ে লগোৱা চাহ পুলিবোৰ এতিয়া ঠন ধৰি উঠিছে। অহা ব’হাগত প্রথম পাত ছিঙিব পৰা হ’ব। পোক-পৰুৱা, বেমাৰ-আজাৰৰ কাৰণে যাতে পাত নষ্ট নহয় তালৈ এতিয়াৰ পৰাই চাই থাকিব লাগিব। নিমিষতে মটৰ চাইকেলে বাগিচালৈ ঢাপলি মেলিলে। ধোঁৱা উৰুৱাই আঁতৰি যোৱা মটৰ চাইকেলখনলৈ চাই তৰুৱে দেখিলে দেউতাক, তাৰ পাছত মুহিকাই আৰু মুহিকাইৰ পিঠিত দৰব ছটিওৱা এটা মেচিন।
+ + +
ল’ৰা-ছোৱালীখিনিয়ে এইকেইমাহ বৰ কষ্ট কৰিছে। শ্রেণী কোঠাৰ শিক্ষাৰ লগতে পাঠ্যক্রমৰ অংগৰূপে ভৱিষ্যতৰ কর্মভূমিৰ লগত পৰিচিত হ’বলৈ তেওঁলোক এই গাঁৱখনলৈ আহিছে। দুজনৰ বাহিৰে বাকী কেইজন চহৰত ডাঙৰ-দীঘল হোৱা। গাঁৱৰ বোকা-পানীৰ লগত মুঠেই পৰিচিত নহয়। প্রথম অৱস্থাত এই পৰিৱেশৰ লগত নিজকে খাপ খোৱাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হোৱা জাকটো পাছলৈ এই গাঁৱখনৰ যেন এজন হৈ পৰিল। ইয়াতে থাকি যোৱা ছমাহ তেওঁলোক কৃষি প্রধান অঞ্চলটো ঘুৰিছে আৰু কৃষিৰ লগত জড়িত বিভিন্ন দিশৰ লগত পৰিচিত হ’বলৈ চেষ্টা কৰিছে। সদায়ে নতুন নতুন অভিজ্ঞতা লাভ কৰা জাকটোৱে যেতিয়া হৰেণ ককাইদেউৰ দোকানতে লাগতীয়াল সকলোবোৰৰ লগতে ম’বাইল ৰিচার্জ- মেছেজপেক- নেটপেক আদিও পোৱা হ’ল তেতিয়া গাঁৱখনলৈ অহা প্রথম দিনটোৰ কথা একেবাৰে পাহৰি গ’ল।… মেজিক-গ্রাম্য টেক্সিৰে ওচৰৰ চহৰখনলৈ যাওঁতে এনে লগা হ’ল যেন দলটো হোষ্টেলৰ পৰা গড়আলিৰ ফালেহে গৈছে।… বাৰিষা পানীৰে ওপচি পৰা জানটোত দিগন্তৰ লগ লাগি বাকী তিনিটা জাল মাৰিব পৰা হ’ল। তাকে দেখি দীপিকা আৰু ৱাহিদাই পূজাৰ লগ লাগি গৃহস্থনী বাইদেউৰ তাঁতশালত গামোচা ববলৈ শিকিলে। বিনিময়ত সিহঁতে মৰমীয়াল বাইদেউ গৰাকীক নতুন ৰিচেপি কেইটামান শিকাই দিলে। …এই আপোন হৈ পৰা গাঁৱখন সিহঁতে দুই-এদিনতে এৰিব। তাৰ পাছত কলেজলৈ গৈ যোৱা ছমাহত আহৰণ কৰা অভিজ্ঞতাৰ এক প্রতিবেদন দিব লাগিব। সেই প্রতিবেদনৰ আংশিক ৰূপ এটা আজি তেওঁলোকে কৃষকসকলৰ আগত দাঙি ধৰিব। সেয়ে পুৱাৰে পৰা দলটো ব্যস্ত। দিনৰ দুই বজাত সমবেত হ’বলগীয়া ৰাইজৰ আগত দলটোৰ হৈ ৰূপম আৰু দীপিকাই পাৱাৰ পইণ্ট প্রেজেনটেশ্যন দিব। প্রয়োজনত আন কেইজনে সহায় কৰিব। হাইস্কুলৰ প্রধান শিক্ষকজনৰ উপৰিও আন দুজনমানক বিশেষভাবে নিমন্ত্রণ কৰা হৈছে। তাৰ ভিতৰত স্থানীয় সংবাদদাতাজনো এজন।… নির্দ্ধাৰণ কৰা কার্যসূচীৰ বিভিন্ন দিশবোৰ শেষবাৰলৈ জুকিয়াই আশ্বস্ত হৈ তেওঁলোক যেতিয়া দুপৰীয়াৰ ভাত সাজ খাবলৈ গ’ল তেতিয়া এক বাজিবলৈ দহ মিনিট বাকী।
+ + +
অৱশেষত তৰুক লগত লৈ জেউতী মিটিং পালেহি। যোৰহাটৰ কলেজৰ ল’ৰা-ছোৱালীহঁতে যুৱক সংঘৰ হলঘৰটোত মিটিং পাতিছে। আজি হেনো লাষ্ট মিটিং। সেয়ে মানুহো বেছি হ’ব। কথাটো শুনিবৰে পৰা তৰুৱে মাকক লাগি আছে। কলেজৰ বাইদেউ কেইগৰাকীক তাই দূৰৈৰ পৰাহে দেখিছে। আজি ওচৰৰ পৰা চাব। আকৌ বা কেতিয়া দেখিব! হওঁতে ‘কৃষি তথ্য কেন্দ্র’ বুলি নাম দি লোৱা ঘৰটোত যোৱা ছমাহত বহু কেইখন মিটিং হৈছে। জেউতীয়ে গাঁৱৰ মতা মানুহবোৰক যোৱা দেখিছে। খেতি-বাতিৰ কথা আলোচনা কৰে। সিহঁতৰহে যোৱা হোৱা নাই। বাগানৰ কামত লাগি থাকে কাৰণে ঘৰৰ মানুহজনৰ সময় নহয়। তৰুৱে বৰকৈ লাগি থকাত আজি মাক-জীয়েক আহিছে। সিহঁতৰ অলপ দেৰিয়ে হ’ল; সভাপতিক গামোচা পিন্ধোৱা হ’লেই। এতিয়া কোঠাটোৰ বেৰত চিনেমা দেখুৱা মেচিনেৰে মেপ এখন দেখুৱাই ওখ, ক্ষীণ ল’ৰা এজনে কিবা কৈ আছে। কিনো কৈছে শুনিবলৈ দুয়োজনী শেষৰ ফালৰ বেন্স এখনত বহি ল’লে।
‘…এতিয়া আপোনালোকৰ গাঁৱৰ এই মেপখন চাওঁক। এইখন হৈছে খাৰজান। আপোনালোকৰ গাঁৱখনৰ উত্তৰ দিশৰপৰা বৈ আহি নামঘৰৰ কাষতে পূবমোৱা হৈ অলপ আগবাঢ়ি বৰআলিটো পাৰ হৈ সিখন গাঁৱত সোমাইছে। জানটোৰ দুয়ো পাৰে পথাৰ। শালিৰ বতৰত ইয়াতে ধানখেতি কৰে। ইতিমধ্যে সকলোৰে ধান চপাই হ’ল। কিন্তু আমি জানিব পাৰিছো এই পথাৰখন এতিয়া এনেয়ে পৰি থাকিব। জানটোত এতিয়াও পানী আছে। উদং পথাৰখনত জানটোৰ পানীৰে নিশ্চয় আন এটা খেতি কৰিব পৰা যায়। সেয়ে আমাৰ প্রতিবেদনখনত জানটোৰ পানীখিনি সদব্যৱহাৰ কৰি কেনেকৈ আন এটা খেতি কৰিব পাৰি তাৰ এটা আভাস দিছো এই বছৰ যুৱক সংঘৰ সদস্যসকলে পৰীক্ষামূলকভাৱে সৰিয়হ খেতি কৰিলৈ ইচ্ছা কৰিছিল। কিন্তু তাৰ বাবে কিছু পলম হ’ল। ধানৰ পাছত একেখন পথাৰতে সৰিয়হ খেতি কৰিবলৈ আগতীয়াকৈ চিন্তা-চর্চ্চা কৰি ল’ব লাগিব। অহা বছৰলৈ সেই কাম কৰিব পৰা হ’ব। সেয়ে এইবাৰ আহুৰ বতৰত এই পথাৰখনত ধান খেতি কৰিব পাৰে…’।
ল’ৰাজনে হাতত থকা স্কেলপাতেৰে মেপখনত গাঁৱৰ স্কুল, নামঘৰ, শণিবৰীয়া হাট, কাঠনি-জাৰণি, ঘৰ-দুৱাৰ আদি থকা ঠাইবোৰৰ লগতে বাট-পথবোৰো দেখুৱাইছে। এই গোটেইবোৰ দেখুৱাই গাঁৱখনৰ মানুহখিনিয়ে কি কি খেতি কেনেকৈ কৰিলে লাভবান হোৱাৰ আশা আছে কৈ গৈছে। মাজতে দুজনমানে কিবা কিবি প্রশ্নও সুধিছে। জেউতীয়ে কথাবোৰ বৰ ভালদৰে বুজিব পৰা নাই যদিও গাঁৱৰ মানুহখিনিয়ে খেতি কৰি দুপইছা পাবলৈ হ’লে খেতিৰ লগতে বেপাৰ কৰিবলৈকো শিকিব লাগিব বুলি কোৱা কথাষাৰ বৰ ভাল পালে। ঘৰৰ মানুহজনে চাহপাতৰ বেপাৰ কৰি কেনেকৈ ধনী হ’ব পৰা যাব সেই কথা তাইক কেইবাবাৰো কৈছে। তাতে পতিয়ন গৈ তাই কুঁহিয়াৰনিখনত চাহপুলি লগাবলৈ যোৱা কামটোত বাধা দিয়া নাছিল। কিন্তু পাতৰ দাম মাজে মাজে কমি গ’লে যে ৰাইজখনৰ বৰ লোকচান হয় সেই কথাটো কবলৈ তাইৰ বৰ মন গৈ আছে যদিও কিবা লাজ লাজ ভাব এটা আহি থকাৰ কাৰণে সুধিব পৰা নাই। এনেতে ল’ৰাজনে সকলোকে ধন্যবাদ জনাই লগৰে এজনক পাছৰচোৱা কবলৈ অনুৰুধ কৰিলে।
পিন্ধি থকা কাপোৰসাজ অলপ ঠিক-ঠাক কৰি সকলোকে নমস্কাৰ জনাই ছোৱালী এজনী থিয় হ’ল। মাকৰ লগতে তৰুৱেও ডিঙি মেলি চালে। সৰু ৰুমালখনৰে মূখখন মচি মচি হাতত স্কেলপাত তুলি লোৱা ছোৱালীজনীক দেখি তৰুৰ স্কুলৰ বাইদেউগৰাকীলৈ মনত পৰি গ’ল। কিবা এটা কবলৈ লোৱা তৰুক মনে মনে থাকিবলৈ ইংগিত দি জেউতীয়ে ছোৱালীজনীয়েনো কি কয় শুনিবলৈ বাট চাই ৰ’ল।
‘ইতিমধ্যে আপোনালোকে আমি যুগুতাই উলিওৱা প্রতিবেদনখনৰ বিষয়ে কিছু কথা জানি পাৰিলে। আমাৰ এই প্রতিবেদনখনত প্রধানকৈ দুটা দিশ সামৰিবলৈ যত্ন কৰিছোঁ। প্রথমটো দিশটো হ’ল এই অঞ্চলটোত ভৱিষ্যতে গ্রহণ কৰিব পৰা কৃষি পদ্ধতি, যিটোৰ বিষয়ে কিছু কথা আপোনালোকক আমাৰ লগৰ এজনে ক’লে। এতিয়া আনটো দিশৰ বিষয়ে কবলৈ লৈছোঁ। এই দিশটোত আমি এই অঞ্চলত প্রচলিত হৈ থকা এনে কিছুমান কৃষি কর্মৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ যিবোৰৰ বাবে আহিবলগীয়া দিনবোৰত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে’।
প্রায় একে উশাহতে কথাখিনি কৈ ছোৱালীজনী অলপ ৰ’ল। গাঁৱখনৰ ৰাইজৰ সমস্যা এতিয়া এটাই আৰু সেইটো হৈছে পাতৰ দাম। এই কথাটোকে জেউতীয়ে অলপ আগেয়ে সুধিম সুধিম বুলি থাকোঁতেই সুধিব নোৱাৰিলে। এতিয়া ছোৱালীজনীয়ে নিজেই কথাটো উলিওৱা দেখি ভালেই পালে। কিনো কয় ভালদৰে শুনো বুলি জেউতী আগফালৰ খালি ঠাইকণলৈ উঠি গ’ল। ভাবিলে মানুহজন অহা হ’লে বেছি ভালকৈ বুজিব পাৰিলেহেঁতেন। কিনো হ’ল এই মানুহজনৰ! খালি বাগান বাগান কৰি থাকিলেই হ’ব জানো? যোৱা ছমাহ ঘৰৰ কাষতে ল’ৰা-ছোৱালীহঁতে কিমানবোৰ ভাল ভাল কথা ক’লে চাগৈ। ছেঃ সিহঁতৰহে এইবোৰলৈ অহা নহ’ল।
কোঠাটোৰ বেৰখনত এইবাৰ মেপখনৰ সলনি ফ’ট এখন দেখা গ’ল। ভালকৈ চাই বুজিব পৰা গ’ল সেইখন গাঁৱৰ কাঠনিখনৰ কাষৰ মাটিখিনিৰ ফ’ট। সদায় দেখি থকা ঠাই ডোখৰ ফ’টত চিনিব নোৱৰা হৈ পৰিছে। তাৰ পাছত এখনৰ পাছত এখন ফ’ট চিনেমাৰ দৰে ওলাই আছে। প্রতিখন ফ’ট জেউতীহঁতৰ চিনাকি। এইখন ভোলা ককাইদেউহঁতৰ পাছফালৰ বাৰীখন। ডাঙৰ পুখুৰীটোৰে সৈতে এইখন লাচিতহঁতৰ বাৰী। এইটো থোলোকৰ ঘৰ। আধা পকী ঘৰটোৰ আগুৰি থকা চাহ গছবোৰৰ মাজত এখন চাং। তাতে কেইবাটাও কোমোৰা ওলমি আছে। কটা গছ কিছুমান পৰি থকা ফ’টখন দেখি বুজিব পাৰি ইয়াত নতুনকৈ চাহ বাগিচা পাতিব। চিনাকি দৃশ্যবোৰ দেখি সভাত থকা সকলোৱে বৰ আমোদ পাইছে। পথাৰত হাল বোৱা, আলি দিয়া, কঠীয়া তোলা-ৰোৱা, স্প্রে মেচিনেৰে দৰব ছটিওৱা, চাহপাত ছিঙা, পদূলিৰ মূখত থোৱা চাহপাত ভর্তি ডাঙৰ ডাঙৰ মোনা আদি অনেকবোৰ দৃশ্য এখন এখনকৈ পাৰ হৈ গৈ আছে। ফ’টবোৰ দেখুৱাই থকা মাজতে ছোৱালীজনীয়ে হঠাৎ কবলৈ ধৰিলে।

‘এই সকলোবোৰ ছবি আপোনালোকৰ চিনাকি। কিন্তু আমি জানিব পাৰিছো যে আজিৰপৰা পোন্ধৰ-বিশ বছৰমানৰ আগেয়ে এই অঞ্চলটোৰ দৃশ্য এনে নাছিল। প্রত্যেকৰে বাৰীত অনেক ফল-মুলৰ গছ আছিল। লাউ-জিকা-ভোল বিচাৰি হাটলৈ যাব নালাগিছিল; নিজৰ বাৰীতে পাইছিল। বাৰীৰ ঢাপত বাঁহ আছিল। ওখ চাপৰি মাটিত কুঁহিয়াৰ খেতি আছিল। সৰিয়হ খেতিৰ বাবে সৰিয়হ তলি আছিল। এতিয়া এইবোৰ ইয়াত প্রায় দেখিবলৈ নোহোৱা হৈ পৰিছে’।…
এৰা, সিহঁতৰ বাৰীখনতে কমবোৰ গছ আছিল নে? আম, কঠাল, বগৰী, ৰবাব টেঙা —ক’ত যে ফলৰ গছ নাছিল! পদূলীৰ মূখত দুজোপা নাৰিকল আছিল। তামোল গছ কেইজোপা অৱশ্যে এতিয়াও আছে। তামোলহে আগতকৈ কম লগা হৈছে। শাক-পাচলি যি লাগে সেই বাৰীখনতে পাইছিল। বিয়াহৈ অহাৰ পাছত শাহু আয়ে বাৰীখনত বন দৰবৰ গছবোৰ চিনাকি কৰি দিয়া আজিও মনত আছে। সৌসিদিনাৰ যেন লগা কথাবোৰ মনলৈ অহাত জেউতী মনটো কিবা বেয়া লাগি গ’ল।…
‘সময়ৰ লগে লগে এই সকলোবোৰ সলনি হৈ পৰিছে। পুৰণিৰ ঠাই নতুনে লৈছে। গাঁৱখনত মানুহৰ সংখ্যা বাঢ়িল, পৰিয়ালবোৰ ডাঙৰ হ’ল, খেতিৰ মাটি কমিল। উৎপাদন বঢ়াবলৈ কৃষি পদ্ধতি সলনি কৰিবলগীয়া হ’ল। খেতি পথাৰত সাৰ প্রয়োগ কৰিব শিকিলে, পোক-পৰুৱা, বেমাৰ-আজাৰ দেখিলে দৰব ছটিয়াবলৈ ল’লে। নহয় জানো ?’
‘হয়, হয়। এতিয়া সাৰ-দৰব নিদিয়াকৈ খেতি কৰিলে ফচলে নাপাওঁ।’ ছোৱালীজনীৰ কথাৰ মাজতে কোনোবা এজনে কৈ উঠিল।
‘ঠিক কথাই কৈছে। সেয়ে এই সৰু গাঁৱখনতে আমি পাঁচখন সাৰ আৰু দৰব বেচা দোকান দেখিছোঁ। এদিন এখন দোকানত সোমায় দেখিলো তাত এনে কিছুমান দৰব ৰাখিছে যিবোৰৰ ব্যৱহাৰৰ দিন বহু আগতেই শেষ হ’ল। আন কিছুমান দৰব আকৌ অতি বিষাক্ত; সকলো শস্যতে ছটিয়াব নোৱাৰি। ইয়াৰ উপৰিও আপোনালোকৰ বহুতকে সুধি জানিব পাৰিছো যে বেছি ভাগেই দৰবৰ মিশ্রণটো সঠিকভাবে তৈয়াৰ কৰিব নাজানে। বিষজাতীয় এইবোৰ বস্তু পথাৰত যধেমধে দিয়াৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হয়। আজিকালি কাকতে-পত্রই এই বিষয়ে বৰকৈ লিখা দেখা যায়। পঢ়িছে নিশ্চয়’।
বেচি সাৰ দিলে মাটি বেয়া হয়। এই কথাটো শহুৰ দেউতাই তাহানি বৰকৈ কৈছিল। সেয়ে তেখেতে পথাৰত সাৰ দিলেও গোবৰ-জাবৰ বেছিকৈ দিছিল। পোক মাৰিবলৈ দৰব দিয়া দেখা নাছিল। এতিয়া ল’ৰাই খেতি কৰিবলৈ লোৱাৰ পাছতহে দৰব ছটিয়াবলৈ মেচিন কিনিলে। বিধে বিধে দৰব কিনি ভঁৰালৰ তলত বাকচ এটাত থৈ দিছে। সুধিলে কয়—চাহখেতিত হেনো দৰব দিব লাগিবই। নহলে সব মিছা।
‘সকলো মাটিতে একে পৰিমাণৰ সাৰ দিব নালাগে। কোন বিধ সাৰ কিমান পৰিমাণত দিব লাগিব সেই বিষয়ে জানিবলৈ হ’লে সময়ে সময়ে মাটিডোখৰ পৰীক্ষা কৰি থাকিব লাগে। আনহাতে এই ৰাসায়নিক সাৰবোৰ দিলেও জৈৱিক সাৰ যেনে গোবৰ-জাবৰ, পচন সাৰ আদি দিবই লাগিব ।তেতিয়াহে সাৰ দিয়াৰ ভাল ফল পোৱা যাব।…’
তাৰমানে শহুৰ দেউতাই কথাটো জানিছিল। তেখেতকটো কোনো দিনে এনেকুৱা সভালৈ অহা বুলি জনা নাছিলো। এবাৰ কলবাৰীখনত পাতোতে বচন কিছুমান মাতি বাৰীৰ কামত সহায় কৰাজনক খেতিৰ দিহা দিয়া দেখিছিল। তামোল কেইজোপাও তেখেতে দিয়া জোখতহে লগোৱা হৈছিল। এনেবোৰ কথাকে ভাবি থাকোঁতে ছোৱলীজনীয়ে কিনো কৈ গ’ল জেউতীয়ে ধৰিবই নোৱাৰিলে। ‘ধেৎ’ বুলি নিজকে কৈ জেউতীয়ে যেতিয়া চিনেমা দেখুওৱা বেৰখনলৈ চালে তেতিয়া তাত মাইকী মানুহ এজনীৰ ফ’ট এখন দেখিলে। চুটিকৈ কটা চুলিখিনি দেখি বুজিব পাৰি কোনোবা মেম। এইজনীৰ ফ’ট আকৌ কেলৈ?
‘মোৰ পাছৰ কথাখিনি কোৱাৰ আগেয়ে এই মহিলাগৰকীৰ বিষয়ে চমুকৈ কৈ লৈছোঁ। আমাৰিকাৰ এই মহিলাগৰাকীৰ ঘৰখনো এখন গাঁৱত আছিল। আমাৰ গাঁৱবোৰৰ দৰে তাৰ গাঁৱবোৰো নানানবিধ গছ-গছনি, চৰাই-চিৰিকটিৰে ভৰা। আমাৰ ইয়াত বসন্ত ঋতুত যিদৰে চিনাকি-অচিনাকি বহুতো চৰায়ে গীত গাই থাকে ,তাতো গায়। কিন্তু তেখেতে মন কৰিলে যে চৰাইৰ ধুনীয়া গীতবোৰ লাহে লাহে শুনিবলৈ নোপোৱা হৈ আহিছে। মহিলাগৰাকী আকৌ বিজ্ঞানী আছিল। সেয়ে তেখেতে চৰাইৰ মাত কিয় কমি আহিবলৈ লৈছে তাৰ কাৰণটো বিচাৰিবলৈ ধৰিলে। তেখেতৰ অনুসন্ধানত গম পোৱা গ’ল যে খেতি পথাৰত ডি ডি টি নামৰ পোক মৰা দৰব এটা খুউব বেছিকৈ ছটিওৱাৰ বাবে গাঁৱখনকে ধৰি বিৰাট অঞ্চল এটাত চৰাই নোহোৱা হৈ গৈছে। পাছত এই দৰববোৰৰ কাৰণে কি কি বিপদ হ’ব পাৰে সেই বিষয়ে গৱেষণা কৰি যি পালে তাকে কিতাপ হিচাপে লিখি দিলে। সেই কিতাপখন আমেৰিকাৰ ৰাষ্ট্রপতিয়েও পঢ়িলে। কথাবোৰৰ সঁচা-মিছা প্রমাণ কৰিবলৈ ৰাষ্ট্রপতিয়ে আদেশ দিলে আৰু যেতিয়া কথাবোৰ সঁচা বুলি প্রমাণ হৈ গ’ল আমেৰিকাত ডি ডি টি নামৰ দৰবটোৰ ব্যৱহাৰ বন্ধ কৰি দিলে। ইয়াৰ পাছত আৰু বহুত দৰবৰ ব্যৱহাৰ কৰা বন্ধ হ’ল’।
‘আমিও ইয়াত দৰবপাতি ছটিয়াও। তাৰবাবে বিপদ হ’ব নেকি? নিশ্চয় এই প্রশ্নটো মনলৈ আহিছে, নহয় জানো?’ প্রশ্নটো নিজেই কৰি ছোৱালীজনীয়ে নিজেই উত্তৰ দি গ’ল।
‘বিপদ আমাৰ ইয়াতো আৰম্ভ হৈ গৈছে। কিন্তু কথাটো আমি মন কৰা নাই বা দেখিও বুজিবলৈ চেষ্টা কৰা নাই। যোৱা বাৰিষাটো আমি ইয়াত কটালো। বাৰিষা অসমৰ গাঁৱত মাছ-পুঠিৰ অভাৱ নাথাকে বুলিয়ে আমি জানো। কিন্তু যোৱাটো বাৰিষাত আমি ইয়াৰ পথাৰবোৰত মাছ প্রায় নেদেখিলোঁ। বহুত দিনৰ পৰাই হেনো পথাৰবোৰত মাছ কমিবলৈ লৈছে। ইতিমধ্যে ভাৰতৰ বহুতো ঠাইত এই সমস্যাই দেখা দিছে আৰু পৰীক্ষা কৰি প্রায় নিশ্চিত হ’ব পৰা গৈছে যে খেতি পথাৰত ব্যৱহাৰ কৰা বহু কেইটা দৰবৰ বাবে এনে হৈছে’।
হওতে কথাটো জেউতীয়েও মন কৰিছে। আগৰ দিনত দেখাৰ দৰে আজিকালি মাছ নোপোৱা হ’ল। বহু কেইবিধ মাছ দেখিবলৈকে নাই। এৰী পুহিলে পলুবোৰ মৰি মৰি যায়। বহুত দিনৰ পৰা এবাঁহো তুলিব পৰা নাই। এবাৰ এজনে বাগিচাত মৰা কিবা দৰবৰ কাৰণে পলুবোৰ মৰে বুলি কৈছিল। এইবোৰকে ভাবি থাকোঁতে হঠাৎ জেউতীৰ মনলৈ আহিল— যোৱাটো ব’হাগত কুলিৰ মাত সঁচাকৈয়ে যেন কমকৈ শুনিলে! পথাৰত মাছ-পুঠি কমিছে, এৰীপলু এবাঁহ তুলিবলৈকো চিন্তা কৰিবলগীয়া হৈছে। গাঁৱখনত ঘুৰি ফুৰোঁতে কিবা দৰব দৰব গোন্ধ এটা নাকত লাগি থকা হৈছে।… ছোৱালীজনীয়ে আৰু কিছুমান ফ’ট দেখুৱাই কথা কৈ গৈছিল। জেউতীৰ সেইবোৰ ভালকৈ শুনা নহ’ল। নিজৰ ভাৱত থাকোঁতে সভা শেষেই হ’ল।
‘অ, মা, মা। বাইদেউগৰাকীয়ে যে ক’লে আমেৰিকাত দৰব ছটিওৱাৰ কাৰণে চৰাই মৰে, আমাৰ ইয়াতো মৰিব নেকি’?
ঘৰলৈ উভতাৰ পথত তৰুৰ প্রশ্নটো শুনি জেউতীয়ে কি উত্তৰ দিব ভাবি থাকোঁতেই তৰুৱে আকৌ সুধিলে—
‘দেউতাহঁতে যে বাগানত দৰদ ছটিয়াই তাৰ কথা কৈছিল নেকি’? অলপ ৰৈ তৰুৱে মাকক আকৌ সুধিলে—
‘তেতিয়া হ’লে অহা ব’হাগত কুলি চৰাইৰ মাত নুশুনিম নেকি মা’?
তৰুৱে সোধা কোনো এটা প্রশ্নৰে উত্তৰ জেউতীৰ হাতত নাই। ঘুৰিটো ব’হাগত তৰুৱে কুলি চৰাইৰ মাত শুনিবলৈ পাব নে নাপায় সেয়া জেউতীয়ে নাজানে। তৰুক কুলি চৰাইৰ মাতটোৰ লগত পৰিচয় কৰাই দিব পাৰিব নে নোৱাৰে সেইয়াও জেউতীয়ে নাজানে। জেউতীৰ ভয় লাগিল — ছোৱালীজনীয়ে কোৱাৰ দৰে আমাৰ ইয়াতো যদি তেনে কিবা ঘটিবলৈ লয় তেতিয়া বাৰু তৰু কুলি চৰাইৰ মাত নুশুনাকৈয়ে থাকি যাব নেকি?…


-------------------------------------------------------------------------------------
ম’বাইল: ৯৪৩৫১-৩৫৬৩১