সেউজী ধৰণী
অতিথি চ'ৰা
জলসম্পদ আৰু শস্য উৎপাদনত ইয়াৰ সঠিক ব্যৱহাৰ
ডঃ প্রদীপ কুমাৰ বৰকাকতি
জীৱ জগতৰ বাবে অক্সিজেন বা অম্লজানৰ পাছত জল অর্থাৎ পানীয়েই জীৱন ধাৰণৰ অপৰিহার্য উপাদান।এইবিধ উপাদান পৃথিৱীত অপর্যাপ্ত পৰিমাণে আছে যদিও ইয়াৰ ৯৭%লুণীয়া কিম্বা লৱণযুক্ত হৈ সাগৰ,মহাসাগৰত আছে; অৱশিষ্ট ভাগ লৱণমুক্ত। অৱশ্যে এই লৱণমুক্ত পানীৰ ২.২৫ বৰফৰ ৰূপত দুই মেৰুত আৱদ্ধ আৰু ০.৭২% ভূ-গর্ভৰ জল। গতিকে দেখা গল পৃথিৱীৰ মুঠ পানীৰ পৰিমাণৰ কেৱল ০.০৩% নদ-নদী, জলাশয় আদিত সহজে আহৰণ কৰিব পৰা অৱস্থাত আছে। সেয়ে জল আমাৰ আপুৰুগীয়া সম্পদ।
ভাৰতবর্ষৰ মুঠ জল সম্পদৰ পৰিমাণ প্রায় ৪০০ নিযুত হেক্টৰ মিটাৰ। ইয়াৰ ১১৫ নিযুত হেক্টৰ মিটাৰ আহৰণ কৰিব পৰাকৈ আছে যদিও কেৱল ৭০ নিযুত হেক্টৰ মিটাৰহে মাটিৰ উপৰিভাগত আছে। আনহাতে গড় হিচাপে ভূ-গর্ভত থকা জলৰাশিৰ প্রায় ৩০%বিভিন্ন কার্যৰ বাবে আহৰণ কৰি থকা হৈছে। কৃষি প্রধান ৰাজ্য পঞ্জাৱ,হাৰিয়ানাত আদিত এই আহৰণৰ পৰিমাণ প্রায় ৯০শতাংশ। ইতিমধ্যে অত্যাধিক জলসিঞ্চনৰ বাবে পৃথিৱীৰ বিভিন্ন প্রান্তত দেখা দিয়া সমস্যাৰ বিষয়ে বিজ্ঞানীসকল সর্তক হৈ পৰিছে। এটা সমীক্ষাই দেখুৱাইছে যে এই আপুৰুগীয়া সম্পদটিৰ সদ ব্যৱহাৰ নহ’লে ২০২৫ চন মানত পৃথিৱীৰ এক তৃতীয়াংশ লোক গভীৰ জল সংকটত পৰিব। সেয়ে এইবিধ সম্পদৰ সদ ব্যৱহাৰ হোৱাতো অতীব প্রয়োজন।
জলসিঞ্চন কি আৰু কিয় ?
শস্যকালৰ আৱশ্যক অনুযায়ী কৃষিত অর্থনৈতিক ভাৱে লাভবান হ’বলৈ কৃত্রিমভাৱে শস্যত পানীৰ যোগান ধৰাকে জলসিঞ্চন বুলি কোৱা হয়। শস্যৰ কৃষিকালৰ কেইটামান বিশেষ সময়ত পানী অপৰিহার্য। আনহাতে বৰষুণৰ ওপৰত নির্ভৰশীল খেতিত এই সময়চোৱাত শস্যডৰাই প্রয়োজনীয় পানীৰ অভাৱত পৰিব পাৰে। এনে হ'লে শস্যডৰাত জলসিঞ্চনৰ দ্বাৰা পানী যোগান ধৰিবলগীয়া হয়। এইদৰে পানীৰ যোগান ধৰোতে প্রায়ে অত্যাধিক পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয়,যাৰ বাবে শস্যৰ ক্ষতি সাধন হোৱাৰ লগতে পানীৰ অপচয় হয়। সেয়ে বিজ্ঞানীসকলে জলসিঞ্চনৰ কেতবোৰ আধুনিক প্রযুক্তি কৌশল উদ্ভাৱন কৰিছে যিবোৰৰ যথাযথ ব্যৱহাৰৰ দ্বাৰা জল সম্পদৰ অপব্যয় ৰোধ কৰিব পৰাৰ লগতে শস্যডৰাকো উচিত পৰিমাণৰ পানী যোগান ধৰিব পৰা যাব।
জলসিঞ্চনৰ আধুনিক প্রযুক্তি কৌশল
বালিচহীয়া মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা কম; প্রয়োগ কৰা পানীৰ বেছি ভাগ দ্রুতভাৱে তললৈ গতি কৰে। এনে মাটিত ‘সূক্ষ্ম জলসিঞ্চন’ ( micro-irrigation ) ব্যৱস্থাৰে পানী যোগান ধৰিলে লাভবান হ’ব পাৰি। প্রাৰম্ভিক পর্যায়ত কিছু ব্যয় বহুল এই পদ্ধতিবোৰ জনপ্রিয় কৰিবলৈ চৰকাৰৰ ফালৰ পৰা ৰাজসাহার্য দিয়াৰ ব্যৱস্থা কৰাৰ বাবে ‘ড্রিপ’আৰু ‘স্প্রিংকলাৰ’নামৰ এনে দুবিধ পদ্ধতি ক্রমে জনপ্রিয় হৈ উঠিছে। এই দুয়োবিধ পদ্ধতিত যথেষ্ট কম পৰিমাণৰ পানীৰেই জলসিঞ্চন কৰিব পৰা যায়। সেয়ে পানীৰ নাটনিৰ সময়তো শস্যত পানী যোগান অব্যাহত ৰাখিব পাৰি।
‘ড্রিপ’ পদ্ধতি
শস্যডৰাৰ পৰা দৈনিক বহু পৰিমাণৰ পানী বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ ওলাই যায়। এনে হোৱাৰ বাবে শীতকালত পানীৰ অভাৱত প্রায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। এনেদৰে ওলাই যোৱা পানীভাগ ‘ড্রিপ’পদ্ধতিৰে সহজে পূৰণ কৰি থাকিব পাৰি। ইয়াৰ বাবে এক নির্দিষ্ট উচ্চতাত জলধাৰ (Reservoir) স্থাপন কৰি লব লাগে(চিত্র-১) । জলধাৰৰ পানী বিভিন্ন ব্যাসৰ PVCপাইপেৰে গছৰ গুৰিলৈ বোৱাই নিয়া হয়। গছৰ গুৰিত স্থাপন কৰা ‘ড্রিপাৰ ’নামৰ সঁজুলিৰ বাবে বৈ যোৱা পানী সৰু সৰু টোপাল হিচাপে বাহিৰ হৈ গছজোপাক পানীৰ যোগান ধৰিব(চিত্র-২)। জলধাৰটো এনেদৰে স্থাপন কৰা হয় যে ইয়াৰ পৰা বৈ যোৱা পানীৰ চাপ পাইপৰ প্রতি বর্গ চে:মি:ত ২.৫ কি:গ্রা:হয়। পাইপত সংযোগ থকা চাবিৰ দ্বাৰা বৈ যোৱা পানীৰ সোঁত নিয়ন্ত্রণ কৰিব পৰা যায়। এনে ব্যৱস্থাৰ বাবে নিয়ন্ত্রিত ভাৱে জলসিঞ্চন কৰিব পৰাৰ উপৰিও প্রয়োজন সাপেক্ষে পানীৰ যোগান বন্ধ ৰাখিব পাৰি,যাৰ বাবে পানীৰ অপচয় ৰোধ হোৱাৰ লগতে গছজোপাই অত্যাধিক পানীৰ বাবে হ’ব পৰা অপকাৰৰ পৰা ৰক্ষা পৰে।
এই পদ্ধতি বাগিছা শস্য যেনে: নাৰিকল, সুমথিৰা, আম, আপেল, কল আদিৰ উপৰিও বিলাহী,কবি,কেপচিকাম আদিত ব্যৱহাৰ কৰি অধিক লাভবান হ’ব পাৰি। ‘ড্রিপ’পদ্ধতিৰ আন এক সুবিধা হ’ল যে শস্যৰ প্রয়োজন হোৱা নাইট্র’জেন আৰু পটাছ সাৰখিনি জলাধাৰৰ পানীত মিহলাই প্রযোগ কৰিব পাৰি। এই সুবিধাৰ বাবেও খৰছ কমে। পাছৰ বছৰবোৰত যিহেতু জলাধাৰ,পাইপ আদিৰ খৰছ নাথাকে সেয়ে পৰৱর্তী বছৰবোৰত জলসিঞ্চনৰ বাবে খৰছ বহুত কম হয়।
চিত্র-১ |
চিত্র-২ |
স্পিকংলাৰ পদ্ধতি
এই পদ্ধতিত শস্যডৰাৰ ওপৰত ঘূর্ণীমানৰূপে পানী সিঁচি দিয়া হয়। ‘ড্রিপ’পদ্ধতিৰ দৰে এই পদ্ধতিতো পাইপৰ দ্বাৰা পানী পথাৰ বা বাগিছালৈ আনি একোটা ঠিয় পাইপৰ লগত সংযোগ কৰা হয়। এই ঠিয় পাইপডালৰ উচ্চতা এজোপা গছৰ উচ্চতালৈকে হ’ব লাগে (চিত্র-৩,৪)। পাইপডালৰ মূৰত থকা সঁজুলিবিধৰ বাবে বৈ অহা পানীখিনি ঘূর্ণীমানৰূপে শস্যডৰাত পৰে। বালিচহীয়া নাইবা মধ্যমীয়া ওখ মাটিৰ বাবে এই পদ্ধতি অতি উপযোগী। ধানৰ বাহিৰে প্রায় সকলোবোৰ শস্য যেনে ফুল,ফল-মূল, পাচলি, বাগান শস্য আদিত এই পদ্ধতিৰে পানী যোগান ধৰি লাভবান হ’ব পৰা যায়। তদুপৰি পাহাৰীয়া অঞ্চল য’ত ওখ-চাপৰ মাটিয়েদি পানী বোৱাই নিব নোৱাৰি তেনে মাটিত এই পদ্ধতি বিশেষভাৱে উপযোগী। ‘ড্রিপ’ পদ্ধতিৰ দৰে এই পদ্ধতিতো শস্যৰ প্রয়োজনীয় সাৰ পানীৰ লগত মিহলাই দিব পাৰি।
চিত্র-৩ |
চিত্র-৪ |
উপৰুক্ত পদ্ধতিৰে জলসিঞ্চন কৰিবলৈ অসুবিধা হোৱা অঞ্চলত পাম্পৰ মাধ্যমেৰে বিভিন্ন উৎসৰ পৰা পানী উত্তোলন ( lift irrigation) কৰি পাইপেৰে পথাৰত পানী যোগান ধৰা হয়। অৱশ্যে এনে ব্যৱস্থাত যথেষ্ট পৰিমাণে পানীৰ অপচয় হয়। এনে অপচয় ৰোধ কৰিবলৈ বিজ্ঞানীসকলে শস্যৰ প্রয়োজন অনুসৰি এক নিদিষ্ট পৰিমাণৰ পানী যোগান ধৰিবলৈ পৰামর্শ দিয়ে। উদাহৰণ হিচাপে ধানৰ বাবে ৫ চে:মি:,ৰবি শস্য বাবে ৪-৬ চে:মি: ইত্যাদি। শালি খেতিত পানীৰ অভাৱ সাধাৰণতে নহয়। সেয়ে এই সময়ত জলসিঞ্চনৰ বিশেষ আৱশ্যক নাথাকে। আনহাতে ৰোৱাৰ সময়ত ডৰাবোৰ ভালদৰে বোকা কৰি মৈ দি লোৱাৰ বাবে আহু আৰু বৰো খেতিত পথাৰখনে পানী ধৰি ৰাখিব পাৰে। এনেহোৱা বাবে প্রয়োজন হোৱা ৫ চে:মি:পানী যোগান ধৰিবলৈ বিশেষ অসুবিধা নহয়। ডাগ দি লোৱা কাঠি এডালেৰে সহজে ডৰাটোৰ পানীৰ উচ্চতা জুখিব পৰা যায়। কিন্তু আন শস্যৰ ক্ষেত্রত প্রয়োজন হোৱা পানীৰ পৰিমাণ এইদৰে জুখিব নোৱাৰি। সেয়ে পাম্পৰ পৰা নির্গত হোৱা পানীৰ মাত্রা জুখি প্রয়োজন হোৱা পানী যোগান ধৰিবলগীয়া হয়। তাৰবাবে প্রথমে ১৫-২০ লিটাৰৰ পাত্র বা বাল্টি এটা পাম্পৰ মুখত ধৰি পাত্রটো পানীৰে পূর্ণ হ’বলৈ কিমান সময় লাগে তাৰ এটা হিচাপ ল’ব লাগে। তিনি-চাৰিবাৰমান এইদৰে চাই গড় হিচাপ এটা পোৱা যাব। এতিয়া শস্যডৰাৰ মাটিকালিত ৪বা ৬ চে:মি:গভীৰতালৈ পানী যোগান ধৰিবলৈ কিমান পানীৰ আৱশ্যক হ’ব আৰু তাৰবাবে পাম্প কিমান সময় চলাব লাগিব সেয়া হিচাপ কৰি উলিয়াব পৰা যাব। উদাহৰণ হিচাপে ধৰা হ’ল পাম্পৰ পৰা নির্গত হোৱা পানীৰে ৫ চেকেণ্ডত ২০ লিটাৰৰ বাল্টি এটা পূর্ণ হয় অর্থাৎ পাম্পৰ পৰা প্রতি চেকেণ্ডত ৪ লিটাৰ পানী বাহিৰ হয়। এনে এটা পাম্প ৩.৫ ঘন্টা চলালে ৪ চে:মি:জোখৰ পানী এবিঘা মাটিৰ পথাৰত দিব পৰা হ’ব। ঠিক সেইদৰে ৫ চে:মি:পানী দিবলৈ পাম্পটো ৪ ঘন্টা ৪০ মিনিট চলাব লাগিব।
জলসিঞ্চন কৰাৰ আগেয়ে পথাৰখনৰ বিষয়ে ব্যৱহাৰিক জ্ঞান থকাটো অতি প্রয়োজন। উদাহৰণ স্বৰূপে ধান খেতিৰ ক্ষেত্রত দেখা গৈছে যে:
১)আহু আৰু বৰো ধানৰ পথাৰত আৱদ্ধ হৈ থকা পানীভাগ নাইকীয়া হৈ যোৱাৰ পাছত চুলি সদৃশ কিছুমান ফাঁট মাটিত দেখা পোৱা যায়। এনে অৱস্থাত পালেহে প্রকৃততে জলসিঞ্চন কৰাৰ আৱশ্যক হয়। এই অৱস্থাত জলসিঞ্চন কৰিলে কম পানীৰ প্রয়োজন হোৱাৰ লগতে খৰছৰ পৰিমাণ কমিব।
২)কিছুমান শস্যৰ শিপা মাটিৰ ঠিক তলতে বিস্তাৰিত হৈ থাকে। এনে শস্যৰ ক্ষেত্রত এবাৰতে অধিক পানী প্রয়োগ নকৰি কম পৰিমাণৰ পানী ঘনাই দিব লাগে।
৩)আলতীয়া মাটিত কিছু গভীৰলৈ শিপা যোৱা উদ্ভিদৰ ক্ষেত্রত এবাৰতে অধিক পৰিমাণৰ পানীৰ যোগান ধৰি পাছৰ দিনবোৰত জলসিঞ্চনৰ ব্যৱধান কিছু বঢ়াব লাগে।
পথাৰখন লক্ষ্য কৰাৰ দৰে জলসিঞ্চনৰ বাবে দিনভাগৰ উষ্ণতালৈকো মন কৰিব লাগে। সাধাৰণতে দুপৰীয়া প্রখৰ ৰ’দৰ বাবে মাটিৰ উষ্ণতা বেছি হৈ থাকে। এই সময়ত পানী যোগান ধৰিলে বাষ্পীভৱনৰ বাবে পানী বাষ্প হৈ উৰি যাব, যাৰ বাবে পানীৰ অপচয় হ’ব। সেয়ে জহকালি আবেলি নাইবা ৰাতিৰ ভাগত জলসিঞ্চন কৰিব লাগে। আনহাতে শীতকালত ৰ’দ ভালদৰে ওলোৱাৰ পাছত বা দুপৰীয়া জলসিঞ্চন কৰিব লাগে। কাৰণ শীতকালত কম উষ্ণতাত থকা সময়চোৱাত জলসিঞ্চন কৰিলে কেতবোৰ শস্যৰ অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে।
আলতীয়া মাটিত জলসিঞ্চনৰ সমস্যা:
১) সম্পূর্ণ তিতি থকা পথাৰৰ মাটিত বায়ু চলাচলৰ বাবে অসুবিধা হয়।
২)পানী বৰ লাহে লাহে মাটিৰ ভিতৰলৈ গতি কৰে,যাৰ বাবে পানী পথাৰত আৱদ্ধ হৈ থাকে।
৩) মাটিত এক নির্দিষ্ট পৰিমাণৰ আর্দ্রতা থাকিলেহে কৃষি কর্মৰ বাবে সুবিধা হয়।
৪) পানী শুকাই গলে এনে মাটিত ফাঁট মেলে। সেয়ে খুউব কম কমকৈ আৰু অধিক সময়ৰ ব্যৱধানত পানী যোগান ধৰিবলগীয়া হয়।
জলসিঞ্চনৰ দৰে পথাৰৰ পৰা অতিৰিক্ত পানীভাগ নিষ্কাষণ কৰি আঁতৰাই দিয়াটোও আৱশ্যকীয় কথা। অত্যাধিক বৰষুণৰ বাবে গ্রীষ্মকালিন শস্য যেনে:-মাটিমাহ,মগুমাহ, গোমধান আদিৰ বীজ প্রায়ে সময়মতে সিঁচিব পৰা নাযায়। এনে পথাৰত বীজ সিঁচিলেও অংকুৰণত বাধাপ্রাপ্ত হয় অথবা পুলি অৱস্থাতে মৰি যায়। এনে পৰিস্থতিত মাটিত থকা অতিৰিক্ত পানীভাগ নিষ্কাষণ কৰাটো অতি দৰকাৰি দিশ। তাৰবাবে পথাৰত ৬ মিটাৰৰ অন্তৰে অন্তৰে ২৫ চে:মি: আৰু ১৫ চে:মি: দ’সৰু সৰু লোৰ বা নলা খান্দি পথাৰৰ এমুৰে থকা দ’অঞ্চললৈ পানীখিনি বোৱাই নিব লাগে। এনে কৰিলে বৰষুণৰ বতৰত অতিৰিক্ত পানীৰ বাবে হ’ব পৰা অসুবিধাবোৰ আঁতৰ হ’ব।
লেখক প্রাক্তন মুখ্য বিজ্ঞানী,জল ব্যৱস্থাপনা প্রকল্প, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট; ম’বাইল :৯৪৩৫৩৫৭১৫৩; e-mail: pk_bkakoty@rediffmail.com
No comments:
Post a Comment