সেউজী ধৰণী
প্রতিকূল পৰিস্থিতিৰ বাবে ধানৰ
অধিক উৎপাদনক্ষম জাত
ডঃ ছাদিকুল হুছেইন
ধান অসমৰ প্রধান শস্য। ৰাজ্যখনত
প্রায় ২৬ লাখ হেক্টৰ মাটিত ধানৰ খেতি কৰা হয় যদিও ১৭ লাখ হেক্টৰ মাটিত কৰা
শালিখেতিটো অসমৰ প্রধান খেতি। এই খেতিৰ কালচোৱাত হোৱা বৰষুণৰ ওপৰত নির্ভৰ কৰি
কৃষকে কঠীয়াতলী প্রস্তুত কৰি বীজ সিঁচে, পথাৰ প্রস্তুত কৰে আৰু সময়ত কঠীয়া ৰোৱে। সেইবাবে
পানীৰ ওপৰত নির্ভৰশীল এই খেতিটোক পানীখেতি বুলিও কোৱা দেখা যায়। কিন্তু বৰষুণৰ
পৰিমাণ বেছি হ’লে অনুকূল পৰিস্থিতিৰ অভাৱত কৃষিকার্য্যবোৰ সঠিকভাবে কৰিব পৰা নাযায়,
যাৰ বাবে খেতিটো পলম হয়। অতিবৃষ্টিয়ে সৃষ্টি কৰা পথাৰৰ পৰিস্থিতিৰ বোৰ এনে ধৰণৰ---
১) পথাৰবোৰ বহু দিনলৈ পানীত বুৰ গৈ
থাকে।
২) অত্যাধিক বৰষুণৰ বাবে
নৈ-বিলবোৰৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা কমি যায় আৰু অতিৰিক্ত পানীভাগ কাষৰ অঞ্চললৈ
বিয়পি পৰে যিটো অৱস্থাক বানপানী বুলি কোৱা হয়।
৩) ধান ৰুই উঠাৰ পাছত অতিপাত বৰষুণ
হ’লে পথাৰবোৰ প্লাবিত হৈ পৰে, যাৰ বাবে গোছাবোৰ বুৰ যায়।
৪) অধিক বৰষুণৰ বাবে দ’ ঠাইবোৰত
জমা হৈ পৰা পানীৰ বাবে চাপৰ কঠীয়া ৰোৱ পৰা নাযায়।
শালিখেতিৰ সময়ত সততে দেখা দেখিবলৈ
পোৱা এনে পৰিস্থিতিৰ বাবে বহুতো অঞ্চলত অধিক উৎপাদনক্ষম জাতৰ খেতি কৰিব পৰা নাযায়।
কাৰণ ধানৰ অধিক উৎপাদনক্ষম জাতৰ এক বিশেষত্ব হ’ল যে এইবোৰৰ নির্দ্দিষ্ট বয়সৰ কঠীয়া
এক নির্দ্দিষ্ট সময়ত ৰোৱ লাগিব। ইয়াৰ হীন-দেড়ি হ’লে উৎপাদন কম হব। উদাহৰণ হিচাপে
কৃষকৰ অতি প্রিয় ৰঞ্জিৎ ধানৰ ২৮-৩০ দিনীয়া কঠীয়া শাওণৰ প্রথম পষেকত অর্থাৎ জুলাইৰ
৩১ তাৰিখৰ ভিতৰত ৰুই শেষ কৰিব লাগে। কিবা অসুবিধাৰ বাবে ৰোৱা পলম হ’লে উৎপাদন ক্রমে
কমি আহিব আৰু বেছি পলম হ’লে উৎপাদন একেবাৰে নহ’বও পাৰে। এনে অভিজ্ঞতা বহুতো কৃষকৰ
হোৱা দেখা যায়। সুখৰ কথা যে অত্যাধিক পানীয়ে সৃ্ষ্টি কৰা এনে সমস্যাবোৰৰ সমাধান
হিচাপে ইতিমধ্যে কিছু কৃষি কৌশল উদ্ভাৱন কৰা হৈছে যিবোৰ সুচাৰুৰূপে পালন কৰি ক্ষয়-ক্ষতিৰ
পৰিমাণ হ্রাস কৰিব পৰা যায়। এই কৌশলবোৰৰ ভিতৰত প্রধান হৈছে উপযুক্ত জাত নির্বাচন। ইতিমধ্যে বিজ্ঞানীসকলে অত্যাধিক পানীৰ বাবে হ’ব পৰা পৰিস্থিতিত খাপ খোৱা জাত
উদ্ভাৱন কৰি সফলতা লাভ কৰিছে। কিন্তু এই জাতবোৰৰ বিষয়ে কৃষকসকল ভালদৰে জ্ঞাত
নোহোৱাৰ বাবে কঠোৰ পৰিশ্রমৰ বিনিময়তো আশানুৰূপ উৎপাদন নাপায় হতাশ হৈ পৰে। বর্তমান
সময়ত বৰষুণৰ মাত্রাৰ লগতে ইয়াৰ আগমণ- প্রস্থানৰ যি ধাৰা পৰিপ্রক্ষিতত হৈছে তালৈ
লক্ষ্য কৰি কৃষকসকলে এনে জাতবোৰৰ বিষয়ে জানি উঠা আৱশ্যক হৈ পৰিছে। ইতিমধ্যে
কৃষকসকলে নিজৰ অভিজ্ঞতাৰে বহুকেইটা থলুৱা জাত চিনাক্ত কৰি এনে পৰিস্থিতিত ব্যৱহাৰ
কৰি আছে। কিন্তু এই জাতবোৰৰ উৎপাদন কম। সেয়ে অত্যাধিক বৰষুণৰ বাবে সৃষ্টি হোৱা প্রতিকূল
পৰিস্থিতিৰ লগত খাপ খোৱা অধিক উৎপাদনক্ষম কেতবোৰ জাতৰ বিষয়ে কৃষকসকলক অৱগত কৰা
হ’ল।
১) গীতেশ আৰু প্রফুল্ল
দীঘলীয়া কৃষিকালৰ (১৫০-১৫৫ দিন) এই
জাত দুবিধ আন জাতবোৰৰ দৰে আহাৰত সিঁচি এমহীয়া কঠীয়া শাওণৰ প্রথম পষেকত ৰোব পাৰি।
কিন্তু অত্যাধিক পানী নাইবা আন যি কোনো কাৰণৰ বাবে সময়ত ৰোব নোৱাৰিলেও পথাৰ
প্রস্তুত হৈ উঠাৰ ওপৰত নির্ভৰ কৰি জাত দুবিধৰ ৪০, ৫০ কিম্বা ৬০ দিনীয়া বুঢ়া কঠীয়াও
ৰোব পৰা যায়। অর্থাৎ আহাৰত কঠীয়া সিঁচি জাত দুবিধ ভাদৰ প্রথম ভাগলৈকে ৰোৱ পাৰি।
ইয়াৰ বাবে উৎপাদনত বিশেষ তাৰতাম্য নঘটে। অঞ্চল বিশেষে ৭০-৮০ দিনীয়া কঠীয়া ব্যৱহাৰ
কৰিও ভাল উৎপাদন পোৱা দেখা গৈছে। দুয়োবিধৰে চাউল মিহি আৰু সোৱাদযুক্ত। ঘনাই বাঢ়নী
পানীয়ে খেতি নষ্ট কৰা অঞ্চলবোৰত এই জাত দুবিধৰ বুঢ়া কঠীয়া ব্যৱহাৰ কৰাতো অতি উত্তম
ব্যৱস্থা বুলি বিবেচিত হৈছে। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে জাত দুবিধৰ ৩০ দিনীয়া
কঠীয়া ব্যৱহাৰ কৰি প্রতি হেক্টৰত গড় হিচাপে ৩৫ কুইণ্টল ধান পোৱাৰ বিপৰীতে ৬০
দিনীয়া কঠীয়াত ২৫-৩০ কুইণ্টল ধান আশা কৰিব পাৰি।
২) লুইত,
কপিলী আৰু দিচাং
চমু কৃষিকালৰ (৯০-১০০ দিন) এই জাত তিনিটাৰ ১৫-২০ দিনীয়া
কঠীয়া ভাদৰ প্রথম পষেকলৈকে ৰোৱ পৰা যায়। সেয়ে জাতকেইটা পানী শুকুৱাৰ পাছতো কঠীয়া
সিঁচি খেতি কৰিব পাৰি। এই জাতকেইটাৰ আন এক সুবিধা হ’ল যে ইহঁতৰ গজালি মেলা বীজ মূল
পথাৰত সিঁচিও খেতি কৰিব পৰা যায়। অৱশ্যে এই ক্ষেত্রত বীজৰ পৰিমাণ বেছি হ’ব। আহু
হিচাপেও কৰিব পৰা এই জাতকেইটা বাৰিষাৰ আগে আগে চপাব পাৰি বাবে বানপীড়িত অঞ্চলত
পানী আহাৰ আগেয়ে আৰু পানী শুকুৱাৰ পাছত কৰিব পৰা উপযুক্ত জাত হিচাপে গণ্য কৰা হয়।
কেয়োটা জাতৰ উৎপাদন প্রতি হেক্টৰত ১৮-২০ কুইণ্টল।
৩) ধনশিৰি, ডিফলু আৰু চক্রশালি
শালিৰ বতৰত
প্রায়ে পথাৰৰ দ’ ভাগত পানী আৱদ্ধ হৈ পৰা দেখা যায়, যাৰ বাবে চাপৰ কঠীয়া ৰোৱ
নোৱাৰি। এনে পানী জমা হোৱা অঞ্চল বিলাকৰ বাবে ধনশিৰি, ডিফলু আৰু চক্রশালি নামৰ জাত
কেইটা উদ্ভাৱন কৰা হৈছে। এই জাতকেইটাৰ বিশেষত্ব হ’ল এই যে কঠীয়াতলীত ইহঁতৰ বাঢ়ন
যথেষ্ট বেছি। দেখা গৈছে যে জাতকেইবিধৰ ৩০ দিনীয়া কঠীয়াৰ উচ্চতা ৪৫-৫০ চে:মিটাৰ
পর্যন্ত হয়। সেয়ে কঠীয়া প্রায় একাঠু পানীতো ৰোৱ পৰা যায়। উৎপাদন প্রতি হেক্টৰত
২২-২৫ কুইণ্টল।
৪) ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১
অত্যাধিক বৰষুণৰ বাবে প্রায়ে সঁজাল ধৰা পথাৰত পানী সোমাই
গোছাবোৰ বুৰাই দিয়ে। অঞ্চল বিশেষে ১০-১২ দিনলৈ এনে পথাৰবোৰ পানীত বুৰ গৈ থাকে। বুৰ
যোৱা গোছাবোৰ ঠন ধৰিব নোৱাৰি মৰি যায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰঞ্জিত চাব-১
আৰু বাহাদুৰ চাব-১ নামৰ জাত দুটা উদ্ভাৱন কৰা হৈছে। ধানৰ ৰঞ্জিত আৰু বাহাদুৰ নামৰ
জাত দুটা বিভিন্ন কাৰণত কৃষকৰ অতি প্রিয়। বর্তমান অসমত শালিৰ বতৰত এই দুই জাতে ৬০%
অধিক মাটি দখল কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানীসকলে ধান গছত পানীৰ বুৰ সহ্য কৰিব পৰা
এবিধ জিন আবিষ্কাৰ কৰি এইবিধক sub-1 নাম দিয়ে। এতিয়া
এই জিনবিধক ৰঞ্জিৎ আৰু বাহাদুৰ জাতলৈ আনি অসমৰ দুই
জনপ্রিয় জাতক নতুন ৰূপত কৃষকলৈ আগবঢ়াইছে। জাত দুবিধৰ উৎপাদন ৰঞ্জিৎ আৰু বাহাদুৰৰ
দৰেই হোৱা বাবে নৈ কাষৰীয়া অঞ্চলত জনপ্রিয়তা লাভ কৰা দেখা গৈছে।
এই নতুন জাতসমূহ
সকলো অঞ্চলতে সমানে সুলভ হৈ উঠিবলৈ কিছু সময়ৰ আৱশ্যক হ’ব পাৰে। সেয়ে কৃষকসকলে এক বিশেষ কৌশল অৱলম্বন কৰি তেওঁলোকৰ প্রিয় ৰঞ্জিৎ আৰু বাহাদুৰ জাত দুটাৰ বুঢ়া কঠীয়া ব্যৱহাৰ কৰিব পাৰে।
ইয়াৰ বাবে ইতিমধ্যে সাজু হৈ উঠা ৩০ দিনীয়া কঠীয়াখিনি এডৰা মাটি বোকা কৰি ঘনাই (১৫ ইঞ্চি X ১৫ ইঞ্চি) ৰুই থব লাগে। মূল পথাৰ সাজু হোৱালৈ
এইভাগ কঠীয়াৰ যতন লৈ থাকিলে ৬০ দিনীয়া কঠীয়াও ব্যৱহাৰ কৰিব পৰা যায়। এই কৌশলটোৰ আন
দুটামান সুবিধা হ’ল---দ্বিতীয়খন তলীত কঠীয়াই পোখা মেলিব, যিবোৰ ভাঙি ৰোব পাৰি;
কঠীয়াৰ গাঁঠি নধৰে; কঠীয়া সোনকালে সঁজাল ধৰে আৰু সচৰাচৰ ব্যৱহাৰ কৰা বুঢ়া কঠীয়াতকৈ
উৎপাদন ভাল হয়।
আলোক চিত্র: ডঃ ছাদিকুল হুছেইন, ডঃ সঞ্জয় চেতিয়া, ডঃ মুন
ৰফিক
বি:দ্র:- আগ্রহী কৃষকে উল্লেখ কৰা জাত
কেইবিধৰ বাবে আঞ্চলিক কৃষি গৱেষণা কেন্দ্র, তিতাবৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়,
যোৰহাটৰ উপৰিও প্রতিখন জিলাত থকা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰিব পাৰে।
ম’বাইল: ৯৪৩৫১৩৫৬৩১
No comments:
Post a Comment