জৈৱিক কৃষি
খণ্ড- ৩
জৈৱিক কৃষিৰ প্রসাৰ
কুৰি শতিকাৰ প্রায় মাজ ভাগত মেক্সিকোত আৰম্ভ হোৱা Green revolution নামৰ অভিযান অতি কম সময়ৰ ভিতৰত বিশ্বৰ প্রায় সকলো ৰাষ্ট্রতে বিয়পি পৰিল। আনহাতে ঠিক এই সময়চোৱাতে উদয় হোৱা চিন্তাধাৰা Organic Agriculture য়ে বিশেষ প্রসাৰ লাভ কৰিব পৰা নাছিল ; এচাম ব্যক্তিৰ মাজতে ই আৱদ্ধ আছিল। কিন্তু ১৯৬২ চনত ৰাচেল কার্চনৰ আলোড়নকাৰী কিতাপ Silent Spring প্রকাশ পোৱাৰ পাছৰে পৰা জৈৱিক কৃষিৰ চিন্তাই প্রধান্য পাবলৈ ধৰে আৰু ১৯৭২ চনত জৈৱিক কৃষিক এক আন্দোলনৰ ৰূপ দিবলৈ IFOMAনামৰ অনুষ্ঠানটো প্রতিষ্ঠা হোৱাত এই কিতাপখনেও ইন্ধন যোগায়। আনহাতে একমাত্র এই কিতাপখনৰ বাবেই ১৯৭২ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্রত আধুনিক কৃষিৰ এক প্রধান আহিলা DDT ৰ ব্যৱহাৰ বন্ধ হ’ল। একেটা বছৰতে ঘটা এই দুই ঘটনা জৈৱিক কৃষিৰ প্রসাৰৰ দৃষ্টিকোণৰ ফালৰ পৰা অতি তাৎপর্যপূর্ণ। উল্লেখযোগ্য যে জৈৱিক কৃষিৰ পিতৃ আখ্যা পোৱা Lord Northbourne ৰ Look to the Land কিতাপখনৰ লগতে যি আন ছয়খন কিতাপে জৈৱিক কৃষিক আজিৰ ৰূপ দিছে তাৰ ভিতৰত Silent Spring অন্যতম।
যোৱাটো শতিকাৰ সত্তৰ দশকত IFOMA প্রতিষ্ঠা হোৱাৰ পাছৰে পৰা ইয়াৰ সদস্যৰ সংখ্যা ক্রমে বাঢ়িবলৈ ধৰে আৰু জৈৱিক কৃষি আন্দোলনে গতি পায়। IFOMA আৰু আন এনে অনুষ্ঠানসমূহৰ অহৰহ প্রচেষ্টাৰ বাবে জনসাধাৰণ খাদ্য সামগ্রীৰ গুণাগুণৰ লগতে পৰিৱেশৰ প্রতি সচেতন হৈ পৰিল। উন্নত দেশৰ সদস্যসকলে নিজ নিজ চৰকাৰৰ ওচৰত জৈৱিক কৃষিৰ পোষকতা কৰি কৃষিনীতি সলনি কৰিবলৈ হেঁচা দিবলৈ ধৰিলে আৰু ইয়াৰ ফল স্বৰূপে আশী দশকৰ মাজ ভাগৰ পৰা উন্নত দেশসমূহৰ বজাৰত জৈৱিক পদ্ধতিৰে উৎপাদিত হোৱা সামগ্রীয়ে ভূমূকি মাৰিবলৈ ল’লে। অতি কম সময়ৰ ভিতৰতে এনে সামগ্রীৰ প্রতি জনসাধাৰণ আকৃষ্ট হৈ পৰিল। লগে লগে জৈৱিক সামগ্রীৰ চাহিদা বৃদ্ধি পাবলৈ ল’লে। ইয়াৰ লগে লগে চৰকাৰ আৰু বিত্তীয় প্রতিষ্ঠানসমূহ জৈৱিক কৃষিৰ প্রতি আগ্রহী হৈ উঠিল আৰু গৱেষণাৰ বাবে অধিক পূঁজিৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিল।
জনসাধাৰণ, চৰকাৰ আৰু বিত্তীয় প্রতিষ্ঠানসমূহৰ মনোভাবৰ এনে পৰিৱর্তনৰ বাবে নব্বৈ দশকৰ আগ ভাগৰ পৰা আমেৰিকা আৰু ইউৰোপৰ ভালে কেইখন দেশত জৈৱিক খাদ্যভিত্তিক ব্যৱসায় বছৰি প্রায় ২০% লৈকে বৃদ্ধি পাবলৈ ধৰিলে। এটা পৰিসংখ্যাৰ পৰা জনা যায় যে ২০০১ চনত বিশ্বত জৈৱিক সামগ্রীৰ ২০ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈছিল য’ত উত্তৰ আমেৰিকা আৰু ইউৰোপৰ ভাগ আছিল ক্রমে ৬ আৰু ৮ বিলিয়ন ডলাৰ। জৈৱিক সামগ্রীৰ বৃহৎ বজাৰৰ প্রতি লক্ষ্য ৰাখি আন আন দেশবোৰেও অধিক মাটি জৈৱিক কৃষিৰ অধীনলৈ আনিবলৈ আৰম্ভ কৰে। সদ্য প্রকাশিত IFOMA ৰ বছৰেকীয়া প্রতিবেদনৰ পৰা জনা গৈছে যে ২০০৭ চনত বিশ্বত ১৪১ খন দেশৰ ১.২ মিলিয়ন জৈৱিক সামগ্রী উৎপাদনকাৰীয়ে ৩২.২ মিলিয়ন হেক্টৰ মাটিত এনে সামগ্রী উৎপাদন কৰি বিশ্ব বজাৰত এৰি দিছিল। ইয়াৰ ভিতৰত অষ্ট্রেলিয়াই ১২ মিলিয়ন হেক্টৰ মাটি জৈৱিকলৈ ৰূপান্তৰ কৰি শীর্ষ স্থানত আছে। এই সময়চোৱাত ইউৰোপত ৭.২ মিলিয়ন হেক্টৰ আৰু লেটিন আমেৰিকাৰ দেশবোৰত ৬.৪ মিলিয়ন হেক্টৰ মাটি জৈৱিক কৃষিৰ অন্তর্গত আছিল।
ইতিমধ্যে জৈৱিক কৃষি চিন্তাই এচিয়াৰ দেশবোৰকো চুইছেহি আৰু উক্ত সময়চোৱাত এচিয়া মহাদেশত ২.৯ মিলিয়ন হেক্টৰ মাটিত জৈৱিক সামগ্রী উৎপাদন কৰা হয়। পৰিসংখ্যাৰ পৰা এইটোও জনা গৈছে যে ২০০১ চনৰ ২০ বিলিয়ন আমেৰিকান ডলাৰৰ বিপৰীতে ২০০৭ চনত জৈৱিক সামগ্রীয়ে বিশ্বত মুঠ ৪৬.১ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যৱসায় কৰে। এনে এক পৰিৱর্তনলৈ লক্ষ্য কৰি IFOMA য়ে অনুমান কৰিছে যে অনাগত সময়ত বিশ্ব বজাৰত জৈৱিক সামগ্রীৰ ব্যৱসায় প্রতি বছৰে অতি কমেও ৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। [ আগলৈ ...]
...পাছৰ খণ্ডৰ বাবে এই লিংকত ক্লিক কৰক
...পাছৰ খণ্ডৰ বাবে এই লিংকত ক্লিক কৰক
No comments:
Post a Comment