Wednesday, 14 November 2012

জৈৱিক কৃষি- খণ্ড-৫


      জৈৱিক কৃষি
     খণ্ড-
      জৈৱিক কৃষি আৰু ভাৰতবর্ষ
          আজি আমি যি ধৰণৰ কৃষি পদ্ধতিক জৈৱিক কৃষি বুলি কৈছো তাৰ বীজ   ভাৰতবর্ষত কোনোবা অতীজতে অংকুৰিত হৈ পূর্ণ বিকশিত ৰূপত আছিল। ইতিহাসৰ পম খদিলে দেখা যায় যে পুৰণি ভাৰতৰ কৃষি ব্যৱস্থাত জৈৱিক কৃষিৰ সকলো গুণেই বিদ্যমান। আমাৰ কৃষকে জানিছিল কেনে মাটিত কেনে শস্য দিব লাগিব; কেনে হাল জুৰি কেইবাৰ চহ কৰিব লাগিব; মাটিৰ উর্বৰতা শক্তি বঢ়াবলৈ কি কৰিব লাগিব ইত্যাদি। এতিয়াও বুঢ়ালোকৰ মুখত শুনিবলৈ পোৱা বচন,ফকৰা-যোজনাবোৰৰ মাজতে পশ্চিমৰ দেশত লালিত-পালিত হৈ অহা জৈৱিক কৃষিক বিচাৰি পাওঁ। ‘আঠিয়াত গোবৰ, মনোহৰত জাবৰ; মালভোগত ছাই, পোৰাত খাই’ দিবলৈ প্রবাদ বাক্যই কৈ যোৱা বচনৰ দৰে অনেক বচন ভাৰতৰ সকলো ভাষাতে সিঁচৰতি হৈ আছে। এইবোৰ বচনৰ পৰা নীতি-শিক্ষা লৈ ভাৰতীয় কৃষক তথা সর্বসাধাৰণ ৰাইজে কৃষি তন্ত্রৰ লগতে পাৰিপার্শ্বিক অৱস্থাৰ সৃষ্টি কৰিছিল তাক দেখিয়েই আধুনিক জৈৱিক কৃষিৰ জনক  Sir Albert Howard য়ে প্রায় ষাঠি বছৰৰ আগেয়ে  Soil and Health, A study of Organic Agriculture” ৰ দৰে কিতাপ ৰচনা কৰিবলৈ সমল বিচাৰি পাইছিল। ইয়াৰো বহু বছৰৰ আগেয়ে ১৮৮৯ চনত বৃটিছ চৰকাৰৰ নির্দেশত ভাৰতবর্ষৰ কৃষি ব্যৱস্থা অধ্যয়ন কৰি Dr John Augustus Voelcker য়ে যি প্রতিবাদন দাখিল কৰিছিল তাত ভাৰতৰ কৃষকৰ কৃষি কর্মৰ ভূয়সী প্রশংসা কৰি অনুন্নত অঞ্চলত কৃষিৰ ক্ষেত্রত থকা অসুবিধা আঁতৰ কৰিবলৈ পৰামর্শ দি কৈছিল it is more generally the result of the absence of facilitiesঅর্থাৎ কৃষকসকলৰ কৃষি সম্পর্কীয় জ্ঞানৰ অভাব নাছিল। প্রাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ বাবেহে কোনো কোনো অঞ্চল কৃষিৰ ক্ষেত্রত অগ্রসৰ হ’ব পৰা নাছিল। সেয়ে কৃষিৰ ক্ষেত্রত থকা অসামঞ্জ্যতা দূৰ কৰিবলৈ তেখেতে বৃটিছ চৰকাৰক পৰামর্শ দিছিল।
          সি যিকি নহওঁক,দূৰ অতীতৰ ভাৰতবর্ষৰ কৃষিৰ বিষয়ে ইমান খিনি জনাৰ পাছত জৈৱিক কৃষিৰ ঘাই শিপাডাল যে আমাৰ ইয়াতে আছে সেই বিষয়ে সহজে উজিব পাৰি। সেয়েহে ১৯০৬চনতে ভাৰতবর্ষত ৰাসায়নিক সাৰৰ প্রৱেশ ঘটে যদিও সেউজ বিপ্লৱৰ ঢৌৱে কৃষকক বৰকৈ স্পর্শ কৰিব পৰা নাছিল। কিন্তু ষাঠি দশকৰ আগভাগত দেখা দিয়া খাদ্য সংকটৰ বাবে থলুৱা বীজৰ ঠাইত অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈ বিশেষজ্ঞসকলে মতপোষণ কৰে। প্রথম অৱস্থাত ঘেহুঁ আৰু তাৰ পাছত ধানৰ অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ পাছৰে পৰা দেশৰ খাদ্য সংকট ক্রমে হ্রাস পাবলৈ ধৰে। জলসিঞ্চনৰ সুবিধাৰে পঞ্জাব আৰু হাৰিয়ানাত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ ঢৌ লাহে লাহে আন প্রদেশবোৰলৈ বিয়পি পৰে। দেশে ১৯৬০ চনত উৎপাদন কৰা ৮২ মিলিয়ন টন খাদ্য শস্যৰ বিপৰীতে ১৯৮০ চনত ১৫.৫ টন বাফাৰ ষ্টকৰ সৈতে ১২৯.৬ মিলিয়ন টন খাদ্য শস্য উৎপাদন কৰে। উৎপাদন বৃদ্ধিৰ এই হাৰ ক্রমে বাঢ়ি থাকিল আৰু যোৱাটো শতিকাৰ অন্তত এশ কোটি জনসংখ্যাৰ ভাৰতবর্ষি ৪০ মিলিয়ন টন বাফাৰ ষ্টকৰ সৈতে ২০১.৮ মিলিয়ন টন খাদ্য শস্য উৎপাদন কৰে। খাদ্যশস্যৰ উৎপাদনৰ এনে এক উৎসাহজনক ছবি দেখাৰ সময়তে পঞ্জাব হাৰিয়ানা আদি কৃষিৰ ক্ষেত্রত আগবঢ়া ৰাজ্যকেইখনত দেখা দিয়া আন এক ছবিয়ে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে---উন্নত দেশসমূহত দেখা দিয়া সেউজ বিপ্লৱৰ দোষবোৰে আমাকো চুবলৈ আৰম্ভ কৰিছে নেকি? কাৰণ এইদৰে ভাবিবলৈ ইতিমধ্যে যথেষ্ট যুক্তি গোট খাইছে। যি পঞ্জাব আৰু হাৰিয়ানাই অভিলেখ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰি দেশৰ আনবোৰ ৰাজ্যক সেউজ বিপ্লৱৰ সু-ফল ভোগ কৰিবলৈ উৎসাহিত কৰিছিল সেই পঞ্জাব আৰু হাৰিয়ানাত উৎপাদনৰ হাৰ যেন স্থবিৰ হৈ পৰিছে। আধিক মাত্রাত কৰা জলসিঞ্চনৰ বাবে ভূগর্ভৰ জলপৃষ্ঠ ক্রমে তললৈ গৈ আছে। অত্যাধিক সাৰ প্রয়োগৰ বাবে মাটিৰ স্বাভাৱিক গুণ নষ্ট হে পৰিছে। যধে মধে কৰা কীটনাশকৰ ব্যৱহাৰে পৰিবেশৰ অনিষ্ট সাধিছে। ইতিমধ্যে মাত্রধিক কীটনাশ প্রয়োগৰ বাবে দেখা দিয়া সমস্যাৰ বাবে বহুকেইখন ৰাজ্যৰ কৃষকে আত্মহত্যাৰ দৰে পথ গ্রহণ কৰিবলৈ বাধ্য হৈছে। এই অৱস্থা আৰু কিছু বছৰলৈ অব্যাহত থাকিলে পৰিবেশ আৰু কৃষি তন্ত্রত যি আঘাট পৰিব তাক সংশোধন কৰাতো দূৰহ হৈ পৰিব বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। এনেবোৰ কাৰণৰ বাবেই বর্তমান জৈৱিক কৃষিৰ প্রসংগিকতা আহি পৰিছে। সেয়ে ইতিমধ্যে লাভ কৰা উৎপাদনৰ হাৰ বর্তাই ৰাখি জৈৱিক কৃষিৰ দ্বাৰা কি দৰে এই সমস্যা সমাধান কৰিব পাৰি সেই বিষয়ে বিজ্ঞানীসকলৰ লগতে কৃষিৰ লগত জড়িত সকলোৱে চিন্তা-চর্চা আৰম্ভ কৰিছে।[ আগলৈ...]

.... পাছৰ খণ্ড বাবে তলৰ লিংকত ক্লিক কৰক




No comments:

Post a Comment