Wednesday, 10 October 2018

সফলতাৰ কাহিনী-১ মাণিকীমধুৰীৰ সুবাসেৰে :::Success story 1: With the fragrance of Maniki madhury


সেউজী ধৰণী


মাণিকীমধুৰীৰ সুবাসেৰে
ডঃ ছাদিকুল হুছেইন 



মাণিকীমধুৰী--- নিমাতি কইনাজনীৰ মাত এষাৰ পাবলৈ ৰূপকোঁৱৰে চকুৰ পানীৰে জীয়াই তোলা ধান---মাণিকীমধুৰী। অসমৰ মাটি, পানী, বতাহত লালিত-পালিত হৈ চৌদিশ আমোল মোলাই তোলা ধান--- মাণিকীমধুৰী । সোনালী গুটিৰে হালি জালি পৰা থোক দেখি কোনো স্বভাৱ কবিয়ে গীত ৰচনা কৰা ধান--- মাণিকীমধুৰী। এনেবিধ ধান আজি আমাৰ মাজৰপৰা হেৰাই যোৱা পথত। অসমৰ অ’ত ত’ত সিঁচৰতি ভাবে থকা এই থলুৱা ধানবিধ পুনৰ আমাৰ মাজলৈ উলিয়াই অনাৰ প্রয়োজন হৈ পৰিছে। সেয়ে, এনে এক প্রয়াসেৰে তিনিচুকীয়া জিলাত ATMA  আঁচনিৰ জড়িয়তে এক প্রচেষ্টা চলোৱা হ’য়। সেয়া ২০১৩ চনৰ কথা।

নাহৰকটীয়া অঞ্চলত ধানবিধৰ খেতি দুই-চাৰিজনমান কৃষকে কৰি থকাৰ বাতৰি পোৱা গ’ল। কৃষি উন্নয়ম বিষয়া লোহিত গগৈক দ্বায়িত্ব দিয়া হ’ল এইবিধ ধানৰ বীজ সংগ্রহ কৰিবলৈ। সেইমতে লোহিত গ’ল আৰু ওভটি আহিল প্রায় বিশ কিলোগ্রাম ধান লৈ। এটা প্রদর্শনৰ বাবে যথেষ্ট। স্থান নির্বাচন হ’ল মার্ঘেৰিটা ব্লক। হিতাধিকাৰ হ’ল ভিতৰ পাৱৈ গাঁৱৰ প্রগতিশীল কৃষক চাওপান চাওঁচং।



প্রশিক্ষণ এটাৰ মাধ্যমেৰে আধুনিক কৃষিৰ কেতবোৰ দিশ যেনে : সঠিকভাবে কঠিয়াতলী প্রস্তুত কৰা, বীজ সিঁচাৰ আগতে বীজ শোধন কৰা, সঠিক বয়সৰ কঠিয়া শাৰি পাতি ৰোৱা আদিৰ বিষয়ে এখেতৰ লগতে আন কৃষকসকলক বুজাই দিয়া হয় ।



 কৃষকজনে বিজ্ঞানীসকলৰ দিহা-পৰামর্শ যথাযথ ভাবে পালন কৰি উৎসাহেৰে খেতিত আগবাঢ়ে।




সময় আগবঢ়াৰ লগে লগে শস্যৰক্ষাৰ নতুন কৌশলবোৰৰ লগতো কৃষকক পৰিচয় কৰি দিয়া হয়।



 মাণিকীমধুৰীৰ সঁজাল ধৰা গোছাবোৰত  কাতিৰ শেহত গেঁৰ ধৰিবলৈ লয়।পৰম্পৰা ৰক্ষা কৰি কৃষকেও পথাৰত এগচি চাকি জ্বলাই। 



 বিষয়াসকলে পথাৰ ভ্রমণ কৰি সন্তোষ প্রকাশ কৰে আৰু “পথাৰ-দিৱস” এটি অনুস্থিত কৰাৰ সিদ্ধান্ত লয়। জিলা বিষয়াসকলৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশত “পথাৰ-দিৱস”ৰ দিনা লখিমী চপোৱা হয় য’ত পঞ্চায়তৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।

  
দেখা গ’ল যে মাণিকীমধুৰিৰ উৎপাদন প্রতি হেক্টৰত ৩৫ কুইণ্টল হোৱাৰ বিপৰীতে আন থলুৱা গোন্ধযুক্ত ধানৰ উৎপাদন হৈছে প্রতি হেক্টৰত ২৫-২৭ কুইণ্টল।





এনে ফলাফল দেখি কৃষকসকল মাণিকীমধুৰীৰ প্রতি উৎসাহিত হৈ পৰে আৰু ইয়াৰ বীজ সংগ্রহ কৰিবলৈ ইচ্ছা প্রকাশ কৰে। প্রথম বছৰতে এনে এক সাফল্যৰ মুখ দেখি পাছৰ বছৰ জিলাখনৰ ৩৬ টা স্থানত মাণিকীমধুৰীৰ প্রদর্শনমূলক খেতিৰ লগতে পাম বিদ্যালয়ৰ মাধ্যমেৰে কৃষকৰ কাষলৈ জাতটো লৈ যোৱা হয়। ওকণীমুৰিয়া, মামৰণি, নিজ মাকুম, ইটাখুলি, আঢ়ৈমুৰীয়া আদি অঞ্চলতো মাণিকীমধুৰিয়ে কৃষকৰ সমাদৰ পাবলৈ সক্ষম হয়। এইদৰে মাণিকীমধুৰীৰ সুবাস জিলাখনত বিয়পি পৰে।


      কৃষকৰ উৎপাদিত সামগ্রী “কৃষি মেলা”ত প্রদর্শন তথা বিপণন দিহা কৰা হয়। গ্রাহকেও পুৰণি চিনাকি মাণিকীমধুৰীক আঁকোৱালি লয়। এইদৰে কৃষকৰ সক্রিয় সহযোগত এটা প্রদর্শনৰ সফল সামৰণি পৰে। বর্তমান জিলাখনৰ এক বুজন সংখ্যক কৃষকে মাণিকীমধুৰীৰ খেতি কৰি আছে আৰু প্রতি কিলোগ্রাম চাউলত ৫৫-৭০ টকালৈ উপার্জন কৰিবলৈ সক্ষম হৈছে। আশা কৰা হৈছে যে অনাগত  দিনত এইবিধ ধান আৰু অধিক জনপ্রিয় হৈ উঠিব আৰু কৃষকসকল আর্থিকভাবে লাভবান হ’বলৈ সক্ষম হ’ব।





সফলতাৰ আঁৰত থকা সকল হ’ল:- ডঃ প্রণব মহন্ত, লোহিত গগৈ, নয়ন সোনোৱাল, মৃদুল গোস্ৱামী, বিং কং বড়ো, গৌতম বড়া, ঈশাণী পৰাশৰ।
৯৪৩৫১৩৫৬৩১


Thursday, 9 August 2018

ধানৰ অনিষ্টকাৰী কীট-পতংগ:: চৰহা::: Insect pests of rice:: Hispa




সেউজী ধৰণী
ধানৰ অনিষ্টকাৰী কীট-পতংগ
২) চৰহা (ইং:Rice Hisps; বৈ: Dicladispa armigera (Oliv.)
ড; ছাদিকুল হুছেইন


ছবি-১
           চৰহা এবিধ গাঁত কাইট থকা, জুইশলা কাঠিৰ খাৰকণৰ সমান, গুবৰুৱাজাতীয় এবিধ ক’লা বৰণৰ পোক (ছবি-১)। বান আক্রান্ত কিম্বা পানী জমা হোৱা দ’ পথাৰত ইহঁতৰ আক্রমণ বেছি হয়। পলু আৰু পূর্ণাংগ দুয়োটা অৱস্থাই গছজোপাৰ অনিষ্টসাধন কৰে। পলুবোৰে পাতৰ সেউজীয়া প্রলেপটোৰ মাজেৰে সুৰংগ কৰি ভিতৰলৈ সোমাই দুই শিৰাৰ মাজত থাকি খাই, যাৰ বাবে পাতত দীঘলীয়া আঁচ কিছুমান পৰে। আনহাতে পূর্ণাংগ কীটটোৰ বাবে পাতত বগা বৰণৰ দাগ পৰে (ছবি-২ক, ২খ)। পাছলৈ এনে পাতবোৰ শুকাই খেৰবৰণীয়া হয়। অসমত চৰহাৰ আৱির্ভাব কিছু বছৰৰ অন্তৰে অন্তৰে হোৱা দেখা যায়। অৱশ্যে এনে হোৱাৰ কাৰণ এতিয়াও সঠিক ভাৱে ঠাৱৰ কৰিব পৰা হোৱা নাই। 
ছবি- ২ক

ছবি-২খ

নিয়ন্ত্রণ:
  • ·       চৰহাৰ সাম্ভাব্য আশ্রয়স্থল যেনে: দ’ল,উলু আদি ঘাঁহ-বনবোৰ কাটি জ্বলাই দিব লাগে।
  • ·       আক্রমণৰ প্রথম অৱস্থাত পূর্ণাংগ পোকটো সংগ্রহ কৰি নষ্ট কৰিব লাগে। 
  •   বগৰী আদি কাঁইটীয়া গছৰ ডালেৰে দুদিনমানৰ অন্তৰে অন্তৰে ধান গছবোৰ কোবাই থাকিলে পাতত থকা কণী, পলু, লেটাসমূহ নষ্ট হৈ আক্রমণৰ মাত্রা কম কৰিব
  • ·       কেৰাচিন আৰু পানীৰ ১:১ মিশ্রণত তিয়াই লোৱা ৰচি ডৰাটোৰ ওপৰেদি চলালেও চৰহাৰ আক্রমণ কম হয় (ছবি-৩)।



·                                                                                                                                    
  •    জৈৱকীটনাশক যেনে: Beauveria bassiana (Bals.) পাঁচ গ্রাম পানীৰ লগত মিহলাই ছটিয়ালে চৰহাৰ আক্রমণ কম হয়। এবিঘা মাটিৰ বাবে ৪০০-৫০০ গ্রাম এনে জৈৱকীটনাশকৰ আৱশ্যক হয়।
  • ·         ওপৰত উল্লেখ কৰা প্রতিকাৰ সমূহ পালন কৰাৰ পাছতো যদি চৰহাৰ আক্রমণ কম নহয় আৰু প্রতিটো গোছাত এটা চৰহা নাইবা ১-২ খিলা আক্রান্ত পাত দেখিলে ক্লৰ’পাইৰছ ২০ ইচি নাইবা কুইনালফছ ২৫ ইচি ঔষধৰ দুচামোচ প্রতি পাঁচ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। 





                                   আক্রান্ত পাত

                          
ম’বাইল: ৯৪৩৫১৩৫৬৩১    

Wednesday, 8 August 2018

ধানৰ অনিষ্টকাৰী কীট-পতংগ:: টুপলিকটা::: Insect pests of rice::: Case worm




সেউজী ধৰণী
ধানৰ অনিষ্টকাৰী কীট-পতংগ-
১) টুপলিকটা
ড: ছাদিকুল হুছেইন


ছবি-১
১) টুপলিকটা (ইংৰাজী: Case worm; বৈজ্ঞানিক:Nymphula depunctalis Guen.)
 ধান গছৰ পাতৰ আগবোৰ কুটি তাৰে সজা সৰু বাহ বা টুপলিৰ ভিতৰত লুকাই থাকি পাতৰ হৰিৎকণাৰ প্রলেপটো খোৱা এবিধ পলু। ইহঁতে কুমলীয়া পাতত আক্রমণ কৰে; আক্রান্ত অংশটো উজ্বল বগা বৰণৰ হৈ জিলিকি উঠে   [ছবি- ১]। ধান ৰোৱাৰ প্রায় এমাহলৈকে ইহঁতৰ আক্রমণ দেখা যায়। ডৰাটোত থকা পানীৰ সহায়েৰে টুপলিবোৰ এগোছাৰ পৰা আন এগোছালৈ বিয়পি পৰে। অসমত টুপলিকটাৰ দুটা প্রজাতি পোৱা যায় যদিও N.depunctalis ৰ প্রাদুর্ভাৱ বেছি। এইবিধৰ পখিলাজনী ৰূপালী বৰণৰ। দিনৰ ভাগত এনে পখিলাবোৰ পাতৰ আগত পৰি থকা দেখা যায় [ছবি-২]। 



ছবি-২
পানীৰ সংস্পর্শত থকা পাতৰ তল ফালে ইহঁতে কণী পাৰে আৰু এসপ্তাহমানৰ পাছত ইয়াৰ পৰা পলুবোৰ ওলায়। প্রথম অৱস্থাত বাহিৰতে থাকি দুবাৰ মোট সলোৱাৰ পাছত পলুবোৰে টুপলি সাজিবলৈ লয় [ছবি-৩]। প্রতিবাৰ মোট সলোৱাৰ পাছত নতুনকৈ টুপলি সাজে আৰু প্রায় ২০ দিনমানৰ পাছত ইয়াৰ ভিতৰতে লেটা বান্ধে; ৮-১০ দিনৰ পাছত লেটাৰ পৰা পখিলা ওলাই আৰু জোৰা পাতে। 



                             ছবি-৩
ধান ৰোৱাৰ এমাহলৈকে গোছাটোত আন কীট-পতংগৰ আক্রমণ নহ’লে টুপলিকটাৰ বাবে উৎপাদনৰ বিশেষ হ্রাস নঘটে । আক্রান্ত গোছাবোৰত পুনৰ নতুন পাত ওলায়। অৱশ্যে চপাওঁতে কিছু পলম হয়। আনহাতে আক্রমণৰ মাত্রা বেছি হৈ গোছাবোৰ পানীত ডুব গ’লে পুনৰ গা কৰিব নোৱাৰি মৰি যায়।
নিয়ন্ত্রণ:-
  • ·       ৰোৱাৰ পাছত পথাৰত নিম গছৰ পাত, ৰবাব টেঙাৰ বাকলি আদি ছটিয়াই থলে টুপলিকটাৰ আক্রমণ কম হয়।
  • ·       আক্রমণৰ প্রথম অৱস্থাত ডৰাটোৰ পৰা পানী বাহিৰ কৰি দি পথাৰত ইহঁতৰ বিস্তাৰ কমাব পাৰি।
  • ·       কেৰাচিন আৰু পানীৰ ১ : ১ অনুপাতৰ মিশ্রণত ৰচি এডাল তিয়াই ডৰাটোৰ ওপৰেদি চলাই দিলে আক্রমণ কম হয় [ছবি-৪]।   







  •   আক্রমণ বাঢ়ি গোছে প্রতি ১-২ টুপলি দেখিলে ইকালক্স ২০ ইচি নাইবা ক্লৰ’পাইৰিফছ ২০ ইচি ঔষধৰ এচামুচ প্রতি পাঁচ লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব।  

ম’বাইল: ৯৪৩৫১৩৫৬৩১

Tuesday, 24 July 2018


সেউজী ধৰণী


    ধানৰ প্রধান শত্রু মজাখোৱা নিবাৰণৰ বাবে ফেৰ’মন ট্রেপ ব্যৱহাৰ কৰাৰ কৌশল



Wednesday, 18 July 2018

“আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি”:: Seedling age and spacing in rice cultivation




 সেউজী ধৰণী  



“আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি”

ড: ছাদিকুল হুছেইন




      ধান এনে এবিধ শস্য যিবিধৰ গুটি সিঁচি নাইবা কঠীয়া ৰুই খেতি কৰিব পৰা যায়। সিঁচি কৰা খেতি শুকান নাইবা বোকা মাটিত কৰাৰ বিপৰীতে ৰোৱাখেতিৰ বাবে মাটিখিনি ভালদৰে চহাই বোকা কৰাৰ প্রয়োজন হয়। এনে বোকা মাটিত আলি বান্ধি পানী জমা কৰি খেতিটোত আৱশ্যক হোৱা পানীৰ যোগান ধৰিব লাগে। পানীত কৰাৰ বাবেই এনেবিধ ধানখেতিক পানীখেতিও বোলে। পণ্ডিতসকলৰ মতে এই পানীখেতি আহোমসকলৰ অৱদান। যিকি নহওঁক, আহু আৰু শালি দুয়োটা বতৰতে কৰিব পৰা এনে খেতিত কঠীয়া কিমান দূৰত্বত ৰোৱ লাগিব সেই বিষয়ে বুঢ়ালোকসকলে এইদৰে কোৱা শুনা যায়--- “আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি।”

আহুৰ বতৰত কৰা ধানৰ জাতবোৰৰ কৃষিকাল চমু। এনে কম কৃষিকালৰ জাতবোৰৰ কম বয়সীয়া কঠীয়া কিছু ঘনকৈ ৰোৱ লাগে। আনহাতে শালিৰ বতৰৰ জাতবোৰ দীর্ঘদিনীয়া হোৱাৰ বাবে কিছু সেৰেঙাকৈ ৰোৱ পাৰি। এই জ্ঞান আমাৰ কৃষকসকলে নিজ অভিজ্ঞতাৰে আহৰণ কৰিছিল আৰু সেয়ে এনে বচন শুনিবলৈ পাওঁ। শালিখেতি অসমৰ প্রধান খেতি। বৰষুণৰ ওপৰত নির্ভৰ কৰি কৰা এই খেতিৰ সময়ত অধিক মাত্রাত হোৱা বৰষুণৰ বাবে ঠাই বিশেষে অধিক পানী জমা হৈ কঠীয়া ৰোৱাত অসুবিধা কৰে। এনে পানী জমা হোৱা পথাৰত কঠীয়া সেৰেঙাকৈ ৰোৱ লাগে। এই কথাও কৃষকসকলে জানে। সেয়ে তেখেতসকলে কয় ---“ যেবেহে দেখিবা আঠু সম পানী, হাতেকত গোছা দিবা জানি।”

এয়া শাওণ মাহ; কঠীয়া ৰোৱাৰ সময়। এতিয়া কৃষক ৰাইজৰ কোনোবাজন যদি পথাৰ প্রস্তুত কৰাত ব্যস্ত আছে আন কোনোবাজন ৰোবলৈ সাজু হৈছে। বুঢ়ালোকে কৈ যোৱা জোখ-মাপবোৰ বহুতে পাহৰিছে। বহুতো আকৌ এনেবোৰ কথাৰ প্রতি আগ্রহী নহয়; আধুনিক কৃষিৰ প্রতিহে আগ্রহী। সেয়ে আধুনিক কৃষি পদ্ধতিত কিমান আঁতৰে আঁতৰে গোছাবোৰ দিবলৈ কৈছে সেয়া জানি লওঁ আহক। বিজ্ঞানীসকলে বিভিন্ন কৃষিকালৰ জাতবোৰ লৈ কৰা পৰীক্ষা-নিৰীক্ষাবোৰৰ অন্তত পতিয়ন গৈছে যে কৃষিকালৰ ওপৰত ভিত্তি কৰি কঠীয়াৰ বয়স আৰু ৰোৱাৰ দূৰত্ব বেলেগ বেলেগ হ’ব লাগে। তলৰ তালিকাখনত উল্লেখ কৰা এই জোখ-মাপবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে আমাৰ বুঢ়ালোকসকলে কৈ যোৱা হিচাপবোৰৰ লগত এই হিচাপবোৰৰ কোনো পার্থক্য নাই। কাৰণ শালিৰ বতৰত এবেগেত আঁতৰত ৰোৱলৈ কোৱাৰ অর্থ হ’ল আঠ ইঞ্চিৰ আঁতৰত ৰোৱা যিটো আজিৰ বিজ্ঞানীসকলেও কয়। আনহাতে আহুৰ জাতবোৰ কম দিনীয়া হোৱা বাবে ইমান ঘনকৈ ৰুব লাগে যেন এটা খোজত এবুৰি অর্থাৎ একুৰিমান গোছা পৰে।


এইখিনিতে কোনো কোনোৱে প্রশ্ন কৰিব পাৰে যে --- বুঢ়ালোকসকলে শাৰী পাতি ৰোৱলৈ যে কোৱা নাছিল ? হয়, তেনে কথা বুঢ়ালোকসকলে কৈ যোৱা নাই। কাৰণ সেই সময়ত কৃষক পৰিয়াল এটাৰ হাতত থকা মাটিত খেতি কৰি যি পৰিমাণৰ ধান উৎপাদন কৰিছিল সেয়া পৰিয়ালটোৰ বাবে যথেষ্ট আছিল। কিন্তু আজিৰ কৃষকৰ মাটিৰ পৰিমাণ যথেষ্ট কম। এই কম পৰিমাণৰ মাটিত খেতি কৰি আশানুৰূপ উৎপাদন পাবলৈ হ’লে কৃষি পদ্ধতিত কিছু সাল-সলনি কৰিব লাগিব। এনে সাল-সলনিবোৰৰ ভিতৰত অন্যতম দুটা হ’ল --- অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ আৰু ডৰাবোৰত গোছাৰ সংখ্যা বৃদ্ধি কৰা। অসমৰ কৃষকসকলে বিভিন্ন কাৰণত থলুৱা জাত ব্যৱহাৰ কৰি আছে যদিও বর্তমান সময়ত কিছু সংখ্যক কৃষক অধিক উৎপাদনক্ষম জাতৰ প্রতি আগ্রহী উঠা দেখা গৈছে। অৱশ্যে গোছাৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্রত তেওঁলোক সিমান আগ্রহী হৈ উঠা নাই। কাৰণ এনে কৰিবলৈ যাওঁতে গোছাবোৰ কিছু ঘন কৰিব লাগিব যিটো কৰিবলৈ তেওঁলোকে ভয় কৰে। ওখ, দীর্ঘদিনীয়া থলুৱা জাত ব্যৱহাৰ কৰি অভ্যষ্ট হোৱা কৃষকসকলে দেখিছে যে গোছা ঘনকৈ দিলে তেওঁলোকৰ ভাষাত “ধান উৰি যায়”। কমকৈ পোখা ওলোৱা ওখ আৰু দোঁ খোৱা দীঘল পাতৰ থলুৱা জাতবোৰৰ গঠনৰ বাবে ঘনকৈ ৰোপণ কৰিলে থোকবোৰ চুটি আৰু পতনুৱা হব যিটোক “ধান উৰি যোৱা” বুলি কোৱা হয়। আনহাতে অধিক উৎপাদনক্ষম জাতবোৰ চাপৰ, পাতবোৰ চুটি আৰু থিয় হোৱাৰ লগতে জাতবোৰৰ পোখা মেলাৰ ক্ষমতা বেছি। এনে হোৱাৰ বাবে “ধান উৰি যোৱাৰ” ভয় নাথাকে। সেয়ে ডৰাবোৰত গোছাৰ পৰিমাণ এক নির্দিষ্ট সংখ্যালৈ বৃদ্ধি কৰি উৎপান বঢ়াব পৰা যায়। বিজ্ঞানীসকলে দেখিছে যে জাত অনুসৰি এই সংখ্যা ভিন্ন। শালিৰ বতৰত ৰোৱা দীর্ঘদিনীয়া জাতবোৰৰ ক্ষেত্রত প্রতি বর্গ মিটাৰত ২৫টা গোছা ৰোৱ লাগে অর্থাৎ প্রতি হেক্টৰত ১০,০০০ x ২৫ = ২৫,০,০০০ গোছা থাকিব লাগে। কিন্তু এখন বহল পথাৰত এনেদৰে হিচাপ কৰি গোছা ৰোৱ নোৱাৰি। সেয়ে বিজ্ঞানীসকলে এটা সহজ উপায় দি কৈছে যে গোছাবোৰ শাৰী শাৰী কৈ ৰোৱ লাগে আৰু প্রতি দুটা শাৰীৰ মাজত ২০ চে: মিটাৰ অর্থাৎ ৮ ইঞ্চি ব্যৱধান ৰাখিব লাগে। সেইদৰে দুটা গোছাৰ মাজত ব্যৱধান ২০ চে: মিটাৰ হ’ব লাগে। এইদৰে ৰোপণ কৰিলে প্রতি বর্গ মিটাৰত অনায়সে ২৫টা গোছা ৰোৱ পৰা যাব, যাৰ বাবে অতি কমেও ৬০০ গ্রাম ধান পাব পাৰি। প্রতি বর্গ মিটাৰত ৬০০ গ্রাম ধান পোৱাৰ সম্ভাৱনাৰ কথা ক’লে কৃষকসকল আচৰিত হৈ এইটো কিদৰে সম্ভৱ জানিব বিচাৰে। এই বিষয়ে জানিবলৈ হ’লে এটা সৰু অংক কৰিব লাগিব। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে আশানুৰূপ উৎপাদন পাবলৈ হ’লে ধানৰ প্রতিটো গোছাত ৮-১০টা পুৰঠ থোক থাকিব লাগে যি কেইটাৰ প্রতিটোৱে ৩-৫ গ্রাম ধান দিব। অর্থাৎ এটা গোছাৰপৰা অতি কমেও ৮ x ৩ = ২৪ গ্রাম ধান পাব পৰা যায় যদিহে প্রয়োজন হোৱা সাৰ-পানী সঠিকভাবে যোগান ধৰি শস্যৰক্ষাৰ ব্যৱস্থাসমূহ যথাযথভাবে গ্রহণ কৰা হয়। এই হিচাপ মতে অর্থাৎ প্রতিটো গোছাত ২৪ গ্রাম ধান পালে এটা বর্গ মিটাৰত থকা ২৫টা গোছাৰপৰা ২৪ x ২৫ = ৬০০ গ্রাম ধান পাম। বিঘাৰ হিচাপত হ’ব ৮ কুইণ্টল বা ২১.৪৩ মোন। 


ওপৰত উল্লেখ কৰা সৰু অংকটোৰ পৰা বুজিব পাৰি যে পথাৰত এটা গোছা কমকৈ দিয়াৰ অর্থ হ’ব ২৪ গ্রাম ধান কম পোৱা। বিভিন্ন সময়ত পথাৰ পৰিদর্শন কৰি দেখা যায় যে প্রতি বর্গ মিটাৰত আমাৰ কৃষকসকলে ১৫-১৮ গোছা ৰোৱে, যাৰ বাবে অধিক উৎপাদনক্ষম জাত এটাৰ পৰাও আশানুৰূপ উৎপাদন পাবলৈ সক্ষম নহয়। সেয়ে ধানৰ উৎপাদন বৃদ্ধিৰ বাবে পথাৰত গোছাৰ সংখ্যা বৃদ্ধি কৰাত আনবোৰ কৌশলৰ সমানে গুৰুত্ব দিব লাগিব। এইখিনিতে আন এক প্রশ্ন মনলৈ আহে--- এইদৰে ৰোৱলৈ যাওঁতে সময় বেছি লগাৰ লগতে খৰছ অধিক নহ’বনে? এনে প্রশ্নৰ উত্তৰত ক’ব পাৰি যে যদি শাৰী পাতি ৰোৱাৰ বাবদ হোৱা খৰছ যদি অতিৰিক্তভাবে পোৱা ধানৰ মূল্যতকৈ বেছি হয়, তেন্তে এইদৰে ৰোৱাটো লাভজনক নহ’ব। এই ক্ষেত্রত শাৰী পাতি ৰোৱাতকৈ প্রতি বর্গ মিটাৰত অধিক গোছা ৰোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব। মনত ৰাখিব যে শাৰী শাৰীকৈ ৰোপণ কৰিলে বেছি গোছা ৰোৱ পৰা যাব, যাৰ বাবে থোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে উৎপাদন বাঢ়িব। আনহাতে এইদৰে ৰোপণ কৰিলে টপ ড্রেছিং, নিৰণি, ঔষধ আদি প্রয়োগ কৰিবলৈ সুবিধা হ’ব।

*** উৎস- কৃষি জিজ্ঞাস

ম’বাইল: ৯৪৩৫১৩৫৬৩১ 



Monday, 16 July 2018

ধানখেতিত সাৰ প্রয়োগ ::Fertilizer application in rice





সেউজী ধৰণী    
ধানখেতিত সাৰ প্রয়োগ

ডঃ ছাদিকুল হুছেইন



    
       শস্যৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন কাৰকৰ ভিতৰত মাটিৰ উর্বৰতা শক্তি অন্যতম। উদ্ভিদে শ্রীবৃদ্ধিৰ বাবে শিপাৰ সহায়ত মাটিৰপৰা বিভিন্ন পোষক দ্রব্য আহৰণ কৰে। শস্য বিশেষে এই আহৰণ ক্ষমতা ভিন্ন। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে এক কুইণ্টল ধান উৎপন্ন কৰিবৰ বাবে অধিক উৎপাদনক্ষম জাতে মাটিৰপৰা ২ কি: গ্রাম নাইট্র’জেন, ০.০৭৫ কি: গ্রাম ফছফৰাছ আৰু ১.৮৫ কি: গ্রাম পটেছিয়াম আহৰণ কৰে। সেয়ে পাছৰ বছৰ ধান খেতি কৰিবলৈ যোৱাৰ পূর্বে এই পোষক দ্রব্যখিনি মাটিত যোগান ধৰি মাটিৰ উর্বৰতা শক্তি অটুট ৰাখিব লাগিব। ইয়াকে কৰিবলৈ যাওঁতে মাটিখিনি পৰীক্ষা কৰাতো জৰুৰী হৈ পৰে। কিন্তু সকলো কৃষকৰ বাবে এই পৰীক্ষা সহজলভ্য নহয়। সেইবাবে বিভিন্ন পৰিস্থিতিৰ মাটি পৰীক্ষা কৰি বিজ্ঞানীসকলে অসমৰ মাটিত গড় হিচাপে কোনবিধ সাৰ কিমান পৰিমাণত দিব লাগিব তাক নির্ধাৰণ কৰিছে। এই নির্ধাৰিত পৰিমাণৰ সাৰ প্রায় সকলো শ্রেণীৰ মাটিত প্রয়োগ কৰিব পৰা যায় (তালিকা-১) । এই সাৰ কেইবিধৰ ভিতৰৰ ইউৰীয়া এনে এবিধ সাৰ যিবিধ অতি সহজে পানীত মিহলি হৈ পৰে। সেই বাবে ৰোৱনী চাহৰ সময়ত সম্পূর্ণ সাৰভাগ প্রয়োগ কৰিলে পানীৰ লগত মিহলি হৈ পৰিব, যাৰ বাবে পোখা মেলা, গেঁৰ ধৰা , ফুল ফুলা আদি সময়ত গছজোপাই নাইট্র’জেন মৌলবিধ নাপাব। আনহাতে আন কেইবিধ সাৰ সহজে মাটিৰ লগত মিহলি হৈ পৰে বাবে শিপাই লাহে লাহে আহৰণ কৰি থাকে। সেয়ে ইউৰীয়া সাৰখিনিৰ আধা ৰোৱনী চাহৰ সময়ত প্রয়োগ কৰি বাকী ভাগ সাৰ টপ ড্রেছিং হিচাপে প্রয়োগ কৰি গছক নাইট্র’জেনৰ যোগান ধৰিবলগীয়া হয়।

       অসমত প্রায়ে খেতিৰ সময়ত একক চুপাৰ ফছফেট নামৰ সাৰবিধ পোৱা নাযায়। এনে হ’লে ৰোৱাৰ ৩০ দিনৰ পাছলৈকে সাৰবিধ পথাৰত দিব পাৰি। এই ক্ষেত্রত সাৰ ছটিয়াই উঠি ডৰাটো ভালদৰে গছকি দিব লাগে। বন-বাত থাকিলে সাৰ প্রয়োগৰ আগেয়ে নিৰণি কৰি ল’ব লাগে। অৱশ্যে সাৰবিধৰ অভাৱত ডাই-এম’নিয়াম ফছফেট অর্থাৎ ডি এ পি অথবা ৰক ফছফেট ব্যৱহাৰ কৰিব পাৰে। ডি এ পি ব্যৱহাৰ কৰিলে ইউৰীয়াৰ পৰিমাণ কিছু কম কৰিব লাগিব। কাৰণ ডি এ পি সাৰৰপৰা কিছু পৰিমাণৰ নাইট্র’জেন পোৱা যায়। ৰক ফছফেট ব্যৱহাৰ কৰিলে ৰোৱাৰ অতি কমেও ২০ দিনৰ আগেয়ে বিঘাই প্রতি ২০ কি: গ্রাম প্রয়োগ কৰিব লাগে। আহু আৰু শালি একে ডৰা মাটিতে কৰিলে আহু ৰোৱাৰ ২০ দিনৰ আগেয়ে প্রতি বিঘাত ৪০ কি: গ্রাম ৰক ফছফেট প্রয়োগ কৰিলে শালিৰ সময়ত পুনৰ দিব নালাগে।

টপ ড্রেছিং কেতিয়া আৰু কেনেকৈ কৰিব লাগে

       দীর্ঘদিনীয়া জাতত ধানৰ গোছাবোৰে পোখা মেলি থকাৰ সময়ত প্রথমটো আৰু থোক গঠন হোৱাৰ সময়ত দ্বিতীয়টো টপ ড্রেছিং কৰিব লাগে। টপ ড্রেছিং কৰিবলৈ লোৱা সাৰভাগৰ লগত শুকান গোবৰ নাইবা মাটি ১ : ১০ অনুপাতত মিহলাই প্রায় ৪৮ ঘণ্টামান গাপ দিব লাগে। এইদৰে গাপ দিয়াৰ বাবে সাৰখিনি গোবৰ নাইবা মাটিৰ লগত ভালদৰে মিহলি হৈ পৰিব। এতিয়া এই গোবৰ বা মাটিখিনি পথাৰত সমানে পৰাকৈ ছটিয়াব পৰা যাব যাৰ বাবে শস্যডৰাই সাৰখিনি সমানে পাব। আনহাতে গোবৰ আদিৰ লগত মিহলি হৈ থকাৰ বাবে শিপাই সাৰখিনি লাহে লাহে গ্রহণ কৰিব আৰু গছজোপাই বহু প্রয়োজনীয় নাইট্র’জেন মৌলবিধ পাই থাকিব। সাধাৰণতে দেখা যায় যে যি সময়ত টপ ড্রেছিং কৰিবলগীয়া হয় সেই সময়ত প্রায়ে বৰষুণ হৈ থাকে। এনে বতৰত শুকান গোবৰ বা মাটি পাবলৈ অসুবিধা হয়। সেয়ে সময় বুজি শুকান গোবৰ বা মাটি সংগ্রহ কৰি থব লাগে।

*** উৎস: কৃষি জিজ্ঞাস
----------------------------------------------------------------------------------------------- ম’বাইল: ৯৪৩৫১ ৩৫৬৩১

Sunday, 15 July 2018

ধানৰ সুস্থ সবল কঠীয়া কেনেকৈ পাব পাৰি : How to get healthy rice seedlings


 সেউজী ধৰণী

       
সেউজী ধৰণী              
                     ধানৰ সুস্থ সবল কঠীয়া কেনেকৈ পাব পাৰি

ডঃ ছাদিকুল হুছেইন






কথাতে কয় “বাই গুণে ভিনিহি, কঠীয়া গুণে কিৰিষি।” অর্থাৎ বাইদেউ গৰাকী যদি ভাল হয় তেন্তে ভিনিহিজনেও আমাক মৰম-চেনেহ কৰিব। সেইদৰে  কঠীয়াখিনি যদি ভাল হয় তেন্তে ৰোৱাখিনিৰপৰা ভাল উৎপাদন আশা কৰিব পাৰি।  কিন্তু দেখা যায় যে প্রায়বোৰ কৃষকে ভাল জাত এটা লৈয়ো কঠীয়া সিঁচা আৰু যতন লোৱাত বিশেষ মনোযোগ নিদিয়ে, যাৰ বাবে আশা কৰা মতে উৎপাদন নাপাই হতাশ হয়। আনহাতে বহুতো কৃষকে কঠীয়াতলিখন সঠিকভাবে প্রস্তুত নকৰা বাবে অধিক বীজ ব্যৱহাৰ কৰিবলগীয়া হয়, যাৰ বাবে খৰছ বেছি হয়। সেয়ে কঠীয়া সিঁচা আৰু যতন লোৱাৰ বিষয়ে কিছু কথা জানি কম পৰিমাণৰ বীজৰপৰা সুস্থ সৱল কঠীয়া পাব পৰাৰ কৌশলৰ সেই বিষয়ে বুজি  লওঁ আহক।

প্রথমে নির্দ্দিষ্ট সংখ্যক বীজ পেট্রপ্লেটত ব্লটিং পেপাৰ বা খবৰ কাগজৰ ওপৰত থৈ তাত পানী দি জেকাই ল’ব। প্লেটখন ঢাকি দি দুদিনমানৰ পাছত গজালি ওলোৱা বীজৰ হিচাপ কৰিব। ৮০-৮৫% বীজৰ গজালি ওলালে বীজখিনি সুবীজ বুলি ক’ব পাৰি। এনে বীজ ব্যৱহাৰ কৰিব।   




সিঁচাৰ আগেয়ে বীজখিনি শোধন কৰক। ইয়াৰ বাবে প্রতি কি:গ্রাম বীজ শোধন কৰিবলৈ মেনক’জেব নাইবা কেপটান নামৰ ঔষধৰ আঢ়ৈ গ্রাম অথবা কার্বেনডাজিমৰ এক গ্রাম কিছু পানীত মিহলাই তাত বীজখিনি ২৮ ঘন্টা তিয়াই পাছত ভালদৰে টুকি গাপ দিব।




কঠীয়াতলিখন ১.২৫ মিটাৰ( ৪ফুট) বহল কৰি দুখন তলিৰ মাজত এফুটমান বাট ৰাখিব। ১.২৫ মি: বহল আৰু ১০ মি: দীঘল এনে একোটা চিটাত ২০-৩০ কি:গ্রাম গোবৰ নাইবা পচন সাৰ, ৮০ গ্রাম ইউৰীয়া, ৮০ গ্রাম একক চুপাৰ আৰু ৪০ গ্রাম মিউৰিয়েট-অব-পটাছ মিহলাই ভেটিটো কামি এডালেৰে সমান কৰিব।










এনে একোখন চিটাত মোটা ধানৰ ১কি:গ্রাম, মজলীয়া আকাৰৰ ৮০০ গ্রাম নাইবা মিহি ধানৰ ৬৫০ গ্রাম সিঁচিব। দুখন তলিৰ মাজৰ বাটটোত প্রয়োজন সাপেক্ষে পানী ভৰাব নাইবা উলিয়াব পাৰিব





গজালি মেলাৰ পাছৰে পৰা কঠীয়খিনি চাই থাকিব আৰু পোক-পৰুৱা, বেমাৰ-আজাৰ লগা দেখিলে ব্যৱস্থা গ্রহণ কৰিব।

     








ওপৰত উল্লেখ কৰা ধৰণেৰে কঠীয়া পাৰি নির্দিষ্ট দূৰত্বত প্রতিটো গোছাত ২-৩ ডাল কঠীয়া ৰুলে ৩-৫ কি:গ্রাম বীজৰ কঠীয়াৰে এবিঘা মাটি ৰুব পৰা যাব।





 ফ’টসমূহ বিভিন্ন উৎসৰপৰা সংগ্রহ কৰা হৈছে।