Sunday, 26 May 2013

পৰিবেশ আন্দোলনৰ হোত্রী ৰাচেল কার্চন... On Rachel Carson...


  
 সেউজী ধৰণী                                                                                                    
                                                                                                                    
ৰিবেশ আন্দোলনৰ হোত্রী ৰাচেল কার্চন

ডঃ চাদিকুল হুছেইন


 [আজিৰ পৰা ১০৬ বছৰৰ পূর্বে অর্থাৎ ১৯০৭ চনৰ ২৭ মে’ তাৰিখত আমেৰিকাত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল যাক The Life আলোচনীয়ে যোৱাটো শতিকাৰ শ্রেষ্ঠ এশ গৰাকী আমেৰিকানৰ শাৰীত স্থান দিছে। এই বিদুষী মহিলাগৰাকীৰ জন্ম শতবার্ষিকীত (২০০৭-০৮) শ্রদ্ধাঞ্জলি জনাই লেখা এই প্রৱন্ধটো ‘প্রান্তিক’ ১৬-৩১ মে’,২০০৮ সংখ্যাত প্রকাশ পাইছিলআজি তেখেতক স্মৰণ কৰি লেখাটো “সেউজী ধৰণী”ত পুনৰবাৰ সকলোৰে বাবে উপলব্ধ কৰা হ’ল ]



                 আজিৰ পৰা এশ বছৰৰ আগেয়ে অর্থাৎ ১৯০৭ চনৰ ২৭মে’ তাৰিখে আমেৰিকাৰ পিটচ‌‌বার্গৰ উপকণ্ঠ স্প্রিংডেলত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল। সময়ৰ লগে লগে কন্যা সন্তানটি একলা দুকলাকৈ বাঢ়ি আহে। কিন্তু এই কণমাণি ছোৱালীজনী আন দহজনী সমনীয়া ছোৱালীতকৈ যেন কিছু বেলেগযি বয়সত সমনীয়াবোৰে নাচ-বাগ, খেলা-ধুলাত ব্যস্ত আছিল সেই সময়ত তাই ঘুৰি ফুৰিছিল জান-জুৰিৰ পাৰে পাৰে। চৰাই-চিৰিকটিৰ মাতত বিভূৰ হৈ ভ্রমি ফুৰিছিল হাবিতলীয়া অঞ্চলবোৰত। এইদৰে প্রকৃতিৰ মাজত থাকি ভাল পোৱা ছোৱালীজনীয়ে কেৱল প্রকৃতিৰ বৈচিত্রবোৰ চাই থাকিয়েই ক্ষান্ত নাথাকি মাত্র এঘাৰ বছৰ বয়সতে হাতত কলম তুলি প্রকৃতিৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰে। মনতে ঠিক কৰিলে সাহিত্যক মুল বিষয় হিচাপে লৈ অধ্যয়ন কৰি পাছলৈ এগৰাকী লেখিকা হোৱাৰ। কিন্তু দিন যোৱাৰ লগে লগে ছোৱালীজনী চৰাই-চিৰিকতিৰ প্রেমত এনেদৰে মতলীয়া যে পূর্বৰ সিদ্ধান্ত সলনি কৰি জীৱ বিজ্ঞান পঢ়িবলৈ স্থিৰ কৰে। সেইমতে জীৱ বিজ্ঞান বিষয়ত অধ্যয়ন কৰি ১৯২৯ চনত স্নাতক উপাধি আৰু ১৯৩২ চনত জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰে। জীৱ বিজ্ঞানত গৱেষণা কৰি ডক্তৰেট উপাধি বলৈ সাজু হওতেই পিতৃ বিয়োগ হয়। মাক আৰু দুগৰাকী বায়েকক লৈ থকা সৰু পৰিয়ালটোত লাহে লাহে অভাৱ-অনাটনে দেখা দিবলৈ ধৰেহি। এই সমস্যাৰ বাবে গৱেষণাৰ কাম আধাতে বাদ দি ছোৱালীজনীয়ে জন্স হপকিন্স বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয় আৰু ইয়াৰ কিছুদিনৰ পাছত আমেৰিকাৰ Bureau of Fishery অনাতাঁৰ বিভাগত এগৰাকী বিজ্ঞানভিত্তিক ৰচনা লেখিকা হিচাপে যোগদান কৰে।   
         

     সৰুতে সাহিত্যক মুল বিষয় হিচাপে অধ্যয়ন কৰি নিজকে এগৰাকী লেখিকা ৰূপে গঢ় দিবলৈ ইচ্ছা কৰা ছোৱলীজনীয়ে এই পদটো বৰ ভাল পালে। বিজ্ঞান আৰু সাহিত্যৰ চর্চা সমানে কৰি যাবলৈ ধৰিলে। ছোৱালীজনীৰ কলমৰ মাজেৰে বিজ্ঞানৰ নিৰস যেন লগা কথাবোৰ অতি ৰসাল হৈ ওলাল। অনাতাঁৰ মাধ্যমেৰে প্রচাৰ হোৱা এনে লেখাবোৰৰ মাজেৰে ছোৱালীজনী সর্বসাধাৰণৰ প্রিয় হৈ উঠিল। বিভাগীয় অধ্যাপকজনে ছোৱালীজনীৰ মাজত থকা প্রতিভালৈ লক্ষ্য কৰি আলোচনী আদিত লিখিবলৈ উৎসাহ যোগালে। সেই সময়তে এই মেধাবী ছোৱালীজনীয়ে Civil Service পৰীক্ষাত পাছহৈ ১৯৩৬ চনত নিজৰ প্রতিষ্ঠানতে Junior Aquatic Biologist পদত যোগদান কৰে আৰু এই পদ লাভ কৰা আমেৰিকাৰ দ্বিতীয় মহিলা হিচাপে পৰিগণিত হয়।


                       নতুন পদত যোগদান কৰি ছোৱালীজনী নতুন উদ্যোমেৰে কামত লাগিল। বিভাগীয় অধ্যাপকজনৰ পৰামর্শৰ কথা মনত ৰাখি Atlantic Monthly নামৰ আলোচনীখনত এলানি ৰচনা লিখিবলৈ ঠিক কৰে। ৰচনাৰ বিষয়বস্তু হিচাপে বাছনি কৰে সাগৰৰ বিচিত্র ৰেহ-ৰূপ। এই ৰচনালানি প্রকাশ পোৱাৰ লগে লগে ছোৱালীজনী সর্বসাধাৰণৰ মাজত এগৰাকী জনপ্রিয় লেখিকা হৈ পৰে। পঢ়ুৱৈৰ পৰা পোৱা সমাদৰৰ বাবে ৰচনালানি Under the Sea Wind” নামেৰে কিতাপ আকাৰত প্রকাশ পায়। প্রথমলানি ৰচনাই আনি দিয়া সফলতাই নতুন এলানি ৰচনা লিখিবলৈ অনুপ্রাণিত কৰে। The Newyork আৰু The Nature ত প্রকাশ পোৱা এই ৰচনালানিক Oxford University Press য়ে The Sea Around Us” নামেৰে কিতাপৰ আকাৰে প্রকাশ কৰে। এই কিতাপখন ইমান জনপ্রিয় হ’ল যে একেধাৰে ৮৬ সপ্তাহ Best Seller স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে National Book Award লাভ কৰে। আর্থিক অনাটনৰ কাৰণে ডক্তৰেট উপাধিৰ বাবে প্রয়োজন হোৱা গৱেষণাৰ কাম আধাতে বাদ দিয়া ছোৱালীজনীলৈ এই কিতাপখনে ডক্তৰেট উপাধি কঢ়িয়াই আনে।

মাত্র এঘাৰ বছৰ বয়সতে প্রকৃতিৰ বিষয়ে লিখিবলৈ হাতত কলম তুলি লোৱা ছোৱালীজনীৰ কলম ইয়াতে ৰৈ নগ’ল। এইবাৰ সাগৰৰ বিষয়ে তৃতীয়তো খণ্ড লিখিবলৈ ঠিক কৰি চাকৰি ইস্তাফা দি full time writer হৈ পৰিল। ফলস্বৰূপে প্রকাশ পালে The Edge of The Sea” । এই কিতাপখনৰ বিষয়বস্তুক লৈ প্রস্তুত কৰা তথ্যচিত্রখনে অস্কাৰবঁটা লাভ কৰে। ইতিমধ্যে ছোৱালীজনীয়ে নবৈ বছৰীয়া ৰুগীয়া মাতৃক লগত লৈ মেৰিলেণ্ডত নিগাজিকৈ থাকিবলৈ লয়। কিন্তু মেৰিলেণ্ডৰ পৰিবেশ আৰু সেই সময়ৰ কিছুমান ঘটনাৰাজিয়ে প্রকৃতিপ্রমী ছোৱালীজনীক এইবাৰ এনে এটা বিষয়ৰ ওপৰত লিখিবলৈ বাধ্য কৰালে যাৰ বাবে আজি ছোৱালীজনীক বিশ্বৰ প্রতিজন প্রকৃতিপ্রমী, পৰিৱেশ সচেতন ব্যক্তিয়ে শ্রদ্ধাৰে স্মৰণ কৰে। মেৰিলেণ্ডত থাকি ছোৱালীজনীয়ে এনে কি লিখিলে আৰু তাইৰ নামেই বা কি সেই বিষয়ে জনাৰ আগেয়ে দ্বিতীয় মহাযুদ্ধৰ সময়ৰ এটা আৱিষ্কাৰ আৰু তাৰ পাছৰ কিছু ঘটনাৰ বিষয়ে জনাটো উচিত হ’ব।


ছুইজাৰলেণ্ডৰ বিজ্ঞানী Paul Muller য়ে ১৯৩৯ চনত dichlorodiphenyl trichoroethane চমুকৈ যিবিধ ৰাসায়নিক পদার্থক DDT বুলি জনা যায় সেইবিধ পদার্থৰ কীটনাশক গুণ আবিষ্কাৰ কৰে। এই আবিষ্কাৰৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে আমেৰিকাই নিজাববীয়াকৈ পৰীক্ষা কৰি পতিয়ন গ’ল যে বিশ্বযুদ্ধৰ বাবে পৃথিৱীৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা আমেৰিকান সৈন্যসকলে মৃত্যুদূত ৰূপে গণ্য কৰা এন’ফিলিচ নামৰ মেলেৰিয়া বেমাৰৰ বীজাণুবাহক ক্ষুদ্র মহবিধ নাশ কৰিবলৈ DDT নামৰ এই পদার্থবিধ অতি উত্তম। তাৰ পাছত ১৯৪২ চনত DDT নামৰ পদার্থবিধ কীটনাশক হিচাপে উৎপাদিত হৈ Guerasol আৰু Neocide নামেৰে বজাৰলৈ ওলাই আহে। লগে লগে মেলেৰিয়া নির্মূলৰ অভিযানত অতি ব্যাপক হাৰত DDTব্যৱহাৰ হ’বলৈ ধৰিলে।ফলাফল অতি চমকপ্রদ! সকলোৱে একেমুখে DDT ক “Wonder insecticide of World War II ” বুলি কবলৈ বাধ্য হ’ল। কোনোৱে আকৌ ক’লে “ Saviour of Mankind” এনে সাফল্যৰ পাছত DDT ৰ লগতে BHC, Aldrin, Endrin  আদি অনেক কীটনাশক দ্রব্যই বজাৰ ছানি ধৰিলে। সূচনা হ’ল অনিষ্টকাৰী কীট-পতংগৰ বিৰুদ্ধে মানুহে আৰম্ভ কৰা যুদ্ধৰ এক নতুন যুগৰ। প্রথমে মেলেৰিয়া আদি বেমাৰৰ বীজাণুবাহকৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা কীটনাশক দ্রব্যবোৰ লাহে লাহে কৃষি পথাৰত প্রৱেশ কৰিলে। অনিষ্টকাৰী কীটৰ বাবে খাদ্যশস্যৰ উৎপাদন হ্রাস পোৱাৰ পৰিমাণ কমি গ’ল। ফলত এনে অৱস্থা পালেহি যে আমেৰিকা আদি উন্নত দেশবোৰে খেতি-পথাৰত কীটনাশক ছটিয়াবলৈ উৰাজাহাজ ব্যৱহাৰ কৰিবলৈ ল’লে। সকলোৰে মুখত কীটনাশকৰ জয়গান। DDT ৰ কীটনাশক গুণ আৱিষ্কাৰৰ বাবে Paul Muller ক ১৯৪৮ চনত নোবেল বঁটাৰে পুৰস্কৃত কৰা হ’ল। লাহে লাহে মানুহে অনিষ্টকাৰী কীট-পতংগ নিবাৰণৰ আন উপায়বোৰ পাহৰি গ’ল।

কীটনাশকৰ এনে চমকপ্রদ ফলফলৰ মাজতো কিছুসংখ্যক বিজ্ঞানী সচকিত হৈ পৰিল। তেওঁলোকে দেখিলে যে ৰাসায়নিক কীটনাশকবোৰে কেৱল মাত্র অপকাৰী কীট-পতংগকে নাশ কৰা নাই; এইবোৰে প্রকৃতিত থকা আন বহুবোৰ উপকাৰী কীট-পতংগ, চৰাই-চিৰিকটি, জীৰ-জন্তুকো সমানে নিমূল কৰিছে। এই কার্য দেখি Elmer Higgins আৰু Clarence Cottam নামৰ বিজ্ঞানী দুজনে ১৯৪৬ চনত এখন গৱেষণা পত্রৰ মাধ্যমেৰে  DDT  আদি কীটনাশকবোৰে প্রকৃতিৰ ওপৰত পেলোৱা কুপ্রভাৱৰ বিষয়ে প্রকাশ কৰিলে। এই লেখা প্রকাশ হোৱাৰ আগৰ বছৰ অর্থাৎ ১৯৪৫ চনত আমি পূর্বে উল্লেখ কৰা ছোৱালীজনীয়ে DDT আদি কীটনাশকবোৰৰ পৰা হব পৰা কুফলবোৰৰ বিষয়ে সর্বসাধাৰণক সচেতন কৰিবলৈ Reader’s Digest নামৰ আলোচনীখনৰ পৰা অনুমতি বিচাৰিলে। কিন্তু ছোৱালীজনীয়ে সেই অনুমতি নাপালে। এই কার্যই দৃঢ়মনৰ ছোৱালীজনীক হতাশ নকৰিলে; বৰং কীটনাশকৰ বাবে পৰিবেশৰ ওপৰত ইতিমধ্যে দেখা দিয়া কুপ্রভাৱৰ বিষয়ে আৰু অধিক তথ্য বিচাৰি ঘুৰি ফুৰিল। অৱশেষত প্রায় চাৰি বছৰকাল গৱেষণা কৰি এনে এখন কিতাপ লেখি উলিয়ালে যিখন ১৯৬২ চনৰ ২৭ ছেপ্তেম্বৰত প্রকাশ পোৱাৰ দিনটোতে ৪০,০০০ কপি বিক্রি হৈ যায়। বছৰৰ শেষলৈ এই সংখ্যা এক লাখ অতিক্রম কৰে। কিতাপখনে আমেৰিকা আৰু আন উন্নত দেশৰ সচেতন ব্যক্তিসকলক এনে দৰে জোঁকাৰি গল যে ১৯৬৩ চনত American Geographical Society য়ে ছোৱালীজনীক Audubon Medel প্রদান কৰে। এই সন্মান পোৱা এওঁ হল প্রথম গৰাকী মহিলা। এই মেডেলৰ লগত দিয়া প্রশস্তি পত্রত ছোৱালীজনীৰ বিষয়ে এই বুলি খোদিত হ"Distinguished scientist, gifted writer, sensitive and perceptive interpreter of the ways of nature, who authored a book called SILENT SPRING ; Through it she alerted and aroused the public about needless and dangerous chemical pollution of our environment And sounded a timely warning that technology run away from science can be a threat to Man" |













    হয়, কিতাপখনৰ নাম Silent Spring অর্থাৎ নিৰৱ বসন্ত । পখীৰ কাকলি বিহীন বসন্ত আৰু লেখিকা হ’ল ৰাচেল কার্চন। প্রথম অৱস্থাত কিতাপখনৰ নাম The Control of Nature ৰাখিবলৈ ঠিক কৰি পাছত Man Against The Nature  নামাকৰণ কৰিবলৈ বিচাৰিলে। কিন্তু সৰুতে পখীৰ মাতত বিভূৰহৈ ঘুৰি ফুৰা ছোৱালীজনীৰ দুয়োটা নামেই পছন্দ নহ’ল। শেষত কিতাপখনত অন্তর্নিহিত বার্তাক সঠিক ৰূপত তুলি ধৰিব পৰাকৈ নামাকৰণ কৰা হ’ল Silent Spring ইতিমধ্যে DDT ৰ প্রভাৱত পৰি ৰঙা বুকুৰ Robin নামৰ সৰু ধুনীয়া পখীটি কেনেকৈ লোপ পাবলৈ ধৰিছে তাক Roy Barker নামৰ প্রকৃতিপ্রেমী বিজ্ঞানীজনে অনুসন্ধান কৰি দেখা পাইছিল। সেয়েহে কীটছৰ কবিতা এফাঁকি---"The sedge is wither’d from the lake, And no bird sing…." কিতাপখনৰ motto হিচাপে প্রথমেই ঠাই পালে।

      কিতাপখন প্রকাশ হোৱাৰ লগে লগে যিদৰে প্রকৃতিপ্রেমীসকল সজাগ হ’ল সেইদৰে কীটনাশক প্রস্তুত কৰা কোম্পানীবোৰ কিতাপখন আৰু লেখিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। তেওঁলোকে লেখিকাক এগৰাকী চৰাই চাই ঘুৰি ফুৰা সন্ন্যাসিনী বুলি ইতিকিং কৰিয়েই ক্ষান্ত নাথাকি কমিউনিষ্ট বুলিও আখ্যা দিলে। এই সকলোবোৰকে চেৰাই American Cynamid Company ৰ ( ভূপালৰ সেই অভিশপ্ত দিনটোলৈ মনত পৰিছেনে?) এজন জ্যেষ্ঠ বিষয়াই কৈ উঠিল --- এই কিতাপখনৰ কথা মানিবলৈ হ’লে আমি dark age লৈ উভটি যাব লাগিব আৰু পৃথিৱীখন পুনৰ কীট-পতংগ, বেমাৰ-আজাৰৰ লীলাভূমী হৈ পৰিব।

কিন্তু আমেৰিকা এখন গণতান্ত্রিক ৰাষ্ট্র। সেইসময়ত ৰাষ্ট্রপতি আছিল জন এফ কেনেডি। তেখেতে কিতাপখনৰ বার্তা যেন বুজি পালে। লগে লগে ৰাষ্ট্রপতিৰ Science Advisory Committee ৰ পৰা কিতাপখনৰ ওপৰত প্রতিবাদন বিচাৰিলে। ফলস্বৰূপে লেখিকাই চিনেট কমিটীৰ সন্মূখত যুক্তি সহকাৰে সকলোকে পতিয়ন নিয়ালে আৰু অনতিপলমে পৰিবেশ তথা সর্বসাধাৰণ ৰাইজৰ হিতৰ কথা চিন্তা কৰি কীটনাশকবোৰৰ ব্যৱহাৰ নিয়ন্ত্রিত কৰিবলৈ অনুৰোধ কৰিলে। এই অনুৰোধৰ ফলস্বৰূপেই যেন গঠন হ’ল Environmental Protection Agency ( EPA )| প্রকৃতিপ্রেমী আৰু পৰিবেশ কর্মীসকলৰ উৎসাহ বাঢ়ি গ”ল আৰু ১৯৭২ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্রত DDT ৰ ব্যৱহাৰ বন্ধ হৈ গ’ল।


এইদৰে Silent Spring নামৰ কিতাপখনক সাৰথি কৰি আমেৰিকাত এক আন্দোলনে গা কৰি উঠে যাৰ ঢৌৱে অসমকো চুইছেহি। এই কিতাপখনৰ ২৫তম সংস্কৰণৰ পাতনিত আমেৰিকাৰ ভূতপূর্ব উপ-ৰাষ্ট্রপতি Albert Gore য়ে লেখিছে " Without this book the environmental movement might have been long delayed or never have been developed at all." সেয়েহে এই কিতাপৰ লেখিকা ৰাচেল কার্চনক The Life আলোচনীয়ে যোৱাটো শতিকাৰ শ্রেষ্ঠ এশ গৰাকী আমেৰিকানৰ শাৰীত স্থান দিছে। আনহাতে যোৱা পঞ্চাছ বছৰত প্রকাশ পোৱা উল্লেখযোগ্য কিতাপসমূহৰ ভিতৰত Silent Spring নামৰ কিতাপখন অন্যতম বুলি বিবেচিত হৈছে।

আজি আমি Integrated Pest Management ৰ কথা কৈছো। কোনো কোনোৱে Organic Farmingঅর্থাৎ জৈৱিক কৃষিৰ কথাও কৈছে। কিন্তু এনে চিন্তাধাৰাৰ বাটকটীয়া সকলৰ ভিতৰত ৰাচেল কার্চন অন্যতম। যি সময়ত এচাম ব্যৱসায়ী অতি নিষ্ঠুৰ ভাবে তেখেতৰ বিৰুদ্ধে মুখৰিত হৈ পৰিছিল সেই সময়ত এই গৰাকী প্রকৃতিপ্রেমী বিচলিত নহৈ নিজ কর্মত ব্যস্ত থাকি সহকর্মীসকমক মাথো কৈছিল " Let the course of events provide the answer "সময়ৰ লগে লগে Silent Spring প্রতিটো বাক্যই সঁচা বুলি প্রমাণিত হ’বলৈ ধৰিলে। অৱশেষত সেই কিতাপৰে A Fable of Tomorrow নামৰ অধ্যায়টোৰ কল্পিত চহৰখনৰ all men and animals silenced by DDT ৰ দৰে ১৯৮৪ চনৰ সেই অভিশপ্ত দিনটোত ভাৰতবর্ষৰ ভূপাল নগৰীত নিশা শুই থাকোতেই অগণন মানুহ আৰু জীৱ-জন্তু মৃত্যুৰ কোলাত ঢলি পৰিল। হাজাৰজন পঙ্গু হ’ল । এই ভূপাল কাণ্ডৰ উৎস হ’ল Sevin নামৰ কীটনাশক প্রস্তুত কৰা কোম্পানীটোৰ পৰা নির্গত হোৱা বিষাক্ত গেছ। সময় বৰ নিষ্ঠুৰ। এই কোম্পানীটো হ’ল Union Carbide যাৰ সহযোগী American Cynamide Company য়ে ৰাচেল কার্চনৰ কথা মানিলে মানৱ জাতি Dark Age লৈ ঘুৰি যাব লাগিব বুলি কৈছিল। আজি সেই কোম্পানীটোৰ কি হ’ল সেয়া সর্বজন বিদিত

অসম এখন চিৰ সেউজীয়া দেশ। নানান চৰাইৰ সুমধূৰ গীতে অসমৰ আকাশ-বতাহ মুখৰিত কৰি ৰাখে। বসন্ত কালত এতিয়াও কুলি-কেতেকীৰ মাত ৰৈ ৰৈ শুনি আছো। কিন্তু আৰু কিমান দিন ? বর্তমান অসমত যি হাৰত ৰাসায়নিক কীটনাশক ব্যৱহাৰ হ’বলৈ ধৰিছে আৰু যিটো গতিত এইবোৰ গাঁৱে-ভূঁয়ে উপলব্ধ হৈ পৰিছে তালৈ চাই সুজলা-সুফলা, শস্য শ্যামলা অসমত যে অচিৰতে কুলি-কেতেকীৰ মাত স্তব্ধ হৈ পৰিব সেইটো ধুৰুপ। সেয়েহে জন্ম শতবার্ষিকিত ৰাচেল কার্চনক স্মৰণ কৰি অসমৰ প্রতিজন সচেতন ব্যক্তিয়ে কিছু চিন্তা-চর্চা কৰাটো উচিত হ’ব। জোঁৰ পুৰি এতিয়াও হাত পোৱাহি নাই





________________________________________________________________________________________

লেখক: বিজ্ঞানী, টেঙা গৱেষণা কেন্দ্র, তিনিচুকীয়া, 
ম’বাইল: ৯৪৩৫১৩৫৬৩১

বি:দ্র:- আমেৰিকাৰ ভূতপূর্ব উপ-ৰাষ্ট্রপতি Albert Gore আৰু Intergovernmental Panel on Climate Change (IPCC) য়ে ২০০৭ চনত যুটীয়া ভাবে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
                                                                                 




                                                                                                        
                                                                                                                          
                   

 



             








                                                                                                       


             








                                                                                                       

Sunday, 12 May 2013

Role of horticulture in self-reliance - উদ্যান শস্যৰ দ্বাৰা স্বাৱালম্বন



  সেউজী ধৰণী
    অতিথী চ’ৰা               

উদ্যান শস্যৰ দ্বাৰা স্বাৱলম্বন
বিনীতা হাজৰিকা

 ধান অসমৰ প্রধান শস্য। ৰাজ্যখনৰ জলবায়ু বিভিন্ন শস্যৰ বাবে উপযোগী যদিও প্রধানকৈ এইবিধ শস্যক কেন্দ্র কৰিয়েই অসমৰ গ্রাম্য অর্থনীতি গঢ় লৈ উঠিছে। সেয়ে হয়তো কোৱা হয় “যাৰ নাই ধান, তাৰ নাই মান”। কিন্তু ধানৰ পৰিও আন শস্যৰ খেতি কৰি কৃষকসকল আর্থিকভাবে লাভবান হ’ব পাৰে। এনে এক শস্য হৈছে উদ্যান শস্য। ফল-মূল,শাক-পাচলি, আলুজাতীয় শস্য, বিভিন্ন ধৰণৰ ফুল, ঔষধি তথা সুগন্ধি গছ-পাত আদিক উদ্যান শস্য কোৱা হয় আৰু এইবোৰ শস্য সাধাৰণতে উদ্যান পাতি কৰা হয়। ইতিমধ্যে পৃথিৱীৰ সকলো দেশতে উদ্যান শস্যৰ খেতি লাভজনক হিচাপে পৰিগণিত হোৱাৰ লগতে বহুতো দেশৰ অর্থনীতি উদ্যানশস্যভিত্তিক হৈ পৰাও দেখা গৈছে। ভাৰতবর্ষতো সৰু-বৰ প্রতিখন নগৰৰ আশে-পাশে বিভিন্ন উদ্যান শস্যৰ খেতি ব্যৱসায়িকভিত্তিত কৰা হয় আৰু এইবোৰৰ ভিত্তিত বহুতো উদ্যোগ গঢ় লৈ উঠিছে। উদ্যান শস্যৰ এনে লাভজনক দিশৰ প্রতি অসমৰ কৃষকসকল সচেতন নহয়। অথচ অসমৰ ‘বাৰী পদ্ধতি’ক ব্যৱসায়িক ৰূপ দি অতি সহজে স্বাৱলম্বী হ’ব পৰা যায়। ইতিমধ্যে বিভিন্ন চৰকাৰী আঁচনিৰ জড়িয়তে কৃষকসকলক এই দিশত উৎসাহিত কৰিবলৈ যত্ন কৰি থকা হৈছে আৰু ঠাই বিশেষে এনে আঁচনিৰ দ্বাৰা কৃষকসকল উপকৃত হোৱা পৰিলক্ষিত হৈছে। আমাৰ এই লেখাত উদ্যান শস্যৰ দ্বাৰা লাভবান হ’ব পৰা কেতবোৰ দিশৰ বিষয়ে আলোকপাত কৰা হ’ল।
উদ্যান শস্যৰ দ্বাৰা লাভবান হ’ব পৰা প্রধান শস্যবিধ হৈছে শাক-পাচলি। সুষম আহাৰৰ বাবে বতৰৰ শাক-পাচলি অপৰিহার্য। সেয়ে এনেবোৰ শস্যৰ প্রতি সকলো শ্রেণীৰ গ্রাহক আগ্রহী। আনহাতে এইটোও দেখা যায় যে বজাৰত আগতীয়াকৈ উপলব্ধ হোৱা শাক-পাচলিৰ মূল্য সদায় বেছি। সেয়ে বজাৰ আৰু গ্রাহক এই দুয়োটা দিশলৈ লক্ষ্য কৰি শাক-পাচলিৰ বাৰীখন পাতিলে কৃষকজন অধিক লাভবান হোৱাৰ থল আছে। এই ক্ষেত্রত ‘পলি হাউছ’ বা সেউজ গৃহৰ ভূমিকা অতি গুৰুত্বপূর্ণ। এনে গৃহৰ লগতে এখন সু-পৰিকল্পিত আঁচনি প্রস্তুত কৰি আগবাঢ়িলে নগৰ-চহৰৰ দাঁতি-কাষৰীয়া কৃষকসকল শাক-পাচলিৰ খেতিৰ কৰি সহজে স্বাৱালম্বী পাৰে।







চহৰ অঞ্চলৰ পৰা কিছু নিলগত অথচ বাট-পথৰ সু-ব্যৱস্থা থকা এলেকাত বিভিন্ন ফল-মূলৰ বাগিচা পাতিব পৰা যায়। অসমত নেমু, সুমথিৰা, কল, নাৰিকল,আনাৰস,লিচু আদি ফলবোৰ ব্যৱসায়িক ভিত্তিত খেতি কৰি স্বাৱালম্বী হোৱাৰ প্রৱল সম্ভাৱনা আছে। এনেবোৰ শস্য একাধিক ব্যৱহাৰৰ বাবে উপযোগী হোৱা বাবে বজাৰত অধিক মূল্য পায়। ইতিমধ্যে অসমত  ফল-মূলৰ ওপৰত ভিত্তি কৰি বহুকেইটা উদ্যোগ গঢ় লৈ উঠিছে। আনহাতে প্রশিক্ষণপ্রাপ্ত বহুতো আত্মসহায়ক গোট এনে উদ্যোগৰ প্রতি উৎসাহিত হৈ উঠা দেখা গৈছে যিটো শুভলক্ষণ।








   আমাৰ দৈনন্দিন জীৱনত ফুলৰ ব্যৱহাৰ ক্রমে বাঢ়ি অহা দেখা গৈছে। পূজা-পর্বৰ উপৰিও বিবাহ বা আন মাঙ্গলিক কাম-কাজত ফুল অপৰিহার্য। তদুপৰি সভা-সমিতি আদিত গৃহসজ্জাৰ লগতে মালা নাইবা পুষ্পসজ্জা আদিক যথেষ্ট গুৰুত্ব দিয়া হয়। আনকি শুভেচ্ছা জ্ঞাপন নাইবা ৰুগীৰ আৰোগ্য কামনা কৰিবলৈকো ফুলৰ আৱশ্যক হৈ পৰিছে। এনে এক পটভূমিত ফল-মূলৰ লগতে ব্যৱসায়িকভিত্তিত ফুলৰ খেতি কৰিও লাভবান হ’ব পৰা যায়। অৱশ্যে শাক-পাচলি নাইবা ফল-মূলতকৈ ফুলৰ বজাৰখনৰ চৰিত্র কিছু সুকীয়া। বছৰৰ সকলো সময়তে ফুলৰ চাহিদা আছে যদিও গুৰুত্বপূর্ণ উৎসৱ, পূজা-পার্বন,বিবাহ আদিক উপলক্ষ্য কৰি ফুলৰ খেতি কৰিলে অধিক লাভবান হ’ব পৰা যায়। এইদৰে কোনো বিশেষ সময়ক লক্ষ্য কৰি কৰা খেতিক ইংৰাজীত spot cropping কোৱা হয়। ফুলৰ খেতিৰ লগতে পুষ্পসজ্জাৰ বিভিন্ন দিশবোৰো শিকি-বুজি ল’লে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ সুযোগ থাকে।








উদ্যান শস্যৰ আন এক দিশ হ’ল বীজ বা পুলিবাৰী। উৎকৃষ্টমানৰ ফুল,ফল,শাক-পাচলিৰ বীজৰ চাহিদা সদায়ে বেছি। এনে বীজ উৎপাদন কৰি যথেষ্ট অর্থ উপার্জন কৰিব পাৰি। শীতকালিন শাক-পাচলি যেনে:কবি, বিলাহী আদিৰ বীজ উৎপাদন কিছু জটিল যদিও এইবোৰৰ উন্নতমানৰ পুলি উৎপাদন কৰিও লাভবান হ’ব পাৰি। সেইদৰে বছৰৰ বিভিন্ন সময়ত হোৱা ফুলৰ পুলিবাৰী স্থাপন কৰিও স্বাৱলম্বী হ’ব পৰা যায়। এনে একোখন পুলিবাৰী পাতিবলৈ বৰ বেছি মাটি কিম্বা অৰ্থৰ আৱশ্যক নাই। আগ্রহ, একাগ্রতা আৰু ধৈর্যক মূলধন হিচাপে লৈ আগবাঢ়ি বৃহৎ নার্চাৰীৰ গৰাকী হোৱাৰ উদাহৰণ এই অসমতে বহুকেইটা আছে। সেয়ে ইচ্ছুক যুৱক-যুৱতীসকল এই দিশত অনায়েসে আগবাঢ়িব পাৰে। পাছলৈ এখেতসকলে সেউজ গৃহ, টিচু কালচাৰ আদি আধুনিক কৌশলবোৰ অৱলম্বন কৰি নিজ নিজ অঞ্চলত একোএকোজন বাটকটীয়া হৈ উঠাৰ সম্ভাৱনা আছে।
অসমৰ পাহাৰীয়া অঞ্চলত বিভিন্ন মচলাজাতীয় শস্য যেনে: আদা, হালধি, নহৰু, জলকীয়া, জালুক আদিৰ খেতি কৰা হয়। ইয়াৰ উপৰিও নানানবিধ বনৌষধি তথা সুগন্ধি গছ-লতাৰ খেতিও অঞ্চল বিশেষত কৰা দেখা যায়। অসমৰ ভোট জলকীয়া বর্তমান পৃথিৱী বিখ্যাত। সেইদৰে কার্বি পাহাৰত হোৱা bird’s eye chilly ৰ চাহিদাও যথেষ্ট বেছি। মৰাণ আদা, শিলিখা, আমলখী আদি বিভিন্ন ঔষধ কোম্পানীয়ে অসমৰ পৰা সংগ্রহ কৰি নিয়ে। উন্নত পদ্ধতিৰে এনেবোৰ শস্যৰ খেতি কৰিও কৃষকসকল লাভবান হোৱাৰ যথেষ্ট থল আছে।  ৰাজ্যিক কৃষি বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা উদ্যান শস্যৰ প্রযুক্তি অভিযানৰ বিভিন্ন আঁচনিৰ বিষয়ে বুজি কৃষকসকল এই দিশত আগবাঢ়িব পাৰে। অৱশ্যে এইখিনি সম্ভৱ হৈ উঠিব উপযুক্ত প্রশিক্ষণ আৰু তাৰ ব্যৱহাৰিক প্রয়োগৰ দ্বাৰা। বর্তমান অসমৰ প্রতিখন জিলাতে একো একোটা কৃষি বিজ্ঞান কেন্দ্র আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা এই কেন্দ্রবোৰৰ যোগেদি কৃষকসকল প্রশিক্ষণপ্রাপ্ত হৈ উদ্যান শস্যৰ বিভিন্ন দিশত আগবাঢ়ি নিজে লাভবান হোৱাৰ লগতে ৰাজ্য অর্থনীতি সবল কৰিব পাৰিব।
_________________________________________________________________

লেখিকা কৃষি বিজ্ঞান কেন্দ্র, তিনিচুকীয়াৰ বিষয় বিশেষজ্ঞ    ম’বাইল: ৯৪৩৫২৬১১৪৮     

               
                                               


Thursday, 25 April 2013

Climate change and Agricultural Biodiversity


সেউজী ধৰণী
অতিথী চ’ৰা

Climate change and Agricultural Biodiversity

Dr. D.N. Chakravarty

Biodiversity is the source of the plants and animals that forms the basis of agriculture and the immense variety within each crop and livestock species. Countless other species contribute to the essential ecological functions upon which agriculture depends. Worldwide there is now a huge diversity of agricultural system ranging from paddy varieties of Asia to dryland pastoralsystems of Africa and hill farms in the mountain of South America. Of the 27,000 species of higher plants, about 7000 are used in Agriculture. Animal and insects pollinate approximately 80% of angiosperms which amount to about 300,000 flower visiting species.



However, the Earth’s biodiversity is being lost at an alarming rate, putting in jeopardy the sustainability of ecosystem services and agriculture and their ability to adapt to changing conditions. As custodians of land and natural resources, including biodiversity, farmers and agricultural scientist manage agricultural biodiversity and their landscapes. They are allies in global effort to manage biodiversity better.
According to FAO about 7000 species of plants have been cultivated since human first began farming. To-day, only 30 crops provide an estimated 90% of the world population’s dietary energy requirements, with wheat, rice and maize alone providing about half the dietary energy consumed globally. Of the estimated 15,000 species of mammals and birds, only some 30 to 40 have been domesticated for food production and less than 14 species including cattle, goats, sheep, buffalo and chickens accounts for 90% of global livestock production. FAO data indicate that during the past six years, a breed has been lost each month.

Many modern practices and approaches to intensification aimed at achieving high yields include use of monocultures with reduction in cropping diversity and elimination of rotation, use of HYV and hybrids with loss of traditional varieties and diversity together with the need for high inputs or inorganic fertilizers, control of weeds, pests and diseases with chemical pesticide than mechanical or biological methods.
Land and habitat conversion to large scale agricultural production, including drainage of land and conversion of wetlands has also caused significant loss of biodiversity. The homogenization of farming landscape with elimination of natural areas to achieve large scale mechanized production has also lead to decline in biodiversity and ecological spots.
The increased demand for animal feed puts increased pressures on cultivated systems, with consequently an increased demand for water and nitrogen, other fertilizers and chemical pesticides inputs. Emphasis on modern system on quantity of yield has led to selection and breeding for high production and loss of traditional breeds that held other traits, qualities and adaptation, now lost.
Thus human activities are driving the loss of biodiversity at an unprecedented rate, up to 1000 times than natural rate of species loss. All the achievements on higher productivity are being done without major regards to the erosion of biodiversity.


  -----------------------------------------------------
Writer is Retd. Dean (Agri.) AAU and presently      Director, NEOLAND Technologies, Guwahati-24;                       Cell-94351 16605; E-mail: neoland123@gmail.com


Saturday, 30 March 2013

হর্ল মেগট...Whorl maggot








সেউজী ধৰণী

হর্ল মেগট- আহুৰ বতৰৰ এটা সমস্যা

ডঃ চাদিকুল হুছেইন

হুৰ বতৰত নতুনকৈ ৰোৱা গোছাবোৰৰ পাতৰ কাষত পোকে খোৱা চিন এটা প্রায়ে দেখা যায়। প্রথম অৱস্থাত দেখা পাতল হালধীয়া সৰু অংশটো লাহে লাহে মুগা বৰণীয়া হৈ পৰাৰ লগতে পাতখিলা সামান্য দো খাই পৰে। আক্রমণৰ মাত্রা বেছি হ’লে পাতবোৰ গছৰ পৰা ছিঙি সৰি যায় জলসিঞ্চনৰ সুবিধা থকা অঞ্চলত ইহঁতৰ প্রাদুর্ভাৱ বেছি হয়। এয়া হর্ল মেগটৰ আক্রমণৰ চিন। কণীৰ পৰা ফুটি ওলোৱাৰ পাছতে ইয়াৰ পাতল হালধীয়া বৰণৰ পলুবোৰ গা-গছত চক্রকাৰে থকা পাতৰ ( leaf whorle ) মাজলৈ সোমাই যায় আৰু লেটা নবন্ধালৈকে তাতে থাকি পাতৰ সেউজীয়া ভাগ খাই থাকে। সেয়া বাহিৰৰ পৰা দেখা নাযায়। আক্রান্ত অংশটো ভালদৰে পৰীক্ষা কৰিলে সৰু পলুবোৰ দেখা যায়। ধান ৰোৱাৰ এমাহলৈকে গোছাটোত আন কীট-পতংগৰ আক্রমণ নহ’লে হর্ল মেগটৰ বাবে উৎপাদনত বিশেষ প্রভাৱ নপৰে অৱশ্যে চপাওঁতে কিছু পলম হয়। ডৰাটোত থকা পানীয়ে ইহঁতক আকর্ষণ কৰে। সেয়ে সেউজ সাৰ হিচাপে এজলা মেলা পথাৰত হর্ল মেগটৰ আক্রমণ কম হয়। ৰোৱাৰ খুব কম দিনৰ পাছতে ইহঁতে ধাননি ডৰাত আক্রমণ কৰে বাবে কঠীয়াৰ শিপা ঔষধেৰে শোধন কৰি ৰুলে আক্রমণৰ মাত্রা কম হয়। পথাৰত আক্রমণ দেখাৰ পাছত ঔষধ প্রয়োগ কৰিলে বিশেষ কাম নিদিয়ে।


হর্ল মেগট আক্রান্ত গোছা

  






হর্ল মেগট আক্রান্ত গোছা

ছবি সমূহ নয়ন বৰাৰ সৌজন্যত



Thursday, 14 March 2013

সুমথিৰা টেঙা আৰু চাহৰ মিশ্রিত খেতি...Orange and Tea mixed cropping...



   সেউজী ধৰণী

  সুমথিৰা টেঙা আৰু চাহৰ মিশ্রিত খেতি--- স্বনিয়োজন আৰু আর্থিক উন্নয়নৰ সম্ভাৱনীয়তা

ডঃ অমৃত চন্দ্র বৰবৰা
      
সুমথিৰা টেঙাৰ খেতি আৰু উৎপাদনৰ বাবে অসম বিশেষকৈ তিনিচুকীয়া  জিলা ভাৰতৰ ভিতৰত বিখ্যাত। দূৰ অতীতৰ পৰা কৰি অহা এইবিধ খেতিয়ে জিলাখনৰ গ্রাম্য অর্থনীতি আজিও সবল কৰি আছে।  কিন্তু যোৱাটো শতিকাৰ নব্বৈ দশকৰ পৰা এইবিধ লাভজনক খেতিৰ পৰিসৰ তথা উৎপাদন ক্রমে কমি অহা পৰিলক্ষিত হয়। এনেহোৱাৰ  কাৰণ বিচাৰি দেখা গ’ল যে সুমথিৰা বাৰীসমূহৰ অৱনতি আৰু ক্ষুদ্র চাহ বাগিচাৰ অগ্রাসনৰ বাবে এইবিধ লাভজনক খেতিৰ পৰিসৰ তথা উৎপাদন ক্রমে কমি আহিছে। আনহাতে সুমথিৰা বাৰীসমূহৰ অৱনতিৰ কাৰণ অনুসন্ধান কৰি দেখা গ’ল যে উপযুক্ত পৰিচর্যাৰ অভাৱত বাৰীসমূহ মৃতপ্রায় অৱস্থা আছে। এনে বহু অৱনিত বাৰীত কৃষকে সুমথিৰাৰ পৰিবর্তে চাহখেতি কৰিবলৈ আৰম্ভ কৰিছে। অর্থাৎ দুবিধ কাৰকৰ বাবে সুমথিৰা টেঙাৰ পৰিসৰ আৰু  উৎপাদন কমিবলৈ লৈছে। ইয়াৰ এবিধ হ’ল কাৰিকৰি আৰু আনবিধ আর্থ-সামাজিক।
আন যি কোনো শস্যৰ দৰে সুমথিৰা টেঙাৰ খেতিতো নানান বিধ পোক-পৰুৱা,ৰোগ-ব্যাধিয়ে দেখা দিয়ে।এইবোৰৰ নিৰাময় ব্যৱস্থা আৰু গছবোৰৰ পৰিপুষ্টিৰ অভাৱ হ’লে বাৰীসমূহৰ অৱনতি হয়। অনুসন্ধানত প্রায় প্রতিখন বাৰীতে পোক-পৰুৱা, ৰোগ-ব্যাধিৰ উপযুক্ত নিৰাময় ব্যৱস্থাৰ লগতে পৰিপুষ্টিৰ অভাৱ পৰিলক্ষিত হয়। আনহাতে আর্থ-সামাজিক কাৰণসমূহৰ ভিতৰত প্রথমে দেখা গ’ল যে যিহেতু সুমথিৰাৰ খেতিৰ পৰা  বছৰৰ এটা নিদিষ্ট সময়তহে উপার্জন পোৱা যায় সেয়ে কৃষকসকলে আর্থিক অৱস্থাৰ বাবে বছৰৰ প্রথম ভাগতে  বাৰীবোৰ প্রায় আধামুলীয়াকৈ মধ্যভোগীক বিক্রি কৰি দিবলগীয়া হয়। এনে বাৰীবোৰত কৃষকসকলৰ সাৰ,ঔষধ আদি কিনি প্রয়োগ কৰাৰ মানসিকতা নাথাকে। কাৰণ এই ব্যয়ৰ বাবে যি উৎপাদন বাঢ়িব সেয়া মধ্যভোগীজনেহে লাভ কৰিব। গতিকে সুমথিৰা বাৰীবোৰ ক্রমে অৱহেলিত হৈ থাকি যায়। এনে অৱহেলিত বাৰীবোৰেই সময়ত মৃতপ্রায় হৈ পৰে।  
       আর্থ-সামাজিক কাৰণসমূহৰ ভিতৰত দ্বিতীয় কাৰণটো হ’ল ক্ষুদ্র চাহ খেতিৰ অগ্রাসন। বিগত শতিকাৰ আশী দশকৰ পৰা অসমত ক্ষুদ্র চাহখেতিৰ আৰম্ভ হয়। উজনি অসমত প্রধানকৈ তিনিচুকীয়া জিলাত ঠিক এই সময়ৰ পৰাই সুমথিৰা বাৰীসমূহৰ অৱনতি প্রকটহৈ পৰিছিল, যাৰ বাবে সুমথিৰা গছবোৰ শুকাই মৰিবলৈ আৰম্ভ কৰিছিল। এনে মৃত গছবোৰ উভালি কৃষকে চাহপুলি ৰুবলৈ ধৰে। লাহে লাহে সুমথিৰাৰ মাজত চাহগছ ৰোৱাৰ এটা ঢৌ আৰম্ভ হ’ল। সময়ত কৃষকসকলে চাহখতিৰ পৰা বছৰৰ অধিক কাল প্রতি সপ্তাহত এক নির্দিষ্ট উপার্জন পাবলৈ সক্ষম হ’ল। চাহখেতিৰ এনে লাভজনক দিশটো দেখি বহুতো কৃষকে সুমথিৰাৰ সুস্থ গছবোৰো উভালিবলৈ কুণ্ঠাবোধ নকৰিলে। এইদৰে প্রায় এটা দশকৰ ভিতৰত উজনি অসমত  সুমথিৰা খেতিৰ পৰিসৰ লক্ষ্যণীয়ভাৱে হ্রাস পাবলৈ ধৰে।
              সুমথিৰা বাৰীত দেখা দিয়া এনে সমস্যাবোৰৰ সমাধান বিচাৰি কৰা পৰীক্ষাৰ পৰা দেখা গ’ল যে চাহ আৰু সুমথিৰাৰ সংমিশ্রত খেতিৰ দ্বাৰা সুমথিৰাৰ মৃতপ্রায় গছবোৰৰ পুণৰুদ্ধাৰ কৰাৰ লগতে আর্থিকভাবে যথেষ্ট লাভবান হ’ব পৰা যায়। ইতিমধ্যে অৱনমিত বাৰীসমূহত দেখা দিয়া ৰোগ-ব্যাধি তথা পৰিপুষ্টিৰ দিশত কৰা গৱেষণাৰ ফলাফলসমূহ এনে মিশ্রত খেতিত প্রয়োগ কৰি আশানুৰূপ ফল পোৱা গৈছে। এনেহোৱা বাবে কৃষকসকল এইবিধ মিশ্রিত খেতিৰ প্রতি আৰু অধিক আগ্রহী হৈ উঠা  পৰিলক্ষিত হৈছে। কাৰণ এনে মিশ্রিত বাৰীত মার্চ-এপ্রিল মাহৰ পৰা প্রতি সপ্তাহত চাহপাত তুলিব পৰা যায় যিটো কাম ডিচেম্বৰ মাহলৈকে অব্যাহত থাকে। এই সময়চোৱাত হোৱা উপার্জনৰ কিছু অংশ সুমথিৰা গছৰ যতন লোৱাত ব্যয় কৰি মৃতপ্রায় গছবোৰ উপার্জনক্ষম কৰি তুলিব পৰা গ’ল। আনহাতে নবেম্বৰ- ডিচেম্বৰ মাহত চাহপাতৰ সলনি সুমথিৰা চিঙিব পৰা হয়। ফলত কৃষকজনে প্রায় গোটেই বছৰ এক নিশ্চিত উপার্জন পাবলৈ সক্ষম হয়। এনেহোৱা বাবে চাহৰ লগতে সুমথিৰাৰ পৰিসৰ ক্রমে বাঢ়ি অহা দেখা গৈছে যিটো অতি শুভ লক্ষণ।

অৱনিত সুমথিৰা বাৰীৰ পুন: উৎপাদনক্ষম কৰণ পদ্ধতি

১)ফল চপোৱাৰ পাছত অর্থাৎ ডিচেম্বৰ-জানুৱাৰী মাহত ৰোগত আক্রান্ত, পোকে আক্রমণ কৰা, মৰি শুকাই যোৱা, বতাহ বা অন্য কাৰণত ভগা আৰু অথালি-পথালিকৈ থকা ডালবোৰ কাটি পৰজীৱী উদ্ভিদ যেনে:- কপৌফুল, শেলুৱৈ আদিবোৰ গছৰ পৰা আঁতৰাই দিব লাগে। কটা অংশত লগে লগে বৰড’ মলম সানি দিব লাগে। ইয়াৰ পাছত বাৰীখনত  বেভিষ্টিন নামৰ ঔষধৰ ০.১ শতাংশ মিশ্রণ ছটিয়াই দিব লাগে।
২) প্রতিজোপা গছৰ গুৰিত ১ কি:গ্রা: কৃষিত প্রয়োগ কৰা চূণ ভালদৰে ছটিয়াই পাতলকৈ কোৰ মাৰি মাটিৰ লগত মিহলাই অম্লতা সংশোধন কৰিব লাগে।
৩) বছৰত দুবাৰ- ফেব্রুৱাৰী-মার্চ আৰু চেপ্তেম্বৰ-অক্টোবৰ মাহত ৬৭০  গ্রাম ইউৰিয়া, ৯৪০ গ্রাম চুপাৰ ফচফেট আৰু ৫০০ গ্রাম পটাছ সাৰৰ লগত ৩.৭৫ কি:গ্রা: খলিহৈ  মিহলাই  প্রতিজোপা গছৰ গুৰিত প্রয়োগ কৰিব লাগে। এই মিশ্রণটো গছৰ গুৰিৰ পৰা ৪৫ চে:মি: ঠাই বাদ দি গছৰ কেউকাষে শিপাই আৱৰি থকা অংশটোত দি পাতলকৈ কোৰ মাৰি মাটিৰ লগত মিহলাই দিব লাগে।
       ৪)মজাঁ খোৱা  আৰু ছাল খোৱা পোক নিয়ন্ত্রণৰ বাবে মার্চ-এপ্রিল মাহত গছৰ গুৰিৰ পৰা প্রায় ১ মি: ওপৰলৈকে গছৰ কাণ্ডত চূণ আৰু ঔষধৰ প্রলেপ এটা দিব লাগে। তাৰবাবে এক কি:গ্রা: চূণ আৰু ৫০ মি:লি: মন’ক্রটফচ নামৰ কীটনাশক ঔষধবিধৰ ১০ লি: পানীত মিহলাব লাগে। এই মিশ্রণটোত ফেবিকল জাতীয় আঠা মিহলালে প্রলেপটো বহুদিনলৈ গছৰ কাণ্ডত লাগি থাকিব।
 ৫) গছৰ কাণ্ডত মজাঁ খোৱাই বিন্ধা কৰা দেখিলে  প্রথম অৱস্থাত তাঁৰ এডালেৰে খুচি পলুটো মাৰিব পৰা যায়। কিন্তু পলম হ’লে বিন্ধাবোৰত ঔষধ দিবলগীয়া হ’ব। তাৰবাবে নভান অথবা ডাইমেক্রণ নামৰ ঔষধৰ ০.০৫% মিশ্রণত তিওৱা কপাহ বিন্ধাবোৰ ভিতৰলৈ সুমুৱাই গোবৰ মাটিৰ মিশ্রণেৰে প্রলেপ দি বিন্ধাবোৰ  বন্ধ কৰি দিব লাগে।
৬)শিপা গেলা বেমাৰ নিৰাময় কৰিবলৈ চোকা কটাৰীৰে আক্রান্ত অংশৰ ছালবোৰ ৰুকি এৰুৱাই চাফা কৰি ওপৰত বৰড’ মলম (এভাগ চূণ+ দুভাগ তুতিয়া+ তিনি ভাগ লিনতেল) সানি দিব লাগে। তদুপৰি ৰিড’মিল এম, জেদ -৭২ নামৰ ঔষধৰ ৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই গছৰ গুৰিত প্রয়োগ কৰিব লাগে। এমাহমানৰ পাছত একেদৰেই বৰড’ মিশ্রণ প্রয়োগ কৰিব লাগে।
৭) ফলৰ ঠাৰি পচাঁ বেমাৰে দেখা দিলে গছত ফল ধৰাৰ লগে লগে অর্থাৎ মে’ মাহৰ পৰা দুমাহৰ অন্তৰে অন্তৰে তিনিবাৰ ০.১ শতাংশ বেভিষ্টিন  ছটিয়াব লাগে।

      সুমথিৰা আৰু চাহ গছৰ মিশ্রিত খেতিৰ নির্দেশনা

 ১) সুমথিৰা পুলিৰ পৰা কমেও ১ মিটাৰ আতঁৰৰ পৰাহে চাহ পুলি ৰোপন কৰিব লাগে।
 ২) সুমথিৰা পুলি ৰোপনৰ দূৰত্ব ৫মি: x ৫মি: আৰু চাহ পুলি ৰোপনৰ দূৰত্ব ১.১ মি: x ০.৭৫ মি: হোৱা উচিত।
 ৩) সুমথিৰা গছৰ গুৰিৰ ডালসমূহ পয্যায়ক্রমে ১ মি: উচ্চতালৈকে কাটি দিব লাগে আৰু চাহ গছৰ ডালবোৰ এনেদৰে কলম কৰিব লাগে যাতে সুমথিৰা গছৰ চাৰিওকাষে ১মি: ব্যাসার্ধ পৰিস্কাৰ হৈ থাকে।
 ৪) সুমথিৰা আৰু চাহ গছৰ অনিষ্টকাৰী কীট পতংগ আৰু ৰোগ নিয়ন্ত্রণৰ বাবে অনুমোদিত ঔষধ আৰু সাৰ বিধিগত ভাৱে প্রয়োগ কৰা উচিত।
৫) বন-বাত বা অপতৃণ নিয়ন্ত্রণৰ বাবে গ্লাইফ’ছেট ৪১ এছ,এল নামৰ অপতৃণনাশক ঔষধবিধ ব্যৱহাৰ কৰিব লাগে।
       উপৰুক্ত নির্দেশনাৱলী সুচাৰু ৰূপে মানি সুমথিৰা আৰু চাহৰ     মিশ্রিত খেতিৰ যোগেদি আর্থিকভাৱে লাভবান হ’ব পৰা যায়। ইতিমধ্যে উজনি অসমৰ বহুতো কৃষকে এই সম্ভাৱনীয়তাক সকাৰ ৰূপ দিবলৈ আগবাঢ়ি অহা দেখা গৈছে, যাৰ বাবে চাহৰ লগতে আন এক লাভজনক খেতিয়ে পুনৰ গা-কৰি উঠিব বুলি আশা কৰিব পাৰি।

      
        লেখক: মুখ্য বিজ্ঞানী, টেঙা গৱেষণা কেন্দ্র, তিনিচুকীয়া; ম’বাইল: ৯৫০৮২৭২৮২৯