জৈৱিক কৃষি
[ বিষয় বস্তুৰ গুৰুত্বলৈ লক্ষ্য ৰাখি দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’ (১৩ মার্চ,২০১১)ত প্রকাশ পোৱা আৰু ‘অসমীয়া ৱিকিপিডিয়া’ত সংক্ষিপ্ত ৰূপত থকা এই প্রৱন্ধটোৰে ‘সেউজী ধৰণী’ৰ শুভাৰম্ভ কৰিলোঁ ।]
বিশ্বৰ খাদ্য শস্য উৎপাদনৰ অগ্রগতিলৈ লক্ষ্য কৰিলে দেখা যায় যে কুৰি শতিকাৰ প্রথম চাৰিটা দশকত হোৱা বিজ্ঞানৰ কেতবোৰ আৱিষ্কাৰৰ ভূমিকা এই ক্ষেত্রত অপৰিসীম। এই সময়চোৱাতে গেছলিন চালিত Internal combustion engine উদ্ভাৱন হয় যাৰ বাবে ১৯১০ চনত বাষ্প চালিত ট্রেক্টৰৰ স্থান জীৱাশ্মী ইন্ধন চালিত ট্রেক্টৰে দখল কৰে। ফলত কৃষকে কম সময় আৰু শ্রমৰ বিনিময়ত অধিক মাটি চহ কৰিব পৰা হ’ল। ১৯১৩ চনত নাইট্রোজেনযুক্ত সাৰ প্রস্তুতৰ নতুন প্রণালী উদ্ভাৱন হ’ল। লগে লগে খেতি পথাৰত অধিক মাত্রাত ৰাসায়নিক সাৰৰ প্রৱেশ ঘটিল। ১৯২০ চনত গোমধানৰ বৰ্ণসংকৰ বীজ উদ্ভাৱন হ’ল। এইবিধ বীজৰ সাফল্যই অন্য শস্যৰ ক্ষেত্রতো আগবাঢ়িবলৈ বিজ্ঞানীসকলক উৎসাহীত কৰিলে আৰু সাৰ প্রয়োগেৰে এনে বীজৰ পৰা আৰু অধিক উৎপাদন পাব পৰা গ’ল। ১৯৩৯ চনত DDT নামৰ ৰাসায়নিক পদাৰ্থবিধৰ কীটনাশক গুণ আৰু ১৯৪০ চনত 2,-4-D নামৰ অপতৃণনাশকবিধ আৱিষ্কাৰ হোৱাৰ লগে লগে কৃষিৰ ক্ষেত্রত বিপ্লৱ আনিবলৈ প্রয়োজন হোৱা কেউটা আহিলা গোট খালে যাৰ বাবে ১৯৪৪ চনত Green revolution নামেৰে এক আন্তৰ্জাতিক অভিযানৰ সূচনা হ’ল। আমেৰিকাযুক্ত ৰাষ্ট্রৰ অৰ্থ সাহায্যত মেক্সিকত আৰম্ভ হোৱা এই অভিযান অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্রায় সকলো ৰাষ্ট্রতে বিয়পি পৰিল। শস্য উৎপাদনৰ পুৰণি কৌশলৰ স্থান নতুন উদ্ভাৱনবোৰে দখল কৰিলে আৰু খেতি পথাৰত যান্ত্রিক সজুঁলিৰ লগতে অধিক উৎপাদনক্ষ বৰ্ণসংকৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদিৰ প্রভাব বৃদ্ধি পাবলৈ ল’লে। খাদ্য শস্যৰ উৎপাদন ক্রমে বাঢ়ি আহিল। বহুতো ৰাষ্ট্রৰ বিশ্বযুদ্ধৰ বাবে ভাগি পৰা অৰ্থনীতি পুনৰ থন ধৰি উঠিল। শস্য উৎপাদনৰ এই পদ্ধতিক যান্ত্রিক কৃষি বুলি কোৱা হ’ল। কেউদিশে আধুনিক কৃষিৰ জয়গান উচ্চাৰিত হ’বলৈ ধৰিলে।
খাদ্য শস্য উৎপাদৰ এনে চমকপ্রদ প্রদৰ্শণক কিন্তু এচাম সচেতনলোকে সহজভাবে নল’লে। এইসকলৰ ভিতৰত জাৰ্মেনিৰ Rudolf Steiner, ইংলেণ্ডৰ Lord Northbourne, Sir Albert Howard আৰু Lady Evelyn Barbara Balfour ,জাপানৰ Masanobu Fukuoka, আমেৰিকাৰ F.H. King, J.I. Rodale আদি উল্লেখযোগ্য। তেখেতসকলে আতি স্পষ্ট ভাবে ক’লে যে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধৰ ব্যৱহাৰৰ বাবে মাটি আৰু পৰিৱেশৰ ওপৰত যি কুপ্রভাব পৰিব সি সুদূৰ প্রসাৰী হ’ব। ১৯০৫ চনত F.H. King এ চীন, কোৰিয়া আৰু জাপান ভ্রমন কৰি এই দেশবোৰৰ কৃষি পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু ১৯১১চনত অধ্যয়নৰ ফলসমূহ “Permanent Agriculture: Farmers of Forty Centuries” নামৰ এখন গ্রন্থত প্রকাশ পাইছিল। কিন্তু সেইসময়ত আধুনিক কৃষিৰ চিন্তাধাৰাই মানুহৰ মন আগুৰিবলৈ আৰম্ভ কৰিছিল যাৰ বাবে প্রাচ্যৰ পৰম্পৰাগত কৃষি পদ্ধতিৰ বিষয়ে পাশ্চাত্যই বৰকৈ গম নাপালে। ইয়াৰ পাছতে জার্মেনিত ১৯২৪ চনত Rudolf Steiner এ এলানি বক্তৃতাৰে জনসাধাৰণক ৰাসায়নিক সাৰৰ কু-প্রভাবৰ বিষয়ে সজাগ কৰিবলৈ যত্ন কৰে। তেখেতে মাটিৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দি biodynamic agriculture নামেৰে শস্য উৎপাদনৰ এটা নতুন ধাৰা প্রৱৰ্ত্তন কৰে। এই লানি বক্তৃতাই অক্সফ’ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক Lord Northbourneক এনেদৰে প্রভাৱিত কৰিলে যে তেখেতে নিজৰ পামত এই নতুন ধাৰাৰে খেতি কৰিবলৈ আৰম্ভ কৰে। তেখেতেও মাটিৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি মাটিক জীৱিত ৰূপত কল্পনা কৰে। পাছলৈ তেখেতে"the farm as organism" বুলি কবলৈ লয় আৰু এই ধাৰাৰ কৃষিক পোন প্রথম বাৰৰ বাবে “Organic Farming” নামেৰে নামাকৰণ কৰে। আজি আমি এনে ধাৰাৰ কৃষি পদ্ধতিকে অসমীয়াত “জৈৱিক কৃষি” বুলি কওঁ। ১৯৪০ চনত তেখেতে “Look to the Land” শিৰোনামেৰে এখন কিতাপ প্রকাশ কৰে যিখন জৈৱিক কৃষি পদ্ধতিক আজিৰ ৰূপ দিয়া ছয়খন কিতাপৰ অন্যতম। সেয়ে Lord Northbourne ক জৈৱিক কৃষিৰ পিতৃ আখ্যা দিয়া হয়।
লৰ্ড নৰ্থবৰ্ণ |
বৃটিছ শাসিত ভাৰতবর্ষত খাদ্য শস্যৰ উৎপাদনৰ দিশটো চাবলৈ ১৯০৫ চনত উদ্ভিদবিদ Sir Albert Howard আৰু তেখেতৰ পত্নী Gabrielle Howardৰ আগমন হয়। এইহাল দম্পতিয়ে ভাৰতৰ কৃষি কর্মসমূহ চাই অভিভূত হৈ পৰে আৰু পচিঁছ বছৰকাল ভাৰতত থাকি লাভ কৰা অভিজ্ঞতাখিনি An Agricultural Testament নামৰ কিতাপখন প্রকাশ কৰে। ইয়াৰ পাছত তেখেতে “Organic” শব্দটোক পূর্ণ স্বীকৃতি দি পোন প্রথম বাৰৰ বাবে কিতাপৰ শিৰোনামত ব্যৱহাৰ কৰে আৰু ১৯৪৭ চনত “Soil and Health, A study of Organic Agriculture” নামেৰে আন এখন উল্লেখযোগ্য কিতাপ প্রকাশ কৰে। লগে লগে Lord Northbourne ৰ জৈৱিক কৃষিয়ে এক নতুন ৰূপ পায় যাৰ বাবে Sir Albert Howard ক আধুনিক জৈৱিক কৃষিৰ জনক বোলা হয়।
এলবাৰ্ট হোৱাৰ্ড |
Sir Howardৰ কর্মৰাজিৰ দ্বাৰা অনুপ্রাণিত হৈ ১৯৩৯ চনত Evelyn Barbara Balfour নামৰ বৃটিছ ৰমণী এগৰাকীয়ে তেখেতৰ বান্ধৱী Ryan Nelson সৈতে মিলি ইংলেণ্ডৰ Haughley Green নামৰ ঠাইত নিজৰ পামত এলানি পৰীক্ষা আৰম্ভ কৰে। পাছলৈ Haughley Experiment নামেৰে জনাজাত হৈ পৰা এইলানি পৰীক্ষা বিশ্বৰ প্রথমটো বৈজ্ঞানিক পৰীক্ষা আছিল য’ত জৈৱিক কৃষি পদ্ধতিৰ লগত ৰসায়নিক সাৰ আদিৰ প্রয়োগেৰে কৰা কৃষিৰ এক তুলনামূলক অধ্যয়ন কৰা হৈছিল। পৰীক্ষালানিৰ প্রথম চাৰিটা বছৰৰ ফলাফলে জৈৱিক কৃষি পদ্ধতিয়ে মাটি স্বাস্থ্য অটুট ৰখাত কি দৰে সহায় কৰে তাক অতি স্পষ্ট ৰূপত দেখুৱাই দিয়ে। এই প্রাৰম্ভিক ফলাফলখিনি তেখেতে “The Living Soil” নামাকৰণেৰে এখন কিতাপত প্রকাশ কৰাৰ লগে লগে বহুতো কৃষি বিজ্ঞানী জৈৱিক কৃষি পদ্ধতিৰ প্রতি আগ্রহী হৈ উঠে আৰু এই ধাৰাৰ কৃষি পদ্ধতিৰ প্রচাৰ তথা প্রসাৰৰ বাবে ১৯৪৭ চনত ইংলেণ্ডত Soil Association নামেৰে এটি অনুষ্ঠানৰ জন্ম দিয়ে। পাছত ১৯৭২ চনত ফ্রান্সত এই অনুষ্ঠান আৰু ইতিমধ্যে গঢ়লৈ উঠা আন অনুৰূপ অনু্ষ্ঠানসমূহ যেনে ফ্রান্সৰ Nature et Progrès, জার্মানিৰ Demeter International , আমেৰিকাৰ Rodale Press আদি মিলিত হৈ বিশ্বব্যাপী জৈৱিক কৃষিৰ এক আন্দোলন চলাবলৈ International Federation of Organic Agriculture Movements (IFOAM) নামেৰে এটা আন্তর্জাতিক অনুষ্ঠান গঢ়ি তোলে। আজি এই অনুষ্ঠানটোৱেই বিশ্বত জৈৱিক কৃষি আন্দোলনৰ গুৰি বঠা ধৰি আছে।
...পাছৰ খণ্ডৰ বাবে এই লিংকত ক্লিক কৰক:
...পাছৰ খণ্ডৰ বাবে এই লিংকত ক্লিক কৰক:
No comments:
Post a Comment