সেউজী ধৰণী
মাণিকীমধুৰীৰ সুবাসেৰে
ডঃ ছাদিকুল
হুছেইন
মাণিকীমধুৰী--- নিমাতি কইনাজনীৰ মাত এষাৰ পাবলৈ ৰূপকোঁৱৰে চকুৰ পানীৰে জীয়াই তোলা ধান---মাণিকীমধুৰী। অসমৰ মাটি,
পানী, বতাহত লালিত-পালিত হৈ চৌদিশ আমোল মোলাই তোলা ধান--- মাণিকীমধুৰী । সোনালী
গুটিৰে হালি জালি পৰা থোক দেখি কোনো স্বভাৱ কবিয়ে গীত ৰচনা কৰা ধান--- মাণিকীমধুৰী। এনেবিধ ধান আজি আমাৰ মাজৰপৰা
হেৰাই যোৱা পথত। অসমৰ অ’ত ত’ত সিঁচৰতি ভাবে থকা এই থলুৱা ধানবিধ পুনৰ আমাৰ মাজলৈ
উলিয়াই অনাৰ প্রয়োজন হৈ পৰিছে। সেয়ে, এনে এক
প্রয়াসেৰে তিনিচুকীয়া জিলাত ATMA আঁচনিৰ জড়িয়তে এক
প্রচেষ্টা চলোৱা হ’য়। সেয়া ২০১৩
চনৰ কথা।
নাহৰকটীয়া
অঞ্চলত ধানবিধৰ খেতি দুই-চাৰিজনমান কৃষকে কৰি থকাৰ বাতৰি পোৱা গ’ল। কৃষি উন্নয়ম
বিষয়া লোহিত গগৈক দ্বায়িত্ব দিয়া হ’ল এইবিধ ধানৰ বীজ সংগ্রহ কৰিবলৈ। সেইমতে লোহিত
গ’ল আৰু ওভটি আহিল প্রায় বিশ কিলোগ্রাম ধান লৈ। এটা প্রদর্শনৰ বাবে যথেষ্ট। স্থান
নির্বাচন হ’ল মার্ঘেৰিটা ব্লক। হিতাধিকাৰ হ’ল ভিতৰ পাৱৈ গাঁৱৰ
প্রগতিশীল কৃষক চাওপান চাওঁচং।
প্রশিক্ষণ এটাৰ মাধ্যমেৰে
আধুনিক কৃষিৰ কেতবোৰ দিশ যেনে : সঠিকভাবে কঠিয়াতলী প্রস্তুত কৰা, বীজ সিঁচাৰ আগতে
বীজ শোধন কৰা, সঠিক বয়সৰ কঠিয়া শাৰি পাতি ৰোৱা আদিৰ বিষয়ে এখেতৰ লগতে আন কৃষকসকলক
বুজাই দিয়া হয় ।
সময় আগবঢ়াৰ লগে লগে শস্যৰক্ষাৰ
নতুন কৌশলবোৰৰ লগতো কৃষকক পৰিচয় কৰি দিয়া হয়।
দেখা গ’ল যে মাণিকীমধুৰিৰ
উৎপাদন প্রতি হেক্টৰত ৩৫ কুইণ্টল হোৱাৰ বিপৰীতে আন থলুৱা গোন্ধযুক্ত ধানৰ উৎপাদন
হৈছে প্রতি হেক্টৰত ২৫-২৭ কুইণ্টল।
এনে ফলাফল দেখি কৃষকসকল মাণিকীমধুৰীৰ প্রতি উৎসাহিত হৈ পৰে আৰু ইয়াৰ বীজ সংগ্রহ কৰিবলৈ ইচ্ছা প্রকাশ কৰে। প্রথম বছৰতে এনে এক সাফল্যৰ মুখ দেখি পাছৰ বছৰ জিলাখনৰ ৩৬ টা স্থানত মাণিকীমধুৰীৰ প্রদর্শনমূলক খেতিৰ লগতে পাম বিদ্যালয়ৰ মাধ্যমেৰে কৃষকৰ কাষলৈ জাতটো লৈ যোৱা হয়। ওকণীমুৰিয়া, মামৰণি, নিজ মাকুম, ইটাখুলি, আঢ়ৈমুৰীয়া আদি অঞ্চলতো মাণিকীমধুৰিয়ে কৃষকৰ সমাদৰ পাবলৈ সক্ষম হয়। এইদৰে মাণিকীমধুৰীৰ সুবাস জিলাখনত বিয়পি পৰে।
কৃষকৰ
উৎপাদিত সামগ্রী “কৃষি মেলা”ত প্রদর্শন তথা বিপণন দিহা কৰা হয়। গ্রাহকেও পুৰণি চিনাকি মাণিকীমধুৰীক আঁকোৱালি লয়। এইদৰে
কৃষকৰ সক্রিয় সহযোগত
এটা প্রদর্শনৰ সফল সামৰণি পৰে। বর্তমান জিলাখনৰ এক বুজন সংখ্যক
কৃষকে মাণিকীমধুৰীৰ খেতি কৰি আছে আৰু প্রতি কিলোগ্রাম চাউলত ৫৫-৭০ টকালৈ উপার্জন
কৰিবলৈ সক্ষম হৈছে। আশা কৰা
হৈছে যে অনাগত দিনত এইবিধ ধান আৰু অধিক
জনপ্রিয় হৈ উঠিব আৰু কৃষকসকল আর্থিকভাবে লাভবান হ’বলৈ সক্ষম হ’ব।
সফলতাৰ আঁৰত থকা সকল হ’ল:- ডঃ
প্রণব মহন্ত, লোহিত গগৈ, নয়ন সোনোৱাল, মৃদুল গোস্ৱামী, বিং কং বড়ো, গৌতম বড়া, ঈশাণী পৰাশৰ।
৯৪৩৫১৩৫৬৩১